সাক্ষাৎকাৰঃ দেৱীচৰণ বৰা
সাক্ষাৎগ্ৰহণঃ জয়ন্ত প্ৰীতম
দেৱীচৰণ বৰা এজন অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া। তেওঁ পুৰণি হেৰাই যোৱা আধুনিক গীতসমূহৰ ওপৰত নীৰৱে চৰ্চা অব্যাহত ৰাখিছে। প্ৰায় ৬০ টাতকৈ অধিক এই বিষয়ত প্ৰবন্ধ লিখি বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ কৰিছে। দুটাকৈ পুৰণি আধুনিক গীতৰ এলবাম সংৰক্ষণাত্মক ভাবে বাণীবদ্ধ কৰিছে। তলত তেওঁৰ লগত হোৱা টেলিফ’নিক সাক্ষাৎকাৰটো সাহিত্য ডট অৰ্গৰ পাঠকসকলৰ বাবে আগবঢ়ালোঁ –
: নমস্কাৰ! মোৰ নাম জয়ন্ত প্ৰীতম। পোন প্ৰথমেই আপুনি আমাৰ আলোচনীখনৰ বাবে সাক্ষাৎকাৰ দিবলৈ সন্মতি জনোৱাৰ বাবে “অসমীয়াত কথা বতৰা” গোটৰ তৰফৰ পৰা আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷
: সাক্ষাৎকাৰ দিব পৰা যোগ্যতা মোৰ নাই। কোনোবাই মোক পুৰণি গীতৰ বিষয়ে সুধিলে মই ভালেই পাওঁ।
: হয়, আমাৰ আলোচনীখনৰ “দশম বছৰৰ অষ্টম সংখ্যা”টোৰ এটা বিশেষ উদ্দেশ্য হৈছে আমাৰ হেৰাই যোৱা গীত বা লোকসংস্কৃতিসমূহ যেনে, ঝুমুৰৰ পৰা আৰম্ভ কৰি বৰগীত, লোকগীত, কামৰূপীয়া লোকগীত আদিক ৰাইজৰ ওচৰলৈ লৈ যোৱা। আমি এই বিষয়ত কাম কৰি থকা ব্যক্তিসকলক ৰাইজৰ আগত চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। আপুনি অলপ ক’ব নেকি কেনেকৈ আপুনি পুৰণি আধুনিক গীতৰ প্ৰেমত পৰিল বা কেনেদৰে আপুনি পুৰণি আধুনিক গীতৰ ওপৰত কাম কৰি আছে।
: সৰু থাকোঁতে আমাৰ ঘৰত এটা কলগান আছিল। ছাবি দিয়া এটা কলগান। ৭৮ আৰ পি এমৰ লাৰ ৰেকৰ্ড বিলাক থাকে। বেছিদিন থৈ দিলে গান নোলোৱা হৈ যায়। তেনেধৰণৰ আৰ পি এম কেবাখনো আছিলে। সেই গানবোৰ শুনিছিলোঁ। স্কুলত থাকোঁতেও গান শুনিছিলোঁ আৰু গাইছিলো। লক্ষীমপুৰত থাকোঁতে মাতি লৈ গৈছিল গান গাবলৈ। এনেদৰেই গীতবোৰ মোৰ মনত স্থায়ী হৈ গৈছিল। এইটো কি কথা নাজানো কিন্তু গানবোৰ তেতিয়া এবাৰ শুনিলেই মনত ৰৈ যায়। সুৰ কথা সকলোখিনি মনত ৰৈ যায়। এতিয়াও মই ৬০-৭০ বছৰৰ আগতে শুনা গীতসমূহ অলপো বিকৃত নকৰাকৈ গুণগুণাই দিব পাৰিম। মই গায়ক নহয় বা গানৰ বিশেষ তেনেকুৱা ব্যাকৰণো নাজানো বা তেনেকৈ মই ক’তো গান গোৱা নাই। কিন্তু সেই পুৰণি গানবোৰ মোৰ মনত ঘূৰি থাকে।
: এক কথাত আমি কব পাৰিম নেকি যে আপুনি এজন পুৰণি আধুনিক গীতৰ চলন্ত তথ্যকোষ!
: নাজানো আৰু কিন্তু গীতবোৰ মোৰ মনত খেলা কৰি থাকে। কলেজত পঢ়িবলৈ আৰম্ভ কৰোঁতে মই গান গাব ধৰিছিলোঁ। কিন্তু দেউতাই ভাবিলে মই কলেজত গান গাই ছোৱালীৰ প্ৰেমত পৰি ধ্বংস হ’ম। সেয়ে দেউতাই মোক ক’লে যে, মই যদি কলেজত গান গোৱাৰ কথা শুনা পাওঁ তেন্তে কোবাই মোৰ পিঠিৰ ছাল চিঙিব। দেউতাৰ ভয়তে গান গোৱা বাদ দিলোঁ। কিন্তু আজি ৭-৮ বছৰ মান আগৰ পৰা সেই পুৰণি গীতবোৰে আহি মনত দোলা দিয়েহি।
“হালি জালি পখিলী
ফুল মধু বিছাৰি
আহে কেনে ঠেও ধৰি অ”
: এই গীতটো কোনে গাইছিল বা ৰচনা কৰিছিল?
: এই গীতটো ৰচনা কৰিছিল ১৯৪০ চনৰ ওচৰে পাজৰে তীৰ্থ নাথ শৰ্মা বৰদলৈয়ে আৰু প্ৰথম গাইছিল নগাঁৱৰ বালিচাপৰিৰ অনুৰূপা দেৱী নামৰ অখ্যাত এগৰাকী গায়িকাই। আৰু ১৯৪৫ চনত বন্দনা বৰুৱাৰ কণ্ঠত চেতনা কোম্পানীত ৰেকৰ্ড কৰা হৈছিল।
আকৌ কেতিয়াবা মনলৈ আহে,
“ফাগুন জাগিছে আজি কুসুম বনে’
আকৌ কেতিয়াবা মনলৈ আহে,
‘ফাগুনৰে পছোৱাই
আচলকে উৰুৱাই
ৰঙালী অ’ বিহুৰে
বাতৰি বিলাই যায়’
: এই গীত দুটা কোনে গাইছিল বা লিখিছিল।
: ফাগুন জাগিছে কুসুম বনে গানটো গাইছিল পাৰবিন চুলতানাৰ পিতৃয়ে।
: পঞ্চাশৰ দশকৰ এটা জনপ্ৰিয় বা চৰ্চিত গীত আমাক গাই শুনাব নেকি বা ক’ব নেকি।
: মই যিকেইটা গান গাই শুনালোঁ ধৰক এইকেইটাই সেই সময়ত জনপ্ৰিয় আছিল।
এটা আছিল,
“মহাত্মাই বোলে ৰাম অ’ ৰহিম, ৰাম অ’ ৰহিম
একেলগে একেসংগে বান্ধব পাতিম
ৰাম অ’ ৰহিম”
আন এটা,
“গিৰিধৰাত আপোন পাহৰি
খেলিছ কেবল ধূলিৰ ধেমালি”
আৰু এটা আছিল,
“আৰু নবজাবি বীন বাটৰুৱা
নবজাবি তোৰ বীন”
শিৱ প্ৰসাদ ভট্টাচাৰ্যৰ আৰু এটা গান,
“অ’ ৰূপহী”
দেশে স্বাধীনতা পোৱাৰ ওচৰে পাজৰে কলিকতাৰ পৰা আধাঘণ্টাৰ বাবে এটা অনুষ্ঠান প্ৰচাৰ হৈছিল। সেই অনুষ্ঠানতেই দাস উপাধিৰ এজন ব্যক্তিয়ে ৰানী পাল নামৰ এগৰাকী গায়িকাৰ দ্বাৰা কিছুমান গান গোৱাইছিল। সেই গানবোৰ মোৰ মনত ৰৈ গ’ল। তাৰে এটা গান হ’ল,
“জোনবাইৰ দেশতে
সাজিম গাঁও এখনি
সাজিম গাঁও এখনি
তৰাৰে জ্বলায়ে চাকি”
আৰু এটা আছে,
“কাৰেঙৰ পদূলিত
বকুলদালত পৰি বিনাই বনৰে পক্ষী”
: মই এইখিনিতে অকণমান ৰখাইছো। ইমানবোৰ কথা আপোনাৰ আজিও মনত আছে ইমান ভালদৰে। আপুনি পাঠকৰ জ্ঞাতাৰ্থে আপোনাৰ বয়সটো ক’ব নেকি বাৰু।
: মোৰ এতিয়া ৮০ হ’ব আৰু। পুৰণি গীতবোৰ মোৰ মনত এনেদৰে সোমাই গৈছে যে সেইবোৰৰ ওপৰত মই অসংখ্য লেখা লিখিছোঁ।
: মই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ। সেইটো হ’ল সেই যে ১৯৪০-৫০ চনত আৰম্ভ হোৱা আধুনিক গীতৰ ধাৰাটো আজিৰ আমাৰ নৱপ্ৰজন্মই ধৰি ৰাখিব পাৰিছেনে?
: মই ভাবোঁ পুৰণি গীতসমূহৰ প্ৰচাৰ হ’ব লাগে। তাৰ সুৰ আৰু কথাবোৰ। মোৰ দৃষ্টিত এই গীতবোৰ এজনী ষোড়শী গাভৰু। যাৰ নাম মই দিছোঁ ৰূপহী বুলি। আমি এই পৃথিৱীৰ পৰা এদিন গুচি যামগৈ কিন্তু এই ৰূপহী সদায় চিৰযৌৱনা হৈ থাকি যাব। অৰ্থাৎ এই পুৰণি গীতবোৰ সদায় চিৰসেউজ হৈ থাকিব।
: আপুনি ভাবেনে সেই সময়ৰ যি গীতিকাৰ, সুৰকাৰ আছিল তেওঁলোকক আমি উৎকৃষ্ট স্বীকৃতি দিব পাৰিলোঁ।
: সেই সময়ৰ পৰিস্থিতি বেলেগ আছিল। কিন্তু যি ব্যক্তিয়ে সেই গীতবোৰ এবাৰ হ’লেও শুনিছে তেওঁৰ মনত সেই গীতবোৰে আলোড়নৰ সৃষ্টি কৰে।
: আপোনাক অশেষ ধন্যবাদ জনালোঁ।