চাইখম মীৰাবাই চানুৰ সংগ্ৰামৰ কাহিনী

লেখক- হেমন্ত দত্ত

টকিঅ’ অলিম্পিকৰ প্ৰথম দিনটোতে ভাৰোত্তলনত মণিপুৰৰ জীয়ৰী চাইখম মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিলে। ইয়াৰ পূৰ্বে অলিম্পিকৰ ইতিহাসত ভাৰতবৰ্ষই প্ৰথমদিনাই পদক লাভ কৰাৰ নজিৰ নাছিল। কিন্তু এইবাৰ মীৰাবাই চানুৱে এই অসাধ্য সাধন কৰি দেখুৱালে। ইয়াৰ ফলত ভাৰতবৰ্ষই পদক তালিকাত কিছু ক্ষণৰ বাবে শীৰ্ষ তিনিটা স্থানত অৱস্থান কৰিছিল। এইয়াও এক প্ৰকাৰৰ অভিলেখ।

মীৰাবাই চানুৰ এই জয়যাত্ৰা মসৃণ নাছিল। ইয়াৰ বাবে মীৰাবাই চানুৱে বিভিন্ন বাধা অতিক্ৰম কৰিবলগীয়া হৈছিল। মীৰাবাই চানুৰ জন্মভূমি হ’ল মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ২০ কিলোমিটাৰৰ আঁতৰৰ নংপক কাকছিং নামৰ এখন ভিতৰুৱা গাঁও এখনত। তেওঁৰ জন্ম হৈছিল ১৯৯৪ চনৰ ৮আগষ্টত এটা নিম্ন মধ্য বিত্ত পৰিয়ালত। পাহাৰীয়া ৰাজ্যসমূহত সাধাৰণতে খাদ্য ৰান্ধিবৰ বাবে খৰি ব্যৱহাৰ কৰে। মীৰাবাই চানুৰ পৰিয়ালটোও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল। খৰি সংগ্ৰহ কৰিবৰ বাবে মীৰাবাই চানুৱে জ্যেষ্ঠ ভাতৃৰ সৈতে পাহাৰলৈ গৈছিল। মীৰাবাই চানুৱে তেওঁৰ ককায়েকতকৈ অধিক খৰি কঢ়িয়াব পাৰিছিল। আচলতে ক’বলৈ গ’লে ই আছিল মীৰাবাই চানুৰ প্ৰতিভাৰ প্ৰাথমিক লক্ষণ। তেখেতৰ সৰুৰে পৰা খেলৰ প্ৰতি আকৰ্ষণ আছিল।
প্ৰথম যেতিয়া ওচৰৰ যুৱকসকলক ফুটবল খেলি থকা দেখিছিল, তেওঁৰ মনলৈ ভাৱ আহিছিল যে ফুটবল খেলিলে কাপোৰ-কানি লেতেৰা হয়।
সেয়েহে তেখেতে এনে এটা খেল খেলিব বিচাৰিছিল যিটো খেলত কাপোৰ লেতেৰা নহয়। মীৰাবাই চানুৱে সেয়েহে প্ৰথমে আৰ্চাৰ খেলিবলৈ মন মেলিছিল।

২০০৮ চনত মীৰাবাই চানু ইম্ফললৈ আহে। ইম্ফলত থকা SAI(Sport’s Authority of India) কেন্দ্ৰত প্ৰশিক্ষণ ল’বলৈ মন বান্ধে। কিন্তু সেই সময়ত তাত আৰ্চাৰীৰ প্ৰশিক্ষণৰ বাবে কোনোধৰণৰ সুবিধা নাছিল। তেনে সময়তে মণিপুৰৰ বিখ্যাত ভাৰোত্তলনবিদ কুঞ্জৰাণী দেৱীৰ কিছু ভিডিঅ’ প্ৰত্যক্ষ কৰে।
সেই ভিডিঅ’ চোৱাৰ পিছত মীৰাবাই চানু ভাৰোত্তলনৰ প্ৰতি অনুপ্ৰাণিত হয় আৰু নিজকে সফল ভাৰোত্তলনবিদ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিজ্ঞা কৰে।
মীৰাবাই চানুক প্ৰথম ভাৰ উত্তোলনৰ আদিপাঠ শিকাই সেই সময়ৰ নামজ্বলা প্ৰশিক্ষক অনিতা চানুৱে। মীৰাবাই চানুৰ প্ৰশিক্ষণ কেন্দ্ৰ গাঁৱৰ পৰা ২২ কিলোমিটাৰ দূৰত আছিল। প্ৰশিক্ষণ কেন্দ্ৰত সদায় ৰাতিপুৱা ৬ বজাত উপস্থিত হ’ব লাগিছিল। ইয়াৰ বাবে মীৰাবাই চানুৱে ২খনকৈ বাছ বগাবলগীয়া হৈছিল। সদায় ৰাতিপুৱা শুই উঠি প্ৰশিক্ষণ কেন্দ্ৰলৈ ৰাওনা হৈছিল। দৈনিক কঠোৰ অনুশীলনৰ ফলত মীৰাবাই চানুৱে ৬ বছৰৰ ভিতৰত কমনৱেলথ গেমছত পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৪ চনত স্কটলেণ্ডত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত মীৰাবাই চানুৱে ৰূপৰ পদক দখল কৰিছিল।
২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ বাবে হোৱা ৰাষ্ট্ৰীয় বাছনি শিবিৰত ১২ বছৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে। ৰিঅ’ অলিম্পিকত মীৰাবাই চানুৱে পদক লাভ কৰিব বুলি সকলোৱে আশা কৰিছিল। কিন্তু অপ্ৰত্যাশিতভাৱে মীৰাবাই চানুৱে ৰিঅ’ অলিম্পিকৰ পৰা বিদায় ল’বলগীয়া হৈছিল। উক্ত অলিম্পিকত “Clean and Jerk”ত এটাও শুদ্ধভাৱে দাঙিব নোৱাৰিলে যাৰ বাবে বিচাৰকে মীৰাবাই চানুক অযোগ্য ঘোষণা কৰে। মীৰাবাই চানুৱে ৰিঅ’ৰ পৰা বিফল মনে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰে।

কিন্তু মীৰাবাই চানুৱে হাৰ মনা নাছিল!

ৰিঅ’তে তেখেতে টকিঅ’ অলিম্পিকত পদক আজুৰি আনিম বুলি পণ লয়। তেওঁ অনুশীলনত পুনৰ কঠোৰ পৰিশ্ৰম কৰে আৰু ২০১৭ চনত আমেৰিকাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰে। ২০১৮ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ৪৮ কি: গ্ৰা: শাখাত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি সোণৰ পদক দখল কৰে। ভাৰত চৰকাৰে ২০১৮ চনত মীৰাবাই চানুক ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰে সন্মানিত কৰে।
সকলো সুকলমে চলি থকা সময়তে মীৰাবাই চানু আঘাতপ্ৰাপ্ত হয় আৰু এটা বছৰৰ বাবে অনুশীলনৰ পৰা আঁতৰি থাকিবলগীয়া হয়। ২০১৯ চনত মীৰাবাই চানুৱে খেললৈ প্ৰত্যাৱৰ্তন কৰে। ২০২১ চনত এছিয়ান চেম্পিয়নশ্বিপত ৪৯ কি: গ্ৰা: শাখাত Clean and Jerkত ব্ৰঞ্জ পদক অৰ্জন কৰে। কিন্তু ইমানতো মীৰাবাই চানুৰ সংগ্ৰামৰ কাহিনী অন্ত পৰা নাছিল।

খেলৰ দুদিন পূৰ্বে মীৰাবাই চানু সন্মুখীন হৈছিল আন এক সংকটৰ। তেওঁ অলিম্পিকত ভাগ লৈছিল ৪৯ কি: গ্ৰা: শাখাত। কিন্তু খেলৰ দুদিন পূৰ্বে তেওঁৰ ওজন বাঢ়ি ৫১ কি: গ্ৰা: হৈছিল। এনে পৰিস্থিতিত ৪৮ ঘণ্টাত মীৰাবাই চানুৱে দুই কি: গ্ৰা: ওজন কমাবলগীয়া হৈছিল। তাৰ বাবে তেওঁ উপবাসে থাকিবলগীয়া হৈছিল। ইয়াৰোপৰি গাত কম্বল মেৰিয়াই ঘামি শৰীৰত জমা হৈ থকা পানী উলিয়াইছিল।

এইয়া আছিল মীৰাবাই চানুৰ টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰাৰ আঁৰৰ কাহিনী। অনাগত সময়ত মীৰাবাই চানুৱে আৰু অধিক সফলতা লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!