কক্ষচ্যুত
লেখক- জিণ্টু দত্ত
অমলাৰ মাকে মাটিটুকুৰা বেচিব।
আচল খবৰটো আনিলে নন্দ উকীলৰ পুতেক বিনয়ে।
সি বোলে ডাইৰেক্ট বুঢ়ীক সুধি আহিছে
গতিকে অবিশ্বাস কৰিবলগীয়া একো নাই।
আচলতে খবৰটো দুদিনমান কোদো এটাৰ দৰে ভুনভুনাই ঘূৰি ফুৰিছিল কলনিটোত।
কিন্তু সঁচা কোদোৰ ভুনভুননি হয় নে নহয় তাক পৰীক্ষা কৰিবলৈ কোনো আগবাঢ়ি যোৱা নাছিল।
অমলাৰ মাকৰ ফালৰ পৰা অহা যিকোনো বিষয়ৰ ক্ষেত্ৰত এই কলনিৰ মানুহখিনিয়ে বিশেষ সৰ্তকতা অৱলম্বন কৰে।
অন্ততঃ পূৰ্ব অভিজ্ঞতাবোৰ মনত পেলাই সকলোৱে বুজি পায় যে অমলাৰ মাক বা বুঢ়ীৰ খবৰবোৰ যদি মিছা হয় আৰু তেনে মিছা খবৰ উলিয়াইছে বুলি যদি তেওঁ গম পায়, তেতিয়াহলে অন্ততঃ এসপ্তাহমানলৈ এই অঞ্চলৰ মানুহে যে সুখ নাপায় সেইটো নিশ্চিত।
খাওঁতে, শোওঁতে, উঠোঁতে, বহোঁতে বুঢ়ীয়ে মন গ’লেই গুৱাল গালিৰে এই কলনিৰ সকলোকে সোঁৱৰাই থাকিব যে তেওঁলোকে আচলতে এটা বৰ মাৰাত্মক ভুল কৰিলে।
কিন্তু বুঢ়ীয়ে মাটি কিয় বেচিব?
যি মাটিৰ কাৰণে বুঢ়ীয়ে সাতখন কুৰুক্ষেত্ৰলৈ যাবলৈয়ো সাজু বুলি নিজেই ঘোষণা কৰি থাকে তেনে এজনী মানুহে মাটি বেচিব?
মাটি বেছি নহয়। আঢ়ৈকঠামান হব।
তাৰে এমূৰত বুঢ়ীৰ জুপুৰীটো আৰু এইটো চুকত এয়া বাৰী।
বাৰী মানে ঘাঁহে-দলনিয়ে পোত গৈ থকা পুখুৰী আৰু সিফালে গেজেপ মৰা বাঁহনি।
বুঢ়ীৰ ঘৰৰ কেউকাষে নতুন নতুন পকা ঘৰ উঠিছে। প্ৰায়বোৰ ঘৰতে নতুন বোৱাৰী একোজনীহঁতো আছে। ৰাতি খিৰিকীখন খুলি মুকলি বতাহ অকণ ল’বলৈও অশান্তি। হাবিয়ে-বাঁহনিয়ে ৰাতি চাই থাকিবলৈকে ভয়।
একেবাৰে খাপচাৰা হৈছে বুঢ়ীৰ এই ঘৰ-বাৰী নতুনকৈ বহা এই ‘আনন্দ কলনি’ত।
কিন্তু সেইবুলি বুঢ়ীক বাঁহনিখিনিকে অকমাণ কাটিবলৈ কোনোবাই ক’ব পাৰিবনে?
“কি হ’ল? কোনজনীক মুকলি বতাহ লাগে মুখখন চাওঁ? সাধ্য আছেনে তহঁতৰ এনেকুৱা এজোপা বাহঁগছ তুলিবলৈ? খবৰদাৰ, কোনেও হাত নিদিবি”
তাৰ পিছত বাঁহৰ উপকাৰিতা আৰু সময়ত বাঁহ এটুকুৰা বিচাৰি যে ওচৰ পাজৰৰ এই সব ডাঙৰ মানুহ তেওঁৰে ভৰিত পৰিবহি লাগিব, সেই সম্পৰ্কীয় আখ্যান নাসামৰালৈকে বুঢ়ী ক্ষান্ত নহয়।
পৰাপক্ষত কোনেও সহজতে বুঢ়ীক জোকাই নলয়।
তেনেকুৱা এজনী বুঢ়ীয়ে মাটিটুকুৰা বেচিব?
আচৰিত কথা।
আজি কেইমাহমানৰ আগতে বোলে বুঢ়ীৰ সীমাৰ উত্তৰে থকা অমূল্য প্ৰফেচৰ গৈছিল মাটি অলপ পাৰিলে কিনিবলৈ।
বুঢ়ীৰ বাৰীৰ লগতে থকা তেওঁৰ গেৰেজটো অলপ সৰু।
গাড়ী এতিয়াৰখন বাৰু ঠিকেই সোমায়। কিন্তু, বাংগালোৰত থকা সৰুটোৱে ইন’ভাখন লৈ আহিলে বৰ অশান্তি হয়।
আনন্দ প্ৰফেচৰক কিন্তু বুঢ়ীয়ে বৰ শান্তকে ক’লে, “তুমিটো বোপাই কলেজত ল’ৰা ছোৱালী পঢ়োৱা জ্ঞানী মানুহ। তুমিনো মোক সা-সম্পত্তি বেচিবলৈ বুদ্ধি দিব লাগেনে বাৰু? মানুহে মাটি-বাৰী এটুকুৰা গোটাই নে থকাকণো বেচে তুমিয়ে কোৱাচোন? মোৰ ল’ৰালুৰি নাই বুলিয়েই তোমালোক সকলোৱে মোক বাটৰ ভিক্ষাৰী কৰিম বুলি ভাবিছা নি?”
হাতত লৈ থকা তামোলকণ সামৰি সুতৰি প্ৰফেচৰ বোলে লাহে লাহে গুচি আহিল।
বুঢ়ীৰ বাৰীত আম, কঁঠাল, লেতেকু পনিয়লৰো অভাৱ নাই।
খুজি গ’লে বুঢ়ীয়ে ‘হেই, এইবোৰ মই পাৰিব নোৱাৰোঁ এই বুঢ়া বয়সত’ বুলি নিজেই দলিয়াই খটিয়াই এটা দুটা সৰু ল’ৰা-ছোৱালীক দিয়ে।
কিন্তু কলনিৰ কোনোবা দুষ্ট অঘাইতঙে যদি কেনেবাকৈ চুৰ কৰাৰ বুদ্ধি কৰে, হ’ল আৰু!
কেনেকৈ বুঢ়ীয়ে গম পায় সেয়া আচৰিত।
কিন্তু, আম চুৰ কৰাটোৱে আমো খালে আৰু তাৰ চৌধ্য পুৰুষেও যেনিবা উদ্ধাৰো পালে বুঢ়ীৰ বাক্যবাণত!
অমলাৰ মাক বা বুঢ়ীৰ আচল নাম সম্পৰ্কে ইতিহাস নিমাত।
কিন্তু ওচৰৰ-পাজৰৰ মানুহে জানে এই অঞ্চলৰ সবাতোকৈ পুৰণা মানুহ বুঢ়ীৰ ঘৰেই।
এইটো কলনীৰ সকলোৱে ঘৰ সাজি থাকিবলৈ লোৱাৰ পৰা বুঢ়ী আৰু জীয়েকক দেখি আহিছে।
বুঢ়ীক কেতিয়াবা গিৰিয়েকৰ কথাও সোধে কোনোবাই।
বুঢ়ীয়ে একো নকৈ এলান্ধুকলীয়া বেগ এটাৰ পৰা গিৰিয়েকৰ পুৰণা ফটো এখন উলিয়াই চায়।
ফটোখনত থকা মানুহজনক ভালকৈ ধৰিব নোৱাৰি-কিবা ধোঁৱাৰ মাজত ৰৈ থকা যেন লাগে।
‘আহ্ কেনে নিৰ্জু আছিল মানুহজন’- বুঢ়ীয়ে কেতিয়াবা আপোন পাহৰা হৈ আগৰ কথাবোৰ মনত পেলায়।
তেখেত থাকোঁতে এই ঘৰ, এই বাৰী এনেকুৱা আছিল নে?
ফু মাৰি ভাত খাব পৰা কৰি থৈছিল কৰ্মী মানুহজনে।
পাচলি এটা কিনাৰ কথা মানুহটোৱে জীৱনত ক’ব নোৱাৰে। সব হাত দিলেই হয় বাৰীখনত।
এতিয়াও কেতিয়াবা দুপৰীয়া বাঁহৰ জলঙাৰে জুমি চালে বুঢ়ীৰ এনে লাগে যেন সেয়া কোৰখন লৈ মানুহটোৱে টুকটুককৈ কাম কৰি আছে বাৰীখনত।
মানুহটোৰ জীউটো যেন বাৰীখনতে আছে।
সেয়ে কোনোবাই পাত এখিলা তুলিলেও খং উঠে বুঢ়ীৰ।
মৰিবৰ সময়তহে বৰ কষ্ট পালে মানুহজনে।
ভাল ডাক্তৰক দেখুৱাবলৈ টকা-সিকাও নাছিল সেইসময়ত।
কথাবোৰ মনত পেলাই বুঢ়ীৰ গৰম লোটক বাগৰি আহে দুইচকুৱেদি।
সেই বুঢ়ীৰে একমাত্ৰ জীয়েক অমলা আৰু অমলাৰ কাৰণেই বুঢ়ীয়ে এতিয়া মাটি বেচিবলে লৈছে।
টাংগুটি, মাৰ্বলগুটি খেলালৈকে ঠিকেই আছিল।
কিন্তু আৰু অলপ ডাঙৰ হোৱাৰ পৰাই অমলাই বুজিলে এনেকৈ নহ’ব।
এনেকৈ মাজে মাজে মাকে বুটলি অনা শাক-পাতেৰে সদায় কো-অপাৰেটিভৰ দোকানৰ ভাতগাল টেটুৰ সিপাৰ নহয়।
তদুপৰি মাকো তড়িৎ গতিত বুঢ়া হৈ আহিছে।
কিবা এটা সোনকালে কৰাৰ দৰকাৰ।
গতিকে এদিন বেচন পিয়াঁজৰ সানি লোৱা পিণ্ড এটা চৰিয়াত লৈ ষ্ট’ভ এটাৰে সৈতে টেবুল এখন ওচৰৰ তিনি আলিটোত পাতি ল’লে অমলাই।
গধুলি বজাৰ বহে, ইটো সিটো মানুহ গোট খায়।
প্ৰথমে বুঢ়ীয়ে অমলাক গালি পাৰিছিল।
গাৰ মঙহ কাটি হ’লেও গাভৰু জীয়েকক খুৱাব পাৰিব বুলি সদম্ভে সকলোৱে শুনাকৈ চিঞৰিছিলো।
কিন্তু, পিছলৈ বুঢ়ীকো দেখা গ’ল টেবুলখনৰ ওচৰতে সন্ধিয়া ৰৈ থাকি এটকা দুটকাকৈ টেমাটোত গোট খোৱা পইচাবোৰ গণ্টি কৰা।
আৰু এদিন অমলাৰ গৰম পকৰী আৰু চাহৰ সোৱাদ ল’বলৈ গধুলি আৱিৰ্ভাৱ হ’লহি কুমুদৰ।
পকৰী খাই থাকোঁতে কুমুদে লক্ষ্য কৰিলে ষ্ট’ভৰ শিখাৰ পোহৰত অমলাৰ মুখখন ৰঙা পৰিছে।
ডিঙিয়েদি লাহে লাহে নামি গৈছে ঘামৰ এটা টোপাল।
হঠাতে কুমুদে বৰ গৰম গৰম যেন অনুভৱ কৰিলে।
এদিন কুমুদে পইচা নিদিয়াকৈ দুটা পকৰী বেচিকৈ খাই গ’ল।
পইচা কেতিয়া দিব বুলি বুঢ়ীয়ে সোধোতে অমলাই লাজ লাজকৈ হাঁহি এটা মাৰিলে।
এদিন কুমুদে ক’লে তাৰ কেও-কিছু নাই।
তাৰ লাহে লাহে এই চহৰখন আৰু অমলাক ভাল লগা হৈ আহিছে।
আৰু এদিন কুমুদ বুঢ়ীৰ ঘৰত একেবাৰে থাকিবলৈ গুচি আহিল।
প্ৰথম অলপদিন ঠিকেই গ’ল।
সমস্যা হ’ল বুঢ়ীৰ অসুখ আৰম্ভ হোৱাৰ পৰা।
অলপদিন কাঁহি কাঁহি থাকোঁতেই অমলাই বুঢ়ীক হস্পিতললৈ লৈ যাব খুজিলে।
বুঢ়ীয়ে কলে ‘থ থ হেৰ, এনেয়ে পইচা ভাঙিব নালাগে। নিজে নিজেই ঠিক হব।’
কিন্তু অলপদিনৰ পাছত বুঢ়ীৰ বিছনাখনৰ পৰা উঠি যাবলৈ মন নোযোৱা হ’ল।
লাহে লাহে কাঁহ বেছি হৈ বুঢ়ীয়ে ভালকৈ উশাহেই লব নোৱাৰা হ’ল।
কোনোবাই গছত উঠি লেতেকু পনিয়ল চিঙে-বুঢ়ীয়ে একো মাত নিদি নিৰ্বিকাৰ হৈ চাই থাকে।
কাৰোবাৰ ঘৰৰ বোৱাৰীয়ে চুৱাভাত পানী ছটিয়াই বুঢ়ীৰ বাৰীলৈকে মাৰি পঠিয়ায়।
বুঢ়ী বিছনাত পৰাতে পৰি থাকে।
উঠি গৈ কিবা এষাৰ ক’বলৈ বুঢ়ীয়ে শক্তি নাপায়।
অমলাই কুমুদে বুঢ়ীক ডাক্তৰৰ ওচৰলৈ লৈ গ’ল।
ডাক্তৰে পৰীক্ষা কৰি ক’লে বুঢ়ীৰ বুকুত বেয়াকৈ কফ বহি গৈছে।
এসময়ত কেঁচা খৰি ফুৱাই ফুৱাই ভাত বনোৱাৰ ফল।
ডাক্তৰে টেবলেট দিলে আৰু ভালকৈ বুকুখন দেখুৱাবলৈ গুৱাহাটী নিবলৈ ক’লে।
কুমুদে সেই ৰাতি আহি প্ৰস্তাৱ দিলে মাটি অলপ বেচি দিবলৈ।
বুঢ়ীকো দেখুৱাব পাৰিব আৰু বাকী টকাৰে সি এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব।
এই চহৰত সি আৰু কিমান লোকৰ দোকানত গোমাস্তা হৈ কাম কৰিব।
তাৰো নিজাববীয়াকৈ দোকানৰ মালিক হোৱাৰ মন।
অসুখীয়া দেহাৰেই বুঢ়ীয়ে ফোঁপাই ফোঁপাই কৈ উঠিল- লাগিলে তেওঁ সিপুৰীলৈ যাব কিন্তু মাটিকণ নেবেচে।
আজি ইমান বছৰ হ’ল এই ঘৰ-মাটি ৰখি থকা।
এতিয়া থকাকণো বেচি বুঢ়ীয়ে গাৰ আৰাম নলয়।
অমলাইও সমানে খেংখেঙাই আহিল- ‘তুমিনো কিহৰ মতাটো যদি পইচা কেইটামানেই ঘটি বেমাৰটো ভাল কৰাব নোৱাৰা’।
পিছদিনা ৰাতি কুমুদ মদ খাই আহিল।
অমলাৰ নিচিনা এজনী ছোৱালীক বিয়া কৰি সি যে বৰ ডাঙৰ মূৰ্খামি কৰিলে-সেই কথাটোকে বলকি বলকি সি ভাত নোখোৱাকৈ শুই থাকিল।
সেইদিনা বুঢ়ীয়ে টেবলেটবোৰ নাখালে।
বৰ তিতা লাগে হেনো মুখখন।
তাৰ পাছৰ দিনাও কুমুদে মদ খাই আহিল।
সেই ৰাতি সি অমলাক এটা চৰ মাৰিলে।
সি ইয়াৰ পৰা একেবাৰে গুচি যোৱাৰ কথাও বাৰম্বাৰ ক’লে।
শেহৰাতি পিৰালীত বহি বুঢ়ীয়ে অমলাক লাহেকৈ সুধিলে- ‘সি তোক এৰি দিব নি?’
নাৰীৰ মন-সাগৰত হাজাৰ ধুমুহাৰ সৃষ্টি কৰি দিব পৰা প্ৰশ্ন। সেই তাহানিৰ পৰা।
অমলা নিশ্চুপ হৈ বহি থাকিল।
ৰাতিটো গভীৰ কৰি ঝিলিবোৰে মাতি থাকিল।
পিছদিনাখন বুঢ়ীয়ে কুমুদক গ্ৰাহক বিচাৰিবলৈ ক’লে।
অমূল্য প্ৰফেচৰৰ বাউণ্ডেৰীৱালৰ পৰা ধৰি দুকঠামান মাটি অমলাৰ মাকে বেচি দিব।
বুঢ়ীয়ে মাটি বেচিব বুলি খবৰটো ওলোৱাৰ পৰা এক অনাকাঙ্খিত আনন্দৰ ঢৌৱে গোটেই কলনিটোৰ মানুহখিনিক যেন জীপাল কৰি তুলিলে।
হঠাৎ যেন দলনি পোতাপুখুৰী আৰু বাঁহনিৰ পৰা সকলো ভূত-প্ৰেত লৰ মাৰিলে আৰু সকলোৱে যেন নিজৰ কল্পনাৰ চকুৰে ঠাইখিনিক জুমি চাবলৈ ধৰিলে।
কাৰোবাৰ গেৰেজৰ কাৰণে ঠাই ওলাল। কাৰোবাৰ গোসাঁই ঘৰকণ বঢ়াই লবলৈ আনি থোৱা নক্সাটো মেল খালে।
খিৰিকীবোৰ লাহে লাহে খোল খালে আৰু সকলোৱে কুমুদক লক্ষ্য কৰিবলৈ ধৰিলে।
এতিয়াটো সকলো কুমুদৰ হাতত।
সেই ৰাতি বুঢ়ীৰ টোপনি নাহিল।
শেহৰাতি বুঢ়ী লাহেকৈ দুৱাৰখন খুলি ওলাই আহিল।
টেবলেটবোৰ খোৱাৰ কাৰণেই হ’বলা বুঢ়ীৰ মুৰ ঘূৰোৱা যেন লাগি আছিল।
খুটাটোত ধৰি তেওঁ পিৰালীত বহিল আৰু পুখুৰী আৰু বাঁহনিখনলৈ একেথিৰে চাই ৰ’ল।
ক’ৰবাত নিশাচৰ চৰায়ে মাতিছিল।
ৰাতিপুৱাবলৈ চাগে বেছি সময় নাই- বুঢ়ীয়ে ভাবিলে।
এজাক চেচাঁ বতাহে বুঢ়ীৰ সমগ্ৰ সত্তাক চুই গ’লহি।
গাঢ় অন্ধকাৰে গিলি থোৱা বাঁহনিখনৰ পিনে চাই চাই সেই নিজম নিস্তব্ধ ৰাতি বুঢ়ীয়ে লাহে লাহে উচুপি উচুপিবলৈ ধৰিলে।