প্ৰত্যাহ্বানৰ এক প্ৰকাশ - ৰাজা মহেন্দ্ৰ প্ৰতাপ

লেখক- সাহিত্যৰ হৈ আৰমান হাজৰিকা

সম্পূৰ্ণ নাম ৰাজা মহেন্দ্ৰ প্ৰতাপ। আমি চমুৱাই ‘ৰাজা’ বুলি মাতোঁ। ৰাজাই প্ৰথম দৃষ্টিতেই যিকোনো মানুহৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে। কিয়নো ‘অ এন জি চি’ আহমেদাবাদৰ ‘বিত্ত আৰু লেখা’ বিভাগৰ বিষয়া হিচাপে কৰ্মৰত ৰাজা শাৰিৰীকভাবে দিব্যাঙ্গ । তেওঁৰ দুয়োখন হাত কিলাকুটিৰ তলত আৰু দুয়োখন ভৰি আঠুত কটা! কিন্তু, সদায়ে হাঁহিমুখীয়া ৰাজাই প্ৰথম দৃষ্টিতে যিকোনো লোককে আপোন কৰি লব পাৰে।

ৰাজা মহেন্দ্ৰ প্ৰতাপৰ মানসিক উদ্যমৰ স’তে আমাৰ ৰাজ্যৰ মানুহখিনিক ভালকৈ চিনাকি কৰি দিবলৈ মোৰ ইচ্ছা এটা আছিল। সাহিত্য ডট অৰ্গৰ যোগেদি সেইটো সুবিধা লবলৈ বুলি প্ৰচেষ্টা কৰি সাক্ষাৎকাৰ এটা লবলৈ ৰাজালৈ ফোন কৰি অনুমতি ললোঁ। ৰাজাই চিৰাচৰিত প্ৰাণখোলা হাঁহিটো মাৰি ক’লে, “চাৰজি, হুকুম কৰক। আপুনি কিহৰ অনুমতি লব লাগিছে!”
সেই অনুসাৰেই তেওঁৰ পৰা লোৱা সাক্ষাৎকাৰটো সাহিত্য ডট অৰ্গৰ পাঠকসকললৈ আগবঢ়ালোঁ।

সাহিত্য ডট অৰ্গ- তোমাৰ এই দিব্যাঙ্গ অবস্থা জন্মৰে পৰানে?

ৰাজা- আমাৰ ঘৰ হায়দৰাবাদ নগৰত। মোৰ পাঁচবছৰ বয়সত এদিন এটা সমনীয়া ল’ৰাৰ লগত ঘৰৰ ছাদত খেলি থাকোঁতে, দুৰ্ঘটনাবশতঃ ঘৰৰ কাষেৰে যোৱা হাই-টেনশ্যন বিদ্যুৎ পৰিবাহী লাইনৰ পৰা এই দুৰ্ঘটনা হবলৈ পালে। ঘটনাৰ পিছত চাৰিমাহ দিন হস্পিতালত থাকিব লগীয়া হ’ল। ডাক্তৰে মোৰ জীৱন ৰক্ষা কৰিবলৈ বুলিয়েই মোৰ দুয়োখন হাত কিলাকুটিৰ তলতে আৰু দুয়োখন ভৰি আঠুতে কাটি পেলাব লগীয়া হ’ল।

সাহিত্য ডট অৰ্গ- তোমাৰ জীৱনলৈ অহা সেই বিপৰ্যয় অতিক্ৰম কৰিবলৈ তুমি কেনেকৈ সাহস গোটালা?

ৰাজা- মই তেতিয়া নিচেই সৰু। ভৱিষ্যত জীৱন সম্পৰ্কে মনত কোনো ধাৰণা নাই। গতিকে অকস্মাতে অহা বিপৰ্য্যয়ৰ বাবে মানসিকভাৱে একেবাৰে ভাঙি পৰাৰ দৰে মানসিক অৱস্থাৰো মুখা-মুখি নহলোঁ। কিন্তু হঠাতে যিটো শাৰিৰীক সমস্যাৰ সন্মুখীন হলোঁ, তাৰ কাৰণে হাতত যিখিনি আছে, তাকেই প্ৰয়োগ কৰি নিজেই যে কিবা বুদ্ধি-ভৰষা কৰি উপায় উলিয়াব লাগিব সেইটো মই বুজিলোঁ। সেইখিনি সময়ত মোৰ দুজনী বাইদেউ, এজনী ভনী আৰু এটা ভাইৰ সাহচৰ্যই মোৰ মনত সাহস গোটাবলৈ সহায় কৰিলে। লাহে লাহে এজন সুস্থ-সবল মানুহৰ দৰেই জীৱন যাপন কৰিব পৰাকৈ দৈনন্দিন সকলোবোৰ কাম-কাজ মই নিজে নিজেই কৰিব পৰাৰ উপায় উলিয়াই ললোঁ। সেই তেতিয়াৰে পৰাই বৰ্তমানলৈকে মই মোৰ দৈনন্দিন জীৱনৰ কোনো কথাতে আনৰ পৰা সহায় লবলৈ ভাল নাপাওঁ। বৰঞ্চ মই প্ৰয়োজনত আনক সহায় কৰিবলৈ পালেহে ভাল পাওঁ।

সাহিত্য ডট অৰ্গ- তোমাৰ পঢ়া-লিখাৰ বিষয়ে আমাক অলপ জনাবানে?

ৰাজা- মোৰ জীৱনত সংঘটিত হোৱা এইটো দুৰ্ঘটনাৰ বাবেই, মোৰ শৈশৱ আন শিশুতকৈ কিছু সুকীয়া হৈছিল। দুয়োখন হাত কিলাকুটিৰ তলতে কাটি পেলোৱাৰ বাবে মই নিজাকৈ চেষ্টা কৰি, মোৰ দুয়োখন হাতেৰে কলমটো চেপা মাৰি ধৰি লিখাৰ অভ্যাস কৰিছিলোঁ। অভিভাৱকসকলে স্কুলৰ শিক্ষকসকলৰ লগত আলোচনা কৰি মোক ঘৰত থাকিয়েই পঢ়াৰ ব্যৱস্থা কৰি দিছিল। তেনেকৈয়ে মই দশম শ্ৰেণীৰ, দ্বাদশ শ্ৰেণীৰ আৰু হায়দৰাবাদৰ কলেজৰ পৰা কমাৰ্চত ‘বি-কম’ পাছ কৰিলোঁ। ঘৰত থাকি যদিও পঢ়া-শুনা কৰিছিলোঁ, তথাপিও এইটো কথা লৈ মোৰ কোনো সমস্যা হোৱা নাছিল। পৰীক্ষাত ফলাফলো আশা কৰা ধৰণেই লাভ কৰিছিলোঁ। তিনিওটা পৰীক্ষাতে প্ৰথম বিভাগ পোৱাৰ উপৰিও ডিগ্ৰী পৰীক্ষাত মই যিখন কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ, সেইখন কলেজৰ ‘কলেজ ট’পাৰ’ আছিলোঁ। ১৯৯৬ চনত ডিগ্ৰী লোৱাৰ পিছত, ১৯৯৮ চনত হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা MBA সম্পূৰ্ণ কৰোঁ।

সাহিত্য ডট অৰ্গ- তোমাৰ চাকৰি জীৱনৰ বিষয়ে অলপ জনাবানে?

ৰাজা- MBA কৰাৰ পিছত কোনো ডাঙৰ বিভাগত চাকৰি কৰাৰ মোৰ এক ইচ্ছা জাগ্ৰত হ’ল। মই প্ৰচেষ্টা অব্যাহত ৰাখিলোঁ। সেই প্ৰচেষ্টাৰেই অ এন জি চিৰ সৰ্বভাৰতীয় বাচনি পৰীক্ষাৰ যোগেদি ২০০২ চনত আহমেদাবাদ পৰিসম্পত্তিত ‘বিত্ত আৰু লেখা বিষয়া’ হিচাপে যোগদান কৰোঁ। চাকৰিত যোগ দিয়াৰে পৰা নিষ্ঠাৰে সৈতে চাকৰি কৰি আহিছোঁ বুলিয়ে মই নিজেও পতিয়ন গৈছোঁ। হয়তো তাৰেই পৰিণতিত নিয়মিত সময়ৰ অন্তৰালত পদোন্নতি পাই পাই বৰ্তমান বিত্ত বিভাগৰে উপ-মহাপ্ৰবন্ধক হিচাপে কাৰ্য্যনিবাহ কৰি আছোঁ।

সাহিত্য ডট অৰ্গ- তোমাৰ পৰিয়ালৰ বিষয়ে অলপমান জনাবানে?

ৰাজা- ২০০৮ চনত মোৰ বিবাহ হয়। মোৰ পৰিবাৰেও ষ্টেট বেঙ্ক অৱ ইণ্ডিয়াৰ এগৰাকী বিষয়া হিচাপে চাকৰি কৰি আছে। পৰিবাৰো এগৰাকী দিব্যাঙ্গ ব্যক্তি। তথাপি দুয়োৰে সমিলমিলত আমি বেছ সুখত দিনবোৰ পাৰ কৰি আহিছোঁ। আমাৰ এটি পুত্ৰ সন্তান আছে, নামটো কল্প ৰাজা। বৰ্তমান সি আহমেদাবাদৰ ‘পোদ্দাৰ আন্তৰ্জাতিক বিদ্যালয়’ৰ অষ্টম মানৰ ছাত্ৰ। হায়দৰাবাদৰ আমাৰ পৈতৃক ভেটিত মা আৰু ভাইৰ পৰিয়ালটো থাকে। পিতৃ ইতিমধ্যে স্বৰ্গগামী হৈছে। ভাইটোৰ ‘চফ্টৱেৰৰ ব্যৱসায় আছে। তিনিওগৰাকী বাই-ভনীৰ বিয়া হৈ গৈছে।

সাহিত্য ডট অৰ্গ: আমি জনামতে তুমি প্ৰায়ে ৰাইজৰ অটুট মনোবলৰ বাবে বিশেষ বিশেষ সভা-সমিতিত ভাষণ দিবলৈ যোৱা। তেনেকুৱা দুটামান অভিজ্ঞতাৰ কথা কোৱাচোন।

ৰাজা- (কিছু লাজ আৰু সঙ্কোচেৰে) তেনে বহুত সভাতে অংশ লৈছোঁ। হঠাতে গোটেইবোৰ মনলৈও নাহে। তথাপিও আপুনি সোধাৰ বাবেই দুখনৰ কথা উল্লেখ কৰিছোঁ। দিব্যাঙ্গসকলৰ আন্তৰ্জাতিক অধিবেশন (DPI Conferrence) ত ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰি ভাগ লবৰ বাবে ২০০২ চনত মই চীন আৰু জাপানলৈ গৈছিলোঁ।আজি প্ৰায় দুবছৰৰ আগতে, IIT Mumbai-এ আয়োজন কৰা T-Talks (Tread Talks) নামৰ এটা অনুষ্ঠানত বহুতো বিশিষ্ট ব্যক্তিৰ সন্মুখত ভাষণ প্ৰদান কৰি, সভাত অংশগ্ৰহণকাৰীসকলৰ প্ৰশ্ন আদিৰ সমিধান দিছিলোঁ।

সাহিত্য ডট অৰ্গ: আমি শুনিছোঁ যে তুমি সামাজিক কাম-কাজতো বৰ প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰা। সেই সম্পৰ্কে কিছু ক’বানে?

ৰাজা- সামাজিক কামকাজবোৰত ভাগ লোৱাটো মোৰ একপ্ৰকাৰ চখৰ দৰেই আছিল। বৰ্তমান চাকৰিৰ দায়িত্ব আৰু পৰিয়ালৰ বাবে থকা দায়-দায়িত্বৰ বাবে অব্যাহতি লব বিচাৰিলেও ৰাইজে মুঠেই এৰিব নিবিচাৰে। আপুনি আহমেদাবাদলৈ অহাৰ আগৰে পৰা মই অ এন জি চিৰ ‘অফিচাৰ্চ ক্লাব’ৰ কোষাধ্যক্ষ হিচাপে কাৰ্য্যনিবাহ কৰি বিভিন্ন সামাজিক আৰু জনকল্যাণমূলক কাম- কাজবোৰৰ আয়োজন কৰি আহিছোঁ। এতিয়াও ৰাইজে মোক কোষাধ্যক্ষ পদৰ পৰা অব্যাহতি দিব বিচৰা নাই। অবশ্যে ‘অফিচাৰ্চ ক্লাব’ৰ সক্ৰিয় বিষয়ববীয়া হৈ থকাৰ বাবেই ব্যস্ততাৰে ভৰা এটা জীৱন যাপন কৰাৰ সুবিধাও পাইছোঁ। তাৰ মাজে মাজেই বেডমিন্টন, চেচ আদি খেল-ধেমালিত পোনপটীয়াকৈ অংশগ্ৰহণো কৰি যাওঁ।

সাহিত্য ডট অৰ্গ- এতিয়া এটা ব্যক্তিগত কথা সুধোঁ। মই কালি তোমাক ফোন কৰোঁতে তুমি “ব্যস্ত আছোঁ” বুলি কৈ নিশা চাৰে এঘাৰ বজাত মোলৈ ফোন কৰি ক’লা, “এতিয়াহে আজৰি হৈ ঘৰ পাইছোহি” বুলি। তোমাৰ জীৱনৰ ইমান ব্যস্ততাৰ কাৰণ কি?

ৰাজা- এই কেইদিন বিত্তীয় বছৰৰ অন্ত পৰাৰ লগে লগে আমাৰ বিত্ত বিভাগৰ কিছুমান জৰুৰী কাম থাকে। গতিকে কাৰ্যালয়ৰ সময়তকৈও কিছু বেছি সময় কাম কৰিব লগীয়া হৈছে। যি কি নহওক, নিশা আঠমান বজাত আমাৰ চ’চাইটি আহি পোৱাৰ পিছত দেখিলোঁ, এজন নতুনকৈ অহা ভাৰাতীয়াৰ কিছু অসাৱধানতাৰ বাবে এটা সৰু দুৰ্ঘটনা হৈ এখন গাড়ীৰ কিছু অনিষ্ট হ’ল। দুয়োজনৰ সমিলমিলত কথাষাৰৰ অন্তও পৰিছিল। কিন্তু কিছুমান লোকে এই নতুন ভাৰাতীয়াজনক অনাৱশ্যকভাবে ব্যতিব্যস্ত কৰাত লাগিছে। মই কথাষাৰৰ উমান লৈ নতুন ভাৰাতীয়াজনৰ হৈ মাত মাতি তেওঁক এই সমস্যাৰ পৰা মুক্ত কৰিলোঁ। নহলে, নতুন মানুহজনৰ চ’চাইটিৰ বাসিন্দা সকলৰ প্ৰতি এটা বেয়া ভাব উপজিলহেঁতেন। সেইটো সমস্যা শেষ কৰোঁতেই এজনৰ ফোনৰ পৰা গম পালোঁ যে এজন চিনাকি মানুহ কভিডৰ বাবে হস্পিতালত ভৰ্তি হৈ আছে। অক্সিজেন চিলিণ্ডাৰ নোহোৱাৰ বাবে ৰোগীৰ অৱস্থা জটিল হৈ পৰিছে। মই আকৌ অক্সিজেন চিলিণ্ডাৰৰ যোগাৰ কৰি তেওঁ থকা হস্পিতালখনলৈ পঠিয়াই দি তেতিয়াহে আজৰি হৈছিলোঁ।

সাহিত্য ডট অৰ্গ:- ৰাজা, তোমাক মই প্ৰথম লগ পোৱাৰে পৰা দেখিছোঁ, কাৰোবাৰ বিপদ দেখিলে তুমি নিজলৈ চিন্তা নকৰাকৈ সদায়ে সহায়ৰ হাত আগবঢ়ায় আহিছা। আজি ইমান কেইবছৰৰ পিছতো তোমাৰ এই মনোভাৱৰ সলনি হোৱা নাই। ভগবানে তোমাক সদায়ে এনেকৈয়ে শাৰিৰীক আৰু মানসিক ভাবে সক্ষম কৰি ৰাখক। সাহিত্য ডট অৰ্গ নামৰ আলোচনীখনৰ ফালৰ পৰা তোমাক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

ৰাজা: বহুত ধন্যবাদ ‘চাৰজী’। আপোনাৰ সতে জীৱনটো আকৌ এবাৰ সোৱঁৰণ কৰি মই অভিভূত হৈ পৰিলোঁ।

সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতা-
আৰমান হাজৰিকা
নৱী-মুম্বাই, খাৰঘৰ। 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Ranjit Kumar Sarma
3 years ago

ভাল লাগিল পঢ়ি৷ তেওঁৰ মনোবল আৰু কাৰ্যক শলাগিছোঁ৷

Don`t copy text!