চেকনীৰ আগত বিদ্যা, সঁচাকৈয়েনে?

লেখক- জিতেন কলিতা

কল্পনা কৰকচোন কোনোবাই যদি আপোনাৰ ভৰি দুখন বান্ধি মূৰটো তললৈ কৰি উলম্বভাবে ওলোমাই থয়, আপোনাৰ কি অৱস্থা হ’ব? পাঠকসকলে হয়তো ভাবিছে, কি অদ্ভুত আৰু বীভৎস চিন্তা! তেনে হ’লে ভাবক, তেনে ঘটনা যদি এটি পাঁচ বছৰীয়া শিশুৰ ক্ষেত্ৰত হ’বলৈ পায়, সি আৰু কিমান ঘৃণনীয় হ’ব পাৰে? তদ্ৰূপ ঘটনা এটাই ঘটিছিল এই ভাৰত মুলুকতে যোৱা অক্তোবৰ মাহৰ শেষৰ সপ্তাহত। তাতোকৈ ডাঙৰ কথা, এই ঘটনা কোনো সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰা নাছিল, কৰিছিল এই লেখকৰ দৰেই শিক্ষক প্ৰজাতিৰ সদস্য এজনে। কিন্তু সেই প্ৰসংগত যিমান আলোচনা বিলোচনা হ’ব লাগিছিল, সিমান হৈ নুঠিল। ঘটনাটো ঘটিছিল উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ত। শিক্ষকক নজনোৱাকৈ বিদ্যালয়ৰ বাহিৰত থকা ঠেলাগাড়ী এখনৰ পৰা গোল-গাপ্পা খোৱাৰ অপৰাধত স্কুলৰ প্ৰধান শিক্ষকে প্ৰাক্-প্ৰাথমিক শ্ৰেণীৰ পাঁচ বছৰীয়া ছাত্ৰ এজনক ভৰিৰ গোৰোঁহাত ধৰি স্কুলৰ প্ৰথম মহলাৰ বাৰাণ্ডাৰ পৰা মূৰটো তললৈ কৰি শূন্যত ওলোমাই ৰাখিছিল। ল’ৰাজনে ঘৰলৈ উভতি গৈ কান্দি কান্দি বাপেকক সেই কথা জনোৱাত তেওঁ প্ৰধান শিক্ষকৰ বিৰুদ্ধে স্থানীয় থানাত এজাহাৰ দাখিল কৰে। পিছত পুলিচে প্ৰধান শিক্ষকজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। ইতিমধ্যেই কোনোবাই এই ঘটনাটো কেমেৰাত ধৰি ৰাখি সামাজিক মাধ্যমত এৰি দিয়াত ই ভাইৰেল হৈ পৰে।

ওপৰৰ ঘটনাই মনত পেলাই দিলে আমি স্কুলত পঢ়ি থকা কালত অতি সঘনাই উচ্চাৰিত হোৱা এটি জতুৱা ঠাঁচ, “চেকনীৰ আগত বিদ্যা”লৈ। মোৰ দৃঢ় বিশ্বাস, ই আছিল ঠাই আৰু সময় ভেদে শাৰীৰিক শাস্তিক ন্যায্যতা প্ৰদান আৰু মহিমান্বিত কৰাৰ এক অন্যতম প্ৰচেষ্টাহে। বহুতে ক’ব খোজে যে শিক্ষক আৰু অভিভাৱকৰ প্ৰতি আজিৰ দিনতকৈ তেতিয়াৰ দিনৰ ছাত্ৰ-ছাত্ৰীসকল অধিক অনুগত আৰু একান্ত বাধ্য আছিল, আৰু এই কৃতিত্বৰ মূল দাবীদাৰ হৈছে চেকনীডাল। কিছুমানে আকৌ বৰ্তমান স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিলক্ষিত হোৱা অনুশাসনশীলতাৰ অভাৱৰ বাবেও চেকনীৰ বিলুপ্তিকেই জগৰীয়া কৰে। পিছে ই কিমান দূৰ সত্য তাত যথেষ্ট সন্দেহৰ থল আছে। মূলতঃ অভিভাৱকৰ সচেতনতা আৰু পৰিৱৰ্তিত আইন ব্যৱস্থাৰ বাবেই চেকনীৰ চোক কমি অহা বুলি ধাৰণা কৰা হৈছে যদিও আমাৰ শিশুসকল এতিয়াও চেকনীৰ আওতাৰ পৰা সম্পূৰ্ণভাবে মুক্ত হ’ব পৰা নাই। চেকনীৰ এচাটেও যে পাছলৈ কাৰোবাৰ জীৱন দূৰ্বিসহ কৰি তুলিব পাৰে, সেই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজনীয়তাই বা কিমানজনে উপলব্ধি কৰে?

ধনজিত দত্তৰ লগত মোৰ প্ৰথম চিনাকি ফোনৰ জৰিয়তে। অতি সৰল মনৰ, স্পষ্টবাদী আৰু খাৰাংখাচ এই যুৱকজনে কেবাবছৰো ধৰি এখন অসমীয়া বাতৰি কাকতৰ বাবে একাধাৰে প্ৰুফৰীডাৰ, সম্পাদনা সহায়ক, ৰিপ’ৰ্টাৰ আদিকে ধৰি বহুকেইটা ভূমিকা পালন কৰি আহিছে। মই লিখা প্ৰবন্ধ এটি পঢ়ি ভাল পাই যোৱাবছৰ আগষ্ট মাহৰ পৰাই তেওঁৰ মোৰ সৈতে যোগাযোগ আৰু তেতিয়াৰে পৰা তেওঁ সপ্তাহত এবাৰকৈ হ’লেও মোলৈ ফোন কৰে। এবাৰ আমাৰ কেম্পাছলৈ আহি মোক দেখা কৰাৰ উপৰি মই ধেমাজিলৈ যাওঁতে তেওঁৰ কৰ্মস্থান ডিব্ৰুগড়ৰ পৰা আহিও মোক লগ কৰি গৈছে। সেই যাত্ৰাত মই ধেমাজিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰি থকা আলোকচিত্ৰ এখন কেনেবাকে তেওঁৰ হাতত পৰিল। সেইদিনাখন নিশাই তেওঁ মোক ফোন কৰি মোৰ সেইদিনাৰ কাৰ্যক্ৰমণিকাৰ খতিয়ান ল’লে। আমাৰ কথোপকথন চলি থকাৰ সময়তে হঠাৎ ধনজিতে আৱেগ-বিহ্বল হৈ তেওঁৰ জন্মস্থান ঢকুৱাখানা অঞ্চলৰ সেই প্ৰাথমিক বিদ্যালয়খনত হোৱা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি উচুপিবলৈ ধৰিলে। মই তেওঁক শান্ত হ’বলৈ উপদেশ দিয়া সত্ত্বেও ফেকুৰিয়েই থাকিল। পাছত ধনজিতৰ শৈশৱৰ কাহিনী শুনি মোৰ মুখৰ মাত হৰিল।

ধনজিত তেতিয়া তৃতীয় শ্ৰেণীত। এদিন স্কুলত “হাতৰ আখৰ”ৰ শ্ৰেণী চলি থকাৰ সময়ত তেওঁৰ কলমৰ চিয়াঁহী শেষ হ’ল। সেয়েহে তেওঁ হেড-পণ্ডিতক ছিলটত লিখিলে হ’ব নেকি বুলি সুধি অনুমতি বিচাৰিলে। পণ্ডিতে তেওঁক ছিলটৰ পৰিবৰ্তে বহীতেই কাঠ-পেঞ্চিলেৰে লিখিবলৈ আদেশ দিলে। কাকতালীয়ভাৱে সেইদিনাখন তেওঁ কাঠ-পেঞ্চিলডালো আনিবলৈ পাহৰিছিল। খঙত অগ্নিশৰ্মা হৈ হেড-পণ্ডিতে তেওঁৰ হাতৰ তলুৱাদুখন তলমুৱা কৰি ডেস্কত পাতি দিবলৈ কৈ আঙুলিকেইটাৰ ওপৰত এছাৰিৰে কোবাবলৈ আৰম্ভ কৰিলে। “চাৰ নামাৰিব, চাৰ নামাৰিব” বুলি কৰা বাৰম্বাৰ অনুৰোধক নস্যাৎ কৰি শিক্ষক মহোদয়ৰ প্ৰচণ্ড প্ৰহাৰ চলিয়েই থাকিল। সন্ধিয়ালৈকে ধনজিতৰ আঙুলি ঠেতেলা পৰি বিষত তত নোহোৱা হ’ল। কিন্তু অধিক শাস্তিৰ আশংকাত তেওঁ মাক-দেউতাকৰ আগত কোনো কথাই নুলিয়াই পাৰ্যমানে হাতদুখন পেণ্টৰ জেপত লুকুৱাই ৰাখিলে। যমজ ভাতৃ বনজিতেও তেওঁৰ লগত অনবৰতে ছাঁৰ দৰে লাগি থাকিল যাতে মাক-দেউতাকে কথাটো গম নাপোৱাকৈ থাকে।

এই ঘটনাৰ কেইদিনমান পিছতেই গাঁৱৰ নামঘৰত কোনো সমনীয়াৰ সৈতে উখনা-উখনি লগাত ল’ৰাজনৰ মাকে তেওঁলোকৰ ঘৰলৈ আহি অভিযোগ দিয়েই ক্ষান্ত নাথাকি পিছদিনা যমজহালৰ বিৰুদ্ধে স্কুলতো গোচৰ তৰিলে। স্কুলৰ হেড-পণ্ডিতে দুয়ো ভায়েকক এছাৰিৰে কোবাই কোবাই আঁঠু কঢ়াই স্কুলৰ চাৰিওফালে তিনিবাৰ প্ৰদক্ষিণ কৰালে। আমাৰ সৰুকালত এটা অলিখিত নিয়ম আছিল যে যেতিয়াই লগৰ কাৰোবাৰ লগত হাই-কাজিয়া হয় আৰু তেওঁলোকৰ মাক-দেউতাকসকলে অভিযোগ দিবলৈ আমাৰ ঘৰলৈ আহে, মা-পিতাই আমাৰ পৰা কোনো কৈফিয়ত নিবিচাৰি উধাই-মুধাই আমাকেই ঔকিল সোধায়। তদুপৰি বহুসময়ত অভিভাৱকসকলে স্কুলত শিক্ষকে প্ৰদান কৰা শাৰীৰিক শাস্তিক ল’ৰা-ছোৱালীৰ বাবে একপ্ৰকাৰ আশীৰ্বাদ বুলিহে গণ্য কৰিছিল। ধনজিত-বনজিতৰ পিতৃ-মাতৃও তাৰ ব্যতিক্ৰম নাছিল। পুত্ৰদ্বয় ঘৰ আহি পোৱাৰ লগে লগে সিহঁতৰ দুখত সমব্যথী হোৱাৰ বিপৰীতে আকৌ দুকিল সোধালেহে। সেই নিশাৰ পৰাই কেবাদিনো ধৰি ধনজিতৰ প্ৰচণ্ড জ্বৰ উঠিল আৰু সেয়াই আছিল তেওঁৰ দু: স্বপ্নৰ আৰম্ভণি।

দুই ভগ্নী বসুন্ধৰা আৰু ধৰিত্ৰী গোহাঁই। মই হাইস্কুলত পঢ়ি থাকোঁতে বসুন্ধৰা মোৰ সহপাঠী আছিল। আমি তলৰ শ্ৰেণীত পঢ়ি থকা অৱস্থাত ধৰিত্ৰী আমাৰ স্কুলৰে প্ৰাথমিক শাখাৰ ছাত্ৰী আছিল। আমি ষষ্ঠ শ্ৰেণীত থাকোঁতে তাই খুব সম্ভৱ দ্বিতীয় নে তৃতীয় শ্ৰেণীৰ ছাত্ৰী। আমাৰ শ্ৰেণীকোঠাৰ খিৰিকীখনেৰে বাহিৰলৈ চালেই পোনে পোনে সিহঁতৰ প্ৰাথমিক শাখাটো দেখা পোৱা যায়। এদিন দুপৰীয়া শ্ৰেণীত পাঠদান চলি থকা সময়ত হঠাতে ধৰিত্ৰীহঁতৰ শ্ৰেণীকোঠাৰ পৰা কোলাহলৰ শব্দ ভাঁহি আহিল। এনে লাগিল যেন তাত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। কিছু সময় পাছত দুই এজনকৈ মানুহ আহি সিহঁতৰ শ্ৰেণীকোঠাৰ দুৱাৰত জুম বান্ধিবলৈ আৰম্ভ কৰিলে। এই সকলোবিলাক মই প্ৰথম বেঞ্চত বহি খিৰিকীৰে লক্ষ্য কৰি আছোঁ। প্ৰচণ্ড উৎসুকতা সত্ত্বেও কোঠাৰ বাহিৰ ওলাব পৰা নাই। শ্ৰেণীটো শেষ হোৱাৰ লগে লগেই বসুন্ধৰাসহ আমি আটাইবোৰে ধৰিত্ৰীহঁতৰ স্কুললৈ ঢাপলি মেলিলোঁ। গৈ দেখোঁ লগৰ ল’ৰা-ছোৱালীবিলাকে ধৰিত্ৰীক বেৰি ধৰি আছে আৰু বেঞ্চ এখনত বহি তাই চিঞৰি চিঞৰি কান্দি আছে। আনফালে সিহঁতৰ মাক আৰু ওচৰ চুবুৰীয়া কেইজনমানে প্ৰধান শিক্ষকৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈছে আৰু স্কুলৰ আন শিক্ষয়িত্ৰী গৰাকীয়ে পাৰ্যমানে তেওঁলোকক বুজাবলৈ চেষ্টা কৰি আছে।

ধৰিত্ৰীৰ একেবাৰে ওচৰ পায়হে আচল কথা জানিব পাৰিলোঁ। তাইৰ সমগ্ৰ শৰীৰত বেত্ৰাঘাতৰ চিন। হাত ভৰি আৰু ডিঙিৰ ঠায়ে ঠায়ে মঙহ উখহি ৰঙা/বেগুনীয়া বৰণ ধাৰণ কৰিছে। তাইৰ অৱস্থা দেখি বায়েকেও হাওমাওকৈ কান্দিবলৈ আৰম্ভ কৰিলে। ব’ৰ্ডত কৰিবলৈ দিয়া অংক ভুল হোৱাত পাছলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত প্ৰধান শিক্ষকজনৰ বেতৰ কোবত তাইৰ তেনে দশা হ’বলৈ পাইছিল। অৱস্থাৰ অৱনতি ঘটাত ভয় পাই তেওঁ চকীদাৰৰ হতুৱাই মাকক মতাই আনিছিল। শেষত কেইজনমানে লগ লাগি ধৰিত্ৰীক ওচৰৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰালে। এই ঘটনাটোৱে মোৰ মনত ইমান গভীৰ ভাবে ৰেখাপাত কৰিছিল যে কাকতালীয়ভাবে কেইদিনমান আগতে প্ৰায় চাৰি দশকৰ পাছত বসুন্ধৰাক বিয়া এখনত লগ পাই এই ঘটনাটোৰ কথা উনুকিয়াই নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। তেওঁ জনালে যে এতিয়াও এই ঘটনাৰ কথা মনত পৰিলে তেওঁলোকক শোকে খুন্দা মাৰি ধৰে। কৌতূহলবশত: এই নিবন্ধটো লিখাৰ আগতে বসুন্ধৰাৰ পৰা নম্বৰটো লৈ ধৰিত্ৰীক এবাৰ ফোনত যোগাযোগ কৰিলোঁ। তেওঁৰ সৈতে কথা পাতি ধাৰণা হ’ল যে ধনজিতক যেনেকৈ স্কুলত ঘটা ঘটনাবোৰে আজিও অহৰহ আমনি কৰে, তেওঁৰ ক্ষেত্ৰত তেনে হোৱা নাই। কিন্তু ঘটনাটোৰ কথা মনত পৰিলে এতিয়াও তেওঁৰ গা শিয়ৰি উঠে। শিক্ষক স্বামী আৰু পুত্ৰৰ সৈতে বৰ্তমান তেওঁৰ সুন্দৰ সংসাৰ।

পঢ়ুৱৈসকলে যদি ভাবিছে যে ওপৰত উল্লেখ কৰা ঘটনাৰাজি আৰু তাৰ বিষম ফলশ্ৰুতি কেৱল আমাৰ নিচিনা দেশতহে সম্ভৱ, সেয়া সঁচা নহয়। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা দেশতো এনে ঘটনা বিৰল নহয়। যশ্বুৱা ৱাটছনৰ কাহিনী তাৰ এক উদাহৰণ। টেক্সাছৰ আলভাৰাড’ স্থিত আলভাৰাড’ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ যশ্বুৱাই সেইদিনাখন কি সিদ্ধান্ত ল’ব, তাক লৈ যথেষ্ট অনিশ্চয়তাত ভুগিছিল, স্কুলৰ পৰা পাঁচ দিনৰ বাবে নিৰ্বাসিত হ’ব নে টিকাত তিনিবাৰ বেত ল’ব? যশ্বুৱাৰ অপৰাধ: শ্ৰেণীলৈ পেঞ্চিল আনিবলৈ পাহৰাৰ বাবে সেইদিনা তেওঁ দশম ডিমেৰিট পইণ্টটো (demerit point, ঠিক আজিকালি আন্তৰ্জাতিক ক্ৰিকেট খেলত খেলুৱৈয়ে খেলপথাৰত অভব্য আচৰণ কৰিলে পোৱাৰ নিচিনাকৈ) অৰ্জন কৰিছিল। শ্ৰেণীৰ পৰীক্ষাবিলাকত তেওঁৰ প্ৰদৰ্শন ভালেই আছিল। সেয়েহে স্কুল খতি কৰিলে শ্ৰেণীত পাছপৰি যোৱাৰ আশংকা কৰি মাক দেউতাকৰ সৈতে আলোচনা কৰি তেওঁ দ্বিতীয় বিকল্পটো লোৱাৰেই সিদ্ধান্ত গ্ৰহণ কৰে।

শাস্তিগ্ৰহণৰ দিনা বিদ্যালয়ৰ উপাধ্যক্ষই যশ্বুৱাক তেওঁৰ কাৰ্যালয়ত মাতি নি পেণ্ট খুলিবলৈ নিৰ্দেশ দিলে। টিকাত সৰ্বশক্তিৰে এবাৰ বেত্ৰাঘাত কৰাৰ পাছতেই ধনজিতৰ দৰে যশ্বুৱাইও উপাধ্যক্ষক পুনৰ নামাৰিবলৈ কাতৰ অনুৰোধ কৰে আৰু ঠিক একেধৰণেৰে তাক প্ৰত্যাখ্যান কৰি উপাধ্যক্ষই উপৰ্যুপৰি বেতৰ কোব অব্যাহত ৰাখে। শ্ৰেণীলৈ উভতি আহি বিষৰ প্ৰকোপত যশ্বুৱাৰ টিকা থব নোৱাৰা অৱস্থা। ঘৰলৈ আহি মাকক বেত্ৰাঘাত কৰা ঠাই টুকুৰা দেখুৱালত তেওঁৰ চকু কপালত উঠিল। গোটেই ঊৰু আগুৰি আঘাতৰ দাগবোৰে বেগুনীয়া, ক’লা আৰু ৰঙা ৰং লৈছে। পলম নকৰি তেওঁ শিশু সুৰক্ষা সেৱাত খবৰ দি লগে লগে যশ্বুৱাক আপাতকালীন বিভাগত ভৰ্তি কৰালে। কৰ্তব্যৰত চিকিৎসকগৰাকীয়ে যশ্বুৱাক পৰীক্ষা কৰাৰ পাছত তেওঁৰ মুখৰ পৰা নিৰ্গত হোৱা প্ৰথম প্ৰশ্নটোৱেই আছিল, “কোনে এই শিশুটিক প্ৰহাৰ কৰি আহিছে?”
ইয়াৰ পিছৰ দহদিন যশ্বুৱাই পিঠি পাৰি শুব বা ইকাতি-সিকাতি কৰিব পৰা নাছিল। এমাহলৈকে আঘাতৰ দাগবোৰ যোৱা নাছিল। কিন্তু মানসিক আঘাতে তাতকৈ বহু বেছি দিনলৈকে তেওঁক জুৰুলা কৰিছিল। বেত্ৰাঘাতৰ দিনাৰ পৰাই তেওঁ দু: স্বপ্ন দেখিবলৈ আৰম্ভ কৰিছিল য’ত উপাধ্যক্ষই তেওঁক প্ৰকাণ্ড এডাল বেত বা বন্দুক এটা লৈ খেদি ফুৰিছিল। মাকে জনোৱা মতে বহু বছৰলৈ এই দু: স্বপ্নবোৰে তেওঁক লগ এৰা নাছিল। ঘটনাটোৰ আঠ মাহ পাছলৈকে নিশা তেওঁৰ টোপনি নহা হৈছিল আৰু মাক-দেউতাকৰ লগতহে শুইছিল। ভয় আৰু সন্ত্ৰাসত মাজে মাজে শোৱাপাটীতে মূত্ৰ ত্যাগ কৰিছিল আৰু মানসিকভাবে তেওঁ এজন দুই তিনিবছৰীয়া শিশুলৈ পৰ্যবসিত হৈছিল। তাৎপৰ্যপূৰ্ণভাবে ধনজিতৰ ক্ষেত্ৰতো সাইলাখ একে লক্ষণ পৰিস্ফুট হৈছিল। হেড পণ্ডিতৰ কোব খোৱাৰ পাছত প্ৰায়েই সপোনত সেই সময়ৰ জনপ্ৰিয় ধাৰাবাহিক শক্তিমানৰ খলনায়ক কিল্ভিছ আৰু হেড পণ্ডিত একাকাৰ হৈ তেওঁক খেদি ফুৰিছিল। যশ্বুৱাৰ দৰে তেৱোঁ এই বীভৎস সপোনবোৰ দেখি শোৱাপাটীত মূত্ৰ ত্যাগ কৰি সাৰ পাই উঠিছিল। মাক-দেউতাকে বহু সময় বুকুত সাবটি ধৰি থকাৰ পিছতহে তেওঁৰ ছটফটনি হ্ৰাস পাইছিল।

চৰমভাবে আতংকিত যশ্বুৱাই বিদ্যালয়লৈ পুনৰ উভতি যাবলৈ সাহস গোটাব পৰা নাছিল। সেয়েহে তেওঁৰ মাতৃয়ে চাকৰি ইস্তফা দি নিজেই তেওঁক ঘৰত পঢ়ুৱাবলৈ লয়। ইয়াৰ লগে লগে তেওঁৰ মনস্তত্ত্ববিদৰ সৈতে থেৰাপীও চলি থাকিল। পৰিস্থিতিৰ মোকাবিলা কৰাটো ৱাটছন পৰিয়ালৰ বাবে অত্যন্ত কঠিন কাম আছিল। ঘটনাটোৰ এবছৰীয়া বৰ্ষপূৰ্তিত তেওঁৰ দু: স্বপ্নবোৰ অধিক তীব্ৰ হৈ পৰিছিল আৰু মানসিক অৱস্থাৰ ভয়ানকভাৱে অৱনতি ঘটিছিল। এবাৰ মাকে তেওঁক হাস্পাতালত নিবলৈ গাড়ী ষ্টাৰ্ট দিওঁতেই তেওঁ গাড়ীৰ দৰ্জা খুলি ওলাবলৈ চেষ্টা কৰি চিঞৰিবলৈ ধৰে, “(উপাধ্যক্ষই) মোক মাৰি পেলাব, মোক মাৰি পেলাব। দেখিছানে নাই, কেনেকৈ তেওঁ বন্দুকটো মোলৈ টোৱাঁই আছে?” ইয়াৰ পিছত তেওঁ কেইবাসপ্তাহো চিকিৎসাধীন হ’বলগীয়া হয়। অৱশেষত যশ্বুৱাৰ পিতৃ-মাতৃয়ে আগৰ ঠাই এৰি আন এখন জিলাত বসবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰেই স্কুলত তেওঁক নামভৰ্তি কৰায়। সেই ঠাইৰ বিচক্ষণ থেৰাপীষ্ট আৰু মৰমিয়াল শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তত্ত্বাৱধানত যশ্বুৱাৰ মানসিক অৱস্থাৰ যথেষ্ট উন্নতি ঘটে। কিন্তু অতি খৰচী চিকিৎসা পদ্ধতিৰ বাবে তেওঁলোকৰ পৰিয়ালটো আৰ্থিকভাৱে সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে যাৰ বাবে তেওঁলোকে নিজৰ ঘৰ-মাটি পৰ্যন্ত বিক্ৰী কৰিবলৈ বাধ্য হয়।

যশ্বুৱা এতিয়া কৈশোৰ পাৰ হৈ যৌৱনত ভৰি দিয়া কুৰি বছৰীয়া যুৱক, ধনজিত ত্ৰিশ বছৰীয়া চফল ডেকা আৰু ধৰিত্ৰী পঞ্চাছৰ দুৱাৰদলিত। জীৱনৰ আৰম্ভণিতেই শাৰীৰিক শাস্তিয়ে অনাহকতে আনি দিয়া মানসিক সংঘাতে এতিয়াও মাজে মাজে তেওঁলোকক আন্দোলিত কৰে। বহুবছৰ আগতেই আমেৰিকা যুক্তৰাষ্ট্ৰত শাৰীৰিক শাস্তি (Corporal Punishment) নিষিদ্ধ কৰা হৈছে যদিও যশ্বুৱাক ই সুৰক্ষা দিয়াত ব্যৰ্থ হয়। দুৰ্ভাগ্যক্ৰমে আমাৰ দেশত এই ধাৰণাটো তুলনামূলকভাবে নতুন। মাথোঁ ২০১০ চনৰ ১ এপ্ৰিলৰ পৰাহে “শিশুৰ মুক্ত আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অধিসূচনা ২০০৯”ৰ অধীনত বিদ্যালয়, দৈনিক আপডাল আৰু বিকল্প শিশু কল্যাণ কেন্দ্ৰ সমূহত শিশুৰ ওপৰত শাৰীৰিক শাস্তি আৰু মানসিক আতিশয্য নিষিদ্ধকৰণ কাৰ্যকৰী হৈছে। তৎসত্ত্বেও শিক্ষক আৰু অভিভাৱক, দুয়োপক্ষই এই সম্পৰ্কে ইমান সচেতন নহয়। শেহতীয়া এটি সমীক্ষা অনুসৰি এতিয়াও আমাৰ দেশত ৫০%তকৈও অধিক ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত শাৰীৰিক শাস্তিৰ সন্মুখীন হৈয়েই আছে। দৰিদ্ৰ আৰু পিছপৰা অঞ্চলৰ শিশুসকল আধাতে স্কুল এৰাৰ ই অন্যতম কাৰণ। এনে শাস্তিয়ে কোনো কোনো শিশুক চিৰজীৱনৰ বাবে পঙ্গু কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

আইনৰ আশ্ৰয় লৈ দোষীক কেইদিনমানৰ কাৰণে জেললৈ পঠিয়াই কাৰোবাক সাময়িকভাবেহে সকাহ প্ৰদান কৰিব পাৰি। কিন্তু ই ভুক্তভোগী শিশুসকলৰ সোণালী শৈশৱ কেতিয়াও ঘূৰাই দিব নোৱাৰে। বেতধাৰী শিক্ষাগুৰুসকলৰ এই মানসিকতাৰ বাবে দায়ী মূলত: তেওঁলোকৰ শিশু মনস্তত্ত্ব সম্পৰ্কে অজ্ঞতাৰ। শাৰীৰিক শাস্তিয়ে শিশুৰ মনত “বল প্ৰয়োগেৰে সকলো ঠিক কৰিব পাৰি’’ জাতীয় মনোভাৱক প্ৰশ্ৰয় দিয়াই নহয়, ই সৃষ্টি কৰা ভয়, খং, দুখ আৰু অসন্তুষ্টিয়ে তেওঁলোকৰ ব্যক্তিত্ব বিকাশতো বিশাল অন্তৰায় হিচাপে থিয় দিয়ে। অপ্ৰিয় হ’লেও সত্য যে আজিৰ বহুতো শিক্ষকৰ মাজত লেশমাত্ৰও শৈক্ষিক মনস্কতা পাবলৈ নাই। বছৰৰ পাছত বছৰ ধৰি প্ৰৱৰ্তিত হৈ অহা ৰাষ্ট্ৰীয় শিক্ষানীতিসমূহেও যে এওঁলোকক চুব পাৰিছে সিয়ো সন্দেহৰ আবৰ্তত। শিক্ষক নামধাৰী এইসকলৰ অজ্ঞতাৰ বাবেই মিৰ্জাপুৰৰ দৰে কাণ্ড হ’বলৈ পাইছে আৰু ধনজিতৰ নিচিনা বহুতেই জীৱনৰ মূল্যবান সময় এছোৱাত স্বাভাৱিক জীৱন যাপনৰ পৰা বঞ্চিত হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৃংখলা বজাই ৰখাৰ বাবে শাসনৰ প্ৰয়োজন নিশ্চয়কৈ আছে। কিন্তু তাৰবাবে পৈশাচিক শাস্তি প্ৰদান কৰি ফুল কুমলীয়া ল’ৰা-ছোৱালীহঁতৰ সন্মুখত ক্ষমতা জাহিৰ কৰাৰ কোনো যুক্তিযুক্ততা নাই। শাৰীৰিক শাস্তি প্ৰয়োগ নকৰাকৈ আন উপায়েৰে ছাত্ৰ-ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাটোতহে শিক্ষকৰ মহত্ত্ব আৰু কৃতিত্ব। সেইবাবেই বোধহয় আমি স্কুলত পঢ়ি থকা কালত এগৰাকী বান্ধৱীয়ে ৰগৰ কৰি কৈছিল, “যদিহে চেকনীৰ আগতে বিদ্যা থাকে, তেনেহলে ছাৰহঁতে আমাক কিয় কোবাব লাগে? আমি নিজেই নিজকে কোবালেই দেখোন সমস্যাৰ সমাধান হৈ যাব।” কিয় জানো এইসময়খিনিত গোল-গাপ্পা খোৱা সেই শিশুটিৰ কথা বৰকৈ মনত পৰিছে। সি বা কেনে আছে?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!