হাতৰ মুঠিৰ সুখখিনি
লেখক- হৰি চন্দ্ৰ ডেকা
মই আৰু বৰুৱা দুয়োজনেই চুবুৰীয়া৷ কৰ্মক্ষেত্ৰ একে যদিও কৰ্মস্থলী দুয়োজনৰে বেলেগ বেলেগ৷ চাকৰিৰ পদমৰ্য্যাদাৰ বিশাল ব্যৱধানৰ কাৰণে আমাৰ কথা বতৰা ‘হাই হেল্ল’তে সীমাবদ্ধ৷ ওঁঠত ভাত এটা লাগিলেও দৌৰ মৰা বন্ধু আমি নহয় বাৰ! তথাপি, সাধাৰণ সামাজিক বান্ধোন এটা দুয়োটা পৰিয়ালৰ মাজত বিদ্যমান৷ সময়ৰ গতিশীলতা আমাৰ দুয়োজনৰ কাৰণে যেন হঠাতে স্থবিৰ হৈ পৰিল। দুয়োজনেই অগাপিছাকৈ এটা সময়ত জেষ্ঠ্য নাগৰিক হলোঁ৷ আচলতে, সময় গৈ থাকিল নিজৰ গতিত। পিছে, আমাৰ গতিহে ৰুদ্ধ হ’ল৷ মই পিছে সময় নিজৰ পথত আগবাঢ়ি যোৱাত অকণো হতাশ নহৈ নিজস্ব জীৱন শৈলী তৈয়াৰ কৰি সেইমতে আগুৱাই গৈ থাকিবলৈ যত্ন কৰিলোঁ৷ শীতকালৰ হিমচেঁচা একাজলি কুঁৱলীয়ে ঢকা সুন্দৰ এক প্ৰাতঃকালৰ কথা৷ মোৰ ঘৰৰ কাষৰে দাসৰ সৈতে একেলগে প্ৰাতঃভ্ৰমণৰ পৰা উভতি আহোঁতে তিনিওজন ভেটাভেটি হলোঁ৷
“ডেকা দেখোন হে! কাহিলিপুৱাতেই পিঠিত মোনা লৈ কৰ পৰা?”
বৰুৱাৰ লগত দাসৰ মুখৰ চিনাকি আছে যদিও ভালদৰে চিনা–পৰিচয় নথকা কাৰণে দাসক উপেক্ষা কৰি মোক মাত লগালে৷
“ডাক্তৰৰ কঠোৰ নিৰ্দেশঃ নিতৌ এঘণ্টা প্ৰাতঃভ্ৰমণ কৰিব লাগে হেনো। এয়া তাৰেই আখৰা মাথোঁ।”
মই লগতে বেমাৰৰ সৰু তালিকা এখনো মুখস্থ মাতি দিলোঁ, যিবোৰ ৰোগ ষাঠিৰ উৰ্দ্ধৰ প্ৰায় সকলো লোকৰে সাধাৰণতে থাকে৷
“আপোনাৰে ভাল দিয়ক! এইবোৰ শাৰীৰিক দুৰ্বলতা থকাৰ পাছতো ইমান স্বতঃস্ফূৰ্তভাবে ঘূৰি–ফুৰি আছে৷ মোৰহে ৰিটায়াৰমেণ্টৰ পিছত সময়বোৰ কিবা আউল লগা হৈ পৰিছে৷ একোতে মন নবহে৷ বহি থাকিলে শুবৰ মন যায়। শুই থাকিলে কৰবালৈ ওলাই যাবলৈ মন যায়৷ মুঠতে, এক আমনিদায়ক, একঘেয়েমিৰ জীৱন৷” বৰুৱাৰ দ্বিধাহীন অকপট স্বীকাৰোক্তি৷
“সুদীৰ্ঘ অতি ব্যস্ততাপূৰ্ণ চাকৰি জীৱনৰ হঠাতে ঘটা পৰিসমাপ্তিয়ে কেতিয়াবা এনেকুৱা স্থবিৰতাৰ সৃষ্টি কৰা একো আচৰিত কথা নহয়, বৰুৱা৷ মই পিছে এই পৰ্যায়টো স্বাগত কৰিবলৈ আগৰে পৰা কিছুমান মনঃপুত কাম হাতত লৈ কৰ্মব্যস্ততা আৰু চাকৰিৰ পৰিসমাপ্তিৰ মাজত এক সন্তুলনৰ ব্যৱস্থা কৰি লৈছোঁ৷ কাইলৈ, বৰুৱা এই একেখিনি সময়তে মোৰ লগত ওলাবচোন! এঠাইলৈ আপোনাক লৈ যাম৷”
“হব দিয়ক! আপোনালোকৰ লগতে মোৰো শাৰীৰিক কচৰৎ কৰাৰ এটা অভ্যাস গঢ় লৈ উঠিব৷“
পিছদিনাখন মোৰ পুৰণি মোনাখন পিঠিত বান্ধি মোৰ প্ৰাতঃভ্ৰমণৰ চিৰসঙ্গী দাসৰ সৈতে বৰুৱাকো লগত লৈ ওলালোঁ, খোজ কঢ়াৰ নতুন এটা উদ্যম লৈ৷ কাহিলীপাৰা পাৱাৰহাউছ পোৱাত এখন মিনি ট্ৰাকৰ পৰা মাছৰ ড্ৰাম কিছুমান নমাই থকা দেখি বৰুৱাই কৌতূহলবশতঃ শুধিলে,
“সেইবোৰ মাছ বেপাৰী নহয় জানো? ইমান পুৱাই আহেনে ইহঁতবোৰ?”
“বৰুৱা! সেইবোৰ হাজোৰ আমাৰ অসমীয়া স্থানীয় মৎস্য ব্যৱসায়ী৷ নিশা দুই বজাতে বিলৰ পৰা ডাকত মাছ কিনিবলৈ এইসকল লোক ঘৰৰ পৰা ওলাই যায়৷ ৪–৫ বজাৰ ভিতৰত সিহঁত এইখন ট্ৰাকত গুৱাহাটীলৈ ৰাওনা হয় আৰু ইয়াৰ বিভিন্ন ঠাইত নামি মাছবোৰ বিক্ৰী কৰে৷ দুপৰীয়া একেখন ট্ৰাকতে খালী ড্ৰামবোৰ লৈ ঘৰলৈ উভতি যায়৷ বলকচোন ওচৰলৈ যাওঁ!”
আমি গৈ পোৱাৰ লগেলগে আটাইকেইজন বেপাৰীৰে মুখবোৰ উজ্জ্বল হৈ উঠিল আৰু হাস্যবদনে আমাক আগুৰি ধৰিলেহি৷ নিতৌ কৰাৰ দৰে মোৰ পিঠিৰ বেগখন সিহঁতে নিজেই নি তাৰপৰা বেকাৰীৰ পৰা অনা লোফকেইটা, চাহৰ ডাঙৰ ফ্লাক্চটো প্লাষ্টিকৰ গিলাচৰ সৈতে লৈ নিজৰ মাজত সানন্দে ভগাই খালে৷
“এতিয়াহে গাটো অলপ গৰম গৰম লাগিছে৷“
“মোৰটো উঠাত দেৰী হোৱা কাৰণে এঘটি পানী খায়েই বিললৈ গলোঁ৷“
“মোৰ যোৱা নিশা ভাতে খোৱা নহল।“
চাহ ৰুটি খাই থকাৰ মাজতে এইবোৰ সিহঁতৰ কথা বতৰাৰ কিয়দাংশ৷ আগদিনা দিয়া কথামতে মোৰ ল’ৰাই পিন্ধিবলৈ বাদ দিয়া তাৰ জেকেটটো তুলসী দাসক দিলোঁ৷ সামান্য টি চাৰ্ট এটা পিন্ধি ঠাণ্ডাত থকথককৈ কঁপি থকা তুলসীয়ে জেকেটটো পাই আনন্দতে মূৰৰ ওপৰত জেকেটটো ঘূৰাবলৈ ধৰিলে৷ তাৰপাছত সিহঁতে সদায় কৰাৰ দৰে মোক মুখেৰে কোনো ধন্যবাদ নিদি এক হৃদয় পৰশা চাৱনিৰে নিজৰ নিজৰ ভাৰ লৈ গন্তব্যস্থানলৈ গ’ল৷
“বুজিছে বৰুৱা! এই চাৱনিটোৱে মোক বৰ আমনি কৰি থাকে। আৰু এইটো চাবলৈকে সদায় পুৱাই মই ইয়ালৈ আহোঁ৷ ওহোঁ, আপুনি ভবাৰ দৰে সিহঁতে মোক কম দামত বা বিনা পইছাত মাছ দি মোক অপমান কৰিব নোখোজে কাৰণ এওঁলোকে পোৱা সন্তুষ্টিখিনিয়ে মোৰ মানসিক তৃপ্তি বুলি ইতিমধ্যে বুজি উঠিছে৷ বলক গৈ থাকোঁ৷“
তিনিওজনে এটাও বাক্য বিনিময় নকৰাকৈ গৃহাভিমুখে খোজ পেলালোঁ৷ এৰাএৰি হোৱাৰ ঠাইকণ পোৱাৰ পিছত বৰুৱাই মোৰ হাতখন তেখেতৰ দুয়োখন হাতেৰে খামুচি ধৰি থোকাথুকি মাতেৰে ক’লে,
“ডেকা! আপোনাৰ এই মধুৰ মুহূৰ্তবোৰৰ সমভাগী হোৱাৰ মোকো সহযোগী কৰি ল’বনে? ময়ো আপোনাৰ দৰে হাতৰ মুঠিত ইমান দিনে সাঁচি ৰখা, অতি সুখে আনি দিয়া দুখবোৰ মুঠি খুলি এৰি দি আপোনাৰ দৰে সুখবোৰ লৈ জীয়াই থাকিব খোজোঁ৷ সুখী হোৱাৰ পথৰ সন্ধান দিয়া কাৰণে আপোনাক কি বুলি কৃতজ্ঞতা জনাম, ডেকা!”