সুৰাৰ হ’ম ডেলিভাৰি, ৰেহাই মূল্য আৰু অনুজ্ঞা-পত্ৰ
লেখক- ৰাণা গগৈ
নতুন চৰকাৰে এতিয়া সুৰাৰ ৰঙীন বটল “হ’ম ডেলিভাৰি” কৰাৰ কথা গুণা–গঁথা কৰিছে। ক’ভিদকালীন পৰিস্থিতিৰ সাপেক্ষে এয়া অৱশ্যে হ’ব এক ‘অস্থায়ী’ ব্যৱস্থা। অস্থায়ী ব্যৱস্থা হ’ব বুলি এতিয়াই ন–দি ক’ব নোৱাৰি। কেতিয়াবা গোঁজেই গজালি হয়। সাধাৰণতে চৰকাৰ এখনে সুৰা বেচিবলৈ অনুমতি দিয়া আৰু এনেদৰে হ’ম ডেলিভেৰিৰ ব্যৱস্থা কৰি সুৰা সেৱনৰ বাবে উদগনি দিয়াৰ আঁৰৰ কথা এটাই— সুৰা বিক্ৰীৰ পৰা সংগ্ৰহ কৰা ‘বিক্ৰী–কৰ’ চৰকাৰখনৰ বাবে মোটা ৰাজহ। এই ৰাজহ ৰাজ্য/দেশ চলাওঁতে যথেষ্ট সহায় হয়। একমাত্ৰ এই কাৰণটোৰ বাদে আৰু বেলেগ কাৰণ চকুত নপৰে। নহ’লে চাবলৈ গ’লে সুৰা স্বাস্থ্যৰ বাবে হানিকাৰক। আনহাতে ব্যক্তিৰ সমষ্টিয়েই সমাজ হয়। আৰু সমাজৰ সমষ্টিয়েই দেশ। প্ৰতিজন ব্যক্তিৰ ‘সুস্থ দেহত সুস্থ মন’ এটা থকা মানেই সমাজখনৰ সুস্থতা। ইয়াৰ বিপৰীতটো হোৱা মানেই এখন অসুস্থ সমাজ। এখন সুস্থ সমাজ বা দেশহে সকলোৰে কাম্য। এই যুক্তিৰে চাবলৈ গ’লে সুৰা বা আন ৰাগিয়াল বস্তু বেচাটো নিষেধ হ’ব লাগে। কিন্তু সকলোবোৰ কথা যুক্তিৰে নচলে। চলাটো অসম্ভৱ। সেয়ে সুৰাৰ বিপণীবোৰ অবাধে চলি আছে। এতিয়া হ’ম ডেলিভেৰিৰ কথাও ভবা হৈছে। একমাত্ৰ ৰাজহ কাৰণটোৰ বাদে আৰু বেলেগ কাৰণ আছেনেকি বাৰু? আহকচোন এটা সত্য ঘটনাৰ আলমেৰে এই সম্ভাৱনাটো ভূমুকি মাৰি চাওঁ।
ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। নাম ল’লেই যিটো কথা তৎক্ষণাৎ মনলৈ আহে সেইটো হ’ল ‘সমাজ সংস্কৰণ’। নাৰী–শিক্ষা, নাৰী নিৰ্যাতন, বিধৱা–বিবাহৰ আদিৰ দৰে সামাজিক জটিল সমস্যাবোৰৰ ওপৰত অহৰহ কাম কৰা এজন বিখ্যাত সমাজ সংস্কাৰক। সমাজ সংস্কৰকৰ উপৰি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ এজন অগাধ পণ্ডিত আছিল। তেওঁৰ পাণ্ডিত্যৰ কথা পঢ়িলে চকু গৈ কপালত উঠে আৰু চচমা গৈ মূৰৰ ওপৰত। এনে পাণ্ডিত্যৰ বলতেই তেওঁ ‘বিদ্যাসাগৰ’ উপাধি পাবলৈ সক্ষম হৈছিল। বিদ্যাসাগৰে আৰু এটা সামাজিক সমস্যাৰ বিপক্ষে মাৰ বান্ধি থিয় দিছিল আৰু সেইটো আছিল ‘কানি’ৰ সেৱন। সেই সময়ত কানি বা আফিংৰ সেৱন এক ডাঙৰ সামাজিক ব্যাধিৰূপে দেখা দিছিল। এতিয়া, বংগৰ আন এগৰাকী ব্যক্তি মাইকেল মধুসূদন দত্ত। বঙালী ভাষাৰ এজন বিখ্যাত কবি। আনকি এচাম বঙালীৰ মতে ‘কবি’ নহয় বৰং ‘মহাকবি’। মাইকেল মধুসূদন দত্তৰ কবিতা ভাৰতবৰ্ষকে ধৰি বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। মাইকেল মধুসূদন দত্তৰ জীৱনত যিটো সমস্যাই অধিকাংশ সময় আচ্ছন্ন কৰি ৰাখিছিল সেইটো আছিল তেওঁৰ আৰ্থিক নাটনি। এই সমস্যাৰ পৰা তেওঁ সহজে মুক্তি পোৱা নাছিল। দত্তক এই আৰ্থিক নাটনিত যিজন ব্যক্তিয়ে সঘনাই সহায়ৰ হাত আগবঢ়াইছিল তেওঁ আছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। অৱশ্যে বিদ্যাসাগৰে কেৱল মধুসূদন দত্তকেই নহয় বৰঞ্চ দুখীয়া–দৰিদ্ৰ–আৰ্তজনক পাৰ্য্যমানে হিয়াঢালি সহায় কৰিছিল। সেয়ে বিদ্যাসাগৰক ‘দয়াসাগৰ’ বুলিও জানিছিল। মাইকেল মধুসূদন দত্তই আফিং খাইছিল। সঁচা ক’বলৈ গলে আফিং তেওঁক সঘনাই লাগিছিল। ইফালে আকৌ আৰ্থিক নাটনি। আপুনি জানিব পাৰি হয়তো আচৰিত হ’ব যে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে মধুসূদন দত্তক লুকাই–চুৰকৈ কানি খাবলৈ পইচা দিছিল। কি আচৰিত! সেই সময়ৰ ৰক্ষণশীল সমাজৰ পুৰণিকলীয়া অন্ধবিশ্বাস আৰু কু–সংস্কাৰবোৰৰ বিৰুদ্ধে যুঁজ দিব পৰা এগৰাকী শক্তিশালী মানসিক–শক্তিৰ অধিকাৰী, যিজনে আফিংৰ বিৰুদ্ধে ইতিমধ্যে মাৰ বান্ধি থিয় দিছে, সেই জনেই আকৌ মাইকেল মধুসূদন দত্তৰ ওচৰত নৰম হৈ পৰিছিল। ই কেনেকৈ সম্ভৱ? সময়ত গৈ, বিদ্যাসাগৰে বিভাগীয় ইংৰাজ বিষয়াক বাৰম্বাৰ হেঁচা দিয়াত আফিংৰ উপলব্ধতা বজাৰত ক্ৰমান্বয়ে কমি আহিছিল। ইয়াৰ ফলত কানীয়াসকলৰ মনত বিদ্যাসাগৰৰ বিৰুদ্ধে তুঁহজুই জ্বলা দি উমি উমি ক্ষোভ জাগি উঠিছিল। যেতিয়া অহুকাণে–পহুকাণে গৈ মধুসূদন দত্তক পইচা দিয়াৰ কথাটো গম পাইছিল তেতিয়া কানীয়াসকলৰ বাবে সেয়াই যেন আছিল সঠিক সময় বিদ্যাসাগৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ। অঞ্চলটোৰ সকলো কানীয়া একগোট হৈ উপস্থিত হ’ল বিদ্যাসাগৰ বাসভৱনত। সকলোৰে মাথোঁ এটাই প্ৰশ্ন— মধুসূদন দত্তক কানিৰ ব্যৱস্থা কৰি আমাক বঞ্চিত কৰাৰ এই পক্ষপাতিত্ব কিয়? এই প্ৰশ্নৰ সন্মুখীন হৈ বিদ্যাসাগৰে প্ৰতিজন কানীয়াৰ চকুত চকু থৈ এপলক ৰ লাগি চালে। তাৰ পাছত তেও যি ক’লে তাৰ সাৰমৰ্ম আছিল এনেধৰণৰ, “পুতৌ লগা মোৰ মৰমৰ কানীয়াসকল। তোমালোককো মই পইচা দিম। পাৰিলে বেছিকৈ দিম, সদায় দিম। কিন্তু কানি খাই উঠি তোমালোক প্ৰত্যেকজনে মাইকেল মধুসূদন দত্তৰ দৰে বিশ্বক আকৰ্ষণ কৰিব পৰা একো একোটা ভাল কবিতা লিখি আনি মোক দিব লাগিব। কোৱা দিব পাৰিবানে? নোকোৱা কিয়?” সিদিনা উত্তৰবিহীন হৈ মৌনতাৰে মূৰ দোঁ কৰি কানীয়াসকলে সেই স্থান ত্যাগ কৰিছিল। বিশ্বৰ সমাদৰ লাভ কৰা মাইকেল মধুসূদন দত্তৰ যিমানবোৰ কবিতা আছে তাৰে ভিতৰত সৰহ সংখ্যক কবিতা দত্তই কানিৰ ৰাগিত লিখা।
বিশ্বক আবেদন কৰিব পৰা একো একোটা কবিতাক উকা কাগজত জন্ম দিবলৈ, মধুসূদন দত্তৰ মগজুৰ স্নায়ুকোষে বিচাৰিছিল আফিঙৰ আসংগ। তেওঁৰ বাবে ঠিক আফিং নহয়, কোনো যেন দৈৱিক–শক্তিৰে পৰিপুষ্ট একো একোটা বড়ি, যি গলাধঃকৰণ কৰাৰ পিছত প্ৰাণৱন্ত হৈ উঠে অন্তৰ্নিহিত শক্তি আৰু কবিতাৰ ৰস আহে অনায়াসে নিগৰি। মাইকেল মধুসূদন দত্তৰ এই গুণ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে বাৰুকৈ অনুধাৱন কৰিব পাৰিছিল। এই কথা আমি সকলোৱে জানো যে সুৰা, ভাং, আফিং আদি ৰাগিয়াল বস্তু সেৱন কৰিলে আমাৰ মগজুত বিভিন্ন ধৰণেৰে ক্ৰিয়া–প্ৰতিক্ৰিয়া সংঘটিত হয়। মগজুৰ বিশেষ বিশেষ অঞ্চলক যি যি দায়িত্ব দি ৰখা হৈছে সেই সেই দায়িত্বসমূহ পালন কৰাত অসমৰ্থ হয়। অথবা খেলিমেলি কৰিবলৈ বাধ্য হয়। উদাহৰণস্বৰূপে, তেনেই থূলমূলকৈ— Cerebral Cortex যি জ্ঞান, চেতনা আৰু ভাল–বেয়াৰ বিচাৰ কৰাৰ মালিক। ই সুৰাৰ কবলত পৰি, ব্যক্তি এজনক কথকী কৰি তোলে। আনকি কেতিয়াবা আত্মবিশ্বাস বঢ়াই দি অবাঞ্ছনীয় ঘটনা / দুৰ্ঘটনা ঘটাব পাৰে। তেনেকৈ Frontal Lobes ৰ প্ৰধান কাম হ’ল আঁচনি আৰু কল্পনা ধাৰণ কৰা। প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰা আৰু আত্মসংযম বজাই ৰখা। কিন্তু ইও সুৰাৰ দ্বাৰা প্ৰভাৱিত হ’লে আৱেগ অনুভূতিক নিয়ন্ত্ৰণ কৰিবলৈ অপাৰগ হয়। ফলস্বৰূপে ব্যক্তি এজন হয় অতি আৱেগিক হৈ পৰে নহয় অতি উগ্ৰ হৈ পৰে। ইয়াৰ পৰিণতিত সমজুৱা স্থান বা অনুষ্ঠানত ব্যক্তিজনৰ আত্মসন্মান হানি হ’ব পাৰে। মদ খাই মানুহে ঢলং পলঙকৈ খোজ কঢ়াৰ আঁৰৰ কথাটো এইটোয়েই যে— মগজুৰ Cerebellum যাৰ কাম শৰীৰৰ আন আন অংগবোৰৰ সৈতে সমন্বয় সাধন কৰা, কিন্তু মগজুৰ এই অংশত সুৰাৰ প্ৰভাৱ পৰিলে শৰীৰৰ ভাৰসাম্য বজাই ৰখাত ব্যৰ্থ হয়। Hippocampus যাৰ মূলতঃ কাম হ’ল স্মৃতিশক্তি বজাই ৰখাটো। কিন্তু অতিমাত্ৰা সুৰাপান কৰিলে, ই সঠিকভাৱে কাম কৰিব নোৱৰা হয়, আৰু নিচা হৈ থকা সময়ছোৱাত ঘটা ঘটনাসমূহ সেয়ে সাঁচি ৰাখিবলৈ অসমৰ্থ হয়। আনহাতে Hypothalamus— মগজুৰ এটি সৰু অংশ যাৰ কাম হ’ল শৰীৰ নামৰ এই ঘৰটোৰ ‘গৃহ প্ৰতিপালন’ কৰাৰ। সুৰাৰ দ্বাৰা ই আক্ৰান্ত হ’লে — শৰীৰৰ ৰক্তচাপ, ভোক, পিয়াহ আনকি প্ৰস্ৰাৱ কৰা কাৰ্য্য বাঢ়ি যায়। শেষত Medulla— ইয়াৰ প্ৰধান দ্বায়িত্বত আছে শৰীৰৰ স্বয়ংক্ৰিয়ভাৱে চলা কামবোৰ, যেনে, কলিজাৰ ধপধপনি, শৰীৰৰ তাপ ইত্যাদি। অতিপাত সুৰাপানে এই স্বয়ংক্ৰিয় ঘটনাবোৰৰ ক্ষতি কৰিব পাৰে। এতিয়া কথাটো হ’ল কোনো কোনো লোকৰ ক্ষেত্ৰত (সকলোৰে ক্ষেত্ৰত নহয়) ওপৰত উল্লেখ কৰা ‘ঋণাত্মক’ প্ৰতিক্ৰিয়া ছেগা–চোৰোকাকৈ হয় যদিও আচৰিতভাৱে কিন্তু একে সময়তে কিছুমান ‘ধনাত্মক’ প্ৰতিক্ৰিয়াও দেখিবলৈ পোৱা যায়। এনে কিয় হয় এই কথা ডাক্তৰসকলে অথবা চিকিৎসাবিজ্ঞানৰ লগত জড়িত লোকসকলেহে ক’ব পাৰিব। ’নিউৰনে’ সংঘটিত কৰা এনে ‘ইতিবাচক’ প্ৰভাৱৰ ফলত ব্যক্তিজনৰ অন্তৰ্নিহিত সৃজনশীল গুণ সুন্দৰকৈ বহিৰ্প্ৰকাশ হয়। কোনো কোনোজনে ভালকৈ গান গাব পাৰে, কোনোবাজনে আকৌ সুন্দৰকৈ কবিতা লিখিব পাৰে। ধুনীয়া ছবি আঁকিব পাৰে কোনো শিল্পীয়ে, নাট্যকাৰ এজনে ৰচিব পাৰে এটা নতুন ‘প্লট’, লেখক এজনে নতুনকৈ লিখাৰ পৰিকল্পনা কৰিব পাৰে। কোনোবা আকৌ বাকপটু হৈ পৰে। এনেদৰে সুৰাৰ ৰাগিত বহুতৰে অন্তৰ্নিহিত সৃজনশীল গুণ বা প্ৰতিভাসমূহ সুন্দৰভাৱে বহিৰ্প্ৰকাশ হয়। আফিং সেৱন কৰাৰ পিছত মাইকেল মধুসূদন দত্তৰ ক্ষেত্ৰতো সেই একেটা কথাই হৈছিল। আমাৰ নতুন চৰকাৰে এতিয়া সুৰাৰ ৰঙীন বটল ‘হ’ম ডেলিভেৰি’ কৰাৰ ব্যৱস্থা কৰিছে। এতিয়া মোৰ প্ৰস্তাৱটো হ’ল— ব্যৱস্থা কৰিছেই যেতিয়া ইয়াক স্থায়ী কৰি দিলেই হ’ল। নে আপুনি কি কয়? যদি সম্ভৱ হয়, বিচাৰি বিচাৰি উলিয়াই সেইসকল লোকক একো একোখন অনুজ্ঞা–পত্ৰ প্ৰদান কৰা যাওক যি সকলে ‘দাৰু’ সেৱন কৰাৰ পিছত ‘বহুমুখী’ প্ৰতিভা ‘বহিৰ্মুখী’ হয়। পৰৱৰ্তী সময়ত, যিসকলৰ হাতত এনে অনুজ্ঞা–পত্ৰ থাকিব সেইসকলে ৰঙীন বটল পাব ‘ৰেহাই মূল্যত।’ তাতে আকৌ ‘হ’ম ডেলিভেৰি।’
এনে কৰিলে চাগৈ আমি অনাগত দিনত ভাল ভাল বহুতো গায়ক, কবি, লেখক, নাট্যকাৰ, চিত্ৰকৰ আদি পাবলৈ সক্ষম হ’ম। তাৰ মানে সুৰাই কেৱল দেশৰ আৰ্থিক উন্নয়নতেই অৱদান নোযোগাব, ই আনকি ভাষা সংস্কৃতিতো অৱদান যোগাব। বাঃ বঢ়িয়া দেখোন। পিছে, মোৰ এই প্ৰস্তাৱ কেনে লাগিল ৰাইজ? হাঃ হাঃ হাঃ, মই এই প্ৰস্তাৱ আগবঢ়াই দি আচলতে ধেমালিহে কৰিলোঁ। মোক ক্ষমা কৰিব দেই। যিমানবোৰ ইতিবাচক কাৰণ নাথাকক কিয় কিন্তু কোনো কাৰণতেই সুৰাপান কৰাৰ পৰামৰ্শ দিব নোৱাৰি। কাৰণ সুৰা সদায় সুৰায়েই। ই স্বাস্থ্যৰ বাবে হানিকাৰক। ইয়াৰ পৰা যিমান পাৰি আঁতৰি থকাটোয়েই উচিত পৰামৰ্শ।