ক’ভিড-১৯ ৰ তৃতীয়টো ঢৌ আৰু লোকবিশ্বাস

লেখক- ড০ জয়ন্ত কুমাৰ

ক’ভিডৰ এই ভয়বহতাৰ সময়ত কিছুমান উৰাবাতৰিয়ে মানুহৰ মাজত থিতাপি লৈছেহি যিবোৰ নেকি মুঠেও গ্ৰহণযোগ্য নহয়। সকলোৰে মনত এটাই কথা আহি আছে যে অতি সোনকালেই ক’ভিডৰ তৃতীয়টো ঢৌ আহিব আৰু এই ঢৌত শিশুসকল আক্ৰান্ত হ’ব। ইয়াৰে আলম লৈ আমাৰ মাজত কিছুমান লোকবিশ্বাস বা উৰাবাতৰিয়ে ঠাই পাইছে। তেনে কিছুমান লোকবিশ্বাসৰ বিষয়ে কিছু আভাস দিব বিছাৰিছোঁ যিবোৰ সম্পূৰ্ণৰূপে ভিত্তিহীন।

১। শিশুসকলৰ মাজত ক’ভিড-১৯ ৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা আছে। এই ক্ষোত্ৰত আমি উদ্বিগ্ন হ’ব নালাগে। যি সময়ত ক’ভিড ১৯ যে সকলো বয়সৰ সকলো লিংগ সকলো জাতি জনগোষ্ঠীকে আক্ৰমণ কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, তেনে সময়ত এনেবোৰ উৰাবাতৰিত মন দিয়াতো ভুল। বৰ্তমানলৈকে অভিজ্ঞতাৰ পৰা দেখা যায় যে সৰু সৰু ল’ৰা-ছোৱালীও প্ৰাপ্তবয়স্কৰ দৰেই আক্ৰান্ত হয়। কিন্তু, শিশুসকলৰ বৃহৎ সংখ্যকেই লক্ষণহীন বা মৃদু(mild) লক্ষণৰ হয়। যোৱা প্ৰথম আৰু দ্বিতীয় ঢৌত ২-৩ শতাংশ শিশু hospitalisation হৈছিল আৰু সমীক্ষা অনুসৰি ৫% শিশুৰ hospitalisation কৰিব লগা হয়।

২। ক’ভিড-১৯ প’জিটিভ মাতৃৰ পৰা নৱজাতক সংক্ৰমিত হ’ব নোৱাৰে। প’জিটিভ মাতৃ এগৰাকী বা স্বাস্থ্যকৰ্মী এগৰাকীয়ে মাস্ক নিপিন্ধাকৈ হাঁচিয়ালে বা কাঁহিলে নৱজাতক এজন সংক্ৰমিত হ’ব পাৰে। প্ৰসৱৰ সময়ত আক্ৰান্ত মাতৃৰ তেজ বা নিঃৰক্ষৰণৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলেও শিশু এজন সংক্ৰমিত হ’ব পাৰে।

৩। সকলো শিশু ক’ভিড-১৯ ৰ পৰা সুৰক্ষিত। যি সময়ত সকলো বয়সৰে লোক ক’ভিডত আক্ৰান্ত হৈছে, সেই সময়ত শিশুসকল কেতিয়াও সুৰক্ষিত নহয়। ০-১০ বছৰ বয়সৰ প্ৰায় ৩.৪০% শিশু ক’ভিডত আক্ৰান্ত হৈছে।

৪। ক’ভিড প’জিটিভ মাতৃ এগৰাকীয়ে শিশুটিক স্তনপান কৰাব নালাগে। সম্পূৰ্ণ ভিত্তিহীন এক তথ্য। নৱজাতক বা শিশু এটিৰ বাবে মাতৃৰ আহাৰেই হৈছে সুষম আহাৰ। তেনেস্থলত শিশু এটিক মাতৃ দুগ্ধৰ পৰা কেতিয়াও বঞ্চিত কৰিব নালাগে। ক’ভিডৰ সম্পূৰ্ণ নিয়ম মানি যেনে, তিনিতৰপীয়া মাস্ক পিন্ধি, হাত বাৰে বাৰে চাবোনেৰে ধুই আৰু চেনেটাইজাৰ ঘঁহি থকা মাতৃয়ে নিৰ্ভয়ে শিশুটিক স্তনপান কৰাব পাৰে। গৱেষণাৰ পৰা দেখা গৈছে যে, মাতৃ দুগ্ধত সংক্ৰমণ কৰিব পৰা SARS-cov-20 ভাইৰাছ যাৰ পৰা নৱজাতক সংক্ৰমিত হ’ব পাৰে, তেনে ভাইৰাছ মাতৃ দুগ্ধত বৰ্তমানলৈকে পোৱা নাই। গতিকে, পজিটিভ মাতৃ এগৰাকীয়ে শিশুটিক স্তনপান কৰাব পাৰে।

৫। সকলো শিশুৰ মাজত ক’ভিড সংক্ৰমনৰ প্ৰভাৱ সমানে থাকে। ই সত্য নহয়। সহব্যাধি ( congenital) যেনে, ডায়েবেটিছ, জন্মগত হৃদৰোগ, বৃক্কজনিত ৰোগ, দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগ, প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণকাৰী ঔষধ সেৱনকাৰী শিশু, মেদবহুলতা বা পুষ্টিহীনতাত ভোগা শিশু, কৰ্কট ৰোগত আক্ৰান্ত শিশু, তেজ সম্পৰ্কীয় ৰোগ থকা ( যেনে, চিকেলচেল এনিমিয়া) এনেবোৰ শিশুৰ মাজত Covid-19 ৰোগ হোৱাৰ সম্ভৱনা অধিক দেখা যায়।

৬। গৰ্ভৱতী মহিলা এগৰাকী আক্ৰান্ত হ’লে শিশুটিৰ ওপৰত কোনো প্ৰভাৱ নপৰে। প্ৰভাৱ পৰে। এনে হ’লে অকাল জন্ম ( Pre term birth) হ’ব পাৰে। pre term birth হ’লে শিশুটি পুষ্টিহীনতাত ভুগিব পাৰে আৰু পুষ্টিহীনতাত ভোগা শিশুৰ ক’ভিড সংক্ৰমণৰ প্ৰভাৱ বেছি।

৭। পজিটিভ মাতৃ গৰাকীৰ পৰা শিশুটিক আঁতৰাই ৰাখিব লাগে। ই একেবাৰে অনুচিত। মুঠেও সমৰ্থনযোগ্য নহয়। বিশেষ অসুবিধা নাথাকিলে শিশুটিক মাকৰ লগতে ৰাখিব লাগে। মাকৰ বুকুৰ উমৰ মাজত ( kangaroo mother care) ত ৰাখিব লাহে। ক’ভিডৰ নীতিসমূহ মাকগৰাকীয়ে মানি গাখীৰ খুউওৱা বা অন্য কামসমূহ কৰিব লাগে।

৮। ক’ভিড আক্ৰান্ত হ’লেই শিশু এটিক ICU Care ৰ প্ৰয়োজন হয়। প্ৰকৃততে এনে নহয়। শিশু এটি আক্ৰান্ত হ’লে সাধাৰণতে লক্ষণবিহীন ( asymptomatic) হয় বা মৃদু লক্ষণৰ ( mild symptomatic) হয়। এনেক্ষেত্ৰত শিশু এটিক ICU care ৰ প্ৰয়োজন নাথাকে। ১০-২০% শিশুক চিকিৎসাৰ প্ৰয়োজন হয় আৰু লক্ষণ থকা ১% ৰ পৰা ৩% শিশুকহে ICU care ৰ প্ৰয়োজন হ’ব পাৰে। যিসকল শিশু বিশেষ ভাবে সক্ষম বা (৫) নং ত আলোচনা কৰাৰ দৰে সহব্যাধিযুক্ত হয় তেনে শিশুক ICU care ৰ প্ৰয়োজন হ’ব পাৰে।

এনেধৰণৰ বহুতো উৰাবাতৰি বা লোকবিশ্বাস আমাৰ মাজত বৰ্তমান চলি থকা দেখা গৈছে। যিবোৰ সম্পূৰ্ণৰূপে মিছা, ভিত্তিহীন। শিশু এটি ক’ভিড আক্ৰান্ত হ’লে বা লক্ষণ দেখা পালে চিকিৎসালয়লৈ যাওক পৰীক্ষা কৰাওক! নহ’লে, আশাকৰ্মী বা MPW বা ANM ৰ ওচৰত আহি পৰীক্ষা কৰাই ল’ব পাৰে। এনেবোৰ উৰাবাতৰিত ভোল নগৈ সোনকালেই চিকিৎসাকৰ্মীৰহে ওচৰ চাপিব লাগে। বৰ্তমান NHM য়ে esanjeevani opd নামেৰে এটা এপ উলিয়াইছে যাৰ যোগেদি আপোনালোকে অনলাইন চিকিৎসকৰ লগত যোগাযোগ কৰি চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰে। play store ত এই app উপলব্ধ আছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!