সমাজ সংগঠনত ভাওনাৰ গুৰুত্ব
লেখক- চন্দামিতা শৰ্মা
অপসংস্কৃতি বিনাশ কৰি সুন্দৰৰ সাধনাৰে বৈকুণ্ঠৰ পৰা বোৱাই অনা সংস্কৃতিৰ বন্যাৰ ভিতৰত এক অন্যতম শ্ৰেষ্ঠ কলা হৈছে ভাওনা, যি অসমীয়া সমাজ জীৱনৰ এটা অতি পৱিত্ৰ তথা অবিচ্ছেদ্য আৰু অবিচ্ছিন্ন অংগ। অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা। অংকীয়া নাটৰ অভিনয়কে আচলতে ভাওনা বোলা হয়, যি সংস্কৃতিৰ দিশৰ এক লোকব্যঞ্জক আহিলা।
অতি নিষ্ঠা, সাত্বিকতা আৰু ভক্তিভাৱেৰে গাম্ভীৰ্যপূৰ্ণ ৰূপত ইয়াক অনুষ্ঠিত কৰা হয়। দৰাচলতে এই ভাওনা অনুষ্ঠানক ৰাইজে সেৱা হিচাপে গ্ৰহণ কৰে আৰু পৱিত্ৰভাৱে মান্যতা দিয়ে। বিভিন্ন প্ৰতিকূল পৰিস্থিতিক নেওচি যোৱা পাঁচশ বছৰৰো অধিক কাল এক অবিচ্ছিন্ন প্ৰৱাহ হিচাপে আৰু এক ঐতিহ্যময় সংস্কৃতি ৰূপে চলি আহিছে। গুৰুদুজনাৰ হাতত সৃষ্টি হোৱা অংকীয়া নাটসমূহৰ উদ্দেশ্য আছিল একতা এনাজৰীৰে সকলোকে বান্ধি ৰখা। ‘ধন্য পৰা তনু ভাল’ চিৰ শাশ্বত বাণী সৰোগত কৰি একোজন প্ৰকৃত মানুহ গঢ় দিয়াৰ প্ৰয়াস কৰিছিল। এক কথাত ভাওনা হৈছে বিভিন্ন শিল্পীগুণৰ এক গতিশীল মাত্ৰা।
নৱবৈষ্ণৱ ধৰ্মৰ শলিতা জ্বলাই ধৰ্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ অৱসান ঘটোৱাৰ লগতে সমাজক সংগঠিত কৰাৰ অৰ্থে অসমৰ শিল্প সংস্কৃতি তথা ধৰ্মীয় জগতলৈ দিয়া অভিনৱ উপহাৰেই তথা সম্পদেই হৈছে ভাওনা। এই অংকীয়া নাট ভাওনা অসমীয়া সংস্কৃতিৰ মনোৰম সম্পদসমূহৰ অন্যতমেই নহয়, সৰ্বোত্তম কীৰ্তি।
যেষাং শ্ৰীমৎযশোদ সুত পদ কমলে
নাস্তি ভক্তি নৰানাম।
যেষামাভিৰ কন্যা প্ৰিয় গুণ কথনে
নানুৰক্তাৰসজ্ঞাং
যেষাম্ শ্ৰীকৃষ্ণ লীলা ললিত ৰসকথা
সাদৰে নৈব কৰ্ণোৎ
ধিক্ তান ধিক্ তান কথয়তি
সততং কীৰ্তনস্ত মৃদং
ধিক ধিক ধিক।
নৃত্য-গীত বা ভাওনাক জনসাধাৰণে হেয় জ্ঞান কৰে বুলি শ্ৰীকৃষ্ণৰ দোহাই দি গুণকীৰ্তন নকৰাসকলৰ আৰু গুণকীৰ্তন শুনিব নোখোজাসকলৰ জীৱন ধিক বুলি সাৱধান কৰি লৈহে ভাওনা আৰম্ভ হয়।
ভাওনা শব্দৰ প্ৰকৃত অৰ্থ ভাও দি দেখুওৱা কাৰ্য। অসমীয়া সমাজ জীৱন আৰু সংস্কৃতিক গৌৰৱোজ্জ্বল স্বৰ্ণসৌধেৰে বান্ধি ৰখা সূতাডালেই হ’ল ভাওনা। ভাওনাই নৱবৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ শলিতা জ্বলাই ধৰ্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ অৱসান ঘটাই সকলোকে একগোট কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। লোকশিক্ষাৰ সহজ আৰু কাৰ্যকৰী উপায় হিচাপে গুৰুজনাই নাট্যাভিনয়ৰ পৰিকল্পনা কৰিছিল আৰু তৎকাৰ্যত সফলো হৈছিল।
এই ভাওনা সংস্কৃতিৰ মাধ্যমেৰে গুৰুজনাই অজ্ঞ অনাখৰী জনতাক কৃষ্ণভক্তিৰ মালা পিন্ধাই বিভিন্ন ধৰ্ম তথা জাতি-উপজাতিৰ বহুধা বিভক্ত অসমীয়া সমাজক একত্ৰিত কৰি নামঘৰ, সত্ৰকেন্দ্ৰিক এখন বৰ অসম গঢ়ি থৈ গৈছে।
প্ৰকৃতাৰ্থত মহাপুৰুষজনাই সমসাময়িক সমাজখনক এক নিৰ্মল তথা স্বচ্ছ পথৰ সন্ধান দিবলৈ, গাঁৱে-ভুঁঞে নামঘৰ, সত্ৰ স্থাপন কৰি অনাখৰী চহাসমাজক আলোকৰ পথেৰে আগবঢ়াই নিবলৈ বিভিন্ন আঁচনি হাতত লৈছিল যাৰ ভিতৰত অন্যতম আছিল ভাওনা। গুৰুজনাৰ এই আঁচনি কাৰ্যকৰী আৰু ফলপ্ৰসূ কৰি তোলাত তেৰাৰ সোঁহাতস্বৰূপ মহাপুৰুষ মাধৱদেৱ আৰু পৰৱৰ্তী গোপাল আতা, ৰামচৰণ ঠাকুৰ, দৈত্যাৰী ঠাকুৰ আদিকে ধৰি বিভিন্নজনৰ প্ৰভুত বৰঙনি আছে। আচলতে নৱবৈষ্ণৱ আন্দোলনৰ মহৎ ফলশ্ৰুতিত এই মহান শিল্পকৃতি অৰ্থাৎ ভাওনাক এহাতে যিদৰে ভক্তি-অৰ্থ প্ৰচাৰৰ মাধ্যম, এক সামাজিক কলা হিচাপে সৃষ্টি কৰিছিল তেনেদৰেই আনহাতেৰে সমাজক সুসংগঠিত কৰি ৰখাৰ গাঁঠনিতো বৰ্ণাঢ্যতাৰ প্ৰকাশ ঘটাইছিল।
সামাজিক কলা হিচাপে ভাওনাৰ মান আৰু স্থান অতি উচ্চ কাৰণ ইয়াৰ মাজত নিহিত হৈ আছে সংহতি আৰু সমন্বয়ৰ আদৰ্শ। এখন গাঁৱত বা কোনো এক অঞ্চলত যেতিয়া ভাওনা পাতিবলৈ মনস্থ কৰা হয় তেতিয়া কেৱল সেই গাঁওখনেই নহয়, সেই গাঁওখনৰ ওচৰ-চুবুৰীয়া অঞ্চলৈকে এক আনন্দৰ ঢৌৰ বন্যা বয়, যি বন্যা বৰ্তমান কালতো আন কোনো মাধ্যমেই যে সৃষ্টি কৰিব নোৱাৰে সেয়া ধুৰূপ। ভাওনা অনুষ্ঠিত হ’লে তাত সূত্ৰধাৰকে আৰম্ভ কৰি অসংখ্য লোক জড়িত হৈ থাকে।
কেৱল ভাওনাত চৰিত্ৰ ৰূপায়িত কৰা কুশলীয়ে নহয় মুখা আদি নিৰ্মাণকে ধৰি অজস্ৰ কাৰ্যৰ লগত বহুসংখ্যক লোক অতি নিষ্ঠাৰে আৰু ঘনিষ্ঠভাৱে জড়িত হৈ থাকে।
নাট মেলা, বচন লেখা, বচন বিলোৱা, আখৰা কৰা, প্ৰয়োজন মতে নতুনকৈ গায়ন-বায়ন শিকোৱা, ৰাইজ-যুৱক মিলি নামঘৰটি চাফ-চিকুণ কৰি তোলা, কাঠৰ আচবাবত ৰং-চঙীয়া কাগজ লগাই ভাওনাৰ ৰজা-মহাৰজা বহিবৰ বাবে ‘সিংহাসন’ সজা, নামঘৰৰ ভিতৰচ’ৰাত বাঁহৰ খুঁটা পুতি ওপৰত ধনুভিৰিয়াকৈ ‘চিটিকা’ দি ৰাজমহলৰ আৰ্হিত সজাই-পৰাই তোলা, যুৱতীসকলে গামোচা-চেলেং নামঘৰৰ খুঁটাত মেৰিওৱা, গামোচা আদি যোগাৰ কৰা, পিঠা-পনা, জা-জলপান তৈয়াৰ কৰা আদি বিবিধ কামেৰে গোটেই গাঁওখন ব্যস্ত হৈ পৰে। এনেকুৱা কামত থাকে সৃষ্টি আৰু য’ত সৃষ্টি থাকে তাতেই নান্দনিকতাও থাকে। নামঘৰ আৰু ইয়াত পালন কৰা তিথি-পাৰ্বণ, ভাওনা-সবাহ আদিৰ জৰিয়তেই গাঁওসমূহ সদ্ভাৱ-সম্প্ৰীতিৰে আছে।
‘চিহ্নযাত্ৰা ‘ ই প্ৰথম অসমীয়া নাট্যঅভিনয়। ড: মহেশ্বৰ নেওগদেৱৰ ভাষাত ‘ এই চিহ্নযাত্ৰাই সংগীত আৰু নাট্যকলাৰ এক অভিনৱ অধ্যায় আৰু ভাৰতীয় সংগীত আৰু, নাট্য সাহিত্যৰ বুৰঞ্জীত এক নতুনত্বৰ সংযোজন। ‘ ভাওনা ভক্তিৰসৰ ব্যাপকতাই বেছি। শ্ৰীকৃষ্ণ বা ৰামচন্দ্ৰৰ দ্বাৰাই দুষ্কৃতিৰ বিনাশ ঘটাই অনাদি অনন্তৰ মহিমাৰ কথা সকলোৰে বোধগম্য হোৱাকৈ ভাওনা অনুষ্ঠিত কৰাই ইয়াৰ মূল উদ্দেশ্য। মানুহৰ মনত ভক্তিভাৱৰ হেন্দোলনি ঘটাই জাত-পাত, উচ্চ-নীচৰ ভেদাভেদ পৰিহাৰ কৰাই সকলো জনসাধাৰণৰক সৰ্বোত্তম একত্ৰিত কৰি ৰখাই ইয়াৰ প্ৰধান উদ্দেশ্য।
অসমৰ প্ৰায় প্ৰতিখন গাঁৱত একোটাকৈ নামঘৰ আছে যি সামূহিক প্ৰাৰ্থনাগৃহ আৰু ৰংগমঞ্চ। নামঘৰ ভাওনা কৰাৰ স্পৃহা জন্মাই আহিছে আৰু ভাওনাই নামঘৰক সজীৱ কৰি ৰাখিছে। ভাওনা অনুষ্ঠিত কৰিম বুলি মনস্থ কৰাৰ পিছত ‘ নাটমেলা’ ৰ পৰা আৰম্ভ কৰি ভাওনাৰ শেষৰ ‘ নাটসামৰণি’ লৈকে ৰাইজৰ মাজত উচৱমুখৰ পৰিৱেশ সৃষ্টি হয়, যিয়ে মজবুত কৰে সমাজখনক একগোট কৰি ৰখাত।
অসমীয়া সমাজ জীৱনক এক ‘সাংস্কৃতিক গঠন’ প্ৰদান কৰি ‘ধৰ্মৰ মৰ্ম’ আয়ত্ত কৰোৱাৰ বাবে গ্ৰহণ কৰা অনেক মাধ্যমৰ ভিতৰত তেৰাৰ সৃষ্টি ‘নাট’ আৰু সেই নাটৰ ‘অভিনয়’ৰ প্ৰসঙ্গ অতিকে উল্লেখযোগ্য। তাহানিতে সেই কাৰ্য সমাধা কৰি থৈ গৈছে- ‘ভাওনা’ৰ জৰিয়তে।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বৰদোৱাত ‘চিহ্নযাত্ৰা’ নাটৰ অভিনয়ৰে ‘ভাওনা’ সংস্কৃতি গঢ় দিছিল আৰু প্ৰসাৰ ঘটাইছিল। তেৰাৰ আদৰ্শৰ বাৰ্তা বাহক ৰুপে ‘চিহ্নযাত্ৰা’ ভাওনাত ‘ৰঘুপতি ৰজকৰ পুত্ৰই লক্ষ্মীৰ ভাও লোৱা’ কাৰ্যই সমাজৰ সৰ্বস্তৰৰ লোকৰ অনুভূক্তি আৰু জাত-পাতৰ উৰ্দ্ধত এক বৃহত্তৰ অসমীয়া সমাজৰ ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। কেৱল সিমানেই নহয় মহাপুৰুষ জনাই ‘ভাওনা’ সংস্কৃতিক কেন্দ্ৰ কৰি সৃষ্টি অথবা প্ৰৱৰ্তন কৰা বিবিধ ক’লা-কৌশলৰ ভূমিকাও অতিকে স্মৰণীয় বা বন্দীত। ‘সত্ৰ’ আৰু ‘নামঘৰ’ নিৰ্মাণ কৰি দিয়াৰ লগে লগে মুকলি হৈছিল অনেক মূল্যবোধৰ ভাণ্ডাৰ। দেখি-দেখুৱাই, কৰি-কৰোৱাই মহাপুৰুষ জনাই সমাজত প্ৰেৰিত কৰিছিল সৌন্দৰ্য বোধৰ ধাৰণা, প্ৰতি সন্মান বোধৰ অমিয়া মাধুৰী। এনেদৰেই ‘শঙ্কৰদেৱৰ নাট-ভাওনাই জাতীয় জীৱনত এক সাংস্কৃতিক জাগৰণৰ সৃষ্টি কৰি গভীৰ ভাৱে চাপ বহুৱাই থৈ যায়- যাৰ বাবে শঙ্কৰদেৱৰ ভাওনাই অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ হৈ পৰিল’।
ভাওনা’ কেন্দ্ৰিক আচাৰ অনুষ্ঠান, ৰীতি-নীতিয়ে অসমীয়া সমাজ জীৱনক দিছিল শৃংখলিত, ৰুচি সন্মত তথা পৰিশীলিত এক জীৱন শৈলী- যি শৈলীত পবিত্ৰ ভাৱ আৰু স্বাস্থ্য বিধিকে আদি কৰি খাদ্যভাসৰ দৰে অনেক বিধি কৌশলৰ দীৰ্ঘম্যাদী ফল জড়িত হৈ আছে। কিয়নো ‘কলা-চৰ্চাত বা সংস্কৃতি চৰ্চাত ধৰ্মভাৱ বা পবিত্ৰতা সংযোগ হ’লেহে কলা বা সংস্কৃতিৰ হৰণ-ভগন নহয়। পবিত্ৰতাৰ ব্যতিৰেকে কলা বা সংস্কৃতি মৰহি যায়। পবিত্ৰতা বা ধৰ্ম ভাৱে কলা- সংস্কৃতিক জীপ দি বাঢ়ি সহায় কৰে’।
মানুহে ‘ভাওনা’ৰ পৰা আহৰণ কৰিছিল জীৱনৰ মহত্ততম কথা- ধৰ্ম অথবা সত্যৰ জয়, অধৰ্ম অথবা অসত্যৰ পৰাজয়। লগতে মানুহক আয়ত্ত কৰোৱাইছিল সুস্থ সমাজৰ চালিকা শক্তি- ন্যায় অন্যায়ৰ প্ৰসঙ্গ, হিংসাৰ ঠাইত অহিংসা, অসংযমৰ ঠাইত সংযম, অধৈৰ্যৰ বিপৰীতে ধৈৰ্য, হত্যাৰ বিপৰীতে স্নেহ, ভাতৃত্ববোধ, মানৱতাবোধ, সততাৰ লগতে নৈতিক চৰিত্ৰ, শৃঙ্খলা, ভক্তিৰ মাহাত্ম্যৰ সত্যৰ জয়যাত্ৰা আৰু সত্যই যে শেষ সত্য আৰু চিৰ সুন্দৰ তথা শাশ্বত সেই কথাও ভাওনাৰ জৰিয়তে প্ৰতিফলিত হৈ আহিছে।
বুঢ়ালুইত যেতিয়ালৈকে প্ৰৱহমান হৈ থাকিব, যেতিয়ালৈকে অসমীয়া সমাজ জীয়াই থাকিব তেতিয়ালৈকে গুৰুজনাৰ আদৰ্শ প্ৰতিজন অসমীয়াৰ মন মগজুৰ কোষে কোষে জীয়াই থকাৰ দৰে অসমীয়া জাতিটোৰ গৌৰৱোজ্জ্বল সংস্কৃতি তথা বৰ অসম গঢ়াৰ ভেঁটি হিচাপে ভাওনাও অন্তকাললৈ প্ৰৱাহিত হৈ থাকিব।

অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments