প’ষ্ট টাইটেল
লেখক-
খট্ খট্ খট্ ……. গছডালৰ নিৰ্দিষ্ট অংশটোত অবিৰাম খুঁটিয়াই গৈছে দুয়োটাই। ক’লৈকো চাবৰ সময়ে নাই এটাৰো। যিমান পাৰে সোনকালে ঘৰখন তৈয়াৰ কৰি ল’ব লাগে। তাইৰ গৰ্ভত থকা কণীকেইটাক উপযুক্ত পৰিবেশ এটা দিব লাগে। সিহঁতৰ প্ৰথম সন্তানকেইটাক পৃথিৱীৰ মুখ দেখুৱাব লাগে! সেয়ে, কাৰো উপস্থিতি গ্ৰাহ্য নকৰাকৈ দুয়োটা ব্যস্ত সিহঁতৰ হেঁপাহৰ ঘৰখন তৈয়াৰ কৰাত। ঘৰতে থাকোঁ বা কৰ্মস্থলিতে থাকোঁ, ৰাতিপুৱা শুই উঠি এপাক ফুৰি অহাটো মোৰ অভ্যাস। ব’হাগ বিহুৰ বতৰ। পুৱা শুই উঠি গাঁৱৰ ৰাষ্টাৰে গৈ থাকোঁতে দৃশ্যটো দেখি অভিভূত হৈয়ে পৰিলোঁ। এহালী সোণালী পিঠিয়া বাঢ়ৈটোকা চৰাই ( Leser golden back woodpecker ) । গছজোপাৰ ফোঁপোলা ডাল এটাত খুঁটিয়াই আছে। কি যে সুন্দৰ চৰাই দুটা! অসমৰ হাবি বননিত কেইবাটাও প্ৰজাতিৰ বাঢ়ৈটোকা বা কাঠৰোকা চৰাই দেখিবলৈ পোৱা যায়। কিন্তু, সহজেই গাৱঁৰ বাৰীবোৰত দেখিবলৈ পোৱা বাঢ়ৈটোকা দুবিধ হ’ল গোলাপী বুকুৱা বাঢ়ৈটোকা ( Fulvous breasted woodpecker ) আৰু সোণালী পিঠিয়া বাঢ়ৈটোকা ( Leser golden back woodpecker)। গোলাপী বুকুৱা বাঢ়ৈটোকা চৰাইৰ দেহৰ ৰঙ ক’লা বগা । ইহঁতৰ ডেউকা আৰু পিঠিৰ ৰং ক’লা, লগত শাৰী শাৰী কৈ বগা ফুট ফুট থকা। তলৰ অংশ বুলবুলি চৰাইৰ দৰে ৰঙা ৰঙৰ। ইহঁত আকাৰত প্ৰায় বুলবুলি চৰাইৰ সমান। সোণালী পিঠিয়া বাঢ়ৈটোকা চৰাই দেখিবলৈ অতি ধুনীয়া। ডেউকা আৰু পিঠিৰ ৰং উজ্জ্বল সোণালী বৰণৰ। বুকুৰ ৰঙ ক’লা বগা। ইহঁত আকাৰত প্ৰায় শালিকা চৰাইৰ সমান। মুৰত এটা টিকটিকিয়া ৰঙা ৰঙৰ ফুল থাকে। দেখিবলৈ মতা, মাইকী দুয়োটা প্ৰায় একেই। কেৱল মাত্ৰ মতাটোৰ মূৰৰ তেজৰঙা ফুলটো ঠোঁটলৈকে আছে। বাঢ়ৈটোকা চৰাইবোৰে সাধাৰণতে শুকান তামোল, নাৰিকলগছৰ ডাল আদিত খট্ খট্ কৈ খুঁটিয়াই থকা দেখা যায়। ইহঁতে গছৰ ধোন্দত থকা পোক–পৰুৱা, পলু আৰু কিছুমান গছৰ গুটি আদি খায়। চ’ত–ব’হাগ মাহত ইহঁতে মিলিত হৈ প্ৰজনন কৰে। গছৰ শুকান ডালত ইহঁতে টান চোকা ঠোঁটেৰে ফুটা কৰি বাহ সাজে।
চৰাই হাললৈ চাই ভাবিলোঁ, কিমান কষ্ট কৰি চৰাইহাল ব্যস্ত হৈ আছে সিহঁতৰ হেঁপাহৰ ঘৰখন সজাত। হয়তো, বহু কেইজোপা গছত খুঁটিয়াই খুঁটিয়াই চেষ্টা কৰাৰ পিছত এই গছজোপাৰ ফোঁপোলা অংশটো সিহঁতে বিচাৰি পাইছে নিজৰ হেঁপাহৰ ঘৰখন তৈয়াৰ কৰিবলগীয়া ঠাইডোখৰ, ঠিক যেনেকৈ মানুহে নিজৰ পচন্দমতে ঘৰ এখন কৰিবলৈ মাটি এটুকুৰা বিচাৰি লয়। মানুহে যেনেকৈ মাটিৰ সুবিধা, অসুবিধা চাই থাকে, সিহঁতে সেইবোৰ চোৱা নাই। চৰাই–চিৰিকতিৰ বিষয়ে সামান্য জানো বাবে সিহঁতৰ প্ৰতি মনোযোগ নিদিয়া যেন দেখুৱাই আঁতৰি আহিলোঁ। তথাপিও,মনটো বৰ ভাল লগা নাছিল কাৰণ সিহঁতে তৈয়াৰ কৰাত ব্যস্ত হৈ থকা ঘৰখন ৰাস্তাৰ পৰা বৰ বেছি দূৰত নহয়। চৰাইহালে হয়তো এইবাৰ প্ৰথম প্ৰজনন কৰিছে। নহ’লে, সাধাৰণতে ৰাস্তাৰ ইমান দাঁতিত সিহঁতে বাহ নাসাজে। বাহটোত অসাধু লোকৰ চকু নপৰিলেই হ’ল! তাতে, ভগৱানেও সিহঁতক ইমান সুন্দৰ সোণালী ৰঙৰে বোলাই দিছে যে সিহঁতক দূৰৰ পৰাই দেখা যায়। ইমান সুন্দৰ ৰং! কোনোবাই সিহঁতক অসুবিধা নিদিলেই হ’ল! ঘৰত থকা দিনকেইটা সদায় ৰাতিপুৱা সিহঁতক লক্ষ্য কৰি থাকিলোঁ। সকলো ঠিকেই আছিল। সিহঁতৰ হেঁপাহৰ ঘৰখনো তৈয়াৰ কৰাও হ’ল। কেইদিনমান পিছত কৰ্মস্থানৰ পৰা ৰাতি উভতি আহি পিছদিনা পুৱা সিহঁতক চাবলৈ গৈ দেখোঁ, মতা চৰাইটোৱে গছজোপাৰ ডালত বহি অবিৰাম চিঞৰি আছে ‘ক্লাক কি কি কি কি’। সাধাৰণতে মতা বা মাইকী চৰাইজনীয়ে ইটোৱে সিটোক মাতোতে নিজৰ ভাষাতে উত্তৰ দিয়ে। কিন্ত, মাইকী চৰাইজনীৰ কোনো উমঘামেই নাপালোঁ। সেইদিনা আবেলি আৰু পিছৰ দুদিন লক্ষ্য কৰিও মাইকী চৰাইজনী নেদেখিলোঁ। মতা চৰাইটোকো সেইদিনা শেষবাৰৰ বাবে দেখা পালোঁ সেই গছজোপাৰ ডালত। একেই চিঞৰ। এবাৰ যেন কেৰাহিকৈ মোলৈ কৰুণ চাৱনিৰে চাই ক’লে, ‘তোমালোক মানুহবোৰ বৰ নিষ্ঠুৰ। মোৰ প্ৰেয়সীক কিয় মোৰ পৰা কাঢ়ি নিলা? আমিনো কি অপৰাধ কৰিছিলো তোমালোকৰ? আমি কেৱল নিজৰ ঘৰখনহে সাজিছিলো।’
উকা হৈ পৰা তাৰ সপোনৰ বাহটোলৈ শেষবাৰৰ বাবে চাই আকাশলৈ উৰি যোৱা চৰাইটোৰ ফালে বহুদেৰি চাই থাকিলোঁ। চকুলো ওলাই আহিল।
হয়।
তাৰ প্ৰেয়সীক মানুহ নামৰ কোনো এটা দানবেই মাৰি পেলালে। তাৰ সপোনৰ ঘৰখন ভাঙি পেলালে। হঠাৎ চৰাই দুটাৰ ফটোখন দেখি কথাবোৰ মনত পৰিল।
হয়।
আজিৰ এই পৃথিৱীত কাৰো জীবনৰ একো মূল্যই নোহোৱা হ’ল। চাৰিওফালে কেৱল হিংসা আৰু হত্যা। আজি আমি এনে এখন পৃথিবীৰ ফালে গৈ আছো য’ত মানুহৰ জীৱনৰে কোনো মূল্য নাই। য’ত মাৰোঁ বুলিয়েই মানুহক মৰিয়াই কাটি গুলিয়াই মাৰিব পাৰে মানুহেই। তাতনো তহঁতৰ হেঁপাহৰ ঘৰখনৰ কথা কোনে বাৰু ভাবিব?