শব্দবোৰে মোৰ নীৰৱে উচুপে
লেখক- প্ৰণবেন্দ্ৰ শৰ্মা
শব্দবোৰে মোৰ নীৰৱে উচুপে
শৃংখলাৰ বাঘজৰীত অৱৰুদ্ধ
ভূলুণ্ঠিত বন্দী বিহঙ্গমে ধিয়াই
বিশাল গগণৰ উন্মুক্ত পৰিধি
শব্দবোৰে মোৰ নীৰৱে উচুপে
স্ব–ইচ্ছাৰে পিন্ধি মায়া–মোহৰ হাতকড়ী
কল্পনাৰ উচ্চৈঃশ্রবাৰ পাখি কাটি
গুপুতেই ৰাখোঁ বুকুত বেদনাৰাজি
শব্দবোৰে মোৰ নীৰৱে উচুপে
শ্লীলতাৰ সামাজিক ভুৱা লক্ষ্মণৰেখা
নিষিদ্ধ গলিত উপেক্ষিতা সীতা
দূৰদৰ্শনত আস্ফালন নৈষ্ঠিক ৰাৱণৰ
শব্দবোৰে মোৰ নীৰৱে উচুপে
বাকস্বাধীনতা পৰিপন্থী আজি ৰাষ্ট্ৰযন্ত্ৰৰ
উৰাবাতৰিৰ বেদীত কোৰবাণী সত্যৰ
পোতাশালে নিৰন্তৰে কৰে আহ্বান
শব্দবোৰে মোৰ নীৰৱে উচুপে
অপাৰগ জনতাৰ দুৰ্বল কণ্ঠৰ
বেদনাৰ নৈ ফল্গু নিৰবধি
নিবিচাৰে হ‘ব সদা অন্তঃসলিলা
শব্দবোৰে মোৰ নীৰৱে উচুপে
ভাষা জননীৰ বিপদ সঙ্কেত
কিমতে কৰোঁ মই আওকাণ
মুক্তি পিয়াসী মন বিদ্ৰোহী
শব্দবোৰে মোৰ নীৰৱে উচুপে
মুক্তিৰ সমিধান নিজৰ হাতত
কৰিম লাগিলে পান হলাহল
নিসঙ্গতাই হয়তো হ‘ব আভূষণ
শব্দবোৰ আজি মোৰ নুঠে উচুপি
অৱৰুদ্ধ কণ্ঠ মই কৰি উন্মুক্ত
পোতাশালৰ ৰুদ্ধ দুৱাৰৰ শৃংখল ভাঙি
ফিনিক্স পখীৰ দৰে উৰিম আকাশত
বহ্নিমান হ‘ব মোৰ কবিতাৰ শব্দবোৰ।।