আপুনি পৃথিৱীখন সলাই দিব পাৰে

লেখক- জয়ন্ত প্ৰীতম

বহুতদিনৰ আগতে এখন চিনেমা চাইছিলোঁ নামটো হ’ল ‘Evan Almighty’। চিনেমাখনত এটা দৃশ্য দেখুওৱা হৈছে য’ত কাল্পনিক ভগৱান আৰু মুখ্য চৰিত্ৰ ইভানৰ মাজত কথোপকথন হৈছে। সেই দৃশ্যটোত ভগৱানে জীৱনৰ প্ৰকৃত অৰ্থ কি সেয়া ইভানক বুজাবলৈ চেষ্টা কৰিছে আৰু শেষত ইভানক এনেদৰে প্ৰশ্ন কৰিছে,

ভগৱান: তুমি কেনেদৰে পৃথিৱীখন সলনি কৰিবা?

ভগৱানৰ প্ৰশ্নৰ উত্তৰত ইভানে উত্তৰ দিছে, পূৰ্ব পৰিকল্পনা নথকাকৈ আৰু কোনো প্ৰতিদান আশা নকৰি কৰা সৰু সৰু ভাল কৰ্মৰ সহায়ত মই পৃথিৱীখন সলনি কৰিম।

আন এটা সৰু কাহিনী কোনোবা এখন আলোচনীত পঢ়িছিলোঁ। কাহিনীটো এনে ধৰণৰ—
এদিনাখন সাগৰৰ পাৰত এজন বয়সস্থ ব্যক্তিয়ে প্ৰাত:ভ্ৰমণ কৰি থাকোঁতে দেখা পালে এজন ১০-১২ বছৰীয়া ল’ৰাই সাগৰৰ পানীলৈ কিবা দলিয়াই আছে। ল’ৰাজনে কি দলিয়াই আছে জানিবৰ বাবে উৎসুক হোৱাত বয়সস্থ ব্যক্তিজন তেওঁৰ ওচৰ পালেগৈ। ওচৰত গৈ দেখা পালে ল’ৰাজনে সাগৰৰ তীৰত কম পানীত আৱদ্ধ হৈ পৰা তৰামাছ বোৰক এটা এটাকৈ দ-পানীলৈ দলিয়াই আছে। ল’ৰাজনৰ এই কৰ্মটো দেখা পায় বয়সস্থ ব্যক্তিজনে সুধিলে, : ডেকা ল’ৰা তুমি কি কৰিছা?

বয়সস্থ ব্যক্তিজনৰ কথাৰ উত্তৰত ল’ৰাজনে তৰামাছ এটা পানীলৈ দলিয়াই উত্তৰ দিলে— মহাশয়, অলপ পিছত বেলি ওলাব। তেতিয়ালৈকে যদি এই তৰামাছবোৰ দ-পানীলৈ নাযায় তেন্তে ইহঁত মৰি থাকিব। সেয়ে মই ইহঁতক পানীলৈ পঠিয়াই আছোঁ।

ল’ৰাজনৰ উত্তৰত বয়সস্থ মানুহজনে অলপ ইতিকিং কৰি ক’লে— এইটো তুমি বৰ হাঁহি উঠা কাম কৰি আছা দেখোন। তুমি জানানে এই সাগৰখনৰ হাজাৰ হাজাৰ কিলোমিটাৰ বিস্তৃত উপকূলত কিমান লাখ লাখ তৰামাছ হয়তো এনেদৰে আৱদ্ধ হৈ ৰৈছে। তুমি এনেদৰে যিমানেই তৰামাছ বচাবলৈ চেষ্টা নকৰা কিয় ই সিহঁতৰ জীৱনত একো পাৰ্থক্য আনিব নোৱাৰে।

বয়সস্থ ব্যক্তিজনৰ কথা শুনি সৰু ল’ৰাজনে এটা তৰামাছ সাগৰলৈ দলিয়াই ক’লে— মোৰ কামটোৱে এই তৰামাছটোৰ জীৱনলৈ পাৰ্থক্য আনিব।

ল’ৰাজনে আন এটা তৰামাছ সাগৰলৈ দলিয়াই পুনৰ ক’লে— মোৰ কামটোৱে এই তৰামাছটোৰ জীৱনলৈ পাৰ্থক্য আনিব।

ইহুদি ধৰ্মাৱলম্বী লোকসকলৰ মাজত মিজ্ৱাহ(Mitzvah) নামৰ এটা প্ৰথা প্ৰচলিত হৈ আহিছে। পৰম্পৰাগতভাৱে তেওঁলোকৰ শাস্ত্ৰত উল্লিখিত ৬১৩টা উপদেশ মানি চলে। মিজ্ৱাহ প্ৰথা এই শাস্ত্ৰীয় উপদেশবোৰৰ ভিতৰত এটা। মিজ্ৱাহ প্ৰথা অনুসৰি কোনো এজন ব্যক্তিয়ে আইনৰ পৰিধিৰ ভিতৰত থাকি যিকোনো এটা ভাল কাম কৰাটোকে বুজায়। এই প্ৰথা মতে এজন ব্যক্তি কেৱল তেওঁৰ কৰিবলগীয়া কামৰ মাজতে সীমিত হৈ নাথাকি সেই কামৰ ঊৰ্ধ্বত গৈ আনৰ মংগলৰ বাবে কিবা এটা কৰ্ম কৰিব লাগে। উদাহৰণ স্বৰূপে মিজ্ৱাহ প্ৰথাত কৈছে, “you shall love your neighbour as yourself”; অৰ্থাৎ তুমি নিজকে ভালপোৱাৰ দৰে তোমাৰ ওচৰ-চুবুৰীয়া লোকসকলকো ভাল পাব লাগিব। ইহুদিসকলে বিশ্বাস কৰে যে পৃথিৱীখন দয়া, মৰম আৰু ভালপোৱাৰে সৈতে সৃষ্টি হৈছে। ইহুদি অলৌকিকতাবাদৰ মতে অনুকম্পা বা দয়াশীলতা হ’ল স্বৰ্গৰ পৰা প্ৰেৰণ কৰা সাতটা মূল মানৱীয় উপাদানসমূহৰ প্ৰথমটো উপাদান। তেওঁলোকে বিশ্বাস কৰে যে ভগৱানক পৃথিৱীলৈ সোনকালে লৈ আনিবলৈ হ’লে মানুহে নিজৰ জীৱনত ভাল কাম কৰিব লাগিব আৰু দয়াশীল হ’ব লাগিব।

ইটালীৰ এখন সৰু চহৰৰ নাম হ’ল ‘‘নেপ’লিচ’’। ইয়াত এটা প্ৰথা বহুদিনৰ পৰা প্ৰচলন হৈ আহিছে। সেই প্ৰথাটোৰ নাম হ’ল, কাফে চ’চপেছ। এই প্ৰথা অনুসৰি কোনো এজন লোকে যদি তেওঁৰ জীৱনত কিবা এটা ভাল হৈছে বুলি ভাবে তেন্তে যিকোনো এখন হোটেলত কফি খাবলৈ সোমালে তেওঁ দুকাপ কফিৰ পইছা দিয়ে যদিও তেওঁ কিন্তু কেৱল একাপ কফি খাই আৰু আন কাপ কফি কোনো পইছা নোহোৱা ব্যক্তিৰ বাবে এৰি থৈ যায়। আৰু কেতিয়াবা কোনোবা পইছা নোহোৱা ব্যক্তিৰ কফি খাবলৈ মন গ’লে তেওঁ যিকোনো হোটেলত সোমাই গৈ ‘‘চ’চপেছ’’ আছে নেকি বুলি সোধে। যদি হোটেলৰ কৰ্তৃপক্ষই আছে বুলি কয় তেন্তে সেই ব্যক্তিজনে ‘‘চ’চপেছ’’ বুলি কৈ বিনামূলীয়াকৈ কফি একাপ খাব পাৰে।

এইখিনিতে মই আন এটা উদাহৰণ মোৰ গাঁৱৰ দিছোঁ। প্ৰায় দহ বছৰৰ আগৰ কথা। বহুদিন গাঁৱৰ বাহিৰত চাকৰি কৰি থকাৰ পিছত এজন ব্যক্তিয়ে অৱসৰ লৈ আহি গাঁৱৰ মূৰৰ পথাৰ আৰু নামঘৰ প্ৰাঙ্গনত প্ৰায় পঞ্চাশ জোপামান আম গছ ৰূপন কৰিলে। কিছুমান মানুহে তেওঁৰ এই কৰ্ম দেখি হাঁহিলে। কিছুমান মানুহে শলাগ ল’লে। অৱশ্যে সেইবোৰ কথাত তেওঁ বিশেষ গুৰুত্ব নিদিলে। দহ বছৰৰ পিছত এতিয়া, যেতিয়া মই কেতিয়াবা গাঁৱলৈ যাওঁ তেতিয়া দেখা পাওঁ যে তেওঁ ৰূপন কৰা গছবোৰ এতিয়া একো একোজোপা বৃহৎ গছ হৈ ছাঁ দিয়াৰ লগতে ফল দিবলৈ আৰম্ভ কৰিছে। সেই ফল বৰ্তমান সকলোৱে খাইছে। যদি তেওঁ দহ বছৰৰ আগতে আনে কি ক’ব ভাবি থাকিলহেঁতেন তেন্তে হয়তো কেতিয়াও তেওঁ ইমান এটা মহৎ কাম কৰিব নোৱাৰিলেহঁতেন। আজি তেওঁ কৰা এটা সৰু ভাল কামৰ প্ৰভাৱ সেই অঞ্চলৰ সমগ্ৰ পৰিবেশত প্ৰতিফলিত হৈছে।

পুনৰ মই উভতি গৈছোঁ আৰম্ভণিতে ইভানে ভগৱানক দিয়া উত্তৰটোলৈ। ইভানে ভগৱানক দিয়া উত্তৰটো যদি আমি ফঁহিয়াই চাবলৈ চেষ্টা কৰোঁ তেন্তে আমি বুজিম যে আচলতে তেওঁ ইয়াৰ দ্বাৰা এটা ডাঙৰ বাৰ্তা দিবলৈ চেষ্টা কৰিছে। সেই বাৰ্তাটো হ’ল, যদি পৃথিৱীত বাস কৰা প্ৰতিজন মানুহেই এটাকৈ হ’লেও ভাল কাম কৰে তেন্তে ইমানবোৰ ভাল কাম হ’ব যে গোটেই পৃথিৱীখন ধুনীয়া হৈ পৰিব আৰু আমি মানুহ হিচাপে ইয়াকলৈ গৌৰৱ অনুভৱ কৰিব পাৰিম। আমি যদি ইচ্ছা কৰোঁ কিছুমান সৰু সৰু ভাল কাম কৰি আমি বাস কৰা পৃথিৱীখন সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিব পাৰোঁ। সেয়ে আহকচোন আজিৰ পৰা আমি দিনটোত এটা সৰুকৈ হ’লেও ভাল কাম কৰিবলৈ আৰম্ভ কৰোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments