হলধৰ ভূঞাঃ শংকৰ মিছন প্ৰতিষ্ঠাৰ আঁ‌ৰৰ অন্যতম মানুহজন

লেখক- ময়ুৰ বৰা

মই আজি সুঁ‌ৱৰিবলৈ লোৱা মানুহজনৰ মন-মগজু আৰু হৃদয়ত আছিল কেৱল দুখনেই প্ৰতিচ্ছবি। এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰজ্ঞানময় মানৱিক চেতনা আৰু আনফালে মহামানৱ মহাত্মা গান্ধীৰ অহিংস সংগ্ৰামৰ জেউতি। বৈষম্য সহ্য কৰিব নোৱাৰা নীতিনিষ্ঠ আৰু মানসিকভাবে অত্যন্ত দৃঢ় এই মানুহজনে সমগ্ৰ জীৱকুলকে সমদৃষ্টিৰে চোৱাৰ প্ৰতি প্ৰতিনিয়ত সজাগ হৈ আছিল। শংকৰ মিছন প্ৰতিষ্ঠা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰভাৱ নগাঁ‌ৱৰ পলাশনী গাঁ‌ৱৰ পৰা সমগ্ৰ অসমলৈ বিস্তাৰিত কৰাৰ আঁ‌ৰৰ অন্যতম মানুহ আছিল তেওঁ। মানুহজনৰ নাম লোকসেৱক হলধৰ ভূঞা।
স্বাধীনতাৰ আগৰে পৰা নিষ্ঠাৱান কংগ্ৰেছী হিচাপে ৰাজনৈতিক আদৰ্শ গ্ৰহণ কৰা হলধৰ ভূঞাই স্বাধীনতাৰ আগৰ কংগ্ৰেছৰ স্থিতি সৱল কৰিছিল। ১৯২১ চনৰ আগষ্ট মাহত গান্ধীজীৰ অসম আগমনৰ সময়ত গান্ধীজীক নগাঁ‌ৱত পদাৰ্পণ কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ আছিল দৃঢ় ভূমিকা। এইক্ষেত্ৰত সমসাময়িক সতীৰ্থ তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈৰ লগতো এঘড়ী নুযুঁজা নহয় তেওঁ। কিন্তু দেশে স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছ দলত শিপাই পেলোৱা অনিয়মৰ বাবে তেওঁ কংগ্ৰেছ ত্যাগ কৰি প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিত যোগদান কৰে। তেওঁ সৰ্বভাৰতীয় ছ’চিয়েলিষ্ট পাৰ্টিৰ অসম শাখাৰ সভাপতি নিৰ্বাচিত হৈছিল। উল্লেখ্য যে এই পাৰ্টিৰ প্ৰথমজন সৰ্বভাৰতীয় সভাপতি আছিল আচাৰ্য কৃপালনী।
সৰুতেই ঘাট-মাউৰা হোৱা হলধৰ ভূঞাৰ শৈশৱকাল আছিল সংঘাপূৰ্ণ। তেওঁৰ জন্ম হৈছিল ১৮৯১ চনৰ ১৮ ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁ‌ৱত জন্মগ্ৰহণ কৰা ভূঞাই নগাঁৱতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন কলেজৰ পৰা উচ্চ শিক্ষা লাভ কৰে। সেই সময়ত তেওঁ এগৰাকী সুহৃদ ব্যক্তি আছিল কৃষ্ণকান্ত সন্দিকৈ। উল্লেখ্য যে পৰৱৰ্তী সময়ত সন্দিকৈদেৱ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱাৰ সময়ত হলধৰ ভূঞা আছিল বিশ্ববিদ্যালয় কৰ্টৰ এগৰাকী সদস্য।
অসহযোগ আন্দোলনৰ সময়ত এই আন্দোলনত জঁপিয়াই পৰি হলধৰ ভূঞাই জেইললৈ যাব লগা হৈছিল। শ্ৰীহট্ৰ জেইলত কাৰাবাস খাটোতে তেওঁৰ সৈতে সেই সময়ত কাৰাবাসত আছিল কুলধৰ চলিহা, নবীন চন্দ্ৰ বৰদলৈ। স্বভাৱতে তীব্ৰ স্বাভিমানী ভূঞাই জেইলখানাত ৰাজনৈতিক-অৰাজনৈতিক বন্দীয়ে চৰকাৰক চালাম দিয়াৰ নিয়মৰ ঘোৰ প্ৰতিবাদ কৰিছিল। জেইলত থকা সময়ত নিৰক্ষৰ কাৰাবন্দীসকলক শিক্ষাদানৰ দৰে বিদ্যোৎসাহী কামতো তেওঁ জড়িত থকাৰ নজিৰ আছিল। এইবোৰ কথাত প্ৰথমৰ পৰাই তেওঁৰ প্ৰগতিশীল মনটোৰ পৰিচত স্বতঃস্ফূৰ্তভাবে প্ৰকাশ পাইছিল।
সেইসময়ৰ সমাজ ব্যৱস্থাত দেখা পোৱা বহু উচ্চ নীচ কুলীয়া বিষয়ত তেওঁ সজোৰে প্ৰতিবাদ কৰি শংকৰদেৱৰ আধ্যাত্মিক তথা সমভাৱাপন্ন সমাজখন প্ৰতিষ্ঠাৰ বাবে কাম কৰা আৰম্ভ কৰিছিল। ডেকাকালৰ পৰাই তেওঁ শংকৰী সাহিত্যসমূহৰ লগতে বৈষ্ণৱ সাহিত্য যেনে কীৰ্তন, দশম, ঘোষা তথা ভাগৱত, ৰত্নাৱলী, ভক্তি ৰত্নাকৰ, ভক্তিপ্ৰদীপ, নিমিনৱসিদ্ধ সংবাদ আদি গভীৰভাবে অধ্যয়ন কৰি ভাগৱতী বৈষ্ণৱধৰ্মৰ সাৰবত্তা সঞ্চয়ন কৰিছিল। তেওঁ এই নিস্কাম ভক্তিতত্ত্বৰ গভীৰতালৈ প্ৰৱেশ কৰি জীৱন যাত্ৰাত শংকৰী আদৰ্শৰ আধ্যাত্মিক চেতনাই কিদৰে শান্তিময় আধাৰশিলা নিৰ্মাণ কৰিব পাৰি সেই কথা প্ৰসাৰ কৰিছিল। লগতে আহুকলীয়া কেতবোৰ গোড়ামি উঘালি পেলোৱাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছিল। হলধৰ ভূঞাৰ জীৱনৰ সৰ্বোচ্চ কীৰ্তি হৈছে শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰতিষ্ঠা। ১৯৪৮ চনত শুৱালকুছিত বহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বছৰেকীয়া অধিৱেশন আৰু গুৰুজনাৰ পাচশ বছৰীয়া জন্মজয়ন্তীৰ অনুষ্ঠানতে এই মহৎ উদেশ্যৰ কথা ঘোষণা কৰিছিল। শংকৰ-মাধৱৰ সৃষ্টিকৰ্ম আৰু বাণীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এখন শ্ৰেণীহীন আৰু বৰ্ণহীন সমাজৰ সপোন চকুত আঁ‌কি যোৱাৰ মনোভাবেৰে নগাঁ‌ৱত ১৯৫০ চনৰ ৩০ মাৰ্চত মিছনৰ কাম আৰম্ভ কৰে। সেৱাৰ কেন্দ্ৰ হিচাপে শ্ৰীমন্ত শংকৰ মিছনে যি ভূমিকা লৈ আহিছে সেই কথা নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। অৱশ্যে মিছনৰ কথা ক’লে ডা° ললিত কুমাৰ বৰুৱা, ডা° প্ৰেম প্ৰকাশ গুপ্তা আৰু ডা° হংসধৰ নাথ আদি শুভানুধ্যায়ী লোকসকলক সুঁ‌ৱৰিব লাগিব। এইখিনিতে এটা কথা উনুকিয়াব লাগিব। বেণুধৰ কলিতাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম বৃত্তান্তৰ কথা লিখোঁ‌তে নগাঁৱৰ পলাশনী গাঁ‌ৱৰ সনতৰাম বৰা, চেনিৰাম নামলগোৱা, যজ্ঞৰাম বৰা আৰু থুলেশ্বৰ শইকীয়াৰ ভূমিকাৰ বিষয়ে লিখিছে। দৰাচলতে ১৯১৮ চনতে মণিপদ বৰা আৰু সনতৰাম বৰাৰ প্ৰচেষ্টাত গঠন হোৱা জ্ঞানমালিনী সভা পাছত ধৰ্মলোচনী সভালৈ ৰূপান্তৰ হয় আৰু ১৯৩০ চনতে পলাশনী গাঁ‌ৱত ৰমাকান্ত মুক্তিয়াৰ আৰু অন্যান্যসকলৰ সহযোগিতাত ধৰ্মালোচনী সভাৰ নাম শংকৰ সংঘ কৰা হয়। শংকৰ সংঘৰ পলাশনী গাওঁকেন্দ্ৰিক ক্ষুদ্ৰ ৰূপটোক সদৌ অসমভিত্তিক বৃহৎ ৰূপটোলৈ পৰিবৰ্তন কৰাত আটাইতকৈ ডাঙৰ ভূমিকা লৈছিল হলধৰ ভূঞা আৰু ৰমাকান্ত মুক্তিয়াৰে।
একালৰ স্বাধীনতা সংগ্ৰামী হলধৰ ভূঞাই সাম্ৰাজ্যবাদী-বিৰোধী সংগ্ৰামত লিপ্ত হৈ বহুবাৰ কাৰাবৰণ কৰা হলধৰ ভূঞাই ১৯৩৭ চনত নগাঁও জিলাৰ দক্ষিণ সমষ্টিৰ পৰা বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৪০ চনত গান্ধীজীয়ে ব্যক্তিগত সত্যাগ্ৰহৰ কাৰ্যসূচী ঘোষণা কৰাত ভূঞাই নগাঁও জিলাৰ প্ৰথম সত্যাগ্ৰহী হিচাপে ছমাহ জেইলত আছিল। তেওঁ জেইলত থকাৰ সময়ছোৱাতে বৰপুত্ৰ জগদীশ ভূঞাই বিনাচিকিৎসাই চেৰিব্ৰেল মেলেৰিয়া ৰোগত মৃত্যুবৰণ কৰে। চৰকাৰে তেওঁক কেইদিনমানৰ বাবে জেইলৰ পৰা মুকলি কৰি দিম বুলি কৈছিল যদিও তেওঁ জেইলতে থাকে। ১৯৩০ চনৰ পৰা ১৯৪৭ চনলৈকে হলধৰ ভূঞাক নগাঁ‌ৱৰ মানুহে নগাঁ‌ৱৰ গান্ধী বুলি কৈছিল। ১৯৪৬ চনত লাহৰীঘাট সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পাছত গোপীনাথ বৰদলৈয়ে তেওঁক মন্ত্ৰিত্বৰ বাব আগবঢ়ায়। কিন্তু মনৰ গান্ধীবাদী চেতনা দুৰ্বল হৈ পৰিব বুলি ভাবিয়েই তেওঁ মন্ত্ৰীসভাত যোগদান নকৰি মতিৰাম বৰাক মন্ত্ৰী হিচাপে ল’বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে মতিৰাম বৰাৰ লগত তেওঁৰ ব্যক্তিগত মতানৈক্যৰ কথাবোৰে গোটেই বিষয়টোত প্ৰভাৱ পেলোৱা নাছিল। মন্ত্ৰিত্বক হেলাৰঙে প্ৰত্যাখ্যান কৰা মানুহজনে স্বৰাজোত্তৰ কালত মাজে মাজে নিজেই অসমীয়া বাতৰিকাকত নগাঁও কছাৰীত বিক্ৰী কৰিছিল। কথাবোৰ সাধুকথাৰ দৰে।
অসম আৰু অসমীয়াক প্ৰাণেপনে ভালপোৱা এইজন ব্যক্তিয়ে গ্ৰুপিঙৰ ষড়যন্ত্ৰৰ পৰা অসমক ৰক্ষা কৰিবলৈ গোপীনাথ বৰদলৈয়ে কৰা প্ৰচেষ্টাৰ সমভাগী হৈছিল। মৌলানা ভাচানীয়ে সেই সময়ত পূৰ্ববংগীয় মুছলমান লোকসকলক উত্তেজিত কৰি তোলাৰ সময়তো ভূঞাই দৃঢ়তাৰে বিৰোধিতা কৰিছিল।
হলধৰ ভূঞাৰ ঘৰখন যে সকলোৰে বাবে ধৰমশালাসদৃশ আছিল আৰু তেওঁৰ ঘৰত অসংখ্য কুকুৰ মেকুৰীয়ে খোৱাৰ সময়তে ভিৰ কৰিছিলহি, সেই কথা কম বেছি পৰিমাণে মানুহৰ জ্ঞাত। কিন্তু অসমীয়া ল’ৰাক চাকৰিত নিযুক্ত কৰাৰ ক্ষেত্ৰত হলধৰ ভূঞাৰ অৱদানৰ কথা বহুতে নাজানে। তেওঁ ৰেলৱে বৰ্ডৰ সদস্য হৈ থাকোঁতে চিটাগঙত বৰ্ড বহিছিল। বৰ্ডৰ অধ্যক্ষ আছিল এজন ব্ৰিটিছ ৰাজকৰ্মচাৰী। ভূঞাই অসমীয়া ল’ৰাই চাকৰি নোপোৱাৰ কথাটো উত্থাপন কৰোঁ‌তে তেওঁলোকে অসমীয়া ল’ৰাৰ নিষ্ঠা আৰু আন্তৰিকতাৰ বিষয়ে প্ৰশ্ন তোলে। তেতিয়া সেই বৈঠকত উপস্থিত থকা চাহ বাগিছাৰ মালিক আৰু মেনেজাৰকেইজনক ভূঞাই তেওঁলোকৰ বাগিচাত কৰ্মৰত অসমীয়া ল’ৰাৰ কামৰ বিষয়ে ক’বলৈ কয়। ভূঞাৰ বুদ্ধিদীপ্ত যুক্তিৰ পাছত বৰ্ডৰ অধ্যক্ষ নিমাত হৈ পৰে আৰু পৰৱৰ্তী সময়ত লাহে লাহে ৰে’লৱেত অসমীয়া ল’ৰাৰ মকৰল আৰম্ভ হয়।
সমগ্ৰ জীৱন আৰ্তজনৰ বাবে উছৰ্গা কৰা লোকসেৱক হলধৰ ভূঞাই ১৯৬৮ চনৰ ২৮ মাৰ্চ তাৰিখে ৭৭ বছৰ বয়সত নগাঁৱৰ নিজা বাসভৱনত নৰনাট সামৰে। হলধৰ ভূঞা আছিল মানৱতাবাদ আৰু শংকৰী সংস্কৃতিৰ প্ৰকৃত সাধক। তেওঁৰ বিষয়ে জানি বুজি তেখেতৰ খাতিৰ নকৰা সবল যুক্তিবাদী চিন্তাৰ উম ল’লে আমি জীৱনত কিছু শিকিব পাৰিম বুলি বিশ্বাস।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!