বিশ্ব প্ৰতিবন্ধী সচেতনতা দিৱস আৰু কেইজনমান বিশ্ববিখ্যাত প্ৰতিবন্ধী লোক
লেখক- ৰঞ্জনা দত্ত
প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ৩ তাৰিখে গোটেই বিশ্বতে প্ৰতিবন্ধী সচেতনতা দিৱস পালন কৰা হয়।
প্ৰতিবন্ধী বুলিলেই আমাৰ চকুত ভাঁহি উঠে শাৰীৰিক বা মানসিকভাৱে কিছু পিছপৰা এজন লোকৰ ছবি।
শাৰীৰিক আৰু মানসিকভাৱে কিছু দুৰ্বল এই লোকসকলৰ প্ৰতি আমাৰ সৰহ সংখ্যক লোকৰে দৃষ্টিভঙ্গীৰ আজিও বিশেষ সলনি হোৱা নাই।
এওঁলোক শাৰীৰিক বা মানসিকভাৱে আচলতে যিমানে পিছপৰা, মানুহৰ অবহেলা আৰু পুতৌভৰা দৃষ্টিভঙ্গীৰ বাবে আৰু বেছি সংকুছিত হৈ পৰে।
আজিকালি উন্নত দেশবোৰত এই প্ৰতিবন্ধীসকলক প্ৰকৃতিৰ বিশেষ সন্তান, ‘ স্পেচিয়েল চাইল্ড অফ নেছাৰ’ বুলিহে কয়।
তেওঁলোকক আজিকালি ‘অন্যভাৱে সক্ষম’ বুলিও পৰিচয় দিয়া হয়।
এই সুন্দৰ পৰিচয়টোৰ যথাৰ্থতা প্ৰমাণ কৰিছে কেইজনমান বিশ্ব বিখ্যাত কিংবদন্তি কিন্তু অন্যভাৱে সক্ষম ব্যক্তিয়ে।
লুই ব্ৰেইল নিজে অন্ধ হৈয়ো অন্ধ লোকসকলৰ বাবে উপহাৰ দি গৈছে তেওঁৰ যুগান্তকাৰী ব্ৰেইল পদ্ধতিৰ শিক্ষা ব্যৱস্থা।
‘এলিচ ইন ৱাণ্ডাৰলেণ্ড’ আৰু আন কেইবাখনো যুগান্তকাৰী শিশু গ্ৰন্থৰ লেখক লুই কেৰল অটিজিমৰ চিকাৰ আছিল।
ইয়াৰ বাবে তেওঁ মানুহৰ আগত কথা কওঁতে খুব খোনাইছিল আৰু তেওঁৰ কথাবোৰ অস্পষ্ট আছিল। তেওঁ বাওঁ কাণেৰে একেবাৰে নুশুনিছিল।
কিন্তু, এইবোৰ প্ৰতিবন্ধকতাই তেওঁক এজন বিখ্যাত লেখক হোৱাত বাধা দিব পৰা নাছিল।
কিংবদন্তি পুৰুষ, দি গ্ৰেট চুপাৰমেন, বক্সিংৰ ৰজা মহম্মদ আলিয়ে ডিচলেক্সিয়া নামৰ ৰোগটোৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছিল।
তেওঁৰ মুখৰ কথাবোৰ প্ৰেৰণাদায়ক উক্তি হিচাপে প্ৰচলিত হৈ আহিছে যদিও ডিচলেক্সিয়াৰ বাবে তেওঁ নিজে লিখা পঢ়া কৰিবলৈ সক্ষম হোৱা নাছিল।
মহম্মদ আলীৰ দৰে একেই ডিচলেক্সিয়াৰ চিকাৰ আছিল আমেৰিকাৰ চিনেমা জগতৰ জনক ৱাল্ট ডিজনী আৰু বিখ্যাত বোলছবি নায়ক টম ক্ৰুজ।
ভালদৰে কথা ক’ব নোৱাৰা ৰৱান আটকিনচনক চিনেমাৰ অভিনয়ৰ বাবে অযোগ্য বিবেচনা কৰিছলে।
কিন্তু, বহুতো প্ৰত্যাখ্যান পোৱাৰ পিছতো তেওঁ মিঃ বিন নামেৰে কেইবাখনো চিনেমাত অভিনয় কৰি দৰ্শকৰ হৃদয়ত এখন সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
বিশ্ব বিখ্যাত চিত্ৰকাৰ ফ্ৰিদা কাহলো ছবছৰ বয়সতে পলিও ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ এখন ভৰি পয়ালগা হৈ পৰে।
ইয়াৰ পিছতে হোৱা আন এটা দুৰ্ঘটনাৰ ফলত তেওঁ চিৰজীৱনৰ বাবে বিছনাৰ আশ্ৰয় ল’ব লগা হয়।
এই সকলোবোৰ কষ্টৰ মাজতো তেওঁ কেইবাখনো বিশ্ব বিখ্যাত তৈলচিত্ৰ আঁকি থৈ গৈছে।
আংশিক মানসিক প্ৰতিবন্ধী বিশ্বৰ দবাখেলৰ ৰজা ববি ফিচাৰে তেওঁৰ নিজস্ব ৰণ কৌশলেৰে এজনৰ পিছত এজনকৈ বিশ্বৰ নামকৰা দবা খেলুৱৈক অনায়াসে পৰাভূত কৰি ‘গ্ৰেণ্ড মাষ্টাৰ’ উপাধি হাচিল কৰিছিল।
ইউৰোপীয়ান ক্লাবৰ খেলত ছবাৰকৈ ‘গল্ডেন শ্বু’ ৰ খিতাপ অৰ্জন কৰা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল তাৰকা লিওনেল মেছি জন্মৰে পৰা শাৰীৰিক প্ৰতিবন্ধকতাৰ চিকাৰ আছিল।
শৰীৰত গ্ৰোথ হৰমোনৰ অভাৱৰ বাবে তেওৰ উচ্চতা আছিল মাত্ৰ ৪.২ ফুট।
তেওঁৰ চিকিৎসাৰ বাবে মাহে খৰচ হৈছিল মাহে ৯০০ ডলাৰ( প্ৰায় ৭০ হেজাৰ টকা)।
এফ চি বাৰ্চেলোনা ক্লাবে মেছিৰ মাত্ৰ তেৰ বছৰ বয়সতে চুক্তিবদ্ধ কৰিছিল।
গ্ৰোথ হৰমোনৰ বেজী লৈ থকা বাবে তেওঁৰ এক ফুট পাঁচ ইঞ্চিৰ উচ্চতা বৃদ্ধি পালে যদিও ইয়াৰ বাবে তেওঁ অন্য বহুতো শাৰীৰিক সমস্যাত ভুগি থাকিব লগা হৈছে।
জন্মগতভাৱে হাড় আৰু মজ্জা গঠনৰ ব্যাধিগ্ৰস্তাৰে আক্ৰান্ত এই মানুহজনৰ হাৰ নমনা জেদ আৰু অদম্য স্পৃহাৰ ওচৰত সকলো বাধাই তুচ্ছ হৈ পৰিছিল।
বিশ্ব বিখ্যাত গণিতজ্ঞজন নেছ ‘পেৰানইড চিজোফ্ৰেনিয়া’ নামৰ মানসিক ৰোগত আক্ৰান্ত আছিল।
গণিতৰ এখন ডাঙৰ আলোচনা চক্ৰত বক্তৃতাৰ মাজতে তেওঁ কল্পনাৰে দেখিছিল নীলা চুট পৰিহিত কিছু লোক যিবোৰ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অহা বুলি তেওঁ ভাবিছিল।
বেছিভাগ সময় নিজৰ মনতে সাজি লোৱা জগতখনৰ মাজত আবদ্ধ হৈ থকাজন নেছ মানসিক চিকিৎসালয়তো কেইবছৰ মান কটাব লগা হৈছিল।
১৯৯৪ চনত তেওঁক অৰ্থনিতীৰ নোবেল পুৰস্কাৰেৰে সন্মানিত কৰা হয়।
তেওঁৰ জীৱনৰ ওপৰত অৱলম্বন কৰি নিৰ্মাণ কৰা ‘এ বিউটিফুল মাইণ্ড’ নামৰ বোলছবিখনে ২০০২ চনত ৫ টাকৈ একাডেমি এৱাৰ্ড লাভ কৰিছিল।
বিশ্ব বিখ্যাত বিজ্ঞানী ষ্টিফেন হকিঙৰ কথা কোনেনো নাজানে?
শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে প্ৰায় গোটেই জীৱন তেওঁ হুইল চেয়াৰত আবদ্ধ হৈ পৰিছিল।
তেওঁ কথা কোৱাৰ বাবে স্পিচ্ছ চিন্থেচাইজাৰৰ সহায়ৰ প্ৰয়োজন হৈছিল।
কেৱল মগজুৰ শক্তি, জ্ঞান, চিন্তা আৰু প্ৰজ্ঞাৰে তেওঁ এজন বিশ্ব বৰেণ্য ব্যক্তি হৈ উঠিছিল।
পৃথিবীৰ সৰ্বকালৰ সকলোতকৈ বৰেণ্য বিজ্ঞানী আৰু শ্ৰেষ্ঠতম গণিতবিদ এলবাৰ্ট আনষ্টাইন আংশিক মানসিক প্ৰতিবন্ধকতাৰে গ্ৰস্ত আছিল।
নিজৰ ঘৰলৈ যোৱা বাটটো তেওঁ প্ৰায়ে পাহৰি গৈছিল।
পিছে, তেওঁৰ আবিস্কৃত পদাৰ্থ বিজ্ঞানৰ E= mc2 সূত্ৰটোৰ সহায়তেই সম্ভৱ হৈছে আধুনিক বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বহুতো নতুন নতুন তথ্যৰ উদ্ভাৱন।
আপেল গছৰ তলত বহি তললৈ সৰি পৰা আপেলটোৰ কথা চিন্তা কৰি মধ্যাকৰ্ষণৰ ব্যাখ্যা আগবঢ়োৱা কালজয়ী বৈজ্ঞানিক আইজাক নিউটন আছিল এচপেৰজাৰ চিনড্ৰম (একপ্ৰকাৰৰ অটিজিম) নামৰ ৰোগেৰে আক্ৰান্ত এজন আংশিকভাৱে প্ৰতিবন্ধী লোক।
জীৱজগতৰ বিৱৰ্তন সূত্ৰৰ আৱিষ্কাৰক বিজ্ঞানী চাৰ্লচ ডাৰৱিনো শিশু অৱস্থাৰে পৰা নিউটনৰ দৰে এচপেৰজাৰ চিনড্ৰোমত আক্ৰান্ত আছিল।
মানুহৰ জীৱনলৈ কিমান ধৰণৰ যে বিপদ আহে!
কোনোবাজন যদি জন্মৰে পৰা শাৰিকীকভাৱে প্ৰতিবন্ধী, আন কোনোবাজন আক’ কোনো দু্ৰ্ঘটনাৰ পৰিণতি স্বৰূপে প্ৰতিবন্ধী হৈ পৰিবলগীয়া হয়।
যিসকল লোকে শাৰীৰিক বা মানসিক বাধাগ্ৰস্ততাক নেওচা দি সবল মনেৰে নিজৰ কাম কৰি যায়, তেওঁহে প্ৰকৃততে বিজয়ী হ’ব পাৰে।
কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু প্ৰজ্ঞাৰ শক্তিৰে জীৱন সংগ্ৰামত হাৰ নামানি আগুৱাই যোৱা এই সকল লোকে প্ৰমাণ কৰিছে তেওঁলোক আন দহজন সুস্থ সবল লোকতকৈয়ো বহুত বেছি সক্ষম।
প্ৰতিবন্ধিতা কোনো অভিশাপ নহয়।
আমাৰ সমাজত এতিয়াও প্ৰতিবন্ধীসকলক এক বেলেগ দৃষ্টিভঙ্গীৰে চায়।
যিদৰে বহুতো পৰিয়ালত প্ৰতিবন্ধী লোকসকল অবহেলিত হোৱা দেখা যায়, ঠিক একে সময়তে আন বহুতো পৰিয়ালত মৰম আদৰ আৰু পৰিয়ালৰ সম্পূৰ্ণ সহায় সহযোগেৰে তেওঁলোকক সম্পূৰ্ণকৈ আগবাঢ়ি যোৱাও দেখা যায়।
প্ৰতিবন্ধীসকল আমাৰ পৰিয়াল বা আমাৰ সমাজৰে মানুহ। তেওঁলোকো ৰাষ্ট্ৰৰ নাগৰিক।
তেওঁলোকক সকলো ধৰণৰ নাগৰিক অধিকাৰ দিয়া আমাৰ ৰাষ্ট্ৰৰ কৰ্তব্য।
প্ৰতিব্ধী লোকসকলৰ প্ৰতি আমাৰ দৃষ্টিভঙ্গীৰ সলনি হোৱাৰ প্ৰয়োজন হৈ পৰিছে।
তেওঁলোকক অৱহেলা আৰু বিদ্ৰূপ নকৰি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান লাভ কৰাত আমি সকলোৱে সহায় কৰাহে উচিত।