নৱানগৰৰ মহাৰাজৰ কাহিনী

লেখক- পংকজ কুমাৰ নেওগ

মাত্ৰ ছবছৰ বয়সত ফেলিক্স স্কাজিঘিনো আৰু তাৰ পৰিয়ালৰ সকলো লোক পোলেণ্ডৰ পৰা চাইবেৰিয়াৰ কেম্পলৈ নিৰ্বাসিত হ’ল। চাইবেৰিয়াত দুবছৰ থকাৰ পিছত বাকীবোৰ উদ্বাস্তুৰ দৰে ফেলিক্সহঁতে মুক্তি পালে, কিন্তু সিহঁত যাব ক’লৈ? কোনেও ভগনীয়া সকলক আশ্ৰয় নিদিয়ে। থিক তেনে মুহূৰ্তত ভাৰতবৰ্ষৰ দয়ালু মহাৰাজ এজনে স্কাজিঘিনো আৰু তাৰ দৰে পোলেণ্ডৰ প্ৰায় ১০০০জন শিশুক আঁকোৱালি লৈ সিহঁতক আশ্ৰয়
দিবলৈ আগবাঢ়ি আহে। এতিয়া কানাডাৰ নিবাসী অশীতিপৰ স্কাজিঘিনোই অতীতৰ কথাবোৰ মনত পেলাই কয় –“মই মোৰ মা, ভাইটি, ককা, আইতা আৰু মাহী এগৰাকীৰ সৈতে আছিলোঁ। চাইবেৰিয়াত থকা সেই ভয়ানক দিনবোৰৰ কথা মোৰ ভালকৈ মনত পৰে; আমি ভোকে, পিয়াহে আৰু বেমাৰত পৰি অস্থি চৰ্মসাৰ হৈ পৰিছিলোঁ। আমি ৰাছিয়াৰ পৰা যাত্ৰা কৰি তেহৰাণ পাওঁমানে আমাৰ কঙ্কালকেইটাহে অৱশিষ্ট আছিলগৈ। কাৰাগাৰৰ কোঠাত থাকি আমাৰ সমস্ত শৰীৰ আৰু কাপোৰত ওকণিয়ে বাহ লৈছিল আৰু আমি মূৰৰ চুলি খুৰাই কাপোৰ-কানিবোৰ পুৰি পেলাইছিলো।”
স্কাজিঘিনোৰ শৈশৱৰ ঘৰ আছিল পোলেণ্ডৰ পূৱ দিশে ক্ৰেছি অঞ্চলত। জাৰ্মেনীয়ে পোলেণ্ডৰ পশ্চিমাংশ অধিকাৰ কৰাৰ কেইদিনমানৰ পিছতে ১৯৩৯ চনৰ চেপ্টেম্বৰ মাহত ৰাছিয়াই ক্ৰেছি আক্ৰমণ কৰে। লগে লগে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ল। ছোভিয়েট ৰাছিয়াই পূৱ পোলেণ্ডত হত্যা, লুণ্ঠন আৰু জনতাক আটক কৰাৰ লগতে দেশৰ ব্যৱসায়-বাণিজ্য, ভূমি নিজৰ হাতলৈ নিয়ে; অনেক লোক দেশান্তৰী হয়। বাকীবোৰ লোকক বন্দী কৰি ৰাখে। বুৰঞ্জীবিদ নৰ্মেন ডেভিচে তেখেতৰ “হাৰ্ট অব ইউৰোপ-দ্য পাষ্ট ইন্ পোলেণ্ডছ প্ৰেজেণ্ট” নামৰ কিতাপখনত উল্লেখ কৰিছে যে ১৯৩৯-১৯৪০ চনত প্ৰায় ২০লাখ পোলেণ্ডৰ সাধাৰণ নাগৰিকক ৰেলগাড়ীৰে শোচনীয় অৱস্থাত ৰাছিয়াৰ চাইবেৰিয়া, কাজাকাস্তান আদি ঠাইলৈ নিয়া হৈছিল আৰু ইয়াৰে আধালোক আটক হোৱাৰ এবছৰৰ ভিতৰত মৃত্যুমুখত পৰে। ১৯৪১ চনত ছোভিয়েট ৰাছিয়াই মিত্ৰগোটত যোগদান দিয়াৰ লগে লগে বন্দীসকলক মুকলি কৰি দিয়া হয় কিন্তু যুদ্ধ চলি থকা বাবে কোনেও নিজ দেশলৈ উভতি যাব নোৱাৰিলে। ছোভিয়েট ৰাছিয়াৰ পৰা মুক্তি পাই মানুহবোৰৰ অইন এটা দীঘলীয়া আৰু যন্ত্ৰণাদায়ক যাত্ৰাৰ আৰম্ভণি হ’ল। পুৰুষসকলৰ বহুতে পোলেণ্ডৰ সৈন্যবাহিনীত যোগদান দিয়ে; তিৰোতা আৰু শিশুসকলক ইৰাণলৈ নি অৱশেষত কেনিয়া, নিউজেলেণ্ড, মেক্সিকো, ভাৰত আদি দেশত আশ্ৰয় দিয়া হয়। “মোৰ তেতিয়া আঠ বছৰ আৰু ভাইটি ৰ’জাৰৰ ৬ বছৰ হৈ গৈছিল। ৰাছিয়াৰ পৰা আহি ইৰাণত প্ৰৱেশ কৰাৰ পিছত মাহঁত তাতে থাকি আহিবলগীয়া হ’ল আৰু আমি মুম্বাইলৈ গুছি আহোঁ। মুম্বাইত তিনিমাহ থকাৰ পিছত আমি ট্ৰেইনেৰে জামনগৰলৈ আহোঁ; নৱানগৰৰ মহাৰাজই সজোৱা কেম্পত আমি থাকিবলৈ লওঁ।” স্কাজিঘিনো ১৮ মাহ ভাৰতত থাকে আৰু এইখিনি সময়ত স্কুললৈ যাবলৈ সুবিধা পায়। শৈশৱত হেৰাই যোৱা কিছু সময় যেন স্কাজিঘিনোৰ জীৱনলৈ ঘূৰি আহে। “আমি মহাৰাজক মাত্ৰ দুবাৰমানহে লগ পাইছিলোঁ; মোৰ তেওঁক ভালকৈ মনত নাই কিন্তু তেওঁৰ চুইমিং পুললৈ সাঁতুৰিবলৈ
যোৱা মনত আছে। ডাঙৰ ল’ৰা দুজনমানে মোক পানীলৈ দলিয়াই দি সাঁতুৰিবলৈ শিকাইছিল।”

১৯৪২ চনত ভাৰত বৃটিছ শাসনৰ অধীনত আছিল আৰু স্বাধীনতা সংগ্ৰামৰ বাবে সকলো ভাৰতীয়লোক সাজু হৈ উঠিছিল। মহাৰাজ দ্বিগ্বিজয় সিংজী বা জাম চাহাব বৃটিছ ভাৰতৰ অধীন নৱানগৰ নামৰ ৰাজকীয় প্ৰদেশখনৰ মহাৰাজ আছিল। তেখেত বৃটিছ সাম্ৰাজ্যৰ ৰাজকীয় সমৰ পৰিষদৰ এজন সদস্যও আছিল। বৃটিছসকলে পোলেণ্ডৰ ভগনীয়াসকলক আশ্ৰয় দিয়াৰ সিদ্ধান্ত লোৱাৰ লগে লগে মহাৰাজে তেওঁলোকক নিজৰ ৰাজ্যত আনিবলৈ প্ৰস্তাৱ দিয়ে। পশ্চিম উপকূলৰ বালাচাড়ী নামৰ ঠাইখনত পোলেণ্ডৰ ভগনীয়া শিশু আৰু চেমনীয়া সকলৰ বাবে মহাৰাজে বাসস্থান নিৰ্মাণ কৰায়। বালাচাড়ী আছিল মহাৰাজৰ গ্ৰীষ্মকালৰ আবাস স্থান।


ডানুটা উৰ্বিকাছ নামৰ চিকাগোৰ লেখিকা এগৰাকীয়ে তেখেতৰ “মাই চিষ্টাৰ্ছ মাদাৰঃ এ মেমইৰ অব্ ৱাৰ, একজাইল্ এণ্ড ষ্টেলিনছ ছাইবেৰিয়া” নামৰ কিতাপখনত মাক আৰু বায়েকৰ কথা সুৱঁৰি সেইদিনবোৰৰ কথা লেখিছে। লেখিকা নিজে ভাৰতবৰ্ষলৈ ভগনীয়া হৈ অহা নাছিল কিন্তু তেখেতে লিখা মতে “বাইদেৱে ভাৰতবৰ্ষলৈ অহাৰ পিছতহে এটা সুস্থিৰ জীৱন লাভ কৰে আৰু ঘৰৰ সংজ্ঞা আৰু মাহাত্ম্য বুজি পোৱা হ’ল। পোলেণ্ডৰ পৰা চাইবেৰিয়ালৈ নিৰ্বাসিত হৈ অকথ্য যাতনা ভুঞ্জি আৰু কাজাকাস্তান, উজবেকিস্তান আৰু ইৰাণৰ মাজেৰে বিপদসঙ্কুল ভ্ৰমণ কৰি আৰু দৈনিক শ শ মানুহৰ মৃত্যু প্ৰত্যক্ষ কৰি অৱশেষত ভাৰতবৰ্ষত উপস্থিত হৈহে স্বস্তিৰ নিশ্বাস পেলায়।” ডানুটা উৰ্বিকাছৰ মাতৃ এগৰাকী ৰেডক্ৰছৰ নাৰ্ছ আছিল; মাক আৰু জীয়ৰী দুয়ো মহাৰাজে জামনগৰত নিৰ্মাণ কৰা বাসস্থানত দুবছৰ থাকি বাকী তিনিবছৰ মুম্বাইত কটাইছিল।

গৱেষকসকলে এটা সঠিক সংখ্যা নিদিলেও ১৯৪২ চনৰ পৰা ১৯৪৮ চনৰ ভিতৰত ছোভিয়েট কেম্পৰ প্ৰায় ৫০০০ উদ্বাস্তুৱে ভাৰতবৰ্ষত আশ্ৰয় লৈছিল। ইৰাণৰ পৰা অহা আৰু অন্য দেশলৈ যাত্ৰা কৰা উদ্বাস্তসকলৰ বাবেও ভাৰতৰ বহুত ঠাইত অস্থায়ী কেম্প বনোৱা হৈছিল। মহাৰাজ জামচাহাবৰ পদাঙ্কণত ১৯৪৩ চনত মহাৰাষ্ট্ৰৰ ৰাজকীয় প্ৰদেশ কল্হাপুৰৰ বালিৱাডেত পোলেণ্ডৰ বয়সস্থ ভগনীয়াসকলৰ বাবে ডাঙৰ আৱাসস্থান এটা নিৰ্মাণ কৰা হয়। পোলেণ্ডৰ পিয়ানোবাদক ইগনাচী পাডেৰেৱস্কী মহাৰাজ জাম চাহাবৰ দেউতাকৰ বন্ধু আছিল আৰু সেই সুবাদতে পোলেণ্ডৰ প্ৰতি জামচাহাবৰ এটা আকৰ্ষণ গঢ়ি উঠিছিল। শৈশৱ কালত মহাৰাজে স্বয়ং পিয়ানোবাদকগৰাকীক জেনেভাত লগ পাইছিল। ‘পোলেণ্ড’ নামৰ সাপ্তাহিক আলোচনী এখনত জামচাহেবে এইদৰে এটা সাক্ষাৎকাৰ দিছিল– “শিশুসকলৰ যত্ন ল’বলৈ মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। কষ্টকৰ শৈশৱ অতিক্ৰম কৰি অহা এই শিশুসকলে নিজৰ হেৰুৱা স্বাস্থ্য আৰু শক্তি সোনকালে যাতে ঘূৰাই পায়। সুস্বাস্থ্য আৰু শক্তিৰ অধিকাৰী হ’লেহে তেওঁলোকে স্বাধীন পোলেণ্ডত দেশৰ উন্নতিৰ হকে কাম কৰিব পাৰিব।”


জাম চাহাবে বালাচাড়ীৰ বাসস্থান কেৱল শিশুসকলৰ বাবে নিৰ্মাণ কৰিছিল। বালাচাড়ীত থাকি যোৱা ষ্টিপুলা নামৰ এজন প্ৰাক্তন শৰণাৰ্থীৰ মতে কেম্পত থকা প্ৰায়বোৰ শিশুৱেই আছিল অনাথ। কিছুমানৰ কেৱল এজন অভিভাৱক আছিল। বহুতৰে মাক-দেউতাক হেৰাইছিল আৰু কিছুমানৰ মাক-দেউতাকে পোলেণ্ড সামৰিক বাহিনীত যোগদান দি ছোভিয়েট ৰাছিয়াত যুদ্ধৰত হৈ আছিল। ষ্টিপুলাই উল্লেখ কৰা মতে কেম্পৰ তত্ত্বাৱধায়ক এজনক হেনো মহাৰাজ জাম চাহাবে কৈছিল – “ইয়াৰ শিশুসকলৰ কোনোজনেই অনাথ নহয়। অনুগ্ৰহ কৰি সকলো শিশুকে বুজাই দিয়ক যে ময়েই সিহঁতৰ পিতৃ।” ষ্টিপুলা আৰু অইন দুজনমানলোকৰ মতে যুদ্ধৰ বিধ্বংসী আক্ৰমণ আৰু প্ৰভাৱৰ পৰা বহু দূৰৈত বালাচাড়ী এখন মনোৰম আৰু আনন্দৰে ভৰপূৰ ঠাই আছিল। নিজৰ ঘৰৰ পৰা দূৰৈত শিশুসকলে যাতে অইন এখন ঘৰ বিচাৰি পায় তালৈ সদায় চকু দিয়া হৈছিল। শিশুসকলক ভালকৈ থাকিবলৈ দি সকলোৰে বাবে শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল। এখন স্কুল আৰু হাস্পতাল পতা হৈছিল আৰু মহাৰাজ জাম চাহাবৰ বাগিছা, স্কোৱাছ ক’ৰ্ট আৰু চুইমিং পুল শিশুসকলৰ বাবে খুলি দিয়া হৈছিল। নিজৰ দেশ আৰু সংস্কৃতিৰ কাষত শিশুসকল সদায় যাতে থাকিব পাৰে তাৰ বাবে শিশুসকলৰ কেম্পত পোলেণ্ডৰ পতাকা উৰুওৱা হৈছিল। তদুপৰি স্কাউটিং, গীৰ্জাঘৰ আৰু পোলেণ্ডৰ মানুহে নিজৰ দেশত অভ্যস্ত নানা ধৰণৰ অনুষ্ঠানবোৰ মহাৰাজে প্ৰৱৰ্তন কৰিছিল। শুনা যায় যে শিশুসকলে মছলাযুক্ত ভাৰতীয় আহাৰ খাব নোৱাৰা বাবে মহাৰাজই ইউৰোপীয় আহাৰ প্ৰস্তুত কৰিবলৈ গোৱাৰ পৰা ৭ গৰাকী বিশেষ ৰান্ধনি অনাইছিল। অনুৰাধা ভট্টাচাৰ্য নামৰ এগৰাকী শিক্ষাবিদ আৰু গবেষিকাই তেখেতৰ “দ্য চেকেণ্ড হোমলেণ্ডঃ পলিছ্ ৰিফিউজীছ ইন ইণ্ডিয়া” নামৰ কিতাপখনত মহাৰাজ জাম চাহাবে বিভিন্ন ঠাইত পাতিব খোজা “লিটল্ পোলেণ্ড”বোৰৰ কথা উল্লেখ কৰিছে। অনুৰাধা ভট্টাচাৰ্যই লিখামতে মহাৰাজ জাম চাহাবে পোলেণ্ডৰ শৰণাৰ্থীসকলৰ বাবে কৰিব খোজা কামবোৰে হিন্দু শাস্ত্ৰৰ এশাৰী পুৰণি আপ্তবাক্য “বসুধৈৱ কুটুম্বকম”ৰ কথা মনত পেলাই দিয়ে। ভাৰতবৰ্ষ এখন চহকী দেশ নহয় নতুবা ভৌগোলিকভাৱে পোলেণ্ডৰ নিকটবৰ্তীও নহয়; তথাপি বিশ্বত ঘটি যোৱা এলানি ঘটনাই এই দুই সম্বন্ধহীন দেশৰ জনগণক মানৱতাৰ সমাধান বিচাৰি ওচৰ চপাইছিল। মহাৰাজ জাম চাহাবৰ দুই সন্তান ৰাজকুমাৰী হৰ্ষদকুমাৰী আৰু ৰাজকুমাৰ শত্ৰুশল্যসিংজী দুয়ো কেম্পৰ ল’ৰা-ছোৱালীবোৰৰ সমসাময়িক আছিল আৰু তেওঁলোকে বিভিন্ন সময়ত পোলেণ্ডৰ শিশুসকলৰ সৈতে একেলগে ভাৰতীয় উৎসৱ আৰু বৰদিন পালন কৰাৰ কথা আৰু ভাৰতীয় সাজ-পাৰ উপহাৰ দিয়াৰ কথা উল্লেখ কৰিছে। জাম চাহাবৰ অশীতিপৰ ভাগিনীয়েক সুখদেৱসিং জাডেজাও জামনগৰত ডাঙৰ দীঘল হৈছিল আৰু তেওঁৰ মোমায়েকৰ কথাবোৰ ভালদৰে মনত আছে। “মোৰ মোমাইদেউৱে শৰণাৰ্থী শিশুসকলক অকল থাকিবলৈ দিয়াই নহয় সিহঁতক তুলি লৈছিল। বালাচাড়ীৰ কেম্পৰ ল’ৰাবোৰৰ সৈতে আমি ফুটবল খেলা দিনবোৰৰ কথা মনত পৰে। আমি ডাঙৰ হোৱাৰ লগে লগে জাম চাহাবৰ উদাৰ মনৰ কথা পৰিয়ালৰ বাকীবোৰ সদস্যক ক’বলৈ পাই ধন্য হৈছিলোঁ।”

দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে বালাচাড়ী আৰু বালিৱাডে কেম্পৰ পৰা শৰণাৰ্থীসকলক নিজৰ দেশলৈ ওভতাই পঠিওৱাৰ সময় আহিল। কিছু লোক কমিউনিষ্ট পোলেণ্ডলৈ উভতি গ’ল কিন্তু সৰহ সংখ্যকে এটা দীঘল বাটেৰে আমেৰিকা, কানাডা আৰু ইংলণ্ডলৈ গৈ থিতাপি লোৱাৰ সিদ্ধান্ত লয়। স্কাজিঘিনোৰ প্ৰত্যাৱৰ্তনৰ কাহিনীও শৰণাৰ্থীবোৰৰ যাত্ৰাবোৰৰ দৰে এটা দীঘলীয়া কাহিনী আছিল। ভায়েকক লগত লৈ স্কাজিঘিনো তেহৰাণত উপস্থিত হয় আৰু মাকৰ সৈতে লগ লাগে। তেহৰাণত ছমাহ সময় অপেক্ষা কৰাৰ পাছত তেওঁলোক তিনিজন ইৰাক, চিৰিয়া আৰু লেবানন পাৰ হৈ পেলেষ্টাইনত উপস্থিত হয়। পেলেষ্টাইনত মাক অসুখত পৰাত স্কাজিঘিনোহঁত তিনিমাহ তাত থাকে আৰু তাৰ পৰা তেওঁলোক প’ৰ্ট চৈয়দ পায়গৈ। প’ৰ্ট চৈয়দৰ পৰা গ্লাছগোলৈ যোৱা জাহাজ এখনত উঠি অৱশেষত সকলোবোৰ লণ্ডনত উপস্থিত হয়। ইয়াতে দেউতাকৰ সৈতে স্কাজিঘিনো, ভায়েক আৰু মাকৰ মিলন ঘটে। দেউতাকক সৈন্যসকলৰ ওপৰুৱা দলত ৰোমানিয়ালৈ পঠিওৱা হৈছিল আৰু তাৰ পৰা তেওঁ ফ্ৰান্স দেশত উপস্থিত হয়। কিন্তু ইতিমধ্যে ফ্ৰান্সৰ পতন ঘটাত তেওঁ উত্তৰ আফ্ৰিকালৈ যায়গৈ আৰু তাৰ পৰা লণ্ডনলৈ আহি ৰেডিঅ’ পোলেণ্ডৰ হকে চাকৰি কৰি আছিল। এইদৰেই স্কাজিঘিনোৰ পৰিয়ালৰ শুভ মিলন ঘটে। স্কাজিঘিনোই কোৱা মতে –“যুদ্ধৰ অবৰ্তমানত পোলেণ্ডত থকাহেঁতেন মই ধনীলোকৰ নষ্ট সন্তান হলোহেঁতেন; দুৰ্ভাগ্যবশতঃ মই এজন হৈ পৰিলোঁ নিঃকিন শৰণাৰ্থী আৰু পৃথিবীত দাল-দৰিদ্ৰ শৰণাৰ্থী এজনক কোনেও সুধিবলৈ নাহে।”


বিশ্বযুদ্ধৰ গ্ৰাসৰ পৰা সমগ্ৰ বিশ্বই লাহে লাহে মুক্তি পাবলৈ ধৰা সময়ত ভাৰতবৰ্ষই নিজস্ব সমস্যাবোৰৰ মাজত সময় কটাইছিল। ঔপনিবেশকৰ শাসনৰ পৰা মুক্তি লভি ভাৰতবৰ্ষ স্বাধীন হ’ল আৰু লাহে লাহে স্বাধীন ৰাজকীয় প্ৰদেশ, ৰজা, মহাৰাজ, নবাব সকলো নাইকিয়া হ’ল। স্বাধীন দেশখনক নতুনকৈ গঢ় দিবলৈ উঠি পৰি লগাত সকলোৱে যুদ্ধৰ সময়ৰ শৰণাৰ্থী সকলৰ কথা আৰু সেই সময়ত মহানুভৱতা দেখুওৱা ৰজা-মহাৰাজ আৰু ৰাজকুমাৰ সকলৰ কথা পাহৰিলে। কিন্তু শৰণাৰ্থীসকলে সেইবোৰ কাহিনী পৃথিৱীৰ চুকে-কোণে লৈ গ’ল। কেইবা দশকৰ পিছত মৰণোত্তৰভাৱে মহাৰাজ জাম চাহাবক পোলেণ্ডে এজন মহানায়কৰ সন্মান দিয়ে। পোলেণ্ডৰ আটাইতকৈ ডাঙৰ সন্মান “কমাণ্ডাৰছ ক্ৰছ অব্ দ্য অৰ্ডাৰ অব্ মেৰিট” জাম চাহাবক অৰ্পণ কৰা হয়।  পোলেণ্ডৰ ৰাজধানী ৱাৰ্শ্ব’ চহৰৰ মাজ মজিয়াত “স্কোৱাৰ অব দ্য গুড মহাৰাজ” নাম দি গছ-গছনিৰে ভৰা আৰু বেঞ্চেৰে সজোৱা ধুনীয়া পাৰ্ক আৰু ফুলনি এখন ৰখা হৈছে। এই বাগিছাখনৰ নাতিদূৰৈত ৱাৰ্শ্ব’ৰ এখন প্ৰখ্যাত ব্যক্তিগত বিদ্যালয় “মহাৰাজ জাম চাহাব দ্বিগ্বিজয়সিংজী স্কুল” অৱস্থিত। এসময়ত নিৰ্বাসনত থকা পোলেণ্ডৰ প্ৰধান মন্ত্ৰীয়ে জাম চাহাবক সুধিছিল – “আপোনাৰ বদান্যতাৰ প্ৰতিদান আমি কি ভাৱে দিব পাৰোঁ?”

মহাৰাজই উত্তৰ দিছিল – “পোলেণ্ড আকৌ স্বাধীন হ’লে মোৰ নামত স্কুল এখনকে ৰাখিব।” ১৯৯৯ চনত কমিউনিষ্ট শাসনৰ দহ বছৰৰ অন্তত ৱাৰ্শ্ব’ৰ বেডনাৰস্কা হাইস্কুলখন জাম চাহাবৰ নামেৰে নামকৰণ কৰা হ’ল। মহাৰাজ জাম চাহাব দ্বিগ্বিজয়সিংজী স্কুলৰ উপাধ্যক্ষ বাৰ্ট’ পিলাকে কয়–“মহাৰাজগৰাকীয়ে মহানুভৱতা আৰু স্বীকৃতিৰ এক অসাধাৰণ উদাহৰণ দেখুৱাই থৈ গৈছে। তেখেতৰ জীৱন আমাৰ অনুপ্ৰেৰণাৰ উৎস।” মহাৰাজে দেখুৱাই থৈ যোৱা আদৰ্শ মানি ৰাজনৈতিক শৰণাৰ্থী আৰু সামাজিক আৰু অৰ্থনৈতিক সংকটত পৰা প্ৰব্ৰজনকাৰীসকলৰ ল’ৰা-ছোৱালীক স্কুলখনে পঢ়া-শুনাৰ ব্যৱস্থা কৰি দিছে। জাম চাহাবৰ অনুপ্ৰেৰণা যোগোৱা এনে কাহিনী হয়তো সময়ৰ সোঁতত বিলীন হৈ গ’লহেঁতেন যদিহে শৰণাৰ্থীসকলে অহৰহ চেষ্টা কৰি ঘটনাবোৰ সকলোৰে সন্মুখলৈ আনিবলৈ চেষ্টা নকৰিলেহেঁতেন। স্কাজিঘিনো, উৰ্বিকাচ আৰু ক্ৰেছি-চাইবেৰিয়া নামৰ গোট এটাৰ সদস্য সকলৰ প্ৰচেষ্টাতহে দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনাবোৰ পোহৰলৈ আহিছে। যিসকল পোলেণ্ডৰ শৰণাৰ্থী ইংলণ্ডলৈ গুচি গ’ল তেওঁলোকে “এচছিয়েশ্যন ফৰ্ পোলছ্ ইন ইণ্ডিয়া” নামৰ সমিতি এখন পাতি দুবছৰৰ মূৰে মূৰে মিলন সভা পাতে। কেইবা দশক ধৰি তেওঁলোকে ভাৰতবৰ্ষলৈ নিয়মিতভাৱে ভ্ৰমণৰ আয়োজন কৰি আহিছে। মাত্ৰ কেইবছৰমান আগেয়ে মহাৰাজৰ কেইগৰাকীমান সন্তানে বালাচাড়ীৰ যিখিনি ঠাইত শৰণাৰ্থীসকলৰ স্কুলখন আছিল সেই ঠাইত ফলক এখন স্থাপন কৰে। ২০১৮ চনৰ চেপ্তেম্বৰ মাহত পোলেণ্ডে স্বাধীনতা লাভৰ শতবাৰ্ষিকী পালন কৰে। ভাৰতস্থ পোলেণ্ডৰ দূতাবাসে বালাচাড়ীত থাকি যোৱা কেইবাজনো নাগৰিকক এটা স্মৃতিৰক্ষাকাৰী অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। ভাৰতবৰ্ষ আৰু পোলেণ্ডৰ মাজৰ সম্বন্ধৰ কথা ওলালে আজিও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ঘটা এই কাহিনীটো জীৱন্ত হৈ উঠে। ভাৰতবৰ্ষস্থিত পোলেণ্ডৰ ৰাজদূত এডাম বুৰকাৱস্কিয়ে কয়– “আমাৰ শিশুসকলক থাকিবলৈ এখন ঘৰ দিয়া বাবে আৰু সিহঁতৰ শৈশৱ বিবৰ্ণ হ’বলৈ নিদি অক্ষত ৰখা বাবে আমি মহাৰাজৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ।”

সম্প্ৰতি প্ৰব্ৰজনক লৈ দেশে দেশে চলি থকা কলহ আৰু দ্বন্দ্বৰ তুলনাত পোলেণ্ডৰ সাধাৰণ জনগণে নিজ দেশ এৰি এখন দূৰ অথচ অতিথিপৰায়ণ দেশত নিৰাপদ আশ্ৰয় বিচাৰি পোৱা এই কাহিনী নিশ্চয় চিৰদিন হৃদয়গ্ৰাহী আৰু প্ৰেৰণাদায়ক হৈ ৰ’ব। ।

মাস্কাট, চুলতানেট অব ওমান

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!