পানী ৰহস্য

লেখক- (মূল) হুমায়ূন আহমেদ (অনুবাদক কলচুম বিবি)

মবিন চাহাবে বাগিছাৰ ফুলৰ গছত পানী দি আছে। তেওঁৰ সম্মুখতে জয়নাল ৰৈ আছে। বহু সময় ধৰি আছে, মাজে মাজে খুক খুককৈ কাহিছে, ভৰিৰ বুঢ়া আঙুলিৰে মাটিত চানেকি আঁকিছে, মুখেৰে একো মাত-বোল কৰা নাই। মবিন চাহাবে ক’লে-

-কিবা কবি নেকি জয়নাল? জয়নালে লাজেৰে হাঁহিলে। তাৰ অলপতেই লাজ লাগে।

মবিন চাহাবে ক’লে- আজি একো কাম-কাজ নাই?

-হয়, নাই।

জয়নালৰ বয়স চল্লিশৰ ওপৰত। বিয়া-চিয়া পতা নাই। অকলশৰীয়া মানুহ। এখন কমাৰৰ দোকানত কাম কৰে। হাপৰ চলায়, কয়লাত ফুঁক দিয়ে। ৰাতি সেই দোকানৰ এফালে চটি পাৰি শুই থাকে। মবিন চাহাবে এবছৰ মান আগেয়েই কমাৰৰ দোকানত লৌহদণ্ড এডাল বনাবলৈ দিছিল। জয়নালে তেওঁক বহাই ৰাখি লৌহদণ্ড বনাই দিছিল। নামমাত্ৰ দাম লৈছিল। সেই সূত্ৰে চা-চিনাকি। মবিন চাহাবৰ অনুভব হৈছে জয়নাল বৰ ভদ্ৰ, বৰ সজ্জন স্বভাৱৰ মানুহ। অলপমান মূৰ্খ। তাতে কি আহে-যায়। চতুৰ দুষ্ট লোকতকৈ বুৰ্বক সজ্জনেই ভাল। সি বন্ধ-ছন্ধ পালে মবিন চাহাবৰ ঘৰলৈ আহে। একো নকয়, মূৰ তল কৰি চুপচাপ থাকে। মবিন চাহাবে তেওঁৰ নাতিনীসকলৰ লগত গল্প-গুজব কৰে, সি বৰ আগ্ৰহেৰে শুনে। আজিও বোধহয় গল্প শুনাৰ লোভতেই আহিছে। মবিন চাহাবে গছৰ গুৰিত পানী ঢালি ঢালি ক’লে-

-কি হ’ল জয়নাল, কিবা কবি?

জয়নালে মূৰ লৰাব ধৰিলে। ভৰিৰ বুঢ়া আঙুলিৰে চানেকি বনোৱা কামটোৰ গতি তীব্ৰ হ’ল। কেইবাবাৰো খুকখুককৈ কাহিলে।

-কিবা কব লগা থাকিলে কৈ দিব লাগে। ইমান লাজ কিহৰ?

-সেই গল্পটো আকৌ শুনিবলৈ আহিছোঁ।

মবিন চাহাবে বিস্ময়েৰে সুধিলে -কি গল্প?

-পানীৰ ওপৰেৰে যে খোজ কাঢ়ে–।

-এবাৰটো শুনিছিলা, আকৌ কিয়?

-মন গৈছে।

মবিন চাহাবে তেওঁৰ নাতিনীসকলক টলষ্টয়ৰ এটা বিখ্যাত সাধু কৈছিল। যি গল্পত কেইবাজনো বাওনাৰ সাধু আছে। সিহঁতে এটা নিৰ্জন দ্বীপত বাস কৰে আৰু নিজৰ মতে ঈশ্বৰৰ নাম-গুণ কৰে। সমুদ্ৰৰ ওপৰেদি খোজ কাঢ়ি যোৱাৰ অদ্ভুত ক্ষমতা সিহঁতৰ আছিল। এই গল্প জয়নালেও শুনিছে। বুৰ্বক যে হয়তো ভালদৰে বুজিব পৰা নাই। এতিয়া ভালদৰে বুজিব বিচাৰিছে।

মবিন চাহাবে ক’লে- বহ মোৰ সন্মুখত, গল্পটো আকৌ এবাৰ কওঁ।

জয়নাল বহিল। মবিন চাহাবৰ কাষৰ পৰা কোৰখন টানি লৈ মাটি খান্দিবলৈ ধৰিলে। তাক বাধা দি লাভ নাই। সি কাম নকৰাকৈ থাকিব নোৱাৰে। সি যিমানবাৰ আহিছে ইটো-সিটো কৰি দিছে। মবিন চাহাবে কাহিনী আৰম্ভ কৰিলে। জয়নালে একান্তমনে শুনিবলৈ ধৰিলে।

গল্প শেষ হোৱাৰ পৰত সি নিশ্বাস পেলাই ক’লে- সিহঁত সাধু আছিল?

-অ’ সাধাৰণ মানুহেতো আৰু পানীৰ ওপৰেৰে খোজকাঢ়িব নোৱাৰে।

-কিয় নোৱাৰে চাৰ?

-মানুহৰ ওজন পানীতকৈ বেছি। আৰ্কিমিডিছৰ এটা সূত্ৰ আছে। তইতো নুবুজিবি। লেখা-পঢ়া নাজানিলে বুজা টান।

জয়নালে নম্ৰভাৱে ক’লে- লেখা-পঢ়া জানো। ক্লাছ থ্ৰিলৈকে পাছ কৰিছিলোঁ। পাঁচৰ ঘৰলৈ পূৰণৰ নেওঁতা জানো।

-পাঁচৰ ঘৰলৈ নেওঁতা জানিলে নহ’ব, আৰু বেছি পঢ়া-শুনা লাগিব।

– হয়। চাৰ আজি উঠো।

-বাৰু যা।

জয়নাল উঠি ঠিয় হ’ল যদিও গুছি নগ’ল। আকৌ খুকখুককৈ কাহিব ধৰিলে। ভাব হৈছে সি আৰু কিবা কব বিচাৰে।

মবিন চাহাবে ক’লে- কিবা কবি?

জয়নালে বিব্ৰত হৈ ক’লে- সাধু হোৱাৰ নিয়মটোনো কি?

-কিয়, তই সাধু হ’বলৈ বিচাৰ নেকি?

জয়নালে মূৰ তললৈ কৰিলে। তাৰ ভাবভঙ্গী দেখি সি সাধু হ’বলৈ বিচাৰিছে যেন লাগিছে।

মবিন চাহাবে ক’লে- সাধু হোৱা বৰ কঠিন। নিৰ্লোভ হ’ব লাগে। পৰৰ মংগলৰ বাবে জীৱন উছৰ্গা কৰিব লাগে। তেওঁলোকে কেতিয়াও মিছা কথা নকয়। সাধাৰণ মানুহে মিছা কথা নোকোৱাকৈ থাকিব নোৱাৰে। অলপ হ’লেও মিছা কয়।

জয়নালে প্ৰায় ফুচফুচাই ক’লে- চাৰ মই মিছা নকওঁ।

-ভাল। বৰ ভাল।

-মোৰ কোনোধৰণৰ লোভো নাই।

মবিন চাহাবে হাঁহি হাঁহি ক’লে-তইতো তেনেহ’লে সাধুৰ পৰ্যায়লৈ গুছি গৈছ।

জয়নালে লাজ পাই ক’লে- চাৰ আহো?

-বাৰু যা। আৰু শুন অলপ ৰখ।

মবিন চাহাবে ঘৰৰ পৰা এটা পুৰণি কোট আনি দিলে। কোটৰ ৰংটো জ্বলি গৈছে, হাতৰ কাষত পোকে কাটিছে। হ’লেও বৰ গৰম। জয়নালে ব্যৱহাৰ কৰিব পাৰিব। মবিন চাহাবে লক্ষ্য কৰিছে যে এই ঠাণ্ডাতো জয়নালে পাতল এটা পায়জামা পিন্ধি থাকে। খালী ভৰিৰে খোজ কাঢ়ে। জয়নালে কোট পাই অভিভূত হৈ গ’ল। তাৰ দুচকু ভৰি আহিল। সি হাওলি মবিন চাহাবৰ ওচৰত মূৰ দোৱালে। যিদিনাখন কোটটো দিছিল সেইদিনাখন সন্ধিয়া মবিন চাহাবৰ লগত জয়নালৰ আকৌ দেখা হ’ল। কোট পিন্ধি জয়নাল ফিটফাট হৈ আহিছে। সি ৰাস্তাৰ ভাঁজ এটাত উবুৰি হৈ বহি এটা কুকুৰক পাউৰুটী ছিঙি ছিঙি দিছে। কুকুৰটোক ফুচফুচাই কৈছে,

-খা বাবা খা। কষ্ট কৰি খা। পিছৰ বাৰ তোৰ বাবে মাংসৰ যোগাৰ কৰিম। নাখালে শৰীৰত বল নাহিব নহয়।

মবিন চাহাব থমকি ৰ’ল।

-কিনো কৰিছ জয়নাল?

-একো নাই চাৰ।

-কুকুৰক পাউৰুটী খুৱাইছ, কথাটো কি?

-চাৰ চলা-ফুৰা কৰিব নোৱাৰে। দুইখন ঠেং ভঙা, জিভা উলিয়াই আছে। ঠেঙৰ ওপৰেৰে গাড়ী পাৰ হৈ গৈছে।

-তই কি সদায় এনেকৈ খুৱাই থৈ যা?

মবিন চাহাবে চালে কুকুৰটো সঁচাকৈয়ে অন্তিম অৱস্থা। এনে লাগিছে তাৰ অকল ঠেঙেই নহয় কঁকালটোও ভাঙিছে। কিবাকৈ বাচি আছে। মানুহ হ’লে মৰি গ’ল হয়।

জয়নালে একো নক’লে। হাঁহিলে।

মবিন চাহাবে ক’লে- ছিঙি ছিঙি পাউৰুটী মুখত দিয়াৰ প্ৰয়োজন কি? সন্মুখত পেলাই দিলে নিজে খাব।

-হয়।

জয়নালে পাউৰুটি পেলাই থৈ মবিন চাহাবৰ লগে লগে আহিব ধৰিলে।

মবিন চাহাবে ক’লে- কোটটোৱে ঠাণ্ডা গুচাব পাৰিছেনে?

-হয় চাৰ। পাৰিছে।

-কোট পিন্ধি খালী ভৰিৰে খোজ কাঢ়িলে ভাল নেদেখি। এযোৰ চেণ্ডেল কিনি লবি।

-হ’ব বাৰু।

-ঘৰলৈ আহিবি। এযোৰ পুৰণি জোতা দিম। তোৰ ভৰিত হ’লেই হ’ল আৰু। তোৰ ভৰিখন যিহে ঢেপেচা।

জয়নালে হাঁহি দিলে। ভৰিখন ঢেপেচা বুলি কোৱা বাবে সম্ভৱপৰ সি খুব ভাল পাইছে।

মবিন চাহাবে ক’লে- তই মোৰ পিছে পিছে আহিছ কিয়?

-চাৰ এটা কথা সুধিম।

-সোধ?

-সিহঁতৰ নাম কি?

-কাৰ নাম? স্পষ্ট কৰি সোধ?

-সাধু। যিসকলে পানীৰ ওপৰেৰে খোজ কাঢ়ে।

-এতিয়াও সেই গল্পটো মূৰত সোমায়েই আছে। সাধুসকলৰ কোনো নাম নাই, যিজনে এই গল্পবোৰ লিখিছে তেওঁৰ নাম টলষ্টয়। বৰ ডাঙৰ লেখক।

-ডাঙৰটো হ’বই চাৰ। সত্য কথা লিখিছে। পানীৰ ওপৰেৰে খোজ কঢ়া সহজ কথাটো নহয়। বাৰু চাৰ, এই পৃথিৱীত কিমানজন মানুহ আছে যিয়ে পানীৰ ওপৰেৰে খোজ কাঢ়িব পাৰে?

মবিন চাহাবে উত্তৰ নিদিলে। নিৰ্বোধ লোকসকলৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়া নাযায়। উত্তৰ দিবলৈ গ’লে জঞ্জালত পৰিবলগীয়া হয়। জয়নালেও উত্তৰৰ বাবে বিশেষ তৎপৰ হোৱা দেখা নগ’ল। মবিন চাহাবক তেওঁৰ ঘৰৰ গেট পৰ্যন্ত আগুৱাই দিলে। ইমানদিন ঠাণ্ডাত চলা-ফুৰা কৰি জয়নালৰ একো হোৱা নাছিল। গৰম কোট পিন্ধাৰ তিনি দিনৰ মূৰত তাৰ ঠাণ্ডা লাগিল। প্ৰথমে ছৰ্দি-জ্বৰ, তাৰপিছত একেবাৰে শয্যাশায়ী। খবৰ পাই মবিন চাহাবে দেখা কৰিবলৈ আহিল। জুপুৰী ঘৰটোৰ এটা কোণত চটিৰ ওপৰত পৰি আছে। তাৰ গাত কোটটো। কোটটো পায়েই সি যে গাত দিছিল বোধহয় আৰু খোলা নাই। আনহাতে জুইশালত উত্তপ্ত জুইৰ শিখা। এইধৰণৰ অস্বাস্থ্যকৰ পৰিৱশত পশুও থাকিব নোৱাৰে।

মবিন চাহাবে দুখমনেৰে ক’লে- কেনে আছ?

জয়নালে হাঁহিমুখে ক’লে- বৰ ভালদৰে আছোঁ।

-বুজিছোঁ তোৰ ভালে থকাৰ নমুনা? গাত জ্বৰ আছে?

-নাই।

মবিন চাহাবে জয়নালৰ কপালত হাত দি চক খাই উঠিল- গা পুৰি আছে। কি চিকিৎসা কৰিছ?

জয়নালে উত্তৰ নিদিলে। তাৰ মানে একো চিকিৎসা হোৱা নাই। যি অৱস্থাত আছে, তাক হস্পিতালত ভৰ্তি কৰাৰ প্ৰয়োজন। মবিন চাহাবৰ পক্ষে ৰোগী লৈ টানাটানি কৰা সম্ভৱপৰ নহয়। তেওঁৰ নিজৰ বহুত কাম-কাজ আছে।

-তোৰ আত্মীয়স্বজন ইয়াতে কোন আছে?

-কোনো নাই চাৰ।

-খোৱা-লোৱা কোনে দি যায়?

-চাহৰ দোকানখনৰ পৰা ইয়াকুব নামৰ এটা ল’ৰা আহি দি যায়। বৰ ভাল ল’ৰা। অন্তৰত বৰ মৰম আছে।

-ল’ৰাটোক কবি মোৰ লগত যেন দেখা কৰে।

-হ’ব বাৰু।

-চিন্তা নকৰিবি। তোৰ চিকিৎসাৰ ব্যৱস্থা মই কৰিম।

জয়নালৰ দুচকু ভৰি আহিল। মনুহ ইমান ভাল হয়! সি চাৰ্টৰ হাতেৰে চকু মচি মচি ক’লে

-ছাৰৰ ওচৰত এটা দাবী আছিল।

-ক কি দাবী?

-সেই গল্পটো যদি আকৌ এবাৰ ক’লেহেঁতেন। গল্পটো শুনিবলৈ মন গৈছে।

-কোনটো গল্প?

-পানীৰ ওপৰেৰে যে খোজ কাঢ়ে।

-সেই গল্পটো শুনিছিলি দেখোন, আকৌ কিয়?

-শুনিবলৈ মন গৈছে।

-জ্বৰত মৰি আছ, গল্প শুনা নহ’ব। জিৰণি ল। ঘুমাবলৈ চেষ্টা কৰ।

-হ’ব বাৰু।

মবিন চাহাব থিয় হ’ল, জয়নালে ক’লে- চাৰ, আমি যিসকল সাধাৰণ মানুহ সেইসকলৰ বাবে পানীৰ ওপৰেৰে খোজ কঢ়াটো আল্লাই নিষেধ কৰিছে নেকি?

-নিষেধ-টিষেধ একো নাই। মানুহে পানীৰ ওপৰেৰে খোজ কাঢ়িব নোৱাৰে, কিন্তু মকৰাই পাৰে। আকৌ মানুহ উৰিবও নোৱাৰে, কিন্তু চৰাইয়ে উৰিব পাৰে। প্ৰত্যেকৰ বাবে বেলেগ বেলেগ ব্যৱস্থা এয়াই হৈছে নিয়ম।

জয়নালে চকু-মুখ উজ্জ্বল কৰি ক’লে-

-কিন্তু চাৰ কোনো কোনোৱে পানীৰ ওপৰেদি খোজ কাঢ়িব পাৰে।

মবিন চাহাবে বিৰক্ত হৈ ক’লে- নহয়তো। মানুহে আকৌ পানীৰ ওপৰেৰে কিয় খোজ কাঢ়িব। তাৰ উপৰিও তাৰ দৰকাৰেই বা কি? মানুহৰ বাবে নাও আছে। জাহাজ আছে।

-তাৰপিছতো চাৰ কোনো কোনো মানুহে পানীৰ ওপৰেৰে খোজ কাঢ়ে। আপুনি নিজেই কৈছিল।

-আৰে গাধ, মই যিটো কৈছিলোঁ সেইটো হৈছে এটা গল্প।

জয়নাল বিচনাত উঠি বহিল। উত্তেজিত হৈ ক’লে-গল্প নহয, সঁচা ঘটনা। কোনো কোনো মানুহ পানীৰ ওপৰেৰে খোজ কাঢ়িব পাৰে, একো নহয়, কেৱল ভৰিৰ পতাটো ভিজে।

-মনে মনে শুই থাক, গাধ।

জয়নালে কাতৰ হৈ ক’লে-হাত জোৰ কৰি আপোনাক এটা কথা কও চাৰ। মই নিজেই পানীৰ ওপৰেৰে খোজ কাঢ়িব পাৰোঁ। সঁচাকৈ পাৰোঁ। এই কথাটো কোনোদিনে কাকো কোৱা নাই, আজি আপোনাক ক’লোঁ। চাৰ ঘটনাটো আপোনাক কওনে?

মবিন চাহাবে আগ্ৰহহীনেৰে ক’লে- বাৰু আজি থাকক, বেলেগ এদিন শুনিম।

-মোৰ খুব ইচ্ছা আপোনাক কথাটো কোৱাৰ। আপুনি হৈছে জ্ঞানী মানুহ, আপুনি বুজিব, বৰ আচৰিত ঘটনা।

-ঘটনাটো বেলেগ এদিন শুনিম। ৰাতিৰ ট্ৰেইনত নেত্ৰকোনা যাম।

-হয় বাৰু।

মবিন চাহাবে জয়নালৰ কথাৰ কোনো গুৰুত্ব নিদিলে। মূৰত জ্বৰ উঠিছে। আবোল-তাবোল বকি আছে।

মবিন চাহাবে ক’লে- জয়নাল, চাহ দোকানৰ ল’ৰাটো আহিলে পঠিয়াই দিবি। ৰাতি দহটাৰ আগতেই যেন আহে। দহটা বজাত মই গুছি যাম।

-ভাল বাৰু, চাৰ।

চাহৰ দোকানৰ কোনো ল’ৰা মবিন চাহাবৰ কাষলৈ নাহিল। তেওঁ নেত্ৰকোনা গুছি গ’ল। তিনিদিন পাছত উভতি আহিল। আহিয়েই জয়নালৰ খবৰ কৰিলে। সি আগৰ ঠাইত নাই। জ্বৰ প্ৰৱল হোৱা বাবে তাক হস্পিতালত ভৰ্তি কৰা হৈছে।

কমাৰশালৰ মালিক সতীশে ক’লে- অৱস্থা সুবিধাজনক নহয়। শ্বাস-প্ৰশ্বাসত কষ্ট হৈছে।

মবিন চাহাবে ক’লে- ডাক্তৰে কি ক’লে? তাৰ কি হৈছে?

-নিমোনিয়া। বৰ বেয়া নিমোনিয়াটো। ডাক্তৰে কৈছে বাচেনে নাই ঠিক নাই। তথাপিও চিকিৎসা হৈ আছে।

-কি কোৱা!

-চাৰ জয়নাল হৈছে আপোনাৰ পাগল টাইপৰ মানুহ। দেহৰ কোনো যত্ন নাই। মোৰ ইয়াতে দহ বছৰ আছে। এই দহ বছৰত তাক গা-ধোৱা দেখা নাই। পানীৰ বিষয়ে তাৰ জানো কি আছে। সি পানীৰ কাষলৈকে নাযায়।

-নাযায় কিয়?

-একো নকয়, কেৱল হাঁহে। তথাপিও চাৰ, পাগল টাইপৰ হ’লেও মানুহ ভাল। ধৰক, মোৰ ইয়াতে পেটে-ভাতে খাই আছিল। ব্যবসায়ে নাই, কি দিম কওক। নিজে চলিব নোৱাৰো। কিন্তু চাৰ এই লৈ কোনোদিনে সি আমাক এটা কথাও কোৱা নাই। মোক নজনোৱাকৈ মাজে মাজে সি ষ্টেচনত কুলিৰ কাম কৰে। সেই পইচা দি সি কি কৰে জানে চাৰ?

-কি কৰেনো?

-দুনীয়াৰ কাউৰীবোৰক পাউৰুটী কিনি খুৱায়।

-কিয়?

-ক’লো নহয় চাৰ, পাগল টাইপৰ মানুহ। তাৰ মনটো পানীৰ দৰে পৰিষ্কাৰ।

মবিন চাহাবে তাক চাবলৈ হস্পিতাললৈ গ’ল। বিচনাত মৰাৰ দৰে পৰি আছে। জ্বৰত আচ্ছন্ন। শ্বাস-প্ৰশ্বাসত কষ্ট হৈছে। কমাৰৰ হাপৰৰ দৰেই বুকু উঠা-নমা কৰিছে।

মবিন চাহাবে ক’লে- কেনে আছ ঐ জয়নাল?

জয়নালে বৰ কষ্টেৰে চকু মেলি ক’লে- চাৰ, ভালে আছোঁ।

-কেনেদৰে ভালে আছোঁ বুলি কৈছ? তইতো মৰিবলৈ ওলাইছ গাধ?

জয়নালে ৰৈ ৰৈ ক’লে- আপোনাক এটা ঘটনাৰ কথা কম চাৰ। ঘটনাটোৰ কথা নক’লে মনটো শান্ত নহব চাৰ।

-কি ঘটনা?

-পানীৰ ওপৰেৰে খোজকঢ়াৰ কথা। মই সাধু নহয় চাৰ, পীৰ-ফকিৰো নহয়, কিন্তু মই—।

জয়নালে ফোঁপাব ধৰিলে। তাৰ কপালৰ পৰা টপটপকৈ ঘাম ওলাব ধৰিলে।

মবিন চাহাবে ক’লে-এতিয়া অলপ জিৰণি লোৱা। তোৰ সকলো ঘটনাই শুনিম।

-চাৰ আপুনি জ্ঞানী মানুহ, আপুনি শুনিলে বুজিব। যি কম সকলোখিনিয়েই সঁচা। মই জীৱনত মিছা কোৱা নাই। মই চাৰ পানীৰ ওপৰেৰে খোজ কাঢ়িব পাৰোঁ। কেৱল ভৰিৰ পতা ভিজে আৰু একো নহয়। বিৰাট ৰহস্যজনক চাৰ–‘

-শুনিম তোৰ বিৰাট ৰহস্যজনক কথা মন দি শুনিম। এতিয়া ঘুমাবলৈ চেষ্টা কৰ। শৰীৰৰ যি অৱস্থা দেখিছো—‘

-কুকুৰটোৰ কাৰণে মনটো টানে চাৰ। ঠেং ভঙা, নিজে যে বিচাৰ-খোচাৰ কৰি খাব তাৰো উপায় নাই। কোনোবাই দিলে খায়, নিদিলে তেনেকৈ থাকে। বোবা প্ৰাণী, কাকো কবও নোৱাৰে।

-বাৰু, মই কুকুৰটোক বিচাৰিম।

-আপোনাৰ বহুত উপকাৰ হ’ব।

-তই বোলে কাউৰীবোৰক পাউৰুটী ছিঙি খুওৱা, সঁচা নেকি?

জয়নালে লাজেৰে হাঁহিলে। মবিন চাহাবে ক’লে-কাউৰীক পাউৰুটী খুওৱাৰ দৰকাৰেইবা কি? সিহঁতৰতো আৰু খোৱাৰ অভাৱ হোৱা নাই। সিহঁতৰ ডেউকাও ভঙা নাই।

জয়নালে বিব্ৰত ভঙ্গীৰে ক’লে- কাউৰীবোৰক কোনেও পচন্দ নকৰে। আদৰ কৰি কোনেও খাবলৈ নিদিয়ে। এই ভাবিয়েই–

-বাৰু ঠিক আছে। তই আৰু কথা নকবি। শুই থাক। মই কাইলৈ আহি আকৌ খবৰ লম।

-আপোনাৰ দৰে দয়াশীল মানুহ মই এই জীৱনত দেখা নাই। জয়নালৰ চকুৰ পানী ওলাব ধৰিলে।

মবিন চাহাবে পাছদিনা তাক আকৌ চাবলৈ আহিল। অৱস্থা আগতকৈ আৰু বেছি বেয়া হৈছে। চকু ৰঙা হৈছে। বুকু যিদৰে উঠা-নমা কৰিছে অনুভব হৈছে শ্বাস-প্ৰশ্বাসত কষ্ট হৈছে। ৰাতি ডক্তৰে অক্সিজেন দিয়াৰ চেষ্টা কৰিছিল। তাতে তাৰ বৰ আপত্তি। কোনোপধ্যেই সি নাকৰ ওপৰত সেইটো নধৰে।

মবিন চাহাবে ক’লে- কেনে আছ জয়নাল?

জয়নালে ফুচফুচাই ক’লে- বৰ ভাল চাৰ। বৰ ভাল। ঘটনাটো কমনে?

-কি ঘটনা?

-পানীৰ ওপৰেৰে খোজকঢ়াৰ ঘটনাটো। নোকোৱাকৈ যদি মৰি যাওঁ তেনেহ’লে এটা আফচোচ থাকিব। কওঁ–? কাষলৈ আহি বহক। মই জোৰে কথা কবলৈ নোৱাৰো।

মবিন চাহাব কাষলৈ আহি বহিল। জয়নালে ফুচফুচাই প্ৰায় অস্পষ্ট মাতেৰে কবলৈ ধৰিলে-

-সৰুৰে পৰাই মোৰ পানীলৈ ভয় চাৰ। বৰ ভয়। মই কোনোদিনেই পুখুৰীত নমা নাই, নদীতো নমা নাই। এবাৰ মামাৰ ঘৰলৈ গৈছিলোঁ, মামাৰ ঘৰ সান্দিকোনাত- ঘৰৰ কাষতে নদী। বৰ সুন্দৰ নদী। মই গধূলি সময়ত নদীৰ পাৰত খোজ কঢ়া-কঢ়ি কৰোঁ। এদিন খোজ কাঢ়ি আছোঁ-হঠাৎ খচমচ শব্দ শুনিলোঁ। নদীৰ সিটো পাৰত গৰুৰ পোৱালি এটা পানীত পৰি গৈছে। গৰু-ছাগলী এইবোৰে কিন্তু চাৰ জন্মৰ পৰাই সাঁতুৰিব জানে। ইহঁত পানীত নুডুবে। কিন্তু দেখিলোঁ এই পোৱালীটো পানীত ডুবিব ধৰিছে। এবাৰ ডুবে, এবাৰ ভাঁহি উঠে। ঠেঙৰ ৰছী পাক খাই কিবা এটা হৈছে। পোৱালিটো বাৰে বাৰে ভাঁহি উঠে আৰু মোৰ ফালে চায়। মোক মাতে। তাৰ মাতত কি যে কষ্ট। মোৰ মূৰটো হঠাত কি জানো হ’ল। মই যে সাতুৰিব নাজানো, পানীলৈ যে ভয় কৰোঁ পাহৰি গ’লোঁ- দৌৰ দিলোঁ। একে দৌৰে পোৱালিটোৰ কাষত গৈ উপস্থিত হ’লোঁ। পানীৰ পৰা পোৱালিটো তুলি দেখিলোঁ মই নিজে পানীৰ ওপৰত ৰৈ আছোঁ। মই খোজকাঢ়িয়েই নদী পাৰ হৈছোঁ, কেৱল মোৰ ভৰিৰ পতা ভিজিছে। আৰু একো ভিজা নাই- এতিয়া চাৰ আপুনি মোক কওক কথাটো কি? ঘটনাটো কি?

মবিন চাহাবে সুধিলে- এনেকুৱা আৰু হৈছে নেকি?

-নাই হোৱা, সেয়ে প্ৰথম, সেয়ে শেষ। আৰু কোনোদিনেই মই পানীত নমা নাই। এতিয়া আপুনি যদি কয় মই এবাৰ পানীত নামি চাম। অৱশ্য়ে মই সাধুও নহয়-পীৰ-ফকিৰো নহয়।

মবিন চাহাবে ক’লে- কোনে জানে! তই হয়তো বৰ ডাঙৰ সাধু-তই নিজেতো নাজনই।

জয়নালে কান্দি কান্দি ক’লে- চাৰ মই এজন সাধাৰণ মানুহ। অতি সাধাৰণ, তথাপিও চাৰ সাধু হ’বলৈ মন যায়। বৰ ইচ্ছা যায়।

মবিন চাহাবে ক’লে- আৰু কথা নকবি জয়নাল। তোৰ কষ্ট হৈছে, শুই থাক।

-মোৰ কুকুৰটো পাইছিল?

-বিচাৰিছোঁ। এতিয়াও পোৱা নাই। পালে ভাত খাবলৈ দিম। চিন্তা কৰিব নালাগে। ৰাতি আহি খবৰ লৈ যাম।

জয়নালে হাঁহিলে। তৃপ্তিৰ হাঁহি, আনন্দৰ হাঁহি।

ৰাতি খবৰ লবলৈ আহি মবিন চাহাবে শুনিলে জয়নাল ঢুকাইছে। মবিন চাহাবে বৰ দুখমনেৰে হস্পিতালৰ বাৰান্দালৈ আহি এটা অদ্ভুত দৃশ্য দেখিলে- ৰাজ্যখনৰ সমস্ত কাউৰী বাৰান্দাত শাৰী পাতি বহি আছে। সিহঁতৰ পৰা অলপ দূৰত কঁকালভঙা কুকুৰটো বহি আছে। কেনেকৈ যে ইমান দূৰ আহিছে কোনে জানে?

মবিন চাহাবে দীৰ্ঘনিশ্বাস এৰিলে। এই জগতত কিমান যে ৰহস্য আছে। কোনোবা দিনা এই সকলোৰে ৰহস্য ভেদ হ’বনে?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments