মনচুন: এক নীৰৱ বিপ্লৱ

লেখক- মেঘালী গগৈ

বিহুলৈ কেইবাদিনো থাকোঁতেই এখন বিশেষ দোকানত উপস্থিত হওঁ। তথাপিও নাতিপ্ৰশস্থ দোকানখনৰ বিৰ দি বাট নোপোৱা হেঁচা-ঠেলাৰ সন্মুখীন হ’বলগীয়া হয়েই মোৰ নিচিনা প্ৰায়বিলাক গ্ৰাহকৰ। আজি প্ৰায় আঠ-ন বছৰে দুয়োটা বিহুৰ সময়ত সেই বিশেষ দোকানখনত একেটাই পৰিস্থিতি লক্ষ্য কৰি আহিছোঁ। কেৱল বিহুৱেই নহয়, ঈদৰ সময়তো একেই পৰিৱেশ। কাৰোবাক লাগে বিধে বিধে পিঠা, কাৰোবাক লাড়ু, কাৰোবাক হুৰুম, আখৈ, মুড়ি, কোমল চাউল। বিধে বিধে বস্তুৰ প্ৰতিটোৰেই অপাৰ চাহিদা। কিছু বছৰৰ পৰা দেখিছোঁ পিঠা-লাড়ুৰ কাউণ্টাৰ আৰু জলপানৰ কাউণ্টাৰ পৃথক কৰি দিয়া হৈছে গ্ৰাহকৰ সুবিধাৰ বাবে। কাউণ্টাৰত ছয়-সাতজন ছেলচমেনৰ উশাহ ল’ব নোৱাৰা ব্যস্ততা। প্ৰতিজন গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ খৰতকীয়া অভ্যস্ত হাতেৰে প্ৰত্যেকেই তুলি দিছে।

কথাটো এনেকুৱা নহয় যে যোৰহাটৰ আন দোকানত নথকা বস্তুবোৰ সেই দোকানখনত আছে। বহুত কেইখন দোকানতে তাত থকা বস্তুবোৰ পোৱা যায়। ক’ৰবাত হয়তো তাতকৈ কম মূল্যতো পোৱা যায়। তথাপিও ভিৰ ঠেলিয়েই অথবা মোৰ নিচিনাকৈ ভিৰ কমিলেই সোমাম বুলি বহুসময় অপেক্ষা কৰা মানুহখিনিয়ে নিজৰ পছন্দৰ পিঠা-পনা আৰু জলপানৰ সামগ্ৰীখিনি সেইখন দোকানৰ পৰাই সংগ্ৰহ কৰি পৰম সন্তুষ্ট হয়। কেৱল উৎসৱৰ বতৰতেই নহয়, বছৰৰ সকলো সময়তে আমাৰ থলুৱা পিঠা-পনা আৰু জলপানৰ বাবে যোৰহাট নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহে ৰাস্তা পোনাই সেই নিৰ্দিষ্ট দোকানখনলৈ। সেই বিশেষ দোকানখন হৈছে যোৰহাট নগৰৰ মাজমজিয়াতে থকা ‘মনচুন’। । যোৰহাটৰ হৃৎপিণ্ড বুলি যদি গড়-আলিক আখ্যা দিব পাৰি, ইয়াৰ মেৰুদণ্ড বুলি ক’ব পাৰি এ.টি ৰ’ডক। এই সদাব্যস্ত এ.টি ৰ’ডৰ কাষতে বিষ্টুৰাম বৰুৱা হ’লৰ বিপৰীতে ‘মনচুন’ৰ অৱস্থিতি।

ইমতিয়াজ শইকীয়া। বাবলুদা নামেৰেও তেখেত জনাজাত। তেখেতেই হৈছে ‘মনচুন’ৰ স্বত্বাধিকাৰী। হাঁহিমুখীয়া, গাম্ভীৰ্য্যপূৰ্ণ ব্যক্তিত্বৰ মানুহজনৰ উপস্থিতিয়ে ‘মনচুন’ক এক সুকীয়া মৰ্য্যাদা প্ৰদান কৰে। প্ৰতিজন গ্ৰাহকৰে চাহিদাৰ প্ৰতি তেখেতৰ তীক্ষ্ণ দৃষ্টি সদা বিৰাজমান।

ইমতিয়াজ শইকীয়াই প্ৰথমতে বেকাৰীৰ সামগ্ৰীৰে দোকানখন আৰম্ভ কৰিছিল প্ৰায় পোন্ধৰ বছৰমানৰ আগতে। যোৰহাটৰ লিচুবাৰীত তেখেতসকলৰ নিজা ফেক্টৰী আছে। তাত কেক, বিস্কুট, পাউৰুটী, পপ, পেটিছ, নিমকী, ভুজিয়া, খুৰমা ইত্যাদি বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী প্ৰস্তুত কৰা হয়। মানসম্পন্ন খাদ্যসামগ্ৰীবিলাকে প্ৰথমৰ পৰাই ক্ৰেতাসকলৰ মাজত সমাদৰ লাভ কৰি আহিছে। প্ৰায় আঠ-ন বছৰমানৰ আগতে শইকীয়াদেৱে পৰীক্ষামূলকভাবে হাতেৰে প্ৰস্তুত কৰা নিভাঁজ অসমীয়া পিঠা-পনা, লাড়ু, জলপান ইত্যাদি দোকানত ৰখা আৰম্ভ কৰিলে। বেকাৰী সামগ্ৰীবিলাকৰ দৰেই এই সামগ্ৰীবিলাকেও ক্ৰেতাসকলৰ মাজত প্ৰভূত জনপ্ৰিয়তা লাভ কৰিলে। যি এবাৰ ‘মনচুন’ৰ পিঠা-পনাৰ সোৱাদ লাভ কৰিছে, তেওঁ সতকাই আন দোকানলৈ বাট নোলোৱাৰ দেধাৰ উদাহৰণ আছে। যোৰহাট নগৰত ‘মনচুন’ৰ নাম নজনা মানুহ হয়তো হিচাপ কৰিব পৰা সংখ্যাত ওলাব। উৎসৱৰ বতৰত গৃহিণীসকলৰ বিশেষকৈ চাকৰিজীৱি বা আন বৃত্তিজীৱি মহিলাসকলৰ পিঠা-জলপান সংগ্ৰহৰ বাবে এক নিশ্চিন্ত ভৰসাৰ ঠিকনা হিচাপে পৰিগণিত হৈ পৰিছে ‘মনচুন’।

এই প্ৰভুত জনপ্ৰিয়তা তথা গ্ৰাহকৰ আস্থাভাজন হ’ব পৰাৰ আঁৰত কি মন্ত্ৰ আছে ‘মনচুন’ৰ? এক দীৰ্ঘদিনীয়া সূক্ষ্ম পৰ্যবেক্ষণৰ পৰা দুটা কথা ক’বপৰা হ’লোঁ। প্ৰথমতেই মন কৰিবলগীয়া কথাটো হৈছে ইয়াৰ স্বত্বাধিকাৰ ইমতিয়াজ শইকীয়াদেৱৰ সামগ্ৰীৰ গুণাগুণৰ লগত আপোচবিহীন মানসিকতা। তেখেতে খাদ্যসামগ্ৰীবোৰৰ এটা বিশেষ মান বজাই ৰখাত সদায়েই অগ্ৰাধিকাৰ দি আহিছে। তেখেতৰ নিজৰ মুখেৰেই জানিব পাৰিছিলোঁ যে, যিবিলাক খাদ্যসামগ্ৰী ‘মনচুন’ত বিক্ৰীৰ বাবে অনা হয়, প্ৰতিটো বস্তুৰেই সোৱাদ তেখেতে নিজেই পৰীক্ষা কৰে। শইকীয়াদেৱৰ ‘এচিদ টেষ্ট’ত উত্তীৰ্ণ হোৱাৰ পাছতহে সামগ্ৰীবিলাকে ‘মনচুন‘ৰ শ্ব’কেছত নিজৰ স্থান দখল কৰিব পাৰে। সেইবাবেই ইয়াৰ সামগ্ৰীৰ গুণগত মানৰ ওপৰত গ্ৰাহকৰ পৰম আস্থা-বিশ্বাস সেই আৰম্ভণিৰ দিনৰপৰা আজিৰ তাৰিখলৈকে অটুট আছে।

দ্বিতীয়টো কাৰণ হৈছে ‘মনচুন’ৰ কৰ্মচাৰীসকলৰ খৰতকীয়া আৰু পৰিপাটিকৈ গ্ৰাহকক সেৱা আগবঢ়াব পৰা গুণ। ইয়াৰ লগতে অৱধাৰিতভাৱে যোগ দিব পাৰি স্বত্বাধিকাৰ শইকীয়াদেৱৰ পৰিচালনাৰ দক্ষতা আৰু গ্ৰাহকৰ প্ৰয়োজনলৈ দিয়া আন্তৰিক মনোযোগ।

বেকাৰী সামগ্ৰীবিলাকক বাদ দি ‘মনচুন’ত উপলব্ধ হাতেৰে তৈয়াৰী সামগ্ৰীবিলাকৰ ভিতৰত উল্লেখযোগ্য হৈছে তিলপিঠা(নাৰিকল/তিল দিয়া), ঘিলাপিঠা(গুড় দিয়া/নিমখীয়া), নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, গমৰ লাড়ু, বেচনৰ লাড়ু, ভাপত দিয়া পিঠা, মুড়িৰ লাড়ু ইত্যাদি। কিছুদিনৰ পৰা ক’লা চাউলৰ পৰা প্ৰস্তুত কৰা তিলপিঠাও উপলব্ধ হৈছে। ‘মনচুন ‘ত পোৱা জলপানৰ ভিতৰত আছে আখৈ, মুড়ি, হুৰুম, কোমল-চাউল, ভজা বৰা-চাউল, মালভোগ চিৰা, বৰাধানৰ চিৰা, ক’লা চাউল ইত্যাদি। পিঠা-পনা, লাড়ু ইত্যাদি সামগ্ৰীবোৰ ছয়-সাতগৰাকীমান মহিলাই যোগান ধৰে। আৰম্ভণিৰ দিনৰপৰাই সেই মহিলাকেইগৰাকীৰ কুশলী হাতৰ ছাপ থকা অসমীয়া পিঠা-পনাৰ মানসম্পন্ন সোৱাদে ‘মনচুন ‘ক এক বিশিষ্ট পৰিচয় প্ৰদান কৰিছে। ইয়াত উপলব্ধ জলপানবিলাক যোগান ধৰে যোৰহাটৰ দাঁতিকাষৰীয়া টীয়ক আৰু তিতাবৰৰ গাঁৱৰ বাসিন্দা কেইজনমানে। জাৰি-ফুঁকি চাফ-চিকুণকৈ প্ৰস্তুত কৰা জলপানৰ সুন্দৰ পেকেটবোৰে ‘মনচুন ‘ৰ গ্ৰাহকক মানসম্পন্ন সামগ্ৰী ক্ৰয় কৰাৰ সন্তুষ্টি প্ৰদান কৰিছে। এইখিনিৰ উপৰিও ‘মনচুন’ত উপলব্ধ কেইবিধমান জনপ্ৰিয় থলুৱা সামগ্ৰী হৈছে খাৰলি, পানীটেঙা আৰু বিধে বিধে সোৱাদলগা আচাৰ। এইবিলাক সামগ্ৰী যোগান ধৰে দেৰগাঁৱৰ এটি থলুৱা খাদ্য প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠান ‘ৰুচি প্ৰডাক্তে’।

এখন ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে ‘মনচুন ‘ৰ সফলতা অসমীয়া ব্যৱসায়ীসকলৰ বাবে এক আদৰ্শ উদাহৰণ। ব্যৱসায়ত সফলতা লাভ কৰিবৰ বাবে প্ৰয়োজনীয় কিটিপ-কৌশলবিলাক, সততা, নিষ্ঠা, পৰিচালন দক্ষতা ইত্যাদি গুণবিলাক অধ্যয়ন কৰিবলৈ ‘মনচুন‘ৰ স্বত্বাধিকাৰ ইমতিয়াজ শইকীয়াদেৱ এক সুন্দৰ নিদৰ্শন হৈ উঠিছে। ইয়াৰ উপৰিও তেখেতৰ আন এক ইতিবাচক দিশ আঙুলিয়াব পাৰি। অৰ্থনৈতিকভাৱে দুৰ্বল কিছু মানুহক তেখেতে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। হাতৰ বিদ্যাক অৰ্থ উপাৰ্জন কৰাৰ হাথিয়াৰ হিচাপে লৈ নিজৰ তথা পৰিয়ালৰ জীৱন নিৰ্বাহৰ মান উন্নত কৰা সেই মহিলাকেইগৰাকীৰ বাবে শইকীয়াদেৱ ধন্যবাদৰ পাত্ৰ, এক আদৰ্শনীয় পথ প্ৰদৰ্শক। উপযুক্ত মানৰ উৎপাদন সামগ্ৰীৰ বাবে এখন বজাৰৰ ব্যৱস্থা কৰি তেখেতে উৎপাদকক যেনেকৈ সহায় কৰিছে, ঠিক তেনেকৈ ভাল সামগ্ৰী উপযুক্ত দামত যোগান ধৰি গ্ৰাহককো সন্তুষ্টি প্ৰদান কৰিছে।
এয়া আচলতে এক সৰু-সুৰা নীৰৱ অৰ্থনৈতিক বিপ্লৱ। এই বিপ্লৱে বিশাল বিস্তৃতি লাভ কৰক। “আমাৰ সামগ্ৰী, আমাৰ বজাৰ” হওক এই বিপ্লৱৰ সৰৱ শ্লোগান। আমাৰ যুৱ প্ৰজন্মই চাকৰিমুখী মনোবৃত্তি সলাই শইকীয়াদেৱৰ পথ অনুসৰণ কৰিবলৈ আগ্ৰহ অনুভৱ কৰক। ‘মনচুন ‘ কেৱল এখন দোকানৰ নাম হৈ নাথাকি এক অনুকৰণীয় অনুষ্ঠান হৈ উঠক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!