চিনাকি কাটাৰ-অচিনাকি কাটাৰৰ সম্বাদ

লেখক- মল্লিকা কলিতা

বিগত ৬ জুলাইত ‘গ্লোৱেল ফাইন্যান্স’ পত্ৰিকাত প্ৰকাশিত সাম্প্ৰতিক তথ্য অনুসৰি কাটাৰক ২০২১ বৰ্ষৰ বিশ্বৰ তৃতীয় সুৰক্ষিত দেশ হিচাপে স্থান দিয়া হৈছে। ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাব ৰোধ কৰিবলৈ কি ধৰণে কাৰ্যকৰীভাৱে পৰিচালনা কৰিছিল তাৰ ওপৰত ভিত্তি কৰিয়েই শীৰ্ষস্থান নিৰ্ণীত হৈছিল। পূৰ্বৱৰ্তী সংস্কৰণৰ তুলনাত, পৃথিৱীৰ সকলোতকৈ সুৰক্ষিত দেশ ৰূপে বিশ্লেষণ উপস্থাপন কৰিবলৈ মূল নিৰাপত্তাসূচকৰ উপৰিও ক’ৰ’ণা মহামাৰীৰ প্ৰতি দেশে লোৱা স্থিতি, সন্ত্ৰাসবাদ, প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হৈছিল। উল্লেখযোগ্য যে কাৰণসমূহ ২০২০ বৰ্ষত কৰা ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল। তথ্যখিনিৰ প্ৰাসংগিকতা সুনিশ্চিত কৰিবলৈ ক’ভিড-১৯ ৰ হিচাপ ৩০ মে’, ২০২১ৰ প্ৰাপ্ত। শীৰ্ষস্থানপ্ৰাপ্ত দেশকেইখন ভৌগোলিকভাৱে বৈচিত্ৰ্যময়, তথা ইউৰোপ আৰু এছিয়াত ব্যাপ্ত। ১৩৪ খন দেশৰ শীৰ্ষ ২০ খন দেশৰ ভিতৰত, ন’ খন দেশ ইউৰোপত আৰু তাৰে চাৰিখন উত্তৰ ইউৰোপত। ২০ খনৰ বাকী ১১ খন মুখ্যত মধ্য-প্ৰাচ্য নাইবা দক্ষিণ-পূব/পূব এছিয়াৰ দেশ। এই বছৰৰ শীৰ্ষস্থান প্ৰাপ্ত দেশখন হ’ল আইচলেণ্ড আৰু দ্বিতীয় স্থান শুৱনি কৰিছে সংযুক্ত আৰৱ আমিৰাত।
বৰ্তমান মধ্য-প্ৰাচ্যৰ এই ক্ষুদ্ৰ দেশখনত পাৰাস্তম্ভই দৈনিক ৪০ ৰ পৰা ৪২ ডিগ্ৰীৰ ঘৰ স্পৰ্শ কৰাৰ সময়তে হৃদয় জুৰ পেলোৱা কিছু বতৰাই এতিয়া যেন আবতৰীয়া বসন্তৰ হে আগমন ঘটালে প্ৰবাসী প্ৰতিজন লোকৰ; হৃদয়ত যেন ফুল ফুলিছে। প্ৰায় দুবছৰে কায়িকভাবে পৰিয়াল-পৰিজনৰ পৰা আঁতৰি প্ৰায় প্ৰতিগৰাকী প্ৰবাসীৰেই জীৱন হৈ পৰিছিল নিৰুত্তাপহীন। উল্লেখযোগ্য যে কাটাৰৰ মুঠ জনসংখ্যাৰ (২৯লাখ) ১০% কাটাৰী, ২৪% ভাৰতীয় মূলৰ তথা নেপালী (১৬%) আৰু ফিলিপিন’ (১১%)’ ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। কাটাৰত ভাৰতীয়সকলেই হৈছে একক বৃহত্তম প্ৰবাসী সম্প্ৰদায়। প্ৰায় সাত লাখ ভাৰতীয় মূলৰ লোক এই দেশখনত বিভিন্ন কৰ্মত, বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছে বহু বছৰ ধৰি।
যোৱা সোমবাৰ অর্থাৎ ১২ জুলাইৰ পৰা দেশখনত কিছুমান নতুন ভ্ৰমণ নীতি কাৰ্যকৰীকৰণ কৰা হৈছে। বিশেষকৈ সম্পূৰ্ণ টিকাকৰণ প্ৰাপ্ত লোকৰ বাবে ভালেখিনি নিষেধাজ্ঞা আঁতৰাই পেলোৱা হৈছে। ৮ জুলাইত ঘোষিত নীতিসমূহ পুনৰাই ৯ জুলাইত আপডেট কৰা হৈছিল। কাটাৰ দেশে এখন দেশৰ ক’ভিডৰ সংশয়ৰ স্তৰ অনুযায়ী প্ৰতিখন দেশকে সেউজীয়া, হালধীয়া তথা ৰঙা নামাকৰণেৰে তালিকাভুক্ত কৰিছে। সম্প্ৰতি ছয়খন দেশ- ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা তথা ফিলিপাইন দেশৰ পৰা অহা ব্যক্তিয়ে কাটাৰত দহ দিনৰ হোটেল কোৱাৰানটাইনৰ প্ৰয়োজন আছিল। জনস্বাস্থ্য মন্ত্ৰণালয়ে নতুন কাৰ্যবিধি ঘোষণা কৰিছে যে সম্পূৰ্ণ প্ৰতিষেধক লাভ কৰা ব্যক্তিয়ে হোটেল কোৱাৰানটাইনৰ পৰা অব্যাহতি লাভ কৰিব।
কাটাৰত যোৱা বছৰৰ ডিচেম্বৰৰ পৰাই টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কোৱা নিস্প্ৰয়োজন , এয়া সম্পূৰ্ণ বিনামূলীয়া। পৌঢ় ব্যক্তি তথা স্বাস্থ্যকৰ্মীসকলক প্ৰথমে ফাইজাৰ-বায়’এনটেক দিয়া হৈছিল। উল্লেখযোগ্য যে কাটাৰত ফাইজাৰ বায়োএনটেক আৰু ম’ডাৰ্ণা ভেকচিন অনুমোদন কৰা হৈছে, পৰ্য্যালোচনাৰ পৰা প্ৰমাণিত হৈছে যে এয়া সম্পূৰ্ণ নিৰাপদ আৰু কাৰ্যকৰী। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু গ্ৰেইট ব্ৰিটেইন সহিতে অন্য দেশেও ইয়াক অনুসৰণ কৰিছে। কাটাৰত ফাইজাৰ ভেকচিন ১৬ বছৰ বয়সৰ আৰু তাৰ ওপৰৰ ল’ৰা-ছোৱালীক আৰু ম’ডাৰ্ণা ১৮ ৰ উৰ্ধৰ ল’ৰা-ছোৱালী খিনিৰ ওপৰত প্ৰয়োগ কৰিবলৈ অনুমতি প্ৰদান কৰা গৈছে। টিকাকৰণে কেবল টিকা গ্ৰহণকাৰী ব্যক্তিকে নহয়, আশেপাশে থকা অন্যান্য ব্যক্তিকো সুৰক্ষা প্ৰদান কৰে, কিয়নো ই সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰে। সেয়েহে নিজৰ পৰিয়াল-পৰিজন আৰু বন্ধুবৰ্গৰ সুৰক্ষাৰ বাবে টিকাকৰণ খুবেই প্ৰয়োজনীয়। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি ১২ ৰ পৰা ১৫ বছৰৰ শিশুক ফাইজাৰ বায়’এনটেক প্ৰদানৰ মঞ্জুৰি দিয়া হৈছে। উল্লেখ্য যে দেশখনত এতিয়ালৈকে সম্পূৰ্ণ টিকাকৰণ কৰা হৈছে ১.৬১মিলিয়ন (প্ৰায় ১৬লাখ) গৰাকীক অর্থাৎ মুঠ জনসংখ্যাৰ ৫৬.৭%। দূৰদৰ্শী ইজৰাইলৰ দৰেই অচিৰেই এই ক্ষুদ্ৰ দেশখনেও কভিড’ক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ’বহঁক।
নতুন কাৰ্যবিধি অনুসৰি ১৮ বছৰৰ তলৰখিনিৰ বাবেও হোটেল কোৱাৰেণ্টাইনৰ প্ৰয়োজন নহ’ব। যদি পিতৃ-মাতৃয়ে প্ৰতিষেধক সম্পূৰ্ণ কৰিছে , যদি ১৮ বছৰৰ তলৰ কোনোজন ভেকচিন প্ৰাপ্ত নহয় অথবা অকলে উভতে অথবা পিতৃ-মাতৃৰ সৈতে কাটাৰলৈ উভতে তেনে অভিভাৱকৰ টিকাকৰণ সম্পূৰ্ণতাৰ ওপৰত ভিত্তি কৰি ৭ দিন ঘৰতেই কোৱাৰেণ্টাইন হ’লেই হ’ব। গৰ্ভৱতী মহিলা, মাতৃদুগ্ধ পান কৰাই থকা মাতৃ, তথা ২ বছৰৰ শিশু তথা তাৰ তলৰ শিশু সকলৰ বাবে কোৱাৰেণ্টাইনৰ পৰা অব্যাহতি দিয়া হৈছে , মাথোঁ চৰ্ত এয়াই যে মহিলাগৰাকীৰ স্বামী প্ৰতিষেধক সম্পূৰ্ণ কৰা হ’ব লাগিব, নাইবা একে পৰিয়ালৰ টিকা প্ৰাপ্ত ব্যক্তি লগত থাকিব লাগিব উভতি অহাৰ সময়ত।
এতিয়াৰে পৰা কাটাৰী নাগৰিক কিম্বা নিবাসী সকলে যিকোনো সময়তেই বিদেশ ভ্ৰমণ কৰিবলৈ পাৰিব, মাথোঁ যাত্ৰা তথা ঘূৰি অহাৰ সময়ত নীতি নিৰ্দেশনাসমূহ অনুসৰণ কৰাটো বাঞ্চনীয়। ৰঙা তালিকাভুক্ত দেশৰ পৰা উভতিলে পুনৰাই আৰ টি পিচি আৰ কৰাব লাগিব। বাধ্যতামূলক হোটেল কোৱাৰেণ্টাইন কাটাৰ দেশলৈ পৰ্যটক অহাৰ ক্ষেত্ৰত প্ৰমুখ প্ৰতিবন্ধক হৈ পৰিছিল। উল্লেখ্য যে কাটাৰ এখন চহকী তথা অত্যন্ত খৰচী দেশ। এতিয়া, কাটাৰে পুনৰাই টুৰিষ্ট ভিছা প্ৰদান আৰম্ভ কৰিব তথা বাধ্যতামূলক হোটেল কোৱাৰেণ্টাইন আৰু প্ৰয়োজন নহ’ব। এই দুটি ঘোষণাই কাটাৰ পৰ্যটন ক্ষেত্ৰখনক এটি ধনাত্মক উৎসাহ যোগাব নিশ্চিতভাৱেই। নতুন পৰিবহণ নীতিয়ে অধিক সংখ্যক লোকক ভ্ৰমণৰ বাবে ইচ্ছুক কৰি তুলিব বুলি বিমান পৰিবহণ সংস্থাসমূহেও প্ৰত্যাশা কৰে।

বাধ্যতামূলক হোটেল কোৱাৰেণ্টাইন আছিল অতিৰিক্ত আৰ্থিক বোজা। কোৱা বাহুল্য মাথোঁ যে দহ দিনৰ নিৰ্বাসন, এটি পৰিয়ালৰ বাবে হোটেল বন্দীত্বৰ জীৱন অৰ্থ তথা সময় দুয়োটাৰে অনৰ্থক ভৰনি। বিশেষকৈ সেই ছয়খন দেশৰ প্ৰবাসীয়ে স্বত্ৱ পৰিহাৰ কৰা দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কাটাৰত জুলাই আৰু আগষ্ট এই দুটা মাহৰ এই দীঘলীয় সময়ছোৱা গৰমৰ বন্ধৰ বাবে নিৰ্ধাৰিত, এতিয়া উক্ত ছয়খন দেশৰ লোকৰ বাবে সুবৰ্ণ সুযোগ গৃহভূমিলৈ যাবলৈ। নতুন নীতি নিৰ্ধাৰণৰ পূৰ্বে যদি কোনো নাগৰিক(কাটাৰী) কিম্বা নিবাসী বিদেশ নাইবা নিজ দেশলৈ যাবলৈ ইচ্ছুক হয়, তেনে ‘’ডিস্কভাৰ কাটাৰ’’ ৱেবচাইটৰ অন্তৰ্ভূক্ত হোটেলত হে হোটেল বুক কৰাৰ কঠোৰ নিয়ম আছিল, যদিহে দেশখন(ভ্ৰমণ কৰিবলগীয়া ) গ্ৰীণ তালিকাভুক্ত দেশৰ অন্তৰ্গত নহয়। আমি নিজেও ‘’ডিস্কভাৰ কাটাৰ’’ৰ জড়িয়তে হোটেল বুক কৰিছিলোঁ যোৱা ফেব্ৰুৱাৰী মাহত এৰাব নোৱাৰা ছুটীত যাবলগীয়া হোৱাৰ বেলিকা। এই ছেগতে এটি চাক্ষুষ অভিজ্ঞতা ভগাই লোৱাৰ প্ৰয়োজনবোধ কৰিলোঁ। কথাখিনিৰ প্ৰয়োজনীয়তা পাঠকে নিজেই অনুধাৱণ কৰিবলৈ সহজ হ’ব। ঘূৰি অহাৰ বেলিকা দিল্লী বিমানবন্দৰত এগৰাকী কাটাৰ নিৱাসী ব্যক্তিয়ে এয়াৰপৰ্ট অথ’ৰিটীক যথেষ্ট অনুনয় বিনয় কৰি থকাত স্বাভাৱিকতেই আমাৰ কৌতুহল বঢ়াই তোলে। পিছত আমাক কাটাৰলৈ উভতিম বুলি জনাত সহায়ৰ বাবে আমাৰ কাষ চাপে উক্ত লোকজনে। ফেব্ৰুৱাৰী মাহৰ সেই শীতকালত, বাতানুকূল দিল্লী বিমানবন্দৰৰ ভিতৰত ব্যক্তিগৰাকীৰ আতংকত সৰ্বশৰীৰৰ পৰা ঘাম ওলাবলৈ ধৰিলে। আমাৰো হৃদয় হাহাকাৰ কৰি উঠে, পিছে আমিও নিৰূপায়। ব্যক্তিগৰাকীয়ে ‘’ডিস্কভাৰ কাটাৰ’’ ৱেবচাইটৰ জড়িয়তে হোটেল বুক নকৰাত এই বিড়ম্বনাৰ সন্মুখীন হ’বলগীয়াত পৰিছিল। তেখেতৰ সৈতে পিছত কি হ’ল সেয়া আৰু জনা নগ’ল, যদিও প্ৰত্যেকেই ভ্ৰমণৰ পূৰ্বে সকলো প্ৰয়োজনীয় চৰ্তাৱলী জ্ঞাত হোৱা উচিত, সেয়াই প্ৰকৃত জ্ঞানী লোকৰ পৰিচায়ক। এই ঘটনাই বাৰুকৈয়ে সকিয়াই গ’ল ভিক্টৰ হ্যুগুৱে কোৱা এষাৰ কথালৈ “জ্ঞানৰ ডাঙৰ সন্তানটোৰ নাম সাৱধানতা’’। আমাকো সাৱধানতা আৰু সজাগতাৰ অত্যন্ত প্ৰয়োজন হৈ পৰিছে এইসময়ত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!