ধনঞ্জয়ৰ ফোন নম্বৰটো দিব পাৰিবা নেকি?
লেখক- হেমেন বৈশ্য
আজি কেইদিনমানৰ পৰা সামাজিক মাধ্যম “ফেচবুকত” বন্ধুত্বৰ অনুৰোধ বৰকৈ আহিবলৈ লৈছে। যেন বাৰিষাৰ ডবা-পিটা বৰষুণজাকহে। শেষেই হ’ব নোখোজে চোন। অৱশ্যে সকলোবোৰ বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰিব পৰা নাই। বিশেষকৈ যিবোৰ বন্ধু বা বান্ধৱীৰ “প্ৰফাইলত” এটা ডাঙৰ তলা ওলমি থাকে, সেইবোৰ বন্ধুত্বৰ অনুৰোধ মই স্ব-ইচ্ছাই বিসৰ্জন দিও। সি যি কি নহওক সিদিনা বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰি থকা অৱস্থাতেই এটা ৰসাল ঘটনা ঘটিল।
দুপৰীয়া ভাত-পানী খাই ফেচবুকৰ দুনিয়াত উটি ভাঁহি থাকোঁতেই মই মন কৰিলোঁ, মোলৈ এটা বন্ধুত্বৰ অনুৰোধ আহিছে। দেখিলোঁ, ছোৱালী এজনীয়ে পঠাইছে(নামটো ইয়াত উল্লেখ নকৰোঁ দিয়ক)। বন্ধুত্বৰ অনুৰোধটো ভালকৈ পৰীক্ষা কৰাৰ পিছত ঠিক-ঠাক যেন লগাত গ্ৰহণ কৰি পেলালোঁ। পিছে বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰাৰ ঠিক পাঁচ মিনিটমান পিছতেই সেইফালৰ পৰা বাৰ্তা আহিল।
: হাই।
ময়ো “ হেল্ল’ ” বুলি বাৰ্তা পঠিয়ালোঁ।
: তোমাৰ ঘৰ ক’ত? (এইবাৰ পোনপটীয়া প্ৰশ্ন সেইফালৰ পৰা)।
অৱশ্যে ফেচবুকত প্ৰথমতে চিনাকি পৰ্বটোৰ কাৰণে কিছুমান “ক’মন” প্ৰশ্ন দেখিবলৈ পোৱা যায়। যেনে- “কি খবৰ?” , “ঘৰ ক’ত তোমাৰ?” , “কি কৰা?” , “পঢ়ি আছা নেকি?” ইত্যাদি ইত্যাদি। গতিকে তাইৰ পৰা অহা বাৰ্তাবোৰ দেখি প্ৰথম অৱস্থাত মোৰো সিমান আচহুৱা যেন লগা নাছিল। এইবাৰ মোৰ ফালৰ পৰা বাৰ্তা পঠিয়ালোঁ।
: মোৰ ঘৰ বৰমাত। তোমাৰ?
: কি? তোমাৰ ঘৰ বৰমাত? (তাই যেন আচৰিত হৈ পৰিল)।
: অ’ বৰমাত। কিন্তু তুমি ইমান আচৰিত হৈ উঠিলা যে।
: নহয় মানে কি জানা? ধনঞ্জয়ৰ ঘৰটোৱো বৰমাতে হয়। তুমি চিনি পোৱা নেকি ধনঞ্জয়ক?
: ধনঞ্জয়! কোন ধনঞ্জয়? (মই অলপ ভাবিবলৈ ল’লোঁ)। ওহো মইতো কোনো ধনঞ্জয়ক চিনি নাপাওঁ।
: পাবা অকণমান ভাবাচোন তুমি। ধনঞ্জয়ে ধাবাত কাম কৰে। (তাইৰ সৰল বাৰ্তা)।
মোৰ এইবাৰ টিঙিচকৈ কিবা এটা উঠি অহা যেন পালোঁ। অৱশ্যে বহুদিন ধৰি ইউটিউবত “খং কেনেকৈ নাইকিয়া কৰিব লাগে” এই বিষয়ক ভিডিঅ’ চাই থকাৰ ফলতেই নে কি নাজানো উঠি অহা খঙটো মই কিছু সময়ৰ কাৰণে সম্বৰণ কৰি ৰাখিবলৈ সফল হ’লোঁ।
এইবাৰ তাইৰ পৰা ধনঞ্জয়ৰ বহুখিনি তথ্য মোলৈ বাৰ্তা হিচাপে আহিয়েই থাকিল।
: ধনঞ্জয়ৰ দদায়েক এজনো আছে জানা? ডি.চি. অফিচত কাম কৰে।
: ভালেই চোন। (মোৰ বিৰক্তি ভৰা উত্তৰ)।
: ভাল নহয় দিয়া। ধনঞ্জয়ৰ ফোন নম্বৰটো মোৰ লগত নাই যে…তুমি আনি দিব পাৰিবা নেকি ফোন নম্বৰটো?
এইবোৰ দেখাৰ পিছত মই হঠাৎ অনুভৱ কৰিলোঁ যে মোৰ ওপৰৰ পাৰি দাঁতে ইতিমধ্যেই তলৰ পাৰি দাঁতত হেঁচা দিবলৈ আৰম্ভ কৰিছে।
: শুনা, মোৰ ঘৰ বৰমাত যদিও মই বৰ্তমান উত্তৰ গুৱাহাটীতহে থাকোঁ। গতিকে মই কোনো ধনঞ্জয়ক চিনি নাপাওঁ। (মোৰ খং ভৰা উত্তৰ)।
: কি? তুমি উত্তৰ গুৱাহাটীত থাকা? (তাই যেন এইবাৰো আচৰিত হৈ উঠিল)।
: অ’ উত্তৰ গুৱাহাটীত থাকোঁ। কিন্তু তুমি ইমান আচৰিত হ’ব লগা কি হ’ল আকৌ?
: ধনঞ্জয়ো এতিয়া গুৱাহাটীতে থাকে জানা। তাৰ লগত তাৰ তিনিজন বন্ধুও থাকে। তুমি সিহঁতক লগ কৰি ধনঞ্জয়ৰ ফোন নম্বৰটো আনি দিব পাৰিবা নেকি?
মোৰ এইবাৰ চকু দুটা ৰঙা হৈ পৰিল। মূৰটো কিবা আচন্দ্ৰাই কৰি উঠা যেন পালোঁ। “কি জঞ্জাল!” লগে লগে “আনফ্ৰেইন্দ” অপচনত ক্লিক কৰি তাইক সিমানতে বিসৰ্জন দিলোঁ।
খঙৰ ভমকত মোবাইলটো অফ্ কৰি শুবলৈ চেষ্টা কৰিছোঁ হে কৰিছোঁ। কিন্তু নাই শুবহে পৰা নাই। চকু দুটা মুদিলেই চকুৰ সন্মুখত কেৱল মোবাইলৰ স্ক্ৰীণ খনহে দেখা পাওঁ। য’ত ডাঙৰকৈ লিখা আছিল– “ধনঞ্জয়ৰ ফোন নম্বৰটো দিব পাৰিবা নেকি?”