ডাকৰ বচন আৰু বিজ্ঞান

লেখক- ডঃ ছাদিকুল হুছেইন

এটা জাতিৰ মাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বাক্য কিম্বা বাক্যাংশ, কাহিনী, আখ্যান, গীত, আদিৰ সমাহাৰকে লোকসাহিত্য বুলি কোৱা হয়। এনে সাহিত্যৰ মাজতে জাতিটোৱে বহন কৰা ঐতিহ্য তথা পৰম্পৰাৰ প্ৰতিফলন ঘটে। সেয়ে লোকসাহিত্যক এটা জাতিৰ সম্পদ ৰূপে বিবেচনা কৰা হয়। বিষয়বস্তু তথা ৰচনাৰ ৰীতি আদিলৈ লক্ষ্য কৰি অসমীয়া লোকসাহিত্যক বহুকেইটা ভাগত ভাগ কৰা দেখা যায়। সেইবোৰৰ ভিতৰত ফকৰা-যোজনা, ডাকৰ বচন, পটন্তৰ আদি অন্যতম। প্ৰধানকৈ মৌখিক ৰূপত থকা এই সম্পদৰাজি হ’ল বিভিন্ন নীতি শিক্ষাৰ ভাণ্ডাৰ। দূৰ অতীজৰেপৰা গঞা ৰাইজে এনেবোৰ নীতি শিক্ষাৰ মাধ্যমেৰে জ্ঞান আহৰণ কৰি দৈনন্দিন জীৱনৰ প্ৰতিটো কৰ্ম সুচাৰুৰূপে পালন কৰি আহিছে। সেয়ে আজিও অনেক ফকৰা-যোজনা, বচন আদি অসমৰ চুকে-কোণে সিঁচৰতি হৈ আছে। অৱশ্যে বহুসময়ত কিছুমান ফকৰা-যোজনাক ডাকৰ বচন বুলি কোৱা দেখা যায়। বহুতে ডাকৰ বচন সমূহ ‘ডাক’নামৰ এজন জ্ঞানী পুৰুষৰ বচন বুলি ভাবে যদিও আন বহুতে ‘ডাক’ এক কাল্পনিক চৰিত্ৰ বুলি ক’ব বিচাৰে। আনহাতে অসমৰ ডাকৰ বচনবোৰৰ দৰে ভাৰতবৰ্ষৰ আন আন ৰাজ্যতো এনে বহুত বচন পোৱা যায় যিবোৰৰ পৰা চহা ৰাইজে দৈনন্দিন জীৱনৰ লগতে কৃষিকৰ্মৰ বাবে প্ৰয়োজন হোৱা নীতি শিক্ষা লাভ কৰি আহিছে। তেনে কেতবোৰ বচন হ’ল বংগৰ খনাৰ বচন। এই বচনবোৰৰ লগত ডাকৰ বচনবোৰৰ বহুখিনি মিল আছে। সেয়ে ফকৰা-যোজনাৰ দৰে বহুতো খনাৰ বচন অসমত ডাকৰ বচন ৰূপে প্ৰচলিত হৈ আছে। কিন্তু বৈজ্ঞানিক ব্যাখ্যাৰ অভাৱত “বেদৰ বাণী” ৰূপে জ্ঞান কৰা এই বচনবোৰ আমাৰ মাজৰ পৰা ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে। আনহাতে আজিৰ বিজ্ঞানে আগবঢ়োৱা বহুবোৰ দিহা-পৰামৰ্শৰ ঘাই শিপাডাল এনেবোৰ ফকৰা-যোজনা কিম্বা ডাকৰ বচনৰ মাজত বিচাৰি পোৱা যায়। সেয়ে আমাৰ এই লেখাটোত কৃষি সম্পৰ্কীয় কেতবোৰ বচনৰ বৈজ্ঞানিক ব্যাখ্যা বিচাৰিবলৈ যত্ন কৰা হৈছে। লগতে আশা কৰা হৈছে যে এই দিশত পৰীক্ষা-নিৰীক্ষাৰ বাট এটা মুকলি হওক যিটো বৰ্তমান সময়ত অতি প্ৰয়োজন হৈ পৰিছে। মানুহৰ তিনিটা মৌলিক প্ৰয়োজনৰ ভিতৰত অন্ন হ’ল প্ৰধান। আমাৰ অন্ন হ’ল ভাত। হাতত যিমানেই ধন নাথাকক কিয় ধান নাথাকিলে সকলো অসাৰ। সেয়ে কোৱা হয়- “ধনৰ মধ্যে ধানেহে শোভন, ধান নহ’লে মৰা তেতিক্ষণ” আনহাতে “যাৰ নাই ধান, তাৰ নাই মান।” সমাজত মান থকাজনে জানে যে ফাগুন-চ’তত কৰিবলগীয়া আহুখেতিৰ বাবে পুহ মাহৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। সেইদৰে জেঠমাহৰ পৰা প্ৰস্তুতি নচলালে যে শালিৰ কঠীয়া শাওণত ৰুব পৰা নাযাব এই কথাও তেখেতে জানে। কাৰণ ডাকপুৰুষে কৈ গৈছে- “পুহত আহু, জেঠত শালি, তেবেসে জানিবা গৃহস্থালি।” কিন্তু ইয়াকে নকৰি “আহাৰে শাওণে শুব, ভাদৰ শেষত কঠীয়া পাৰি মাটি ডৰাচেৰেক ৰুব” নাইবা “আহাৰ গ’ল শাওণ গ’ল, ভাদৰ পৰিল শেষ; ল’ৰা-লৰি চাপি আহ খেতিৰ লওঁ লেখ…” বুলি খেতি কৰিবলৈ যোৱাজনক ডাকপুৰুষে সঁকিয়াইছে এইদৰে- “কৃষি কৃষকত নকৰি মন, বৃথাই যায় গৃহস্থৰ ধন।”

অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু ধানখেতি অসমৰ প্ৰধান খেতি। সেয়ে এই খেতি সঠিকভাৱে কৰাতো অতি প্ৰয়োজন। তাৰবাবে ফকৰা-যোজনা, ডাকৰ বচন আদিত অনেক দিহা-পৰামৰ্শ পোৱা যায়। শালিৰ বতৰৰ জাতবোৰ দীৰ্ঘদিনীয়া। এই দীৰ্ঘদিনীয়া জাতবোৰৰ পৰা ভাল উৎপাদন পাবলৈ হ’লে শাওণৰ প্ৰথম পষেকত ৰুই শেষ কৰিব লাগে। বিজ্ঞানীসকলে দেখিছে যে ধান গছৰ প্ৰজনন পৰ্যায়ৰ সময়ত বায়ুমণ্ডলৰ উষ্ণতা ১৫ ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ কম হ’লে গেঁৰধৰা, ফুল ফুলা আদি কাৰ্যবোৰত ব্যাঘাত জন্মিব, যাৰ বাবে ফুল নুফুলি গেঁৰ ধৰা অৱস্থাতে থাকিব নাইবা ফুল ফুলিলেও থোকবোৰ চুটি আৰু পতনুৱা হ’ব। সেয়ে কোৱা হয় “শাওণৰ কঠীয়া নহয় ধান; আহিনত ৰোৱা বিফল জান।” কাৰণ শাওণত কঠীয়া পাৰি আহিনত ৰোপণ কৰিলে গেঁৰধৰা, ফুল ফুলা আদি কাৰ্যবোৰৰ সময়ত বায়ুমণ্ডলৰ উষ্ণতা ১৫ ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ কম হ’ব যাৰ বাবে সেই খেতি বিফল হ’ব। ধানৰ গোছাবোৰ ৰোৱাৰ দূৰত্ব নিৰ্ভৰ কৰে জাতটোৰ কৃষিকালৰ ওপৰত। আহুৰ জাতবোৰ কমদিনীয়া আৰু শালিৰ জাতবোৰ দীৰ্ঘদিনীয়া। সেইবাবে আহুৰ জাতবোৰ ঘনকৈ আৰু শালিৰ জাতবোৰ সেৰেঙাকৈ ৰুব লাগে। ডাকপুৰুষে কৈ গৈছে- “আহু ৰোবা খোজত বুৰি, শালি ৰোবা বেগেত জুৰি।” অৰ্থাৎ আহুৰ জাতবোৰ এখোজত বুৰি মানে একুৰি মান গোছা ৰুব পৰা যায়। এই বুৰি বা কুৰি ঘনকৈ ৰোৱাৰ অৰ্থত ব্যৱহাৰ হৈছে। আনহাতে শালিৰ জাতবোৰ এবেগেত আঁতৰত ৰুব লাগে। বিজ্ঞানীসকলে পৰীক্ষা কৰি কমদিনীয়া জাতবোৰ দহ নাইবা পোন্ধৰ চে: মিটাৰ আঁতৰত আৰু দীৰ্ঘদিনীয়া জাতবোৰ বিশ নাইবা পঁচিশ চে: মিটাৰ আঁতৰত ৰুবলৈ পৰামৰ্শ দিছে। দেখা গ’ল যে ডাকপুৰুষে দিয়া জোখ আৰু আজিৰ বিজ্ঞানীয়ে দিয়া জোখৰ একো তাৰতম্য নাই। কাৰণ এবেগেত হ’ল প্ৰায় আঠ ইঞ্চি বা বিশ চে: মিটাৰ। সেইদৰে পথাৰত পানী একাঠু পৰ্যন্ত হ’লে বিজ্ঞানীসকলে গোছাবোৰ এহাত মান আঁতৰত ৰুবলৈ পৰামৰ্শ দিছে। এই একে পৰামৰ্শ ডাকপুৰুষেও দি গৈছে এইবুলি- “যেবেহে দেখিবা আঁঠু সম পানী, হাতেকত গোছা দিবা জানি।” শালিখেতিত পানী অতি প্ৰয়োজন। সেয়ে শালিখেতিক পানীখেতি বুলিও কোৱা হয়। আনহাতে পানী সমভাৱে বিয়পি পৰিব পৰাকৈ পথাৰখন সমান নহবও পাৰে। এনে হ’লে ওখ ঠাইৰ পৰা দ’ভাগলৈ পানী বৈ যাব। এনে নহ’বৰ বাবে পথাৰখনত আলি দি কিছুমান সৰু সৰু ডৰাত ভাগ কৰা হয়। এনে কৰিলে ডৰাবোৰৰত পানী জমা হৈ থাকিব। পথাৰখন যিমানে হেলনীয়া হ’ব সিমান বেছি আলি দিবলগীয়া হ’ব। সেয়ে ডাকপুৰুষে কৈ গৈছে- “ঘন ঘন কৈ দি আলি, পৰ্বতৰ টিঙটো ৰোবা শালি; তেও যদি নহয় শালি, তেহে দিবা ডাকক গালি।” এইদৰে ঘন ঘন কৈ আলি দি আজিও পাহাৰীয়া অঞ্চলত অতি সফলভাৱে ধান খেতি কৰি থকা হৈছে। বিজ্ঞানীসকলে টেৰেছ কালটিভেচন বুলি কোৱা এই পদ্ধতিৰ খেতিত ধানৰ উপৰি আন শস্যৰ খেতিও কৰিব পৰা যায়। শাওণত ৰোৱা গোছাবোৰত আহিন-কাতি মাহত গেঁৰ ধৰা, ফুল ফুলা আদি কাৰ্যবোৰ ঘটিব। এই সময়ত পথাৰত পানী থকাতো অত্যন্ত জৰুৰী কথা। পানীৰ অভাৱত থোক ভালদৰে নোলাব বা ওলালেও চুটি আৰু পতনুৱা হ’ব পাৰে। সেয়ে কোৱা হয়- “আহিন -কাতিত ৰাখিবা পানী, ৰজাই যেনেকৈ ৰাখে ৰাণী।” আমাৰ কৃষি বৰষুণৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বৰষুণৰ পৰিমাণ বেছি হ’লে বানপানীৰ সৃষ্টি হয়। এনে অৱস্থাত কৰিবলৈ বিশেষ একো নাথাকে। সেয়ে ডাকপুৰুষে কৈছে- “যদি বৰিসে জল ধাৰে, কি কৰিব তাক গণিতিকাৰে। তথাপিতো তিথি বাৰক চাই, ডাকে বোলে কিছু বোলা যায়। যদি বৰষে আহিন, কাতি; সোণ পৰে ৰাতি ৰাতি। যদি বৰষে আঘোণ, পুহ; ধান গুচি হয় তুঁহ। যদি বৰষে মাঘৰ শেষ, ধন্য ৰাজা, ধন্য দেশ। যদি বৰষে বহাগ, চ’ত; বাপে পোৱে কয় বোলে ধান থ’ম ক’ত?” আনহাতে “শ্ৰাৱন মাসত ৰোহিনি ৠক্ষত যদি নবৰষে দেৱ; হাল-ফাল বেচি কৰ সব লোক দেৱী মহাদেৱ সেৱ” নাইবা “আসাঢ়ৰ নৱমী শুক্ল পক্ষত যদি বৰিষে ভূমি তলত; হাল-ফাল বেচি চিন্তিয়ো দেৱ, ৰাজঘৰত কৰিয়ো সেৱ।” অৰ্থাৎ এনে অৱস্থাত ৰজাঘৰৰ সহায় অৰ্থাৎ ৰিলিফৰ অবিহনে যে গত্যন্তৰ নাথাকিব সেই কথা ডাকপুৰুষে তাহানিতে অনুমান কৰিছিল। অৱশ্যে আজিৰ বিজ্ঞানে এনে অৱস্থাৰ পৰা উদ্ধাৰ পাবলৈ বহুকেইটা কৌশল উদ্ভাৱন কৰিছে, যাৰ বাবে হাল-ফাল বেচিবৰ আৱশ্যক নহয় আৰু ৰজা ঘৰলৈকো হাত মেলিব নালাগে।

ডাকৰ বচনবোৰত ধানখেতিৰ লগতে আন শস্যৰ বিভিন্ন দিশৰ কথা উল্লেখ আছে যদিও কীট-পতংগ, ৰোগ-ব্যাধিৰ বিষয়ে বিশেষ একো দেখা নাযায়। ইয়াৰ কাৰণ হিচাপে সেই যুগৰ কৃষি পদ্ধতি বুলি ভাবিব পাৰি। প্ৰকৃতিৰ বিভিন্ন দিশবোৰ বিবেচনা কৰি কৰা সেই সময়ৰ খেতিৰ বাবে কৃষি পৰিস্থিতিতন্ত্ৰত বিশেষ প্ৰভাৱ পৰা নাছিল। বিজ্ঞানীসকলে দেখিছে যে সুস্থিৰ অৱস্থাত থকা কৃষি পৰিস্থিতিতন্ত্ৰত কীট-পতংগ, ৰোগ-ব্যাধিৰ প্ৰাৰ্দূভাৱ কম হয়। সেয়ে হয়তো সেই সময়ৰ খেতিত পোক-পৰুৱা, ৰোগ-ব্যাধিয়ে বিশেষ আমনি কৰা নাছিল, যাৰ বাবে ডাকৰ বচন আদিত শস্যৰক্ষাৰ বিধান দেখা নাযায়। অৱশ্যে বুঢ়ালোকৰ মুখত ‘ভাদমহীয়া ৰোৱা পোকে খায়’ বুলি কথা এষাৰ শুনিবলৈ পোৱা যায়। পৰীক্ষাৰদ্বাৰা দেখা গৈছে যে ভাদ মাহৰ জলবায়ু ধানৰ পোক-পৰুৱাৰ বংশ বৃদ্ধিৰ বাবে অনুকূল। সেয়ে এই সময়ত ধান ৰোপণ কৰিলে অধিক পৰিমাণে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এই দিশটোলৈ লক্ষ্য কৰিয়েই এইদৰে কোৱা হয়। কল এবিধ সুস্বাদু তথা পুষ্টিকৰ ফল। সৰুতে পঢ়া মনত আছে কল খাবা বল পাবা। সেই কাৰণেই কোৱা হয় সুফল কদলী। এইবিধ ফলৰ খেতি অতি লাভজনক। ডাকপুৰুষে কৈ গৈছে-“এশ এজুপি ৰোবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত-পচলা লাভত খাবা, লংকাৰ বণিজ হাততে পাবা।” ফলৰ লগতে পাত আৰু পচলা উপৰঞ্চি হিচাপে পোৱাৰ দিশটো উনুকিয়াই ডাকপুৰুষে বৰ্তমান সময়ত সততে শুনিবলৈ পোৱা মূল্য সংযোজনৰ কথাকে যে কৈছে সেয়া সহজে বুজি পাৰি। আজিৰ কৃষিত যিবিধ শস্যত অধিক মূল্য সংযোজন কৰিব পৰা যায় সেইবিধৰ গুৰুত্ব অধিক। এই দিশৰ পৰা কলৰ স্থান যথেষ্ট ওপৰত। কাৰণ কল ফল হিচাপে গ্ৰহণ কৰাৰ উপৰিও গছজোপাৰ বিভিন্ন অংশৰ পৰা বহুবিধ সামগ্ৰী প্ৰস্তুত কৰিব পৰা যায়। উদাহৰণস্বৰূপে চিপচ, আচাৰ, সুৰা আদি। আনহাতে বৰ্তমান কলগছৰ পৰা আঁহ উলিয়াই তাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰাও দেখা গৈছে। সৌসিদিনা অসমৰপৰা বিদেশলৈ কল পঠিয়াই কৃষকে কোটি টকা উপাৰ্জন কৰাৰ বাতৰিয়ে- কলখেতিৰে যে লংকাৰ বণিজখন হাতত পোৱাৰ সম্ভাৱনা আছে সেই কথাকে নিশ্চয় সূচায়। কলখেতি কৰিবলৈ বিজ্ঞানীসকলে বহুকেইটা পৰামৰ্শ আগবঢ়াইছে। যিবোৰ পুলিৰ গুৰিটো কিছু শকত আৰু পাতবোৰ ঠিয় জোঙামুৰীয়া তেনে পুলি ৰুবৰ বাবে উপযুক্ত। এনে পুলিৰ শিপাভাগ সাৱধানে কাটি উঘালি আনিব লাগে। পাছত মুঢ়াটোৱে আঘাত নোপোৱাকৈ আকৌ এবাৰ শিপাবোৰ কাটিব লাগে। তাৰ পাছত এফুটমান ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটিব লাগে। এইদৰে তিনিবাৰ কাটি পুলিটো ঔষধত শোধন কৰি ৰুবলৈ সাজু কৰিব লাগে। আনহাতে ডাকপুৰুষে কৈ গৈছে- “জালুকত গোবৰ, পাণত মাটি, কলপুলি ৰোবা তিনিবাৰ কাটি।” অৰ্থাৎ ডাকৰ বচন আৰু আজিৰ বিজ্ঞানীৰ পৰামৰ্শৰ মাজত পাৰ্থক্য নাই। অৱশ্যে বিজ্ঞানীসকলে কলডিল ওলোৱাৰ পিছত প্ৰতিজোপা গছৰ গুৰিত মাত্ৰ এটা পোখা পুলি ৰাখি আনবোৰ উঘালি পেলাবলৈ পৰামৰ্শ দিয়ে যাতে মাতৃগছ আৰু পুলিটো খাদ্যৰ অভাৱত পৰিব নালাগে।

কলপুলি ৰোৱাৰ বিষয়ত ডাকপুৰুষে কৈছে -“এহাত এমুঠন দিবা পোত, তেহে চাবা কলৰ গোট।” অৰ্থাৎ পুলিটোৰ বাঢ়ন তথা কলথোকৰ চেহেৰা ভাল হ’বলৈ হলে গাঁতটো এটা নিৰ্দিষ্ট জোখৰ হ’ব লাগে। বিজ্ঞানীসকলে পুলিৰোৱা গাঁতটো প্ৰায় ৫০ চে: মি দ’,বহল আৰু প্ৰস্থৰ হ’ব লাগে বুলি কয়। সাৰ-জাবৰেৰে পূৰ্ণ এনে গাঁতৰপৰা পুলিটোৱে প্ৰয়োজনীয় খাদ্য আহৰণ কৰি সময়ত এজোপা সুস্থ সবল গছ হ’ব। বিজ্ঞানীসকলে অনুমোদন কৰা এই জোখটো ডাকৰ বচনৰ সৈতে প্ৰায় সমান। কাৰণ এহাত এমুঠন হ’ল প্ৰায় ২১ ইঞ্চি বা ৫৩ চে: মিটাৰ। পৰিপুষ্টিৰ বাবে কলপুলিবোৰক উপযুক্ত সাৰৰ যোগান ধৰিব লাগিব। কোনবিধ কলত কেনে সাৰ দিব লাগিব সেই বিষয়ত ডাকপুৰুষে কৈছে –”আঠিয়াত গোবৰ, মনোহৰত জাবৰ, পুৰাত খাই, মালভোগত ছাঁই।” গোবৰ-জাবৰ আদি
সকলোবোৰেই হ’ল জৈৱ পদাৰ্থ। ডাকপুৰুষে এনে জৈৱ পদাৰ্থকে খেতিত সাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ দি কৈছে-“গোবৰ জাবৰ সোণৰ খনি, পচন কৰিবা তাকেও জানি।” সেইদৰে-“লাও জলকীয়া বেঙেনাত ছাই; তেহে শস্যই বল পাই।” ছাইত যথেষ্ট পৰিমাণে পটাছ থাকে। যাৰ বাবে গছৰ শক্তি বাঢ়ে আৰু ফল ধৰাত সহায় কৰে।
সেইবাবে গছত ফলৰ লাগন ভাল হ’বলৈ পটাছ সাৰ ব্যৱহাৰ কৰা হয়। এনেবোৰ বচনৰ পৰা সহজে বুজিব পাৰি যে আজি বিজ্ঞানীসকলে কোৱা জৈৱ কৃষিৰ ঘাই শিপাডাল আমাৰ তাহানিৰ কৃষি পদ্ধতিৰ মাজতে আছে। যিকি নহওক বিজ্ঞানীসকলৰ মতে কলখেতিৰ বাবে পুলি ৰোৱাৰ উপযুক্ত সময় হৈছে মাৰ্চৰ পৰা মে’মাহলৈকে। আনহাতে ডাকপুৰুষৰ মতে-“ভাদত কল কৰি ৰোপণ, সবংশে মৰিল লংকাৰ ৰাৱণ।” কেৱল ভাদ মাহত কল ৰোপণ কৰিবলৈ হাক দিয়া এই বচনফাঁকিৰ পৰা অনুমান কৰিব পাৰি যে ভাদ মাহৰ বাহিৰে বছৰৰ প্ৰায় সকলো সময়তে কলখেতি কৰিব পৰা যায়। গঞা ৰাইজৰ মাজত আজিও প্ৰচলিত হৈ থকা এই ফাঁকি বচনৰ সদুত্তৰ বিচাৰি আগবাঢ়িলে নিশ্চয় কলখেতিৰ বিষয়ে আন কিছু কথা বুজিব পৰা যাব। “এৰগ’নমিক্স” হৈছে এনে এটা বিষয় য’ত এবিধ সামগ্ৰী প্ৰস্তুত কৰোঁতে সামগ্ৰীবিধ ব্যৱহাৰকাৰীজনৰ বাবে আৰামদায়ক তথা নিৰাপদ হয়নে নহয়, ব্যৱহাৰকৰীজনে সন্তুষ্টি লাভ কৰিছেনে নাই, সামগ্ৰীবিধৰ বাবে ব্যৱহাৰকাৰীজনৰ দক্ষতা বৃদ্ধি হৈছেনে নাই আদি দিশবোৰ ভালদৰে পৰীক্ষা কৰা হয়। এনে পৰীক্ষাৰ বাবেই চকীত বহি কাম কৰাজনে আৰামদায়ক চকী এখন পাইছে, যাৰ বাবে তেখেতৰ দক্ষতা বৃদ্ধি পাইছে, গাড়ী চালকজনে বহু সময় গাড়ী চলায়ো আমনি অনুভৱ নকৰা হৈছে, লাখুটি লৈ খোজ কঢ়াজনে নিৰাপদ লাখুটি এডাল পাইছে। এনে অনেক উদাহৰণ দিব পাৰি য’ত “এৰগ’নমিক্স”ৰ সহায় লোৱা হয়। এতিয়া আহোঁ ডাকৰ বচনলৈ। নাঙল-মৈৰ উপৰিও কৃষকক সততে প্ৰয়োজন হৈ থকা আন কেইবিধ সঁজুলি হ’ল কোৰ, কুঠাৰ, দা আৰু টাঙোন বা টোকোন। এইকেইবিধেৰে সুচল ভাবে কাম কৰিবলৈ নালডাল কিমান দীঘল হ’ব লাগিব সেই বিষয়ে জানিবলৈ এৰগ’নমিক্সৰ প্ৰয়োজন নাই। কাৰণ বহু যুগৰ আগেয়ে ডাকপুৰুষে সঁজুলি কেইবিধৰ নালৰ জোখ দি গৈছে এইদৰে- “এহাত এমুঠি কুঠাৰৰ নাল, লাগে দুই মুঠি দাৰ নাল, দুই হাত দুমুঠি কোৰৰ নাল, চিবুক সমান লাগে টোকোন।” চিবুক মানে হ’ল থুতুৰি। অৰ্থাৎ টোকোনডাল মাটিৰ পৰা থুতুৰিলৈকে হ’লে কাম কৰিবলৈ সুচল হয়।

দেশৰ আন অঞ্চলত সততে চকুত নপৰা বাৰী পদ্ধতিৰ খেতিৰ বাবে অসম বিখ্যাত। বিভিন্ন ফলমুলেৰে ওপচি থকা এনে বাৰীবোৰকলৈ অসমৰ কৃষকে গৌৰৱবোধ কৰে। এনে বাৰীত কোনবিধ গছ ক’ত আৰু কেনেকৈ ৰুব লাগে সেই বিষয়েও ডাকপুৰুষে বহু কেইটা উপদেশ দি গৈছে। কঠাল এবিধ সুস্বাদু ফল। কিন্তু এই সুস্বাদু ফলবিধৰ শিপা বহু দূৰলৈকে বিয়পি থাকে যাৰ বাবে গছজোপাৰ কাষৰ মাটি প্ৰায় ৰস-জীপ নোহোৱা হৈ পৰে। অৱশ্যে আম আদি গছৰ পৰা এনে নহয়। সেয়ে ডাকে কৈছে-“দাঁতিত কঁঠাল, মাজত আম, তেহে জানিবা বাৰীৰ কাম।” দেখা গৈছে যে এনে কৰিলে বাৰীখনৰ মাজ অংশৰ মাটিৰ গুণাগুণ নষ্ট নহয়, যাৰ বাবে আনবোৰ গছৰ বাঢ়ন স্বাভাবিক ৰূপত হয়।
কথাতে কয়- “কত জন্মৰ মূৰত পুত্ৰৱতী নাৰী।  কত জন্মৰ মূৰত তামোল-পাণৰ বাৰী।” কোনোৱে কয়- “তামোল-পাণেহে বাৰী, পুত্ৰৱতীহে নাৰী।” অসমত তামোল গছ নথকা বাৰী কল্পনাৰ অগোচৰ। কিন্তু প্ৰায়ে দেখা যায় কিছুমান বাৰীৰ গছবোৰ বহু দিনলৈকে বাঢ়ি থাকে। যথেষ্ট ওখ হৈ পৰা এনে গছবোৰত তামোল কমকৈ লাগে। পুলি ঘনকৈ ৰুলে এনে হয়। এনে বাৰীত সূৰ্যৰ পোহৰ কমকৈ পৰে, যাৰ বাবে গছবোৰে পোহৰ বিচাৰি ওপৰলৈ বাঢ়ি গৈ থাকে। আনহাতে সেৰেঙাকৈ ৰুলে বাৰীখনত গছৰ সংখ্যা কম হ’ব। সেয়ে ডাকে কৈ গৈছে- “সাতত পাতল পাঁচত ঘন, ছয়ত তামোল নদন-বদন।” অৰ্থাৎ ছহাত বা ন ফুটমান আঁতৰে আঁতৰে তামোল ৰুলে বাৰীখন নদন-বদন হ’ব। বিজ্ঞানীসকলেও তামোল প্ৰায় তিনি মিটাৰৰ আঁতৰে আঁতৰে ৰুবলৈ পৰামৰ্শ দিয়া দেখা যায়। তিনি মিটাৰ মানে প্ৰায় ন ফুট বা ছহাত। সেইদৰে বহু অভিজ্ঞলোকে বাৰীখন চাই যদি দেখে যে এজোপা গছৰ পাত কাষৰ জোপাৰ পাতৰ লগত লাগি আছে তেন্তে লগে লগে কৈ উঠে – “লাগে তামোল নালাগে, নালাগে তামোল লাগে।” অৰ্থাৎ গছবোৰ ঘন হৈছে, যাৰ বাবে ইজোপাৰ পাত আনজোপাৰ লগত লাগিছে। এনে বাৰীত তামোল আশা কৰা মতে পোৱা নাযাব। সেইদৰে নাৰিকলৰ ক্ষেত্ৰটো কোৱা হয় -“নাৰিকল ৰুবা পাতে পাতে, লাগে নালাগে, নালাগে লাগে।”
আমাৰ কৃষকসকলে তামোল বা আন গছৰ গুৰিত পাণ ৰুই বগাবলৈ সুবিধা কৰি দিয়ে। লাহে লাহে বগাই যোৱা পাণ লতাৰ পৰা প্ৰায় তিনি বছৰ মানৰ পাছতহে পাণ ছিঙিব পৰা হয়। সেয়ে কোৱা হয়- “তিনি শাওণে পাণ, এক আহিনে ধান।”

কুঁহিয়াৰ এটা লাভজনক খেতি। কিন্তু এই লাভজনক খেতিটোৰ বাবে যথেষ্ট শ্ৰমিকৰ আৱশ্যক হয়। তাহানিৰ যৌথ পৰিয়ালত শ্ৰমিকৰ অভাৱ হোৱা নাছিল। পৰিয়ালৰ সদস্য সকল খেতিটোৰ বিভিন্ন কৃষিকাৰ্যত জড়িত হৈ পৰিছিল। সেয়ে কোৱা হয়- “ছয় পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি।” কিন্তু সময়ৰ সোঁতত যৌথ পৰিয়ালবোৰ ভাঙি যোৱাৰ লগে লগে শ্ৰমিকৰ অভাৱ ঘটিবলৈ ললে। খেতিত খৰচ বাঢ়ি গ’ল। লাভৰ পৰিমাণ কমি আহিল। কুঁহিয়াৰ এলাগী হ’ল। স্থান বিশেষে তাৰ ঠাই ললে চাহখেতিয়ে। অসমৰ গ্ৰাম্য-অৰ্থনীতি টনকিয়াল কৰাত যি কেইবিধ শস্যৰ ভূমিকা অধিক তাৰ ভিতৰত মাহখেতি অন্যতম। বিজ্ঞানীসকলৰ মতে মগু মাহ আৰু মাটি মাহ সিঁচাৰ উপযুক্ত সময় হ’ল আগষ্ট-ছেপ্তেম্বৰ মাহ। আনহাতে মাহজাতীয় শস্যবিধ বীজ সিঁচাৰ সময় ডাকপুৰুষে নিৰ্ধাৰণ কৰিছে এইদৰে -“ভাদৰ চাৰি আহিনৰ চাৰি; মাহ সিঁচিবা যিমান পাৰি।” এই সময়চোৱাই হ’ল আগষ্ট মাহৰ মাজভাগৰ পৰা ছেপ্তেম্বৰৰ মাজ ভাগ। অৰ্থাৎ ডাকৰ বচনত উল্লেখ কৰা সময় আৰু বিজ্ঞানীসকলে পৰীক্ষা কৰি ঠাৱৰ কৰা সময় একেটাই। “শীত সৰিয়হ, মীত মাহ; শৰণীত নাকাটিবা বাঁহ।” এই ফাঁকি বচনেৰে সৰিয়হ আৰু মাহ কেতিয়া সিঁচিব নালাগে আৰু বাঁহ কেতিয়া কাটিব নালাগে তাক কোৱা হৈছে। বচন ফাঁকিৰ শী-ৰ অৰ্থ হৈছে একাদশী, দ্বাদশী, ত্ৰয়োদশী আৰু চতুৰ্দশী। সেইদৰে মী-ৰ অৰ্থ হৈছে পঞ্চমী, সপ্তমী, অষ্টমী, নৱমী আৰু দশমী। এইবিলাক তিথিত
সৰিয়হ আৰু মাহ সিঁচিব নাপায় বুলি কোৱা হৈছে। শৰণ অৰ্থাৎ শ্ৰৱণাৰপৰা ৰেৱতী নক্ষত্ৰলৈকে এই ছয়টা বিশেষ দিনত বাঁহ কাটিব নাপায়। ডাকৰ বচনত কিয় এনে বাৰণ কৰা হৈছে সেয়া ব্যাখ্যা কৰিব পৰা নগ’ল। অৱশ্যে ইতিমধ্যে কিছুলোকৰ মাজত জনপ্ৰিয় হৈ উঠা “বায়-ডাইনেমিক্স” আৰু ইয়াৰ বাবে প্ৰস্তুত কৰা কেলেণ্ডাৰৰ সহায়ত ব্যাখ্যা কৰিব পৰা যাব বুলি আশা কৰিব পাৰি। খেতি বিষয়ক এনে অনেক দিহা-পৰামৰ্শ দিয়াৰ উপৰিও ঘৰৰ চৌহদৰ কোনটো দিশ কি কামত ব্যৱহাৰ কৰিব লাগে সেই বিষয়েও ডাকপুৰুষে কৈ গৈছে এইদৰে – “পূবে হাঁহ, পশ্চিমে বাঁহ; উত্তৰে গুৱা, দক্ষিণে ধোঁৱা।” পুৱাৰ ৰ’দজাক বৰ চোকা নহয়। সেইবাবে পুখুৰীটো পূবফালে হ’লে হাঁহজাকে চৰিবলৈ ভাল পাব। পশ্চিমৰ দিশত বাঁহগছ থাকিলে আবেলিৰ চোকা ৰ’দ ঘৰত পোনপতীয়াকৈ পৰাত বাধা দিয়াৰ লগতে এই দিশৰ পৰা অহা বতাহ-ধুমুহাৰ পৰা ঘৰটো ৰক্ষা কৰে। দক্ষিণৰ দিশটোত দিনৰ বেছি ভাগ সময় ৰ’দ পৰি থাকে বাবে ধোৱা-মেলা কামৰ ব্যৱস্থা এই দিশত থাকিলে সুবিধা হয়। অৱশ্যে তামোল কেইজোপা উত্তৰ দিশত থাকিলে কি সুবিধা হ’ব সেয়া বুজিব পৰা নগ’ল।

বাৰিষাৰ আগমনৰ লগে লগে হাল জুৰিবলৈ প্ৰস্তুত হ’ব লাগে। পথাৰত পানী জমা হোৱাৰ লগে লগে বেঙৰ মাতে জনাই দিয়ে হাল জুৰিবৰ হ’ল। “বাৰিষা কালত বেঙৰ ৰাৱ; হাল গৰু লৈ পথাৰক যাৱ। কিন্তু হালৰ গৰু হাল কেনে হ’ব লাগিব?” ডাকপুৰুষে কৈছে- “গৰু কিনিবা দীঘল নেজা, মৈত উঠিলে নহয় কুঁজা।” বহুতো অভিজ্ঞলোকে কয় যে দীঘলনেজীয়া গৰু বলবানৰ লক্ষণ; মাটি মৈ দিওঁতে কুঁজা নহয়। কিন্তু মৈ টনাৰ সময়ত বলধৰ বিশেষ কষ্ট নহয় বাবে কুঁজা হোৱাৰ প্ৰয়োজন নহয়। সেয়ে বচনফাকিৰ অৰ্থ বুজিবলৈ চেষ্টা কৰি থাকোঁতে ভৰত সন্দিকৈদেৱৰ এটা
ব্যাখ্যা চকুত পৰে যিটো যথেষ্ট যুক্তিপূৰ্ণ। তেখেতৰ ব্যাখ্যাটো এনেধৰণৰ- গৰুহালক যেতিয়া মৈ টানিবলৈ লগোৱা হয় তেতিয়া গৰুৰ পিছ ঠেঙতকৈ মৈখন কমেও ৭/৮ ইঞ্চি আঁতৰত থাকিব লাগে। নহ’লে মৈখনে গৰুৰ পিছ ঠেং চেপি ধৰিব। এই হিচাপত যেতিয়া মৈখন যুঁৱলিৰ লগত জুঁটি দিয়া হয় তেতিয়া মৈখন গৰুহালৰ পৰা বহুখিনি পিছলৈ গুছি যায়। মৈত উঠা মানুহজন ঠিয় হৈ যাওঁতে গৰুৰ নেজত ধৰি যাব লাগে। যদি গৰুৰ নেজডাল চুটি হয় তেতিয়া মানুহজনে নেজডাল ধৰোঁতে কুঁজা হ’বলগীয়া হয়। নেজ দীঘল হ’লে সেই সমস্যা নাথাকে অৰ্থাৎ কুঁজা হ’ব নালাগে। অৱশ্যে কেৱল বলধহাল–দীঘলনেজীয়া হ’লেই নহ’ব, তজবজীয়াও হ’ব লাগিব। এনে গৰুৱেহে মাটি সময়ত সাজু কৰি তুলিব পাৰিব। সেয়ে কোৱা হয়-“টিক বলধা ওলায় মাটি, মাক ভালেহে জীয়েক জাতি।” পিছে গৰুহাল ‘টিক’ অৰ্থাৎ তজবজীয়া হ’ল বুলিয়ে মাটি চহ কৰিয়ে থাকিব নে? খেতিৰ বাবে কোনবিধ শস্যত কেইবাৰ চাহ কৰিব লাগে তাৰ হিচাপ ডাক পুৰুষে এই বুলি দি গৈছে- “ষোল চাহে মূলা, তাৰ অৰ্ধেক তুলা, তাৰ অৰ্ধেক ধান, বিনা চাহে পাণ।” শস্যৰ গুটিৰ আকাৰৰ সৰু হলে মাটি মিহিকৈ চহ কৰিব লাগে। এয়া বিজ্ঞানসন্মত কথা। কাৰণ মিহিকৈ চহ কৰা মাটিত ঘাঁহ-বন কম হোৱাৰ লগতে মাটি ধূলিয়ৰি হয়। এনে মাটিত সৰু গুটিৰ শস্যবোৰে গজালি মেলি বাঢ়িবলৈ সুবিধা পায়। মূলাৰ গুটি আন বহু শস্যৰ গুটিত কৈ যথেষ্ট সৰু। সেয়ে মূলাখেতিৰ বাবে মাটি যথেষ্ট চাহ কৰিব লাগে। পাণ এবিধ লতাজাতীয় উদ্ভিদ। এনে লতাজাতীয় গছৰ বাবে মাটি বিশেষভাবে চহ নকৰিলেও হয়। কেৱল বগাবলৈ সুবিধা কৰি দিব লাগে। আনহাতে ধানখেতিৰ বাবে চাৰিবাৰমান চহ কৰি ঘাঁহ-বনবোৰ পথাৰতে পচি গেলিবলৈ দিলে মাটি সাৰুৱা হয়। দেখা গ’ল যে ডাকপুৰুষৰ এইফাঁকি বচন যথেষ্ট বিজ্ঞানসন্মত।

অসমৰ খেতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল। সেয়ে কৃষি কাৰ্যবোৰ আমি যিমান নিয়াৰিকে নকৰোঁ কিয় বৰষুণ সঠিকভাৱে নহ’লে সকলো অসাৰ। বৰষুণৰ অহা-যোৱা আৰু পৰিমাণ সঠিক হ’লে খেতি ভাল হয়। ৰজা-প্ৰজা সকলোৰে মুখত হাঁহি বিৰিঙে। এই কথা অনুভৱ কৰিয়ে ডাকপুৰুষে খেতিৰ অনেক দিহা-পৰামৰ্শ দিয়াৰ পাছতো কৈ গৈছে- “কি কৰিব চাহ-চলনা, যদিহে কৰে বতৰে কেনা; ৰ’দ-বৰষুণ সমানে পায়, তেবেহে কৃষিত লাভ পায়।” সঁচা কথা। একবিংশ শতিকাৰ দুটা দহকৰ পাছতো এইষাৰ বচন প্ৰাসংগিক হৈ থকা যেনেই লাগেচোন। কাৰণ এতিয়াও আমাৰ খেতি বৰুণ দেৱতাৰ ওপৰত নিৰ্ভৰশীল। পানীৰ অভাৱতে বহুতো অঞ্চলত আহুখেতি আহুকাল
বুলি কৃষকে কৰিবলৈ এৰিব ধৰিলে। অথচ ফকৰা-যোজনা কিম্বা ডাকৰ বচনবোৰত আহু আৰু শালিধানৰ উল্লেখ ঘনাই উল্লেখ থকালৈ চাই বুজিব পাৰি যে এসময়ত অসমত শালিৰ দৰে আহুধানৰ খেতিও বিস্তৃতভাৱে কৰা হৈছিল। সুখৰ কথা যে বৰ্তমান বিজ্ঞানীসকলে উদ্ভাৱন কৰা নতুন নতুন কৃষি কৌশল অৱলম্বন কৰি আহু-শালি দুয়োটা খেতি কৰিবলৈ এচাম কৃষক আগবাঢ়ি অহিছে। এয়া নিশ্চয় শুভ লক্ষণ।

( ডাকৰ বচনসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments