দেউতা
লেখক- আদ্যাশা তেজস্বী
সাম্প্ৰতিক ধামখুমীয়াত যেতিয়া
নিজৰ গাড়ীত ঘূৰিও অসন্তুষ্টিৰে
জীৱনটো অতিবাহিত কৰো ;
তেতিয়াই সেই সোণালী সময়বোৰ বৰকৈ মনত পৰে অ’ দেউতা ;
তুমি পুৰণা চাইকেল শখন
মেৰামতি কৰি কৰি যে
সেই সৰু চৰকাৰী চাকৰিটোৰ বাবে চহৰলৈ যোৱা বহুত হেঁপাহেৰে ৷
দিনটোৰ কিছু ব্যস্ততাৰ বাবে
যেতিয়া তোমাক ফোন এটা কৰিও
মাত এষাৰ দিব নোৱাৰো;
তেতিয়াই আবেগিক হৈ পৰো দেউতা ;
মাজ ৰাতি ডেৰ বজাত উঠি,
মায়ে ৰান্ধি দিয়া ভাত কেইটা খাই,
হাজাৰ খৰখেদাৰ মাজতো ককাইদেউ
আৰু মোক শুই থকা অৱস্থাত
মূৰটো মোহাৰি যাবলৈ নাপাহৰা ৷
আধুনিক বৈজ্ঞানিক সা-সুবিধাৰ মাজতো যেতিয়া সামান্য ভাগৰকে
কষ্ট বুলি অজুহাত উলিয়াও;
তেতিয়াই বৰকৈ মনত পৰে দেউতা;
তুমি মাজৰাতি মেঘৰ গাজনি , বতাহ-ধুমুহাৰ মাজতো
দুৰ্দান্ত সৈনিকৰ দৰে
গাত ‘ৰেইন কোট’ যোৰকেই
ৰক্ষাকৱচৰ দৰে লগায়
সেই পুৰণা চাইকেল খনকেই
সাৰথি কৰি কৰ্মস্থানলৈ যোৱা ৷
সামান্য অজুহাততেই যেতিয়া কৰ্মস্থলীলৈ সঠিক সময়ত
ৰাওঁনা হ’ব নোৱাৰো ;
তেতিয়াই সেই সোণালী ক্ষণবোৰ
মনত পৰি আবেগিক হওঁ দেউতা;
দুই বজাত এলাৰ্ম দি
ডেৰ বজাত উঠা তুমিজনক,
কেতিয়াবা যে মই খং কৰো ,
দেউতাই কিয় এলাৰ্ম দি,
মোৰ কেঁচা টোপনি ভাঙে!
যেতিয়া আজিও কামৰ অজুহাতত
সন্তানৰ বাবে সময়ত
কিবা এটা লব নোৱাৰো ;
তেতিয়াই আবেগত উচুপি উঠো ;
মাহৰ অন্তত দৰমহাৰপৰা পঢ়া আৰু হোষ্টেলৰ খৰচৰ বাবে প্ৰয়োজনতকৈও অধিক হাতত তুলি দিছিলা ;
অথচ নিজেই সেই একেই কেইযোৰ
কাপোৰকে প্ৰত্যেই দিনাই
সুন্দৰকৈ ধুই পৰিপাটীকৈ
পৰম তৃপ্তিৰে পিন্ধিছিলা৷
যেতিয়া তোমাৰ অসুখত আজিও
সামান্য খৰচ এটাও দিব নোৱাৰো;
তেতিয়াই চৰম আঘাত পাওঁ;
তুমি যেতিয়া আজিও ঘৰলৈ গ’লে
টকা হাজাৰটা আৰু কেতিয়াবা বেছি
মোৰ হাতত গুজি দি কোৱা
প্ৰয়োজনত খৰচ কৰিবি ৷
এতিয়াও যেতিয়া কাম এটা
সন্তুষ্টিৰে কৰিব নোৱাৰো;
তেতিয়াই বৰকৈ মনত পৰে
তুমি কোৱা কথাষাৰলৈ
“জীৱনত যিটো কামকে কৰ
আন্তৰিকতাৰে কৰিবি।”
আজিও যেতিয়া সাংসাৰিক যাত্ৰাত
তৰ্ক-বিতৰ্ক হয়;
তেতিয়াই বৰকৈ মনত পৰে;
তুমি কোৱা কথাষাৰ ,
“তহঁতৰ বাবে মায়ে যি কৰিছে,
সেইয়া আন্তৰিক সৰলতাৰে কৰিছে ৷”
কেনেদৰে ইমান অভাৱ অনাটনৰ মাজতো তোমালোকে ইমান সুচাৰুৰূপে
পালন কৰিছিলা সংসাৰ ধৰ্ম ৷
দেউতা তুমি কোৱাৰ দৰে
সত্যৰ পথত সদায় থাকিলো ;
কিন্তু বাকীবোৰ নোৱাৰিলো হ’ব ৷
সঁচাই বহুত আবেগিক হৈ পৰো দেউতা!
আচলতে তুমি আমাক
পঢ়াই শুনাই মানুহ কৰি
জীৱনত সফল হ’লা দেউতা ৷
কিন্ত পঢ়ি শুনি আৰু
তথাকথিত মানুহ হৈওঁ
মই সফল হ’ব নোৱাৰিলো দেউতা ৷
ভগৱানৰ ওচৰত মাথো প্ৰাৰ্থনা
মূৰৰ ওপৰত ছাঁ দি থকা বৰগছজোপা
(দেউতা)ক সুস্বাস্থ্যৰে দীৰ্ঘজীৱী কৰা ৷
আবেগিক হৈ গ’লো কবিতাটি পঢ়ি