ভাওনা আৰু সাময়িক সংস্কৃতি-প্ৰৱাহ

লেখক- ড॰ মণ্টু কুমাৰ বড়া

অসমত ভাওনা পৰম্পৰা প্ৰাচুৰ্যময়। ইয়াৰ গৰিমাগয় ঐহিত্যৰ সুঘ্ৰাণ বুটলিবলৈ বহুদূৰ আগুৱাব লাগিব। বৈষ্ণৱ পণ্ডিত, সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ ভাষাৰে: অসমৰ সংগীত নাট্যকলা সম্পদ ভাৰতীয় মূলৰ। যেনেকৈ এগছি বন্তিৰ পৰা সহস্ৰাধিক বন্তিৰ সৃষ্টি বা সম্প্ৰসাৰণ কৰিব পাৰি, সেইদৰে ভাৰতীয় মূলৰ পৰাই সাংস্কৃতিক বন্তি এগছি আহৰণ কৰিছে। [অসমত ভাওনাৰ পৰম্পৰা, ১৯৯৩]

সৰ্বভাৰতীয় সাংস্কৃতিক ধাৰণাক সন্মুখত ৰাখি চমৎকাৰ ৰূপেৰে উপস্থাপন কৰা শংকৰদেৱৰ চিহ্নযাত্ৰাই অসমীয়া ভাওনাৰ আৰম্ভণি কৰিলে। গুৰুজনাই চিহ্নযাত্ৰাৰ জৰিয়তে নতুন পৰম্পৰাৰ সূচনা কৰি অংকীয়া ভাওনাৰ সমৃদ্ধময় যাত্ৰা আগবঢ়াই আনিলে। অসমীয়া ভাওনা বুলিলে আমি জানো অংকীয়া ভাওনাকহে। সম্প্ৰতি আমি দেখি থকা ‘মাতৃভাষাৰ ভাওনা’ তাৰ বহু বছৰ পাছৰ। ই অৰ্বাচীন। হ’লেও মাতৃভাষা ভাওনাৰ জৰিয়তে ভক্তিমাৰ্গ দৰ্শন নিশ্চয় হৈছে – সেয়া আদৰণীয়। সমাজ-জীৱনৰ সমসাময়িক পৰিৱৰ্তনক স্বীকাৰ কৰি, সমাজৰ বোধগম্যতাক সন্মান জনাই গুৰুজনা আৰু সন্তসকলৰ জীৱন ছন্দ উপলব্ধিৰে মাতৃভাষা ভাওনা পৰম্পৰা অংকীয়া শৈলীত আৰম্ভ হ’ল। বৰ্তমানে জনজীৱনত তাৰ চৰ্চা, অনুশীলন আৰু পৰিবেশন স্পষ্ট। সমসাময়িকভাৱে অংকীয়া নাটৰো পৰিবেশন আৰু শিক্ষণ অব্যাহত আছে। ভাওনা সম্পৰ্কে হোৱা এই চৰ্চাই আমাক শক্তিশালী কৰিছে। গভীৰভাৱে আমি উপলব্ধি কৰোঁ যে অসমৰ ভাওনা কেৱল মনোৰঞ্জন তথা ভক্তি-পথৰ মাধ্যম নহয়, অসমৰ সংস্কৃতিৰ গতিশীল স্তম্ভ। যাক সাৱটি আমি শংকৰোত্তৰ সমাজ সু-সংস্কৃত আৰু সু-সংহত। মাতৃভাষা ভাওনা প্ৰতিযোগিতা বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে। ই নীতিবদ্ধ পৰিবেশনৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিছে। অন্তঃকৰণে এই পৰম্পৰা ৰক্ষাৰ বাবে প্ৰতিযোগিতাৰ পৰিবেশ হ’লে গুৰুজনাক সন্মান যঁচা আৰু উত্তৰ পুৰুষৰ আগত উপস্থাপনৰ শুভপ্ৰয়াসেই হ’ব।

এই কথা স্পষ্টকৈ ক’ব পাৰি যে শঙ্কৰদেৱ সৃষ্ট অংকীয়া নাট ভাওনা, শংকৰোত্তৰ অংকীয়া ভাওনাৰ সম্পৰ্কে বহু আলোচনা হৈছে। বিদ্বান সকলৰ উপলব্ধিৰ গইনাতে বিভিন্ন তথ্য সূত্ৰ বা প্ৰচলিত নাটৰ মূল বা নাট্য সম্ভাৰ সৃষ্টি কৰোঁতা, সময়, ইবোৰত প্ৰতিফলিত অংকীয়া আৰ্হি বা পৰৱৰ্তী প্ৰক্ষিপ্ত সংযোগ আদি সম্পৰ্কে অধিক গৱেষণালব্ধ অধ্যয়নৰ প্ৰয়োজন আছে। সময় আৰু সমাজ, জনমানসৰ আগ্ৰহ আদিত অংকীয়া নাটৰ দীঘলীয়া সময়ছোৱাত অভ্যন্তৰীণ আৰু বাহ্যিক স্বৰূপৰ দিশত অৱধাৰিত ভাৱেই পৰিৱৰ্তন হ’ল। ফলস্বৰূপে বিশেষকৈ উজনি অসমত মাতৃভাষাত নাট ভাওনা সৃষ্টি হ’ল আৰু ক্ৰমান্বয়ে জনপ্ৰিয়তাও লাভ কৰিলে। আধুনিক কেতবোৰ কথা-বতৰাইজন আকৰ্ষণৰ হেতু এই নাটত ঠাই পালেও মূল মহাপুৰুষীয়া পৰম্পৰাতে মাতৃভাষাত নাট ৰচনা আৰু অভিনয় অধিক হ’বলৈ ল’লে। উপস্থানৰ প্ৰক্ৰিয়া, ভাষিক প্ৰয়োগ, নাট ৰচনা আৰু বহু কাৰণতেই কিছু পৰিমাণে অংকীয়া নাটৰ পৰিবেশন বা অভিনয় সত্ৰ সমূহতে সীমাবদ্ধও হ’ল। অংকীয়া নাট এভাগি জনসমাজে যি নীতি নিষ্ঠাৰে গ্ৰহণ কৰিছিল, পৰিৱৰ্ত্তিত সময়ত সেই আগ্ৰহ বা মান্যতা মাতৃভাষা ভাওনা নাটেও লাভ কৰিব পৰা হ’ল। সেয়েহে মাতৃভাষা ভাওনাই যোৱা দুশ-তিনিশ বছৰ ধৰি অসমৰ গ্ৰাম্য জনজীৱনক প্ৰভাৱিত কৰি আহিছে। এইসমূহে নাট্যৰসৰ সমান্তৰালকৈ ধৰ্ম সাধনা, সমূহীয়া সাংস্কৃতিক ভাৱনাৰ অৰ্থে ভগৱানৰ নাম শ্ৰৱণ-কীৰ্তনৰ বাহক হিচাপে বা মাধ্যম হিচাপেও সফলতা লাভ কৰি আহিছে।

মাতৃভাষা ভাওনা বুলি যি নামকৰণ এতিয়া প্ৰচলিত সেয়া দীঘলীয়া পৰিক্ৰমাত মহাপুৰুষীয়া ভাওনা ৰূপেই চলি আহিছিল। মাতৃভাষা বুলি কোৱা বা লিখাটো আধুনিক অভিধাহে। যি নহওক গুৰুজনা আৰু অংকীয়া আৰ্হিৰ মহাপুৰুষীয়া বা মাতৃভাষাৰ ভাওনাৰ সৈতে গাঁৱে- ভূঁঞে থকা সকলো মানুহেই জড়িত। সম্প্ৰতি ইয়াৰ লগত সকলো পৰ্যায়ৰে ব্যক্তিক জড়িত কৰিলে মাতৃভাষা ভাওনাৰ প্ৰতিযোগিতাসমূহে। ভিন্ন প্ৰান্তত হোৱা প্ৰতিযোগিতাসমূহত হোৱা সমাগম এটা দিনৰ বা এটা মাহ বা বছৰৰ আকৰ্ষণ নহয়। কেবাবছৰো ধৰি প্ৰচলিত এই প্ৰতিযোগিতাই মানুহৰ অংশগ্ৰহণ বছৰি বৃদ্ধি কৰিছে। নিৰ্দিষ্ট সময় সীমাৰ ভিত্তিত নাটৰ প্ৰদৰ্শন, পৰিবেশন বা ভাওনাৰ আয়োজন হোৱাৰ বাবে আধুনিক জীৱন যাত্ৰাত সদা ব্যস্ত লোক সকলেও ইয়াত নিজকে জড়িত কৰি ৰখাৰ সুযোগ লাভ কৰিছে। এই কথা উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত এই ভাওনাত গায়ন-বায়ন, অভিনয়, ৰূপসজ্জাৰ লগত বহু লোক জড়িত হৈ পৰিছে। একেদৰে এই সম্পৰ্কীয় লিখা-মেলা কৰা ব্যক্তিসকল, ভাওনা পৰিচালনা, ভাওনা আয়োজন, প্ৰতিযোগিতাৰ বিচাৰক হিচাপে জড়িত সকলোৰে মাজত প্ৰতিযোগিতা আদিয়ে বিষয় ভিত্তিক আলোচনাৰ সুবিধাও দিছে। ভাওনাৰ বৰ্তমানৰ প্ৰদৰ্শন, প্ৰতিযোগিতাৰ সৰ্বগ্ৰহণীয় নিয়মাৱলী, সামূহিক উপস্থাপন, নাটৰ মান, মহাপুৰুষীয়া পৃথকশৈলী ৰূপে গুৰুজনাৰ অপূৰ্ব সৃষ্টি সম্ভাৰৰ পৰম্পৰা ৰক্ষা আৰু এই সংস্কৃতি সম্পদৰ অনুগামী সকলক সন্মিলিত কৰাৰ উদ্দেশ্যে ভাওনা সন্মিলনৰো চিন্তা চৰ্চা আগবাঢ়িছে। উল্লেখযোগ্য যে যোৰহাট জিলাৰ ভাওনাৰ সৈতে জড়িত বহু সংখ্যক ব্যক্তিৰ উদ্যোগ আৰু সহযোগিতাত যোৰহাট জিলাত প্ৰথমখন জিলা ৰূপে যোৰহাট জিলা ভাওনা সন্মিলন গঠন হৈছে। পৰৱৰ্তী সময়ত আন কেবাখনো জিলাত এনে সমিতি গঠন হৈ উঠিছে। এইসমূহৰ যোগেদি মাতৃভাষা ভাওনাৰ প্ৰসাৰ আৰু চৰ্চাই এই সময়ত ব্যাপক ৰূপ লাভ কৰিছে।

প্ৰশ্ন হ’ব পাৰে যে শঙ্কৰদেৱৰ অংকীয়া নাটৰ পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ আকৌ পৃথকে মাতৃভাষা ভাওনাৰ চৰ্চাত কেৱল হাত উজান দিলে গুৰু সংস্কৃতিৰ মূল শক্তিক আগবঢ়াই নিয়া হ’ব জানো। কিন্তু এক দীঘলীয়া পৰম্পৰাৰে সামাজিক, সাংস্কৃতিক পৰিপূৰ্ণতাৰ মাজেদি আগবঢ়া ভাওনা সংস্কৃতিত মাতৃভাষা ভাওনাই গুৰুজনাৰ ভাৱদৰ্শকে আগবঢ়াই নিছে। এইসমূহৰ গুৰুত্ব উপস্থাপনেৰে কেবাখনো গ্ৰন্থও প্ৰকাশ হৈছে। সেই হিচাপে ডঃ অকণ চন্দ্ৰ শইকীয়াৰ এখন আৰু ডঃ মাণিক শইকীয়াৰ দুখন গ্ৰন্থ, ভাওনা সন্মিলন বা প্ৰতিযোগিতাৰ স্মাৰক গ্ৰন্থ সমূহ বা আন পত্ৰিকা আদিত বহু লেখকে এই বিষয়ে আলোচনা কৰিছে। উজনিৰ পৰা নামনিৰ বিশেষ ভাৱে গুৱাহাটীত নিয়মীয়া ভাৱে মাতৃভাষা ভাওনাৰ প্ৰদৰ্শন হৈছে। এই তথ্য এই বাবেই উল্লেখ কৰা হৈছে যেজন সমাদৃত আৰু বহুল প্ৰচাৰিত মাতৃভাষা ভাওনা গুৰু পৰম্পৰা ৰক্ষাৰে নিজস্ব শৈলীৰে কেবা শ বছৰ ধৰি মানুহৰ মনোজগতত সোমাই আছে। ইয়াৰ যোগেদি শংকৰ-মাধৱ আৰু অসমীয়া সংস্কৃতিৰ মূল আধাৰ সিঁচৰিত হৈ আছে। সেয়ে ইয়াৰ হকে, মাতৃভাষা ভাওনাৰ স্বকীয়তা ৰক্ষাৰে উপস্থাপনত গুৰুত্ব দিয়াৰ পৰিবেশ এটা গঢ়ি তুলিব লাগিব। একে সময়তে কিন্তু আধুনিক ৰংগমঞ্চৰ কাৰিকৰী আকৰ্ষণ, আধুনিক গীত-নৃত্য-সুৰ আদিৰ প্ৰয়োভৰত ভাওনাৰ স্বকীয়তা যাতে হেৰাই নাযায় তাৰ প্ৰতি সকলো সজাগ আৰু সচেতন হ’ব লাগিব

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!