সকলোৱে ভাল পোৱা ৫৫ বছৰীয়া অকণমানিজনী

লেখক- মনিপৰ্ণা গোস্বামী

সৰুকালৰে পৰা যোৰহাটৰ মাজ মজিয়াত, যোৰহাট গৰ্ভমেণ্ট গাৰ্লছ স্কুলৰ সমীপত থকা এখন হৰ্ডিঙে মোক আকৰ্ষণ কৰি আহিছে। স্কুল, কলেজলৈ অহা যোৱা কৰাৰ বাটত হৰ্ডিংখন চোৱাৰ এক অভ্যাসত পৰিণত হৈছিল। এতিয়াও কেতিয়াবা সেইফালে গ’লে হৰ্ডিংখনত চকু ফুৰাই যাবলৈ কেতিয়াও নাপাহৰোঁ। যোৰহাটৰ বাসিন্দাসকলে চাগৈ বুজিব পাৰিছেই। হয়, মই আমূলৰ অৰ্থাৎ utterly butterly delicious amul ৰ বিখ্যাত হৰ্ডিং খনৰ কথাই কৈছোঁ। মনত থকাৰে পৰা হৰ্ডিংখনৰ বিজ্ঞাপনবোৰ লক্ষ্য কৰি আহিছোঁ। ৰাজনৈতিক, সামাজিক, চিনেমা, পৌৰাণিক আৰু সমসাময়িক সকলো ঘটনাকেই আমূলে এটা বাৰ্তা হিচাপে বিজ্ঞাপনৰূপে প্ৰকাশ কৰি আহিছে। 

বগাত সৰু সৰুকৈ ৰঙা পল্কা ডটৰ ফ্ৰক পিন্ধা, পনীটেইল চুলিখিনিৰে থুপুকা কৈ ছোৱালীজনীয়েই হৈছে আমূল ব্ৰেণ্ডৰ জনপ্ৰিয় কাৰ্টুন চৰিত্ৰটো যিয়ে যোৱা পাঁচ দশক জুৰি ভাৰতীয় জনতাৰ মন-মগজুত নিগাজীকৈ থিতাপি ল’বলৈ সক্ষম হৈছে। আমূল ব্ৰেণ্ডক ভাৰতৰ চুকে কোণে বিয়পি পৰিবলৈ এই হৰ্ডিংকেইখনে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল। 

এই মৰমলগা চৰিত্ৰটোৰ সৃষ্টি ৰ আঁৰৰ কথা জানিবলৈ আমি ১৯৬৬ চনলৈ ঘূৰি যাব লাগিব, যেতিয়া ভাৰতৰ দুগ্ধ বিপ্লৱৰ গুৰি ধৰোঁতা ভাৰ্গিছ কুৰিয়েনে আমূল বাটাৰৰ প্ৰচাৰৰ বাবে এটি চৰিত্ৰ সৃষ্টিৰ বাবে মুম্বাইস্থিত দ্য কুনহা কমিউনিকেছনৰ মুৰব্বী ছিলভেছটাৰ দ্য কুনহা( Sylvester da Cunha)ক দায়িত্ব দিছিল। ভাৰ্গিছ কুৰিয়েনে দুটা বিষয় বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কৈছিল-

১. চৰিত্ৰটো যাতে সহজতে আঁকিব পাৰে, আৰু

২. চৰিত্ৰটো সহজতে মনত ৰখা বিধৰ হয়।

সেই সময়ত যিহেতু বাতৰি কাকতত বিজ্ঞাপন প্ৰচাৰৰ নিৰিখ তুলনামূলকভাৱে বেছি আছিল, সেইবাবে কুৰিয়েন ভাৰ্গিছে আমূল বাটাৰৰ প্ৰচাৰৰ বাবে হৰ্ডিঙৰ সহায় লৈছিল। এই বিখ্যাত আমূল ৰ চৰিত্ৰটো অংকন কৰিছিল দ্য কুনহা কমিনিউকেছনৰ আৰ্ট ডাইৰেক্টৰ ইউষ্টেক ফাৰ্ণাণ্ডেজে, পাছত ছিলভেছটৰ কুনহাৰ পত্নী নিচা কুনহাই বিখ্যাত ‘ৱাটাৰলি বাটাৰলি’ কেপছনো সংযোগ কৰিছিল যিয়ে আমূল বাটাৰক গোটেই ভাৰততে জনপ্ৰিয় হোৱাত সহায় কৰিছিল। 

১৯৬৬ চনত আমূল বাটাৰৰ চৰিত্ৰটোৱে বিলব’ৰ্ডত এটা চকু মুদি মুখ টপালি থকাকৈ প্ৰথম ভূমূকি মাৰিছিল। চৰিত্ৰটোৰ কেপছন আছিল “গিভ আছ্ দিছ ডে আৱাৰ ডেইলী ব্ৰেড ৱিট আমূল বাটাৰ”। এই বিজ্ঞাপনটো প্ৰকাশ হোৱাৰ পাছত জনসাধাৰণৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছৰ বিজ্ঞাপনটোত আমূলৰ ছোৱালীজনীক হাতত ব্ৰেড বাটাৰ লৈ ঘোঁৰা দৌৰত অংশ লোৱা দেখা গৈছিল; এই বিজ্ঞাপনটোও জনসাধাৰণে আঁকোৱালি লৈছিল। লাহে লাহে ভাৰ্গিছ কুৰিয়েনে কুনহা কমিউনিকেছনক বিজ্ঞাপন প্ৰস্তুত কৰিবৰ বাবে স্বতন্ত্ৰ দায়িত্ব প্ৰদান কৰে। এই সমগ্ৰ বিজ্ঞাপন শৈলীকে ভাৰতৰ ভিতৰত অদ্বিতীয় বুলি ক’ব পাৰি। অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক অৱস্থাৰ পৰা বলিউডৰ চিনেমা, ক্ৰিকেট, বিশ্বৰ শেহতীয়া ঘটনাৱলী, মহামাৰী এই সকলোকে, জীৱিত চৰিত্ৰবোৰক কাৰ্টুনৰ ৰূপত অংকন কৰি হাস্য ৰসৰ উদ্বেক ঘটায়। 

আমূলৰ এই বিজ্ঞাপনবোৰ লক্ষ্য কৰিলে ৪টা বিষয়বস্তু সততে চকুলৈ আহে-

১. ছবিখন

অতি সহজসৰলকৈ অংকন কৰা আমূল গাৰ্লৰ ছবিখনেই বিজ্ঞাপনটোৰ মূল আকৰ্ষণ। 

২. মূল কথা

এবাৰ ছবিখন চকুত পৰাৰ পাছতে চকুলৈ আহে চৰিত্ৰকেইটাৰ সংলাপ। বিষয়বস্তুৰ লগত প্ৰয়োগ কৰা ভাষাই বিজ্ঞাপনটোক এক অনন্য মাত্ৰা প্ৰদান কৰে।

৩. শ্ল’গান/ টেগ লাইন

বিষয়বস্তু ৰ লগত ৰজিতা খুৱাই চাতুৰ্য্যৰে আমূল বাটাৰৰ যি প্ৰচাৰ চলায় সেয়াই বিজ্ঞাপনটো জনপ্ৰিয় হোৱাৰ মূল চালিকা শক্তি। উদাহৰণস্বৰূপে আমি হিমা দাসে স্বৰ্ণ পদক পোৱা বিজ্ঞাপনটোৰ কথা ক’ব পাৰোঁ। বিজ্ঞাপনটোত আমূল গাৰ্লে হিমা দাসক চেলুট জনাই কয়, ‘Das the way to go, girl!‘ মাত্ৰ এটি সংলাপেই গোটেই ছবিখন সহজকৈ বুজাই দিছে। ছবিখনৰ তলত লিখিছে–Amul-Always Gold অৰ্থাৎ এইটো আমূলৰ বিজ্ঞাপনৰ শ্ল’গান বা টেগলাইন। 

৪. ভাষা

বিজ্ঞাপনটো জনপ্ৰিয় কৰাত সহজ সৰল কথিত ভাষা ব্যৱহাৰ হোৱা দেখা যায় যি অতি সহজতে এবাৰ দেখিলেই জনসাধাৰণে মনত ৰাখিব পাৰে।

এইদৰেই বহু ঘটনাবহুল অৱস্থাৰ মাজেৰে আমূল গাৰ্লে যোৱা পাঁচটা দশক ভাৰতীয় বজাৰত বীৰদৰ্পে ৰাজত্ব কৰি আহিছে। আপোচহীন মনোভাৱৰ বাবে আমূল গাৰ্লৰ নিৰ্মাণকৰ্তা মাজে সময়ে যেনে ১৯৭৭ চনৰ জৰুলীকালীন অৱস্থা, ২০০১ চনৰ এয়াৰ লাইন ষ্ট্ৰাইকৰ সময়ত আইনী মেৰপেছৰো সন্মুখীন হ’ব লগা হৈছিল যদিও তেওঁলোক নিজৰ স্থিতিত অটল থাকে। ২০১৬ চনত আমূল গাৰ্লৰ সোণালী জয়ন্তী উপলক্ষে কুনহা কমিউনিকছনে এখন কফি টেবল বুক প্ৰকাশ কৰিছিল য’ত আমূল গাৰ্লৰ দৃষ্টিত ভাৰতবৰ্ষৰ এই ৫০ বছৰৰ পৰিবৰ্তনসমূহ অংকন কৰা হৈছে। 

বয়সৰ লেখেৰে এতিয়া আমূল গাৰ্ল ৫৫ বছৰীয়া হ’ল যদিও নিতৌ নতুন ৰূপত, বিষয়বস্তু লৈ নতুন প্ৰজন্মৰ মাজতো টুইটাৰ, ইনষ্ট্ৰাগ্ৰামৰ জৰিয়তে জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!