জীৱন বাটৰ অক্লান্ত পথিক

লেখক- কৰবী দত্ত

শুচিব্ৰতা ৰায়চৌধুৰী।
নামেই তেওঁৰ পৰিচয়।
অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জ‍্যেষ্ঠা কন্যা, ‘দীন বান্ধৱী’ ৰূপে পৰিচিতা শুচিব্ৰতা ৰায়চৌধুৰীয়ে নিঃস্বাৰ্থ সমাজসেৱাকেই জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। অসম অসামৰিক সেৱাৰ প্ৰথম মহিলা বিষয়া, সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী, অসমৰ প্ৰথমটো বৃদ্ধাৱাস স্থাপন কৰোঁতা, নিস্বাৰ্থ অসমপ্ৰেমী, সমাজহিতৈষী তথা অবিচলিত আদৰ্শৰ প্ৰতীক শুচিব্ৰতা
ৰায়চৌধুৰীৰ আজি স্মৃতি দিৱস।
উল্লেখযোগ্য, ১৯২৯ চনৰ ২ ছেপ্টেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা শুচিব্ৰতা ৰায়চৌধুৰীৰ ২০০৯ চনৰ ২ ডিচেম্বৰ তাৰিখে (আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা) পৰলোকপ্ৰাপ্তি ঘটিছিল। উল্লেখযোগ্য,  এইগৰাকী মহিয়সী নাৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ তেওঁৰ মৰণোত্তৰ দেহদান কৰি থৈ গৈছে।

তেখেতৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জনাই আজিৰ পৰা প্ৰায় তেৰ বছৰ আগতে, ২০০৮ চনতেই লোৱা সাক্ষাৎকাৰ এটা আপোনালোকলৈ আগবঢ়ালো। উল্লেখযোগ্য, এই সাক্ষাৎকাৰটোত তেখেতে অসম কেশৰীৰ বিষয়েও ভালেমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল।

সাক্ষাৎকাৰটো:

★আপোনাৰ বৰ্ণময় জীৱনটোৰ বিষয়ে জানিবলৈকে আমি আপোনাৰ কাষ চাপিছো। প্ৰথমেই আপুনি কওকচোন আপোনাৰ শৈশৱৰ কথা, আপোনাৰ ঘৰ আৰু পৰিয়ালৰ কথা..
◆ আমি সৰুতে আছিলো পানবজাৰত, কালিচৰণ সেনৰ ঘৰৰ পিছফালে। সেইখিনিতে এজোপা বেল গছ থকাৰ কথা ৰিণিকি ৰিণিকি মনত পৰে। সেই সময়তে আবু ঢুকাইছিল। আবুৰ মৃত্যুৰ সময়ৰ কথা সপোনৰ দৰে মনত পৰে। আবুক শ্মশানলৈ নিয়াৰ সময়ত মই নিচেই সৰু, আবুক ক’লৈ লৈ যায় সেই কথা সুধি মই আমনি কৰাৰ কথাও মনত পৰে। সেই বেল গছৰ তলৰ ঘৰটোৰ পৰা আমি আহিছিলো পানবজাৰৰ বৰ্তমান নিউ বুক ষ্টল থকা ঠাইখিনিত দীঘলীয়াকৈ সজা এটা ঘৰলৈ। সেই ঘৰটোত থকা সময়তে মোৰ বিদ‍্যাৰম্ভ হৈছিল- পানবজাৰ বালক-বালিকা প্ৰাথমিক বিদ্যালয়ত পিতাই মোক নাম লগাই দিছিল। মই খ মানৰ পৰা দ্বিতীয় মানলৈ ডবল প্ৰমোচন পাইছিলো, বৃত্তিও পাইছিলো।
মোৰ শৈশৱৰ কথা ক’বলৈ হ’লে আইৰ কথা বাদ দিব নোৱাৰি। আই বয়সত পিতাতকৈ বহু সৰু আছিল। ১১ বছৰত আগবিয়া হোৱা আইৰ ১৫ বছৰত পাছবিয়া হৈছিল। পিতাৰ জোৰোণত আবুৱে গহনা-গাথৰি কিবা-কিবি অলপ দিছিল যদিও পিতাই এখন খদ্দৰৰ শাৰীহে আইক দিছিল। সেই বাবেই হেনো জটীয়া শিৱৰ লগত আইক বিয়া দিয়া বুলি আয়তীসকলে বিয়ানাম গাইছিল। পিতাই বিয়াৰ দিনাখন হেনো দোলাতো উঠা নাছিল। মানুহৰ কান্ধত উঠি বিয়া কৰাবলৈ যোৱাতকৈ খোজ কাঢ়িয়েই যায বুলি আঁকোৰগোজ হৈ আছিল। পিছত অৱশ্যে প্ৰভাত নাৰায়ণ চৌধুৰীৰ পিতৃ প্ৰতাপ নাৰায়ণ চৌধুৰীৰ হাতীত ‘বৰ’ অৰ্থাৎ পিতাক নিয়া হৈছিল।
সহজ-সৰল আই আছিল ভাৰতীয় পতীব্ৰতা নাৰীৰ প্ৰতীক-স্বৰূপ। বিয়াৰ সময়ত তেনেই কোমল বয়সীয়া আয়ে পিতাৰ অভাৱী সংসাৰখনৰ লেঠা মৰাতেই ব‍্যস্ত থাকিবলগীয়া হৈছিল। সংসাৰ-চিন্তাত সাধাৰণতে পিতা মুঠেও জড়িত নাছিল।  অৱশ্যে তাকে লৈ কোনোদিনেই আয়ে আপত্তি কৰা নাছিল। পিতাই আইক ‘আৱাহন’ আদি আলোচনী পঢ়াত উদগনি দিছিল। পাণ্ডু কংগ্ৰেছৰ উদ্বোধনী সংগীত “আজি বন্দো কি ছন্দেৰে “ গীতটো পিতাই ৰচনা কৰিছিল। সেই সময়ত সদ‍্য শান্তি বিয়া হৈ আইক গান গোৱাৰ কথা পিতাই কৈছিল যদিও সম্ভৱ আবুৰ বাধাৰ বাবে আয়ে গান গোৱা নাছিল। আইৰ ১৭ বছৰ বয়সত মোৰ জন্ম। মই কেঁচুৱা হৈ থাকোঁতেই আবুৰ অসুখ আৰম্ভ হৈছিল। কফ হৈ দুৰ্বল হৈ পৰা আবু জুইৰ ওচৰত বহি থাকে, আয়ে তেওঁৰ পিঠি মালিচ কৰি দিয়ে।
আবুৰ মৃত্যুৰ পিছত আই বৰ অকলশৰীয়া হৈছিল। পিতাই সেই সময়ত আইৰ নিসংগতা আঁতৰোৱাৰ বাবে এটা মইনা চৰাই আনি দিছিল। মইনাজনীয়ে আইৰ মাতটো অবিকল নকল কৰিছিল। মইনাজনী মৰাৰ সময়ত আয়ে খুব কান্দিছিল, পিতায়ো বৰ দুখ কৰিছিল।
পিতাৰ প্ৰেছৰ কামতো আয়ে বিভিন্ন ধৰণে সহায় কৰিছিল। ছপা কাম হৈ যোৱাৰ পিছত আখৰবোৰ বাছি, ধুই ভাগে ভাগে থোৱা, ‘ডেকা অসম’ ভাজ কৰা, লেবেল লগোৱা আদি কত ধৰণৰ কাম যে আয়ে কৰিছিল! তাৰ বাহিৰেও পাঁচ মিনিটৰ মূৰে মূৰে পিতাক বানবাটিত চাহ দিয়া কাম। পিতাই বৰ ঘন ঘনকৈ চাহ খাইছিল, চাহ দিয়াত অলপ পলম হ’লেই বৰ খং উঠিছিল। (অলপ হাঁহি) আনকি চাহ দিয়াত পলম হোৱা বাবেই পিতাই কেইবাটাও বানবাটি থেকেচি ভাঙিছিল।
শৈশৱৰ আটাইতকৈ বেদনাদায়ক ঘটনাটো হৈছে অনু নামৰ ভনীজনীৰ মৃত্যু। তাইৰ বয়স তেতিয়া ৭ বছৰ। তাইৰ ডিফটেৰিয়া হৈছিল আৰু প্ৰায় বিনা চিকিৎসাই তাইৰ মৃত্যু হৈছিল। ডাক্তৰে কৈছিল – ডিফটেৰিয়াৰ বেজী কলিকতাৰ পৰা আনিব লাগিব। সেই সময়ত পিতাৰ সম্বলো নাছিল আৰু তৎক্ষণাতে কলিকতাৰ পৰা বেজী অনোৱাটোও সহজ নাছিল। তাই ঢুকোৱাৰ সময়ত মই স্কুললৈ যাবলৈ ওলাইছিলো। তাই পানী খাব খুজিছিল; আয়ে কৈছিল- ৰ’বা আই, মই দালিখনত সম্ভাৰ দি গৈ আছো। ঠিক তেতিয়াই দেখিছিলো- তাই মুখখন বেঁকা কৰি দিছিল। মই চিঞৰি আইক মাতিছিলো – আই, চোৱাহিচোন অনুৱে কেনেকুৱাখন কৰিছে! সেইখিনি সময়তে অনু আঁতৰি গৈছিল। অনুৰ মৃত্যুত আয়ে মৰ্মান্তিক শোক পোৱা বাবেই হবলা, টুকু চিৰজীৱনলৈ বিকলাংগ হৈ পৰিছিল। আইৰ আৰু এটা সন্তান জন্মৰ সাত দিনমানৰ পাছতেই ঢুকাইছে। এতিয়া আছো আমি চাৰিজন- মই, বাপধন (ভগগিৰী ৰায়চৌধুৰী), মামনি (নীতীব্ৰতা বৰুৱা) আৰু অকণ (যুগব্ৰতা দত্ত)।

★ আপোনাৰ জীৱনত আপোনাৰ পিতাৰ প্ৰভাৱ কিদৰে পৰিছিল?
◆ পিতাৰ চিন্তাধাৰাৰ প্ৰভাৱ মোৰ সমস্ত চিন্তাধাৰাতেই পৰিছিল। পিতাই মোক কেতিয়াও কোনো কথাতে জোৰ কৰা নাছিল। সমাজসেৱাৰ চিন্তা, আনৰ বাবে পৰাখিনি কৰাৰ চিন্তা- এইবোৰ মই পিতাৰ পৰাই পাইছিলো।
পিতাৰ সৈতে কটোৱা শৈশৱৰ ভালেমান কথা মনত পৰে। সৰু কালত মোৰ এবাৰ টাইফয়দ হৈছিল। পিতাই সেই সময়ত ডাঙৰ লেম্প এটাৰ পোহৰত পঢ়া-শুনা কৰিছিল। লেম্পটোৰ ওপৰত লোহাৰ বেৰিয়া এটা পাতি সৰু চচপেন এটাত পানী দি তাত কাপোৰ এখনত বান্ধি অলপ জহা চাউল দি থয়- কম তাপত সিজি সিজি কোমল হোৱা সেই ভাতকেইটা মোক খাবলৈ দিয়ে। পিতাই ৰান্ধিছিল বৰ ভাল, নিজেও খাই ভাল পাইছিল। পিতাই ৰন্ধা চিতল মাছৰ কলঠিৰে নেমু টেঙাৰ জোল, জালুক-জিৰা দি ৰন্ধা কাৱৈ মাছৰ আঞ্জা, ৰৌ মাছৰ মূৰৰ মূৰিঘণ্টৰ সোৱাদ পাহৰিব নোৱাৰো। তেওঁ বৰ ভাল আচাৰো কৰিছিল। আয়ে ৰন্ধা-বঢ়া, আচাৰ কৰা আদি বহু কাম পিতাৰ পৰাই শিকিছিল।

পিতাই পঢ়া-শুনা কৰা সময়ত মই পিতাৰ প্ৰায় লগে লগেই আছিলো। সৰুতে পিতাই পঢ়া কোঠাৰ বেৰত চূণৰ ফোঁট এটা দি একেথৰে চাই থাকিবলৈ দিয়ে। তেনে কৰিলে হেনো মনোযোগ বাঢ়ে! মোক ছবি আঁকিবলৈ দিয়ে, সেই ছবি আনক দেখুৱায়। সংগীতৰ প্ৰতিও পিতাৰ ৰাপ আছিল। মোক কবিতা লিখিবলৈ, অনুবাদ কৰিবলৈ পিতায়েই উৎসাহ দিছিল। মই সদায়েই ভাবো, মই আজি যি স্থানত থিয় হৈছো, সেয়া পিতাৰ বাবেহে সম্ভৱপৰ হৈছে। মোৰ গোটেই জীৱন জুৰি বৈ আছে পিতাৰ সান্নিধ্যৰ প্ৰভাৱ। মই বিয়া নহ’বলৈ সিদ্ধান্ত লোৱাৰ পিছত পিতাই জোৰ নকৰি মোক বুজাইছিল- আই, মানুহক লগ এটা লাগে। কিন্তু মই মোৰ সিদ্ধান্তত অটল বুলি জনাৰ পিছত তেওঁ আৰু মোক এই বিষয়ে একো কোৱা নাছিল।

★আৰু আইৰ প্ৰভাৱ?
◆ আগতেই কৈছো: আই আছিল সহজ-সৰল ভাৰতীয় নাৰীৰ প্ৰতীক। পিতাই মোৰ আগত প্ৰায়েই কৈছিল -”মায়েৰ দৰে মানুহ খুব কম আছে।” পিতাৰ ব‍্যস্ততাপূৰ্ণ ব‍্যতিক্ৰমী জীৱনটোৰ লগতে সমস‍্যাবহুল সংসাৰখনৰ জোৰা মৰাটো বৰ সহজ কাম নাছিল যদিও আয়ে ক্লান্তিহীনভাৱে নিজৰ কাম কৰিছিল, কোনোদিনেই কোনো কথাতে আপত্তি কৰা নাছিল। পিতাৰ সমসাময়িকসকলৰ ভিতৰত বিষ্ণুৰাম মেধি, ছাৰ ছাদুল্লা, তৰুণ ৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদিৰ ঘৰলৈ আমি গৈছিলো। বিষ্ণুৰাম মেধি পিতাৰ সখীয়েক আছিল বাবে তেখেতৰ পৰিবাৰৰ লগত আইৰো ঘনিষ্ঠতা আছিল। আইৰ মুখত শুনিছিলো- বিষ্ণুৰাম মেধিৰ শালপতি দীন মেধিৰ পৰিবাৰে মোৰ জন্মৰ পিছতে নিজে চিলাই কৰি এটা চোলা দিছিল। আইক হেনো কৈছিল- তুমি তো চিলাব নোৱাৰিবা, সেইবাবে ময়েই চিলাই দিলো। আইৰ মনত খেলাইছিল- চোলা চিলাব নোৱাৰিলেতো নহ’ব! আয়ে হেনো বঠিৰে চোলা এটা কাটি, চিলাই মোক পিন্ধাইছিল।
পিছৰ জীৱনত কোনো কথাত কেতিয়াবা মই তেওঁক টানকৈ ক’লে আয়ে বৰ দুখেৰে কৈছিল- ৰেণু আয়ে মোক কিয় এনেদৰে কয়? মই তাইক বুকুত বান্ধি ডাঙৰ কৰিলো! “বুকুত বন্ধা” কথাষাৰ অতিৰঞ্জিত নাছিল। শুনিছিলো, সৰুতে এবাৰ পেট আৰু বুকুৰ বাহিৰে মোৰ গোটেই গাতেই খহু হৈছিল, মই বিছনাত শুব নোৱাৰিছিলো। সেই সময়ত আয়ে হেনো মোক তেওঁৰ গাৰ ওপৰতে পেট পেলাই শুবলৈ দিছিল।
আয়ে আমাৰ পঢ়া-শুনাতো চকু দিছিল। ঘৰৰ বেৰত অ-আ, ক-খ লিখি আমাক পঢ়িবলৈ শিকাইছিল। মোক শাল বোৱা কাম তেওঁ শিকাইছিল- ক্লাছ ফাইভতে মই গামোচাত ফুল বাছিব পৰা হৈছিলো। আইৰ পৰা আচাৰ কৰা, ৰন্ধা-বঢ়া কৰা আদি কাম শিকিছিলো। সেই তেতিয়াই যে ৰন্ধা-বঢ়াৰ চখ হৈছিল, এতিয়াও থাকি গ’ল।

★স্কুলীয়া দিনৰ শুচিব্ৰতাৰ বিষয়ে জানিব পাৰিমনে?
◆ মই পঢ়িছিলোঁ পানবজাৰ বালক-বালিকা বিদ্যালয়ত। স্কুলখনৰ এফাল আছিল ছাত্ৰসকলৰ বাবে আৰু আনটো ফাল আছিল ছাত্ৰীসকলৰ বাবে। মই আৰু মোৰ ভনী অনু খোজকাঢ়ি স্কুললৈ যাও। আমাৰ শিক্ষয়িত্ৰী আছিল দুগৰাকী- এগৰাকী আছিল ভৈৰৱ অধিকাৰী ছাৰৰ পত্নী ভাগীৰথী দেৱী আৰু আনগৰাকী আছিল বৰদা বিষয়াৰ পত্নী। (অলপ হাঁহি) স্কুলত পঢ়োতে মোক ‘থেপা’ বুলি কৈছিল। প্ৰাথমিক বিদ্যালয়তে কীৰ্তিনাথ শৰ্মা বৰদলৈৰ ‘বাসন্তীৰ অভিষেক’ নাটকখন আমি কৰিছিলোঁ। মই ‘মালতী’ হৈছিলো, ‘বাসন্তী’ হৈছিল বিমলা। মই অংকত ভাল আছিলোঁ। সেয়ে বিমলাহঁতে মোৰ লগত সখী পাতিছিল। হাতত ধৰা-ধৰি কৰি আমি গাইছিলো- সখী সখী ৰাম ৰাম, তোমাৰ বাৰীৰ পকা আম, সখীৰ লগত ভগাই খাম। পৰীক্ষাত এই সকলো সখীকে মই অংক দেখুৱাব লগাত পৰিছিলো। বৃত্তি পৰীক্ষাৰ আগে আগে ভৈৰৱ অধিকাৰী চাৰে আমাৰ ‘কোচিং ক্লাছ’ কৰিছিল। অৱশ্যে সেয়া পইছাৰ বিনিময়ত নাছিল। মই বৃত্তি পাইছিলোঁ আৰু অংকত চোকা আছিলোঁ যদিও ইংৰাজীত কেঁচা আছিলো। ক্লাছ ফ’ৰত নাম লিখাৰ সময়ত অংকত এশৰ ভিতৰত এশই পাইছিলোঁ যদিও ইংৰাজীত বেয়া হোৱা বাবে চিট পোৱাৰ আশা নোহোৱা যেন হৈছিল। আশা বাইদেউ বুলি এগৰাকী বাইদেৱে তৰ্ক কৰিহে মোক স্কুলত চিট দিয়াইছিল। মোৰ নামভৰ্তিৰ পাছত আশা বাইদেৱে মোক গ্ৰামাৰ শিকাবলৈ লৈছিল। তেওঁৰ যত্নৰ ফলত মই ইংৰাজীত পঞ্চাশৰ ওপৰ নম্বৰ পাইছিলোঁ। ঘূৰণীয়া ফ্ৰেমৰ চশমাৰে সৈতে অংকৰ শিক্ষক ‘মাষ্টৰ মশায়’ৰ মুখখন এতিয়াও মনত পৰে। আমি পঞ্চম মানত থাকোঁতে লাৱণ‍্য দাস বাইদেউ আহিছিল। বাইদেৱে মোক বৰ মৰম কৰিছিল। তেওঁৰ মাতটো অলপ বেলেগ ধৰণৰ আছিল বাবে দুষ্ট ছোৱালীবোৰে তেওঁক “পাতি হাঁহ” নাম দিছিল। ৰাজবালা দাস বাইদেৱে আমাক অসমীয়া আৰু ইংৰাজী পঢ়াইছিল। বিয়াল্লিশৰ আন্দোলনৰ সময়ত প্ৰায় ডেৰ বছৰ কাল পঢ়া ক্ষতি হৈছিল। ১৯৪৩ চনত নৱম মানত নাম ভৰ্তি কৰিছিলোঁ আৰু ১৯৪৫ চনত মেট্ৰিক পাছ কৰিছিলোঁ। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সেই বছৰ পৰীক্ষা দিয়া ছোৱালীবোৰৰ ভিতৰত মই আৰু তেজপুৰৰ মাধৱী বৰুৱাই বৃত্তি পাইছিলোঁ। সেই সময়ত অসমীয়া ছোৱালীয়ে বিজ্ঞান পঢ়িব খুজিলে অসম চৰকাৰে এই বৃত্তি দিছিল। পিছে পিতাই মই ডাক্তৰী পঢ়াত আপত্তি কৰিছিল। সেয়ে মই সন্দিকৈ কলেজত পঢ়িব লগা হৈছিল। অৱশ্যে তেতিয়া মই “নাৰায়ণী সন্দিকৈ বঁটা” লাভ কৰিছিলোঁ।
স্কুল আৰু কলেজত মোৰ ভালেকেইজনী অন্তৰংগ বান্ধৱী আছিল যদিও মোৰ যোগাযোগ নৰখাৰ বদ-অভ‍্যাসটোৰ বাবেই এতিয়া মোৰ কোনো নলে-গলে লগা বান্ধৱী নাই। সন্দিকৈ কলেজত পঢ়োতে বাদল দাসৰ ভনীয়েক কমল, ডাঃ ভুৱনেশ্বৰ বৰুৱাৰ জীয়েক ভাৰতী মোৰ অন্তৰংগ বান্ধৱী আছিল। ভাৰতীৰ ঘৰত মতা নাম আছিল মামণি, কমলৰ অকণ। সিহঁত দুজনীৰ নামেৰে মই মোৰ ভনী নীতীব্ৰতা আৰু যুগব্ৰতাৰো ঘৰত মতা নাম ক্ৰমে মামণি আৰু অকণ ৰাখিছিলো। সুৰেণ মেধিৰ বায়েক উৎপলা মেধিও মোৰ ঘনিষ্ঠ বান্ধৱী আছিল। উৎপলাই কলেজৰ কিবাকিবি অনুষ্ঠানত, পিকনিক আদি থাকিলে তাইৰ নিজৰ মুগাৰ মেখেলা আদি লৈ আহি মোক পিন্ধিবলৈ জোৰ কৰিছিল, কাৰণ মোৰ নিজৰ ভাল কাপোৰ তেনেকৈ নাছিল। পিচে মোৰ মনত সেই নথকা কথাই অলপো কষ্ট দিব পৰা নাছিল, কেতিয়াও হীনমন‍্যতাত ভোগা নাছিলোঁ। কলেজত পঢ়োতে মোৰ ছাটি নাছিল, সেয়ে এটা ফুলাম জাপি লৈ মই কলেজলৈ গৈছিলো। সেই জাপিটো মোক প্ৰতাপ নাৰায়ণ চৌধুৰীয়ে উপহাৰ দিছিল।

★কিদৰে আৰম্ভ কৰিছিল লেখিকাৰ জীৱন?
◆ আগতেও কৈছো, পিতাই মোক লেখা-মেলাত বৰ উৎসাহ যোগাইছিল। মোৰ প্ৰথম কবিতা প্ৰকাশ হৈছিল পঞ্চম শ্ৰেণীত, ‘বন্তি’ নামৰ হাতেলিখা আলোচনীত। এই আলোচনীখন মই একে শ্ৰেণীতে পঢ়া অন্তৰংগ বান্ধৱী কমলা কছাৰীৰ লগত লগ হৈ প্ৰকাশ কৰিছিলোঁ। বঙালী নাটক নে চিনেমাৰ অনুকৰণত সপ্তম মানত মই ‘কোন বাটে’ নাটকৰ খচৰা কৰিছিলোঁ। এই নাটখন সন্দিকৈ কলেজত অভিনীত হৈছিল- ডলী, ইৰাণী, তুলতুল আদিয়ে অভিনয় কৰিছিল। পিছত সেই একেখন নাট কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অভিনীত হওঁতে ভূপেন হাজৰিকা আৰু কুইনে (সুদক্ষিণা শৰ্মা) গান গাইছিল। সেই নাটকতে ‘অগ্নি যুগৰ ফিৰিঙতি মই, নতুন ভাৰত গঢ়িম’ গীতটো গোৱা হৈছিল। পিছলৈ “নতুন ভাৰত”ৰ ঠাইত “নতুন অসম” কৰা হৈছিল। প্ৰথম অৱস্থাত মোৰ লিখাবোৰ পিতাই চাই দিছিল, পিতাক লিখাবোৰ পঢ়ি শুনাব লাগিছিল। পিছলৈ মই পইচাৰ বাবে ৰেডিঅ’ৰ কাৰণে নাটক লিখিছিলোঁ, কবিতা, গল্প লিখিছিলোঁ।
★অসমৰ প্ৰথম মহিলা দণ্ডাধীশ হিচাপে আপোনাৰ অভিজ্ঞতাৰ কথা কওকচোন।
◆ এ চি এছৰ প্ৰস্তুতি বিশেষ নাছিল যদিও পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। এ চি এছ দিয়াৰ কাৰণো আছিল তাৰ বাবে পোৱা দৰমহা। সেই সময়ত স্কুলৰ চাকৰি কৰি মই পাইছিলো ৮০ টকা, কিন্তু অসম অসামৰিক সেৱাৰ দৰমহা আছিল তাৰ দুগুণতকৈও বহু বেছি। মই এ চি এছৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত অসমৰ এটা মহিলা সংগঠনে মোৰ যক্ষ্মা হোৱা বুলি চিঠি দিয়াৰ কথা পিতাক কৈছিল সেই সময়ৰ মন্ত্ৰী মতিৰাম বৰাৰ ভায়েক ডি আই জি দেৱেন বৰা আৰু ডি এছ পি হৰনাথ বৰুৱাই। মোৰ চাকৰি সিদ্ধিনাথ শৰ্মা আৰু মতিৰাম বৰাৰ চেষ্টাতহে হৈছিল বুলি শুনিছিলোঁ। লগতে শুনিছিলো মোক চাকৰি দিব নে নিদিব সেই কথা স্থিৰ কৰাৰ বাবে সাতখনকৈ কেবিনেট মিটিং বহাৰ কথা। মোৰ বয়স কম বুলি আপত্তি উঠাৰ কথাও গম পাইছিলোঁ। সাক্ষাৎকাৰৰ সময়ত সুধিছিল, যিকোনো ঠাইত নিযুক্তি দিলে মোৰ কিবা আপত্তি আছে নেকি। মই নাই বুলি জনাইছিলো। যি কি নহওক, সকলো বাধা-বিঘিনি অতিক্ৰম কৰি চাকৰিটো পাইছিলোঁ যদিও মোক দ্বিতীয় শ্ৰেণীৰ বিষয়া (ছাব ডেপুটী মেজিষ্ট্ৰেট) হিচাপেহে নিযুক্তি দিয়া হৈছিল। সেইটো আছিল অসম চৰকাৰে মোৰ প্ৰতি কৰা প্ৰথম অবিচাৰ।
★তেনেদৰে ভৱাৰ কাৰণ?
◆ অসম অসামৰিক সেৱাৰ প্ৰথম মহিলা বিষয়া হিচাপে চৰকাৰে মোক প্ৰথম শ্ৰেণীত নিযুক্তি দিয়াহে উচিত আছিল। মই শুনা মতে, সেইবাৰৰ অসম অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰাৰ্থী বাছনি তালিকাত মোৰ নামৰ পিছত নাম থকা দুই-তিনিজন প্ৰাৰ্থীকো বিশেষ বিবেচনাৰে প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল, অথচ মোক দিয়া নহ’ল।

★ আপোনাৰ চাকৰি জীৱনৰ অভিজ্ঞতাৰ বিষয়ে ক’বনে?
■ প্ৰথমে মই চাকৰিলৈ যাওঁতে গাঁৱৰ মানুহে মোক চাবলৈ আহি মন্তব্য কৰিছিল- এ, নাওমান আপীচোন! মোৰ দুৰ্বল, নিশকতীয়া চেহেৰা আৰু অৱয়বৰ বাবেই তেনেকৈ কোৱা বুলি ধাৰণা কৰি মই বগা সাজ-পাৰ পিন্ধাৰ লগতে ৰিহা আৰু ওৰণি লোৱা আৰম্ভ কৰিছিলোঁ- কাৰণ মোক ‘নাওমান আপী’ ভাবি থাকিলে মই কৰ্মক্ষেত্ৰত অসুবিধাও পাব পাৰোঁ। কাছাৰী ঘৰৰ দাৰোৱানসকলে দণ্ডাধীশসকলক চেলিউট দিব লাগিছিল যদিও মই মহিলা হোৱা বাবে চেলিউট দিবলৈ টান পাইছিল। মই মোৰ কোঠালৈ তেওঁলোকক মাতি আনি এই কথা ক’ব লগাত পৰিছিলোঁ। আনকি মহিলা বিষয়া হোৱা বাবে মোক জৰীপ সম্পৰ্কীয় প্ৰশিক্ষণলৈও পঠোৱা নাছিল। তেতিয়া মই আণ্ডাৰ চেক্ৰেটাৰী পদ্মপতিক লগ ধৰি কৈছিলো- মোক মহিলা হোৱা বাবে চাৰ্ভে ট্ৰেইনিং দিয়া হোৱা নাই- কিন্তু পিছত এই অজুহাতত মোৰ প্ৰমোচন বন্ধ কৰিব নোৱাৰিব। তাৰ পাছতহে মোক সেই ট্ৰেইনিঙলৈ পঠাইছিল। চাৰ্ভে ট্ৰেইনিঙৰ সময়ত ফিল্ডলৈ যাবলৈ মই ৰবৰৰ পাম্পশ্বু এজোৰ কিনি লোৱাৰ কথা মনত পৰে। মেখেলা চাদৰ পিন্ধিয়েই মই পথাৰত “চেইন চাৰ্ভে” আৰু “থিওডলাইট চাৰ্ভে” কৰিছিলোঁ।
★আপুনি চাকৰি জীৱনৰ পৰা কেতিয়া অৱসৰ ল’লে? সেই সময়ত আপুনি কি পদত কাৰ্যনিৰ্বাহ কৰি আছিল? অৱসৰৰ ঠিক পিছতে কেনেকুৱা ধৰণৰ কামত নিজকে ব‍্যস্ত ৰাখিছিল আমাক জনাবনে?
◆ মই চাকৰিৰ পৰা অৱসৰ লৈছিলোঁ ১৯৮৯ চনৰ ৩১ আগষ্টৰ পাচবেলা- পদটো আছিল ৰাজহ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া। তেতিয়াও অসম চৰকাৰে মোৰ প্ৰতি বৈষম‍্যমূলক আচৰণ কৰিছিল। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ কাৰণে অসম চৰকাৰে মোক মনোনীত কৰাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল। অসমৰ প্ৰথম মহিলা অসামৰিক সেৱাৰ বিষয়া হিচাপে অসম চৰকাৰে তেতিয়াই সেই তালিকাৰ পৰা মোকেই প্ৰথমে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া হিচাপে পদোন্নতি দি নিযুক্তি দিয়া উচিত আছিল। কিন্তু অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱতে সেইটো নহ’ল।

অৱসৰ পোৱাৰ আগৰে পৰা মই বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিলোঁ। তদুপৰি অৱসৰৰ পিছতেই পিতাৰ জীৱনৰ আধাৰত “জীৱন প্ৰেমৰ অতন্দ্ৰ অনল” উপন্যাসখন লিখি উলিয়াইছিলোঁ।

★ অম্বিকাগিৰীৰ জীৱন কাহিনীৰ আধাৰত আপুনি ৰচনা কৰা “জীৱন প্ৰেমৰ অতন্দ্ৰ অনল” উপন্যাসত আপুনি বৰপেটাৰ কথিত ভাষা ব‍্যৱহাৰ কৰিছে। এয়া আপোনাৰ নিজৰ ঠাইৰ শিপাৰ সৈতে সংপৃক্ত হৈ থকা বাবে হৈছে বুলি আমি ক’ব নোৱাৰোনে?
■ নিশ্চয় পাৰা। কথিত ভাষা ঠায়ে ঠায়ে বেলেগ। মোৰ বিবেচনাত এনে কথিত ভাষাতেই সেই ঠাইৰ পৰিচয় লুকাই থাকে। আমি ঠাণ্ডাৰ এটা অৱস্থাৰ কথা বুজাবলৈ ‘তেকী’ শব্দটো ব‍্যৱহাৰ কৰোঁ। নগাঁও অঞ্চলত এটা তামোলৰ চাৰিভাগৰ এভাগ বুজাবৰ বাবে এপটহা তামোল, এখিলা পানৰ আধাডোখৰ বুজাবৰ বাবে এচিহা পান শব্দটো ব‍্যৱহাৰ কৰা হয়। কি সুন্দৰ শব্দ! এইবোৰ শব্দৰ সমাৰ্থক শব্দ নাই। সেয়ে লিখিত ভাষাত এনেবোৰ শব্দ ব‍্যৱহাৰ কৰা উচিত বুলি মই ভাৱোঁ। সাহিত্য সমৃদ্ধ হোৱাটো অতি প্ৰয়োজনীয় কথা। প্ৰয়োজন সাপেক্ষে জনজাতীয়সকলৰ ভাষাৰ পৰাও আমি শব্দ গ্ৰহণ কৰা উচিত।
★”জীৱন প্ৰেমৰ অতন্দ্ৰ অনল”ৰ পাতনিত আপুনি গ্ৰন্থখনৰ দ্বিতীয় খণ্ডটো লিখি উলিয়াব বুলি কৈছে। এই কামৰ অগ্ৰগতি?
◆ লিখিম। সোনকালেই এই কাম আৰম্ভ কৰিম। পিতাৰ জীৱনৰ বহুবোৰ কথাই লিখিবলৈ বাকী আছে। বৰপেটাত থকাৰ কালত গৰীৱ সমাজ গঠন কৰি “Poor Fund”ৰ জৰিয়তে দুখীয়াক কিতাপ আদিৰ যোগান ধৰা, শংকৰদেৱ চাৰ্কাচৰ জৰিয়তে যুৱকসকলক শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ দিয়া আদি বহু কথা লিখিবলৈ বাকী আছে। পিতাৰ জীৱনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আছিল বঙালী যাত্ৰাৰ বিৰোধিতা কৰি নাট মঞ্চস্থ কৰাটো। জয়দ্ৰথ বধ, শিথিধ্বজ বধ আদি নাটক লিখি মঞ্চস্থ কৰিছিল। এই নাট অভিনয়ৰ পাছত বৰপেটাত থকা বঙালী বিষয়াই পিতাই পুনৰ এনাৰ্কিষ্ট কাম-কাজ আৰম্ভ কৰা বুলি চৰকাৰলৈ ৰিপ’ৰ্ট দিছিল। সেই বাবেই পিতা বৰপেটাত অন্তৰীণ হৈ থকা সময়ৰ ভিতৰতে চৰকাৰে এবাৰ পিতাৰ ঘৰ খানাতালাচ কৰিছিল। পিতাৰ জীৱনটোৱেই আছিল নানাৰঙী। কোনটো কথা বাদ দিম? ৰেলত টাইপিষ্টৰ কাম কৰাৰ কথা, ডিব্ৰুগড়ত “আসাম বান্ধৱ”ত কাম কৰাৰ কথা, গানৰ মাষ্টৰ হোৱাৰ কথা…। ৰাধাগোবিন্দ বৰুৱা, শৰৎ দত্ত আদিয়ে পিতাৰ পৰা গান শিকিছিল বাবে তেওঁক ছাৰ বুলি মাতিছিল। বহু ছোৱালী, মহিলাকো পিতাই গান শিকাইছিল। পিতাই পানবজাৰত থকা সময়ত হৰমোহন চিৰস্তাদাৰক চোৱা-চিতা কৰিছিল। চিৰস্তাদাৰৰ একমাত্ৰ পুতেক পিয়াৰী ডাক্তৰৰ আকস্মিকভাৱে পানীত ডুবি শোকাবহ মৃত্যু ঘটিছিল। সেয়ে তেওঁক চোৱাচিতা কৰিবলৈ কোনো নাছিল। শেষ অৱস্থাত তেওঁ নিজে থকা ঘৰ-মাটি পিতাক দিব খুজিছিল। পিতাই প্ৰবল আপত্তি দৰ্শাই কৈছিল- আপোনাক চোৱা-চিতা কৰাৰ বাবে মই কিয় আপোনাৰ মাটি-সম্পত্তি ল’ম? অথচ পিতাৰ তেতিয়া নিজা ঘৰ-মাটি নাছিল। এই সকলোবোৰ কথা লিখিবলৈ আছে।
★আমি শুনা মতে, আপোনাৰ পিতৃ, প্ৰসিদ্ধ সাহিত্যিক অম্বিকাগিৰী ৰায়চৌধুৰীয়ে “ কামৰূপ মায়াবিনী কেমিকেল ৱৰ্কছ” নামৰ এটা প্ৰতিষ্ঠানো এসময়ত আৰম্ভ কৰিছিল। এই বিষয়ে আমাক কিছু কথা ক’বনে?
■ হয়, পিতাই জীৱিকা নিৰ্বাহৰ বাবে সেই প্ৰতিষ্ঠান আৰম্ভ কৰা নাছিল, এনে ধৰণৰ উদ‍্যোগৰ দ্বাৰা জীৱিকা নিৰ্বাহৰ আৰ্হি তেওঁ অসমীয়া ডেকাসকলক দেখুৱাব খুজিছিল। ব‍্যৱসায় তেওঁৰ মূল লক্ষ্য নাছিল। পিতাই প্ৰস্তুত কৰা জয়মতী স্নো, চেনেহী চিয়াহী, জিলিকনি জোতা পলিচ, মায়াবিনী তেল আদি সেই সময়ত বৰ জনপ্ৰিয় হৈছিল। নবীন বৰদলৈ হলত, সেই সময়ত যিটো ‘কাৰ্জন হল’ বুলিহে জনাজাত আছিল, অসম প্ৰাদেশিক মহিলা সমিতিয়ে প্ৰতি বছৰে জয়মতী উৎসৱ অনুষ্ঠিত কৰিছিল। গুৱাহাটীৰ ভালেমান সম্ভ্ৰান্ত মহিলাই সেই অনুষ্ঠানত ভাগ লৈছিল। সেই জয়মতী উৎসৱত পিতাই নিজে এই সামগ্ৰীবোৰ বিক্ৰী কৰিছিল। এইবোৰ প্ৰস্তুত কৰোঁতে পিতাক আয়ে সকলো ধৰণে সহায় কৰিছিল। মই নিজেও মায়াৱিনী তেল ব‍্যৱহাৰ কৰিছিলোঁ। মোৰ চুলি চাই বহুতে সুধিছিল ‘কি তেল ব‍্যৱহাৰ কৰা’ বুলি। ‘মায়াৱিনী তেল” বুলি মই গৰ্বেৰে উত্তৰ দিছিলো। অতি উন্নত মানৰ হোৱা সত্ত্বেও সঠিকভাৱে বিপণন কৰিব নোৱাৰা আৰু মূলধনৰ অভাৱৰ বাবে পিতাৰ কাৰখানাটো বন্ধ হৈছিল। আমাৰ ঘৰত বহুদিনলৈ আছিল তেল বনোৱা সেই ডাঙৰ ডাঙৰ ভাণ্ডসমূহ।
★ তেখেতে “সাহিত্য প্ৰকাশ ভৱন” নামৰ প্ৰকাশন সংস্থাটোও আৰম্ভ কৰিছিল?
◆”সাহিত্য প্ৰকাশ ভৱন” স্থাপনৰ আঁৰতো আছিল পিতাৰ অসমৰ সৰ্বাত্মক বিকাশৰ চিন্তা। “অসমৰ ছপা শিল্পৰ অজস্ৰ অৰ্থৰ লানি নিছিগা ধাৰটো বাহিৰলৈ ওলাই যোৱা বাট বন্ধ কৰি, এই ক্ষেত্ৰত অসমীয়াৰ আৰ্থিক সংগতিটো সবল কৰি তুলিবলৈ, সমূহ অসমীয়া ৰাইজৰ স্বাৰ্থ থকা বৈজ্ঞানিক পদ্ধতিৰে উন্নত ছপা শিল্পৰ ৰাজহুৱা প্ৰতিষ্ঠান এটা গঢ়ি তুলি যোগ‍্য অসমীয়া লিখাৰুসকলক যোগ‍্য পাৰিশ্ৰমিক দি অন্যান্য ভাষাৰ জ্ঞান-বিজ্ঞানৰ সকলো বিভাগৰ প্ৰয়োজনীয় পুথিবিলাক প্ৰকাশ কৰাই, সৰু-, সৰু ল’ৰা-ছোৱালী, ডেকা-ডেকেৰীৰ চৰিত্ৰ গঠনমূলক উপযোগী পুথিবিলাক দেখনে-শুৱনে চকুত লগাকৈ ছপাই, আৰু সকলো ফালৰ পৰা উন্নত আলোচনী আদি উলিয়াই সমগ্ৰ অসমত বিস্তাৰ ঘটাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক বিপুল আৰু বিশ্ববৰেণ‍্য কৰি তোলা পথত আগুৱাই লৈ যোৱাৰ আকাংক্ষাৰে “ সাহিত্য প্ৰকাশ ভৱন স্থাপন কৰা হৈছিল বুলি পিতাই লিখিছিল। পিতাৰ উৎসাহতে মই আৰু মোৰ ভাই ভগগিৰীয়ে বিভিন্ন দেশৰ কেইটামান সাধু অনুবাদ কৰিছিলোঁ। “সোণালী পেৰা” নাম দি পিতাই ১৯৫৬ চনত সাহিত্য প্ৰকাশ ভৱনৰ পৰা সেই কিতাপখন প্ৰকাশ কৰিছিল। গ্ৰন্থখনৰ অনুবাদকৰ নাম আছিল “শুভ ৰায়”- ‘শু’ মানে শুচিব্ৰতা, ‘ভ’ মানে ভগগিৰী‌। পিছলৈ ঘাইকৈ আৰ্থিক কাৰণতে পিতা এই কামত বৰকৈ আগবাঢ়িব নোৱৰিলে।

★ আপোনাৰ ‘সংস্কাৰ’ নাটকৰ নায়িকা চম্পাৰ সংলাপ এটি মনত পৰে- “সমাজ বা দেশৰ সেৱা কৰিব লাগিলে মানুহে মান-অপমানবোধ আঁতৰাই থৈ আহিব লাগে। আনহাতে, ‘গৰিমা’ নাটকৰ গৰিমাই কৈছে- “ সমাজৰ বুকুত বীভৎসতাৰ মলি জমি জমি কলুষ পাষাণৰ সৃষ্টি হৈছে। তাক ধ্বংস কৰিবলৈ আগবাঢ়িবলৈ হ’লে আঘাত আমি পাবই লাগিব-জীৱনটো আমাৰ বেদনাৰ আঘাতত ৰক্তাক্ত হৈ পৰিলেও তাৰ বিৰুদ্ধে আমি যুঁজিব লাগিবই। আকৌ “যুগৰ দাবী” নাটকত মমতাই কৈছে “মানুহতকৈ পৃথিৱীত একোৱেই ডাঙৰ নাই” বুলি। বিভিন্ন চৰিত্ৰৰ এনে ধৰণৰ সংলাপবোৰ আপোনাৰ সংস্কাৰমুখী মনটোৰে প্ৰতিফলন বুলি ক’লে ভুল হ’ব জানো?
◆ ক’ব পাৰা। আচলতে প্ৰতিজন লেখক-লেখিকাৰ ক্ষেত্ৰত কথাটো একেই- মনৰ কথাবোৰেই লিখিত ৰূপত প্ৰকাশ পায়‌। মানুহৰ বাবে, সমাজৰ বাবে কিবা এটা কৰাৰ ইচ্ছা হৃদয়ৰ অভ‍্যন্তৰত পুহি ৰাখিছিলোঁ। হয়তো সেইবাবে মোৰ নাটকৰ দুই-এটা সংলাপতো সেই কথা ফুটি উঠিছিল।
★বৃদ্ধাৱাসৰ ধাৰণাটো কিদৰে মনলৈ আহিল? এই পৰিকল্পনা বাস্তৱায়িত হোৱাত আপুনি সুখীনে?
■ বৃদ্ধাৱাসৰ ধাৰণাটো ১৯৭৪-৭৫ চনতেই মনলৈ আহিছিল। সেই সময়ত এজন অৱসৰপ্ৰাপ্ত পুলিচ বিষয়াক মই দেখিছিলো। দেখিছিলো তেওঁৰ বৃদ্ধাৱস্থাৰ নিসংগ জীৱন। পিতায়ো শেষ অৱস্থাত অকলশৰীয়া অনুভৱ কৰাটো দেখিছিলো। বাটেদি যোৱা মানুহক মাতি সুধিছিল- সেইটো সতীশ (সতীশ চন্দ্ৰ কাকতি) নেকি? চন্দ্ৰ (চন্দ্ৰপ্ৰসাদ শইকীয়া) নেকি? ক’লৈ যোৱাহে? তেওঁলোকৰ বৃদ্ধাৱস্থাৰ সেই নিসংগতাই মোক বৃদ্ধাৱাস স্থাপনৰ সিদ্ধান্ত লোৱাৰ চিন্তা কৰিবলৈ বাধ্য কৰিছিল। সেইবাবেই মই বৃদ্ধাৱাস এটা স্থাপনৰ কথা চিন্তা কৰিছিলোঁ।
২০০১ চনৰ ১৮ ডিচেম্বৰত অৰ্থাৎ “জাতীয় চেতনা দিৱস”ৰ দিনাখন এই বৃদ্ধাৱাসৰ আধাৰশিলা স্থাপন কৰা হৈছিল। “আমাৰ ঘৰ” নামৰ এই বৃদ্ধাৱাসটো মুকলি কৰা হৈছিল ২০০৩ চনৰ ১ নৱেম্বৰত।
আমাৰ এই বৃদ্ধাৱাসত প্ৰথমে দুগৰাকী আৱাসীহে আছিল। তেওঁলোক আছিল কুসুম উজীৰ আৰু জয়মতী দেৱী। এই আৱাসৰ বৰ্তমান আৱাসীৰ সংখ্যা হ’ল ১৬ গৰাকী। তাৰে ভিতৰত প্ৰথম আৱাসী কুসুম উজীৰো আছে।” no loss, no gain” – এই নীতিত আমি আৱাসীসকলৰ পৰা পইচা লও। আৱাসীসকললৈ সকলো ধৰণৰ সেৱা আগবঢ়োৱা হয়। ডাক্তৰৰ হতুৱাই স্বাস্থ্য পৰীক্ষাৰ ব‍্যৱস্থাও ইয়াত আছে। অৱশ্যে দৰব-পাতিৰ খৰচ তেওঁলোকৰ নিজৰ।
বৃদ্ধাৱাসৰ পৰিকল্পনা বাস্তৱায়িত হোৱা বুলিনো কেনেকৈ কও? মই ভৱা ধৰণে কামবোৰ হ’বলৈ এতিয়াও বহু বাকী আছে। আচলতে টকাৰ অভাৱতে বহু কাম এতিয়াও হোৱা নাই। সাংসদ ইন্দ্ৰমণি বৰা, স্থানীয় বিধায়ক ৰবীন বৰদলৈ, অইল ইণ্ডিয়া লিমিটেড, বঙাইগাঁও ৰিফাইনেৰী, উপায়ুক্তৰ আনটাইড ফাণ্ড আৰু বিভিন্ন সদাশয় ব‍্যক্তিৰ পৰা কিছু দান-বৰঙনি নোপোৱা নহয়, কিন্তু সেয়া পৰ্যাপ্ত নহয়। আচলতে সম্পূৰ্ণ প্ৰকল্পটোৰ বাবে আমাক লাগে প্ৰায় ২ কোটি টকা। সঁচা কথা ক’বলৈ গ’লে মই বৃদ্ধাৱাস স্থাপনৰ বাটত অলপ দূৰহে আগবাঢ়িব পাৰিছোঁ।
★ ধুবুৰীত থাকোঁতে আপুনি হেনো ঘৰতে এখন প্ৰাক-প্ৰাথমিক বিদ্যালয় আৰম্ভ কৰিছিল?
■ স্কুলখন প্ৰথমে মোৰ চৰকাৰী আৱাসতে সতৰঞ্চি পাৰি আৰম্ভ কৰিছিলো। তাতেই ল’ৰা-ছোৱালীহঁতক বিভিন্ন খেলা-ধূলা আৰু শৰীৰ চৰ্চা শিকাইছিলো। তালৈ হৰিজন সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীও আহিছিল। ছাত্ৰহঁতৰ গা-পা ধোৱা, চাফ-চিকুণকৈ থকা আদিত মই নিজে চকু দিছিলো। সিহঁতৰ বাবে ইউনিফৰ্মৰ ব‍্যৱস্থাও কৰা হৈছিল। প্ৰথমে স্কুলখনলৈ মাৰোৱাৰী সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীও আহিছিল, পিছত হৰিজন সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীবোৰ আহিবলৈ লোৱাত অভিভাৱকসকলে সিহঁতক নপঠোৱা হৈছিল।  ছাত্ৰ-ছাত্ৰী বেছি হোৱাত স্কুলখন বি.চি. মেম’ৰিয়েল স্কুললৈ স্থানান্তৰ কৰা হৈছিল। পিছলৈ মজুমদাৰ উপাধিৰ মানুহ এজনে দান দিয়া ঘৰ-মাটিলৈ স্কুলখন স্থানান্তৰিত কৰা হৈছিল। তাত স্থায়ী শিক্ষয়িত্ৰীও নিযুক্ত কৰা হৈছিল।
★ আপুনি ভালেকেইখন গ্ৰন্থ অনুবাদ কৰিছে, অনুবাদৰ বাবে সাহিত্য অকাডেমী বঁটাও লাভ কৰিছে। অনুবাদৰ চিন্তাটো আপোনাৰ মনলৈ কিদৰে আহিল?
◆মৌলিক লেখাৰ বাবে বহু চিন্তা-চৰ্চা কৰিব লাগে বাবে অনুবাদৰ কাম হাতত লৈছিলোঁ। পিতায়ো এই কামত উৎসাহ দিছিল।
পিছত মোৰ বন্ধু প্ৰফুল্ল বৰুৱায়ো মোক উৎসাহ দিছিল। মই অনুবাদ কৰা ভালেকেইখন কিতাপ তেওঁ বাছনি কৰি দিছে। তাৰ ভিতৰত ৰাজা ৰাওৰ “ দ‍্য ছাৰ্পেণ্ট এণ্ড দ‍্য ৰোপ” গ্ৰন্থখন “জীৱনাতীত” নাম দি আমি দুয়ো যুটীয়াভাৱে অনুবাদ কৰা গ্ৰন্থখন সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰিছে।
ডঃ সুবীৰা জৈচৱালৰ “Origin and Development of Vaishnavism” গ্ৰন্থখন “বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি আৰু বিকাশ” নাম দি কৰা অনুবাদৰ বাবে সাহিত্য অকাডেমীৰ বঁটা পাইছিলোঁ ২০০১ চনত।
★আপুনি হেনো গুৱাহাটীৰ বিহুতলীত পিঠা বিক্ৰী কৰিছিল?
◆সেয়া আছিল ১৯৬৮ চনৰ ২৬ জানুৱাৰী। ফাঁচী বজাৰৰ দোকান-পোহাৰৰ চাইনবোৰ্ডসমূহ অসমীয়া কৰাৰ বাবে কিছুমান ডেকা ল’ৰাই দাবী জনাইছিল। সেই সময়ত দুই-এটা অপ্ৰীতিকৰ ঘটনা ঘটিছিল, কোনোবাই অলপ ভঙা-চিগা কৰিছিল।  তেতিয়া হেনো ফাঁচী বজাৰৰ মাৰোৱাৰীসকলে অসমীয়াক বস্তু নেবেচাৰ সিদ্ধান্ত ললে। এই কথাটোৱে মোক আচৰিত কৰিলে। অসমতে থাকি ব‍্যৱসায় কৰাসকলে অসমীয়াকে বস্তু নেবেচিব, এয়া আকৌ কেনে কথা! সেই ঘটনাৰ প্ৰত‍্যাহ্বান স্বৰূপেই তেতিয়া আমি বহুমুখী সমবায় সমিতি গঠন কৰিলোঁ। সেই সমিতিৰ লগত গুৱাহাটীৰ ভালেকেইগৰাকী সম্ভ্ৰান্ত মহিলা জড়িত আছিল। আমি প্ৰথমে গুৱাহাটীৰ শৰণীয়া অঞ্চলৰ জনজাতীয় মহিলাসকলক সূতা দি মাননিৰ বাবদ কাপোৰ ব’বলৈ দিছিলোঁ। পিছত সেই কাপোৰ আমি বিক্ৰী কৰিছিলোঁ। পিছত আমি পিঠা বনাই বিক্ৰী কৰা কাম আৰম্ভ কৰিছিলোঁ। পিঠাটোৰ নাম আমি দিছিলো “জয়মতী পিঠা”, পিঠাগুৰিৰে বনোৱা টান লাৰুবিধৰ নাম দিছিলোঁ “ গদাপাণি লাৰু।” চানমাৰিৰ বিহুতলীত মই নিজে চাউলৰ গুৰিৰ মালপোৱা পিঠা ভাজি গৰমে গৰমে বিক্ৰী কৰিছিলোঁ। পানবজাৰৰ সমবায়ৰ দোকান এখনতো আমি পিঠা যোগান ধৰিছিলোঁ। এবাৰ ৰত্ন ওজা মালিগাঁৱত অনুষ্ঠিত বিহুৰ সম্পাদক হৈছিল। সেইবাৰ আমি বিহু সমিতিৰ পৰা দুহেজাৰ পিঠাৰ অৰ্ডাৰ পাইছিলোঁ। মই নিজে টেক্সী ভাড়া কৰি দুহেজাৰ পিঠা দি আহিছিলোগৈ। আজিকালি ভালেমান মহিলাই পিঠা-পনা বিক্ৰী কৰে। ৰেল ষ্টেচন, বাছ ষ্টেচন, হাট-বজাৰকে ধৰি মানুহৰ সমাগম বেছিকৈ হোৱা ঠাইত টেকেলি পিঠা, খোলাচাপৰি বা পানী পিঠা আদি গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ অলপ বেলেগ ধৰণে বনাই বিক্ৰীৰ ব‍্যৱস্থা কৰিলে আমাৰ পিঠা-পনাই বৰ্তমানে প্ৰচলিত বিভিন্ন ফাষ্ট ফুডৰ লগত সমানে ফেৰ মাৰিব পাৰিব বুলি ভাবো।
★এটা একান্তই ব‍্যক্তিগত প্ৰশ্ন- আপুনি বিয়া নকৰালে কিয়?
◆ আচলতে মোৰ তেনেকৈ কাকো পচন্দই নহ’ল। ভাল লাগিছিল বহুতকে, বহুতৰ ব‍্যক্তিত্বই মোক মুগ্ধ কৰিছিল। ভৱানন্দ দত্ত, ভূপেন হাজৰিকা, বিশ্ববিদ্যালয়ৰ সহপাঠী প্ৰফুল্ল বৰুৱা, মেদিনী চৌধুৰী…। কিন্তু বিয়াৰ কথা তেনেকৈ মনলৈ অহা নাছিল। বিয়া পাতি দুজন অচিনাকি মানুহ একেলগে থাকিব পৰাৰ কথা মই ভাবিবই পৰা নাছিলো। মোৰ ভালেমান ঘৰুৱা দায়িত্বও আছিল- সৰু ভাই-ভনীহঁতৰ দায়িত্ব। আচলতে জীৱনৰ বাবে বিয়া অপৰিহাৰ্য বুলি ময়ো ভৱা নাছিলোঁ, পিতায়ো ভৱা নাছিল। মাজে-সময়ে আইৰ কথা মতে পিতাই মোক কৈছিল- আই, তুমি বিয়াৰ কথা ভাবা। মানুহক লগ এটা লাগে। পিছে মই আপত্তি কৰাত পিতাই কেতিয়াও জোৰ কৰা নাছিল।

★ সমাজৰ বিভিন্ন সমস‍্যাৰ বিষয়ে আলোকপাত কৰি আপুনি বৰ্তমানেও অতি সচেতনতাৰে কলম চলাই আছে। ইয়াৰ আঁৰত?
◆মই লেখা আৰম্ভ কৰিছিলোঁ কবিতাৰে। আবৃত্তি কৰিছিলোঁ বাবেই হবলা, কবিতা লিখিছিলোঁ স্বতঃস্ফূৰ্তভাৱে। পিছে জীৱনৰ কঠিন বাস্তৱৰ লগত কঠোৰ সংগ্ৰামে কবিতাৰ লগত, আনকি সাহিত্যৰ লগতে মোৰ বিচ্ছেদ ঘটালে। কিন্তু প্ৰবন্ধ লিখা কামৰ পৰা মই আঁতৰি নাহিলো। আচলতে দেশৰ, ৰাজ‍্যৰ সমস‍্যাবোৰৰ ক্ষেত্ৰত মাত নমতাতো একপ্ৰকাৰ অন‍্যায় বুলিয়েই মই বিবেচনা কৰোঁ। সেইবাবেই লগে লগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি নোৱাৰো।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!