লোক-খাদ্য
লেখক- নিবেদিতা ৰাজকুমাৰী
“ইৰ’ম্বা”
ইৰ’ম্বা বা জোল পিটিকা হৈছে মণিপুৰীসকলৰ দৈনন্দিন জীৱনত প্ৰস্তুত কৰা এবিধ পৰম্পৰাগত চাটনি। সহজলভ্য যিকোনো পাচলি, মাহজাতীয় শস্য আৰু হিদল বা শুকান মাছৰ সংমিশ্ৰণত এইবিধ পিটিকা তৈয়াৰ কৰা হয়। ইৰম্বা বিভিন্ন প্ৰকাৰৰ, তাৰ ভিতৰত আলু-জংচাক ইৰ’ম্বা, আলু- খামেন ইৰ’ম্বা, আলু -য়েনদেম ইৰ’ম্বা, আলু ইৰ’ম্বা, আলু – খামেন ইৰ’ম্বা, লফু ইৰ’ম্বা, পান ইৰ’ম্বা, পেৰুক ইৰ’ম্বা, ছইবুম -আলু ইৰ’ম্বা, লফুথৰো – আলু ইৰ’ম্বা আদি অতি জনপ্ৰিয়।
“লফুথৰো-আলু ইৰ’ম্বা” প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা উপকৰণসমূহ হ’ল-
পাহাৰীয়া কলডিল এটা
আলু মজলীয়া আকাৰৰ দুটা
মচুৰ দাইল এমুঠি
হিদল মাছ দুটা
ভোট জলকীয়া / কেঁচা জলকীয়া
নিমখ (সোৱাদ অনুসৰি)
ধনিয়া পাত
প্ৰণালী- কলডিলটোৰ ওপৰৰ টান বাকলি গুছাই ভিতৰৰ কোমল অংশ সৰু সৰুকৈ কাটি ল’ব লাগে। প্ৰেছাৰ কুকাৰত ধুই লোৱা মচুৰ দাইল, বাকলি গুছাই লোৱা আলু, হিদল, জলকীয়া নিমখ আৰু পানী যোগ কৰি সিদ্ধ কৰি লোৱা হয়। ঠাণ্ডা হ’লে অন্য এটা পাত্ৰলৈ সিদ্ধ উপকৰণসমূহ পানীৰ পৰা টুকি লৈ পিটিকা কৰা হয়। একেবাৰে শেষত সিজোৱা পানীখিনি যোগ কৰি ধনিয়াপাত আৰু প্ৰয়োজন হলে পুনৰ নিমখ আৰু জলকীয়াৰে পৰিৱেশন কৰা হয়।
—————
* হালধি পাতত দিয়া মূৰ্গী মাংস
অসমৰ পাহাৰে ভৈয়ামে বসবাস কৰা প্ৰায় সকলো জাতি-জনগোষ্ঠীৰলোকে মূৰ্গী(কুকুৰা) ৰ মঙহ পোৰা, পাতত দিয়া, চুঙাত দিয়া, সিদ্ধ কৰা আদি বিভিন্ন ৰন্ধনশৈলী প্ৰয়োগ কৰি নানা তৰহৰ ব্যঞ্জন তৈয়াৰ কৰে। এই থলুৱা ব্যঞ্জনসমূহ কম তেল বা মছলাযুক্ত হোৱা লগতে স্বাস্থ্যৰ বাবেও উপকাৰী।
উপকৰণ
————-
মূৰ্গী মাংস- ২৫০ গ্ৰাম
আদা পেষ্ট – ১ চাহ চামুচ
নহৰু পেষ্ট – ১ চাহ চামুচ
পিঁয়াজ – ১টা (মিহিকৈ কুটা)
হালধি গুৰি- ১ চাহ চামুচ
কেঁচা জালুক-১০ টামান(থেতালি লোৱা)
নিমখ (পৰিমাণ অনুসৰি)
আদাপাত -২ খিলা
নেমুপাত-২খিলা
নেমুৰস /কমলাৰস- ১ চাহ চামুচ
কেঁচা জলকীয়া-২/৩টা (ফালি লোৱা)
কেঁচা সৰিয়হৰ তেল ২ চাহ চামুচ
বান্ধিবৰ বাবে হালধি পাত প্ৰয়োজন অনুসৰি।
প্ৰণালী
———–
প্ৰথমে মাংসখিনি পৰিষ্কাৰকৈ ধুই এটা চচ্ পেন
ত পানী আৰু সামান্য নিমখ দি ৯৫% সিদ্ধ কৰি ল’লোঁ(মোৰ যিহেতু জোহালৰ সুবিধা নাই! )। এতিয়া আধা সিজা মাংসত ওপৰত উল্লেখ কৰি অহা উপকৰণসমূহ (তেল, নেমুৰসৰ বাহিৰে) ভালকৈ সানি ল’লোঁ।হালধি পাত জুইত সেকি লৈ সানি লোৱা মাংসখিনি তাৰ ওপৰত থৈ টোপোলা প্ৰস্তুত কৰিলোঁ। গেছৰ জুইত তাৱা পাতি টোপোলা দুটা
বঢ়াই ঢাকনীৰে ঢাকি পতাগুটিৰ সহায়ত হেঁচি দিলোঁ। কম জুইত ১০ মিনিটৰ অন্তৰে অন্তৰে ইলুটি-সিলুটিকৈ লুটিয়াই থাকি ৩০ মিনিটমানৰ পিছত গে
ছ অফ কৰিলোঁ।
নেমুৰস আৰু কেঁচা সৰিয়হৰ তেল সানি
পৰিৱেশন কৰিলোঁ। আপোনালোকে ধনীয়া কুটি দিব পাৰে মোৰ নাছিল বাবে দিয়া নহ’ল। কেতিয়াবা নেমুৰসৰ সলনি কমলাৰস দিও জুতি লৈ চাবচোন বৰ ভাল লাগে!
বিঃদ্ৰঃ-অঙঠাত পুৰিলে পৃথকে মাংস সিজাই নল’লেও হয়।
———————
*বগৰীৰ সৈতে লফাশাক- মাছৰ টেঙা আঞ্জা
এতিয়া বগৰীৰ বতৰ। বগৰীত ভিটামিন চি, ডি, ই পটাছিয়াম, মেগনেছিয়াম, জিংক, ফাইবাৰ ফলেটএণ্টিঅক্সিডেণ্ট আদি নানা উপাদান উপলব্ধ৷ইয়াক ফল হিচাপে খোৱাৰ উপৰিও আচাৰ, টক, ব্যঞ্জন হিচাপে খোৱা হয়। বগৰীত উপকাৰী উপাদান থকা বাবে শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে ৷ অসমীয়া পৰম্পৰাগত ব্যঞ্জনসমূহৰ ভিতৰত লফাশাকৰ সৈতে বগৰী আৰু মাছৰ টেঙা আঞ্জাখন অন্যতম।
উপকৰণ-
লফাশাক এমুঠি
পকা বগৰী তিনিটামান
মোৱামাছ (প্ৰয়োজন মতে)
পাঁচফোৰণ সামান্য
জলকীয়া দুটাহালধি
নিমখ(সোৱাদ অনুসৰি)
আদা-নহৰু পেষ্ট এক চাহচামুচ
প্ৰণালী- প্ৰথমে মাছ
কৰি ভালকৈ লৰাই দিব। শাকখিনি ভজা হ’লে আদা নহৰুখিনি দিব। শাক সিজি আহিলে পৰিমাণ অনুসৰি গৰমপানী দি কম জুইত দুইমিনিটমান উতলাব লাগে। এই অৱস্থাত বগৰী আৰু পূৰ্বতে ভাজি থোৱা মাছ যোগ কৰি ঢাকণমাৰি পাঁচ মিনিট উতলালেই আঞ্জাখন পৰিৱেশন বাবে প্ৰস্তুত হয়।
খিনি নিমখ-হালধি সানি সামান্য সৰিয়হৰ তেলত ভাজিব লাগে। মাছ ভজা হ’লে তেলত পাঁচফো
ৰণ ফুটাই হালধি আৰু জলকীয়া যোগ কৰি কুটি থোৱা শাকখিনি বঢ়াই দিব লাগে। নিমখ যোগ