বসন্ত উৎসৱ ৰঙালী বিহুত ফুলৰ সম্ভাৰ
লেখক- ড০ মীন্তি গগৈ
“বহাগতে আহিবি চেনাই অ
খোপাতে এপাহি কপৌফুল দিবলৈ’’
পয়োভৰা বসন্ত ঋতুৰ শুভাগমনত অসমৰ শ্যামলী প্ৰকৃতি বিভিন্ন ৰঙৰ ফুলৰ সম্ভাৰেৰে সুশোভিত হৈ উঠে। গছে গছে বহুৰঙী ফুলে সুন্দৰৰ মেলা পতাৰ লগে লগে ডেকা গাভৰুৰ মন যে আনন্দত উত্ৰাৱল হৈ উঠে। যুগে যুগে নাৰী আৰু ফুলৰ অবিচ্ছিন্ন সম্পৰ্ক সৰ্ব্বজনবিদিত। কথিত আছে যে সৃষ্টিকৰ্তাই নাৰীৰ সৃষ্টিৰ পিচতেই নাৰীৰ অলংকাৰ হিচাপে ফুলৰ সৃষ্টি কৰিছিল। বসন্তকালত নাৰীৰ মনত ফুলৰ বাবে অনামী আগ্ৰহ বাঢ়ে। নাৰীৰ হৃদয়ত ফুলে যেন এক অশান্ত পুলক জগাই তোলে। স্বাভাৱিকতে, নাৰীয়ে নিজে ফুল ছিঙি খোপাত গুজি ল’লে স্ব-কুল ধ্বংস হয় বুলি কোৱা হয়। সেইবাবে প্ৰতিটো বসন্ত কালত উদ্ যাপন কৰা ৰঙালী বিহুত নাৰীসকলে আশা কৰাৰ দৰে প্ৰিয়জনে নাৰীৰ খোপাত এপাহি শুভ্ৰ কপৌফুল গুজি দি অনাবিল আনন্দানুভূতি অনুভৱ কৰে।
ফুলৰ মোহনীয় ৰূপ আৰু সুগন্ধি সত্তাই স্বৰ্গৰ দেৱ দেৱীসকলকো সমানেই আকৰ্ষণ কৰে বাবে প্ৰতিটো পূজা অৰ্চনাত ফুলৰ ব্যৱহাৰ কৰা হয়। অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুত নাচনীৰ খোপাত ঢুলীয়াই হাবিৰ পৰা লাহতী কপৌ ফুল আনি গুজি দি পৰম তৃপ্তি লাভ কৰাৰ লগতে পুনৰ যেন নাচনীক চাই চাই ঢুলীয়াই বিহুগীত জোৰে—
‘‘নেঘেৰী খোপাতে কপৌ ফুল এপাহি
সোণত সুৱগা চৰে
এইজনী চকুলৈ চাবকে নোৱাৰি
চকুত চাটে মাৰি ধৰে। ’’
কপৌফুল পাহে নাচনীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰাৰ বাবে বিহুৱতী নাচনীয়ে ৰঙালী বিহুত প্ৰিয়জনৰ ওচৰত কপৌ ফুলৰ বাবে ওফন্দ পাতে—
“সেউতী নিপিন্ধোঁ মালতী নিপিন্ধোঁ
নিপিন্ধোঁ খৰিকাজাই
তুমি আনি দিয়া কপৌফুল এপাহি
দেহা মন জুৰায়। ’’
বসন্ত ঋতুত ফুলি উঠা প্ৰায়বোৰ ফুলৰ গুণানুকীৰ্তন কৰি বিহুগীত গোৱা শুনিবলৈ পোৱা যায় যদিও কপৌ ফুলে ৰঙালী বিহুত কপৌফুলে আটাইতকৈ বেচি প্ৰাধান্য লাভ কৰে—
“নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব…”
উল্লেখ্য যে কপৌফুলৰ এনে সমাদৰ আজিৰ নহয়। যুগে যুগে ৰঙালী বিহু অহাৰ লগে লগে অসমীয়া ডেকাই প্ৰেয়সীৰ বাবে হাবিয়ে বনে কপৌ ফুলৰ সন্ধান কৰি অৱশেষত নাচনীৰ খোপাত এপাহ কপৌ ফুল গুজি দিয়াৰ মুহূৰ্তত গোৱা বিহুগীতৰ অনুপম সললিত সুৰ শুনিবলৈ পোৱা যায় এনেদৰে—
“পাহাৰ বগাই বগাই
জান ঐ কপৌ ফুল মই আনিছোঁ
জান ঐ কপৌ ফুল মই আনিছোঁ
জান ঐ নলও বুলি নকবা দেই…”
বসন্তৰ আগমনৰ লগে লগে কপৌ, কেতেকী, নাহৰ, গোলাপ, তগৰ, কৃষ্ণচূড়া, মাধৈমালতী ইত্যাদি ফুলবোৰৰ লগতে ভিন্ন ৰঙৰ ঋতুকালীন ফুলবোৰ কিমান যে সুন্দৰৰ মেলা পাতে। ভাৰতীয় মহাকাব্য ‘ৰামায়ণ’ আৰু ‘মহাভাৰত’তো সীতাপুষ্প আৰু দ্ৰোপদী পুষ্প নামৰ দুবিধ কপৌফুল জাতীয় অৰ্কিড বসন্তকালৰ অন্যতম ফুল হিচাপে জনা যায়।
ৰঙালী বিহুৰ প্ৰাৰম্ভণীৰ দিনা গাৱৰ মুখিয়াল জনৰ ঘৰৰ পদূলি গচকি সোমাই অহা বিহুৱা ডেকাই ফুলৰ বৰ্ণনাৰে চোতালত হুচৰি জোৰে এনেদৰে…
“দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী
কেতেকী মলেমলাই ঐ গোবিন্দাই ৰাম’’
সেইদৰে বৈষ্ণৱ সংস্কৃতিৰ ওপৰত আধাৰিত অসমীয়া সমাজত বিহু উৎসৱত শ্ৰীকৃষ্ণৰ ৰূপ বৰ্ণনা কৰা হয় ফুলৰ অলংকৰণেৰে—
“কৃষ্ণই মূৰতে বকুলফুল এপাহি
নিয়ৰ পাই মুকলি হ’ল ঐ গোবিন্দাই ৰাম। ’’
ৰঙালী বিহুৰ হুচৰিৰ যোজনাত আকাশ ৰঙাই ফুলা নাহৰ ফুলৰ বৰ্ণনা যেন সদায় সজীব—
“আজি বিহু বিহু, কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ
নাহৰৰ গোন্ধে পাই নাচনীৰ ততে নাই
গচকত ভাঙি যায় যঁতৰ ’’
বসন্ত উৎসৱৰ আনন্দত খোপাত কপৌফুল, হাতত জেতুকাৰ বোল লৈ বিহুতলী শুৱনি কৰা নাচনীৰ ৰূপ সৌন্দৰ্য বিহুগীতত বৰ্ণিত হয় বিভিন্ন ফুলৰ উপমাৰে—
“সেউতী এপাহি মালতি এপাহি
কেতেকীৰ থোৰলি পাহি
তোমাৰ দেহাটি পদুমৰ পাহি যেন
মাণিকী মধুৰি হাঁহি’’
বিহু মাৰি থাকোঁতে নাচনীৰ লয়লাস, ৰূপ যৌৱন ফুটি উঠা শাৰীৰিক সৌন্দৰ্য দেখি ঢুলীয়াৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা বিহুগীতসমূহত বিবিধ ফুলে স্থান পায় এনেদৰে—
“ঔ ফুল ফুলিলে জগতে জানিলে
থেকেৰা ফুলিলে ৰাতি
আমাৰ লাহৰি ওলাই আহিছে
যেন হালধিৰ গাঁঠি। ’’
বিহুতলীত মুগাৰ সাজেৰে সজ্জিত, কপৌ ফুলেৰে অলংকিত নাচনীক বিহুৱা ডেকাই হেৰুৱা সম্ভাৱনাৰ কথা ভাবি ৰঙা মদাৰক, ফুলৰ ৰাণী গোলাপৰ স’তে তুলনা কৰি বিহুগীত জোৰে—
“যিমানেই হওক ধুনীয়া মদাৰ ফুল পাহি
নহয় গোলাপৰ সমান
আৰু হওক চহকী মহৰী, কেৰাণী
নহয় খেতিয়কৰ সমান।’’
অসমৰ চহা জীৱনৰ সুন্দৰ প্ৰতিচ্ছবি পৰিস্ফুট হোৱা বিহুগীতসমূহত ফুলৰ উপমা নহ’লে যেন বৰ্ণনা কৰাই কঠিন হৈ পৰে। সেইবাবেই হয়তো, গোৱা হয়—
“তোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতি
মোৰ বাৰীত পৰিলে ছাঁ
বাৰীৰ মাজে মাজে গোলাপ ফুল ফুলিলে
তিতাফুল ফুলিলে ঢাপত।’’
বিহুৰ ৰং ৰহইচৰ উদুলি-মুদুলি পৰিবেশত অসমৰ সুৰকাৰ গীতিকাৰসকলৰ মনোৰাজ্যত অলেখ ভাৱৰ হেন্দোলনি উঠে। ফলস্বৰূপে, তেওঁলোকৰ ৰচিত গীতসমূহত ফুলবোৰৰ বৰ্ণনা যেন সৰব হৈ পৰে। হেমাংগ বিশ্বাসে কৈছিল—
“বিহুগীতত যি নাই, অসমত সি নাই। অসমত যি নাই, সি বিহুগীতত নাই।”
অসমৰ সেউজ ভূমিত ফুলি উঠা প্ৰায়বোৰ ফুলৰ বৰ্ণনা বসন্ত উৎসৱৰ লগত সাঙোৰ খাই আছে। অসমৰ এজন অন্যতম সংগীত শিল্পী ৰুদ্ৰ বৰুৱাৰ বিহুসুৰীয়া গীতত বসন্ত কালত ফুলা পলাশ ফুলৰ কথা শুনা যায় এনেদৰে—
‘‘গছৰ পাতত বিহু আহিল
বিহু আহিল মনত
মনৰ চকুত জুই নজলিল
জ্বলিত পলাশ বনত।’’
সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে গোৱা বহুতো গীতত বসন্ত কাল, কেতেকী ফুলৰ বৰ্ণনা শুনা যায়—
“ধুনীয়া ৰঙৰ নতুন পাহিৰ
তুমি মোৰ পদূলিৰ কেতেকী ফুল
তাকেই দেখি মই ভোল যাঁও।’’
ৰঙালী বিহু মানেই অসংখ্য ফুলৰ বৰ্ণিল ৰং, ৰূপৰ সুগন্ধি সম্ভাৰৰ অপূৰ্ব সমাহাৰ, হ’লেও কপৌ ফুলৰ স্থান যেন সদায় একক আৰু অনন্য। জাপানৰ চেৰীফুল, হলেণ্ড-কানাডাৰ টিউলিপ্ ফুলৰ সমানেই সমাদৃত অসমৰ কপৌ ফুলক ২০০৩ চনৰ ৪ এপ্ৰিল তাৰিখে জাতীয় ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। কপৌ ফুল কেৱল সৌন্দৰ্যৰ প্ৰতীক নহৈ যথেষ্ট ঔষধি গুণেৰে সমৃদ্ধ বুলি বিজ্ঞানীসকলে ইতিমধ্যে প্ৰমাণ কৰিছে। অসমৰ সেউজ ভূমিত যথেষ্ট পৰিমাণে স্বতৰ্স্ফুতভাৱে উৎপন্ন হোৱা এইবিধ অৰ্কিড জাতীয় ফুলক যথোপযুক্ত মৰ্য্যদা প্ৰদান কৰাতো অত্যন্ত সুখবৰ যদিও আমি আশা কৰিম বিশ্বদৰবাৰত আমাৰ অসম “কপৌ ফুলৰ দেশ’’ হিচাপে স্বীকৃত হওক। কেৱল আমাৰ বিহুগীততেই অসমত উৎপাদিত ফুলসমূহৰ বৰ্ণনা সামীবদ্ধ হৈ নাথাকি কপৌফুলকেই মুখ্য কৰি বাকী ফুলসমূহৰ সংৰক্ষণ আৰু এইবোৰৰ গৱেষণাত্মক বিশ্লেষণে আমাৰ স্বদেশৰ অৰ্থসামাজিক পটভূমিত এক নতুন যুগৰ সুঁচনা কৰক। ঋতুৰাজ বসন্ত ফুলেৰে সুশোভিত হৈ উঠাৰ দৰে অসমৰ সেউজ উপত্যকাত অলেখ সুগন্ধি ফুলৰ সম্ভাৰেৰে গঢ়ি উঠক এক সুহৃদ (Eco- friendly ) প্ৰাকৃতিক পৰিবেশ
পৰিশেষত, অসমৰ জাতীয় উৎসৱ বহাগ বিহু অথবা ৰঙালী বিহুৰ সম্পৰ্কে ফুল ফুলাৰ কথাৰে ক’ব পাৰোঁ —
“চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈয়ে থাকো মানে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা।”