নাট্যকাৰ মাধৱদেৱ

নাট্যকাৰ মাধৱদেৱ

লেখক- ড° প্ৰাপ্তি ঠাকুৰ

পৰম আৰাধ্য গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শকে জীৱনৰ একমাত্ৰ ব্ৰত ৰূপে শিৰোগত কৰি ধমীৰ্য় জীৱনক গঢ় দিয়া মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনো ইয়াৰ ব্যতিক্ৰম নাছিল। শঙ্কৰদেৱৰ অপৰিসীম প্ৰভাৱ সত্ত্বেও মাধৱদেৱৰ অমিত প্ৰতিভাৰ স্বাক্ষৰ তেওঁৰ প্ৰত্যেক ৰচনাৰ মাজতেই উজলি আছে। গুৰুজনাৰ অনুপ্ৰেৰণাতে, তেখেতৰ নাটকীয় কলা-কৌশলৰ আৰ্হিতে নাট ৰচনাত প্ৰবৃত্ত হ’লেও এই ক্ষেত্ৰতো মাধৱদেৱে শঙ্কৰদেৱৰ নাট্যৰীতিৰ পৰা আঁতৰি স্বকীয় নাট্য প্ৰতিভাৰে এক অভিনৱ নাট্যৰূপৰ সৃষ্টি কৰিলে। সম্পূৰ্ণ একক এই অপূৰ্ব নাট্যৰূপে নাট্যকাৰ হিচাপে মাধৱদেৱৰ কৃতিত্ব যাউতিযুগীয়া কৰি থৈ গ’ল। পৰৱৰ্তী কালত এই নাট্যৰূপক অভিহিত কৰা হ’ল ‘ঝুমুৰা’ নামেৰে।
        
গীত, শ্লোক, কথাসূত্ৰ আৰু সংলাপ – এইকেইটা বৈশিষ্ট্যৰেই মহাপুৰুষ দুজনাৰ নাট্যসম্ভাৰ গঢ় লৈ উঠিছে। নাটৰ আৰম্ভণিৰ পৰা পৰিসমাপ্তিলৈকে অঙ্কীয়া নাটসমূহ গীতৰ মাধ্যমেৰেই আগবাঢে। মাধৱদেৱৰ নাট সম্পূৰ্ণৰূপেই গীতিধৰ্মী। আনকি ‘ঝুমুৰা’ শব্দৰ নামকৰণতো এই গীতি-প্ৰাধান্যতাই ক্ৰিয়া কৰিছে বুলি অনুমান কৰা হৈছে। হৰিনামৰ মাহাত্ম্য প্ৰকাশৰ উদ্দেশ্যৰেই নাট্যকাৰ মাধৱদেৱে ঝুমুৰাসমূহ ৰচনা কৰিছিল। কিন্তু এই উদ্দেশ্য পূৰণৰ বাবে মাধৱদেৱে যিটো বিষয়বস্তু গ্ৰহণ কৰিলে সেয়াহে অতুলনীয় আৰু অনন্য। শিশুপ্ৰীতিৰ জৰিয়তে বাৎসল্য ৰসৰ মাজেৰে মাধৱদেৱে মোক্ষ প্ৰাপ্তিৰ সন্ধান কৰিছে, মুক্তিৰ পথ দেখুৱাইছে। শিশুকৃষ্ণৰ চল-চাতুৰী, নৃত্য-গীত, কৌতুক, অভিনয়ৰ দ্বাৰাই স্বতঃস্ফূৰ্তভাবে শ্ৰীকৃষ্ণৰ ঐশ্বৰিকত্ব প্ৰতিপন্ন কৰিছে। ইয়াকে কৰিবলৈ যাওঁতে তেওঁ তত্ত্বগধৰ বিষয়বস্তু, যুক্তি-তৰ্কৰ অৱতাৰণা কৰিবলগীয়া হোৱা নাই। যুক্তি-তৰ্কৰ দৰ্শন, বিজ্ঞানৰ মেৰপাকত নহয়, বিশ্বাসতহে ঈশ্বৰক লাভ কৰিব পাৰি। ভক্ত প্ৰহলাদৰ বাবে যিদৰে পকীখুঁটা এটাৰ ভিতৰতো ভগৱানৰ অস্তিত্ব থাকে, সেইদৰে মাধৱদেৱৰ বাবেও তেনেই সাধাৰণ শিশু এটিয়েই হৈ পৰিছে পৰমব্ৰহ্মৰ প্ৰতীক। নাৰীৰ পূৰ্ণতা যিদৰে মাতৃত্বত, সেইদৰে মাতৃ অবিহনে শিশুৰ জীৱনো অসাৰ্থক। সন্তান আৰু মাতৃৰ এই শাশ্বত সম্পৰ্কৰ অনাবিল সৌন্দৰ্যই মাধৱদেৱৰ ঝুমুৰাৰ বিষয়বস্তু। মাধৱদেৱে বাৰে বাৰে পৰম বিস্মিত হৈছে এইটো ৰহস্যতে যে অখিল ব্ৰহ্মাণ্ডৰ গৰাকী পৰমেশ্বৰ, ত্ৰিজগতৰ পতি স্বয়ং শ্ৰীকৃষ্ণই সমনীয়াৰ সৈতে উমলি-জামলি বনে বনে গৰু চৰাই ফুৰা, নিজৰ দুষ্টামিৰে ডাঙৰক অতিষ্ঠ কৰি তোলা সাধাৰণ বালকৰ ৰূপত গকুলত নন্দ-যশোদাৰ ঘৰত পুত্ৰ ৰূপে আশ্ৰিত হৈ আছে। এই বিস্ময়-বিমূঢ় ভাৱেই তেওঁৰ সমস্ত নাট্য সৃষ্টিৰ আধাৰ। এই ৰহস্যৰ অৱসান ঘটিছে এইদৰে “হামু ভকত বৎসলগুণে ভকতৰ অধীন। হামাৰি ভক্তা জননীৰ মন পূৰণ কৰহু।”
মাধৱদেৱে ঝুমুৰা শব্দটোৰ প্ৰয়োগ নিজে কৰা নাই। যিদৰে শঙ্কৰদেৱে নাট অৰ্থত ‘অংক’ শব্দটো ক’তো ব্যৱহাৰ কৰা নাই। কিন্তু অসমীয়া জনসমাজত অংকীয়া নাট বুলিলে দুয়োগৰাকী মহাপুৰুষৰ নাটসমূহকে বুজায়। তাৰে ‘অৰ্জুন ভঞ্জন’ৰ বাহিৰে মাধৱদেৱৰ বাকীকেইখন নাটক ইয়াৰ সুকীয়া নাট্যৰীতিৰ বাবে ঝুমুৰা নামেৰে অভিহিত কৰা হ’ল। এতিয়ালৈকে মাধৱদেৱৰ নামত প্ৰকাশিত নাটৰ সংখ্যা নখন। সেইকেইখন হৈছে – অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বেহাৰ, ব্ৰহ্মামোহন, ৰাসঝুমুৰা, ভূষণ হৰণ আৰু কোটোৰা খেলা। এইকেইখনৰ প্ৰথম পাঁচখন যে মাধৱদেৱৰ ৰচনা তাত কাৰো দ্বিমত নাই। কিন্তু বাকীকেইখনৰ বিষয়ে পণ্ডিত-সমালোচকসকলৰ মতানৈক্য আছে। শিশু কৃষ্ণৰ ঠেঁহ-পেচ, চল-চাতুৰী, দুষ্টামি, নৃত্য-গীত, বুদ্ধিদীপ্ত কথা-বতৰা – এইবোৰৰ ৰাগেৰেই নাটকীয় কথাবস্তু ৰঞ্জিত। তেনেই সাধাৰণ ঘৰুৱা পৰিৱেশ এটিক লৈয়েই ঝুমুৰাৰ বিষয়বস্তু নিবাৰ্চিত হয় – ইয়াত নাটকীয় সংঘাত বা নাটকৰ পঞ্চাৱস্থা নিৰ্ণয় কৰিব নোৱাৰি। ঝুুমুৰাত পৰিলক্ষিত হয় নৃত্য-গীতৰ পয়োভৰেৰে এক ক্ষুদ্ৰ পৰিসৰৰ কাহিনী। নাৰী চৰিত্ৰৰ প্ৰাধান্য মাধৱদেৱৰ ঝুমুৰাৰ বিশেষ বৈশিষ্ট্য। নায়ক শিশু কৃষ্ণৰ বিপৰীতে নায়িকা হিচাপে উপস্থাপন কৰা হৈছে মাতৃ যশোদাক। গোপী আৰু গোৱালীসকলেও ঝুমুৰাৰ এটা বৃহৎ অংশ আৱৰি আছে। শিশুকৃষ্ণ কেন্দ্ৰীয় চৰিত্ৰ হোৱা হেতুকে মাধৱদেৱৰ এই নাট্যৰূপ পৰিপূৰ্ণ হৈ আছে বাৎসল্য ৰসেৰে। শ্ৰীকৃষ্ণৰ কৌতুকপূৰ্ণ ক্ৰিয়া-কলাপে হাস্যৰসৰো সৃষ্টি কৰিছে। কেতিয়াবা এই ৰসত ইন্ধন যোগাইছে কৃষ্ণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নন্দ-যশোদাৰ কলহ আৰু কেতিয়াবা গোপী-যশোদাৰ কলহে। কৃষ্ণ-যশোদাৰ মুখ- চুপতিখনো এই ক্ষেত্ৰত পিছ পৰি থকা নাই। ভক্তি ভাবত গদ গদ হৈ পৰা মাধৱদেৱে কৃষ্ণৰ এই ৰহস্যময় ৰূপ দেখি দাস্যভাৱত বাৰে বাৰে কাতৰ হৈ পৰিছে। ভটিমা আৰু স্বৰচিত শ্লোকৰ সংখ্যা ঝুমুৰাবোৰত তেনেই তাকৰ। প্ৰস্তাৱনা, প্ৰৱেশ শ্লোক, পয়াৰ আৰু মুক্তিমঙ্গল ভটিমা ঝুমুৰাত পাবলৈ নাই। মাধৱদেৱৰ নাটৰ প্ৰায়খিনি শ্লোকেই কবি বিল্বমংগল আৰু লীলাশুকৰ জনপ্ৰিয় কাব্য ‘কৃষ্ণ কণাৰ্মৃত’ বা ‘শ্ৰীকৃষ্ণস্তোত্ৰ’ৰ পৰা অনা হৈছে। ‘অৰ্জুন ভঞ্জন’ আৰু ‘ভোজন বেহাৰ’ৰ বিষয়বস্তু ভাগৱতৰ পৰা গৃহীত। শঙ্কৰদেৱৰ নাটক যদি পূণাৰ্ঙ্গ নাট হিচাপে ধৰা হয়, তেনেহ’লে মাধৱদেৱৰ নাটক আধুনিক যুগৰ একাংকিকাৰ শাৰীত থ’ব পাৰি। বিশেষকৈ ‘চোৰধৰা’ আৰু ‘পিম্পৰা গুচোৱা’ ঝুমুৰা দুখনক ৰচনাৰীতি আৰু পৰিৱেশনৰীতিলৈ লক্ষ্য কৰি একাংকিকা আৰু নৃত্য-নাটিকাৰ সৈতে তুলনা কৰিব পাৰি। নাট দুখনৰ নাট্যবস্তু প্ৰায় একেধৰণৰ। গোৱালীৰ ঘৰত লৱণু চুৰ কৰিবলৈ গৈ ধৰা পৰা ঘটনা এটিকে দুয়োখন নাটতে যৎসামান্য ইফাল-সিফালেৰে তুলি ধৰা হৈছে। দুয়োখনৰে বিষয়বস্তুৰ মূল উৎস বিল্বমঙ্গলৰ শ্লোক।
‘চোৰধৰা’ আৰু ‘পিম্পৰা গুচোৱা’ ঝুমুৰা দুখনৰ মূল উৎস হিচাপে গ্ৰহণ কৰা হৈছে ‘কৃষ্ণ কণাৰ্মৃত’ৰ শ্লোক চাৰিটাক। এইকেইটা বালকৃষ্ণৰ ধূতাৰ্লি প্ৰকাশক আৰু শ্লোককেইটাৰ ভাবাৰ্থকে ঝুমুৰা দুখনত নাট্য ৰূপ দিয়া হৈছে।
‘ভূমি লেটোৱা’ ঝুমুৰাখিনিও বিল্বমঙ্গলৰ ‘শ্ৰীকৃষ্ণস্তোত্ৰ’ৰ শ্লোকৰ আধাৰতেই ৰচিত। ইয়াতো শিশু কৃষ্ণৰ দুষ্টামি আৰু চাতুৰীৰ এখনি অনন্য চিত্ৰ চিত্ৰিত হৈছে। নিজৰ ঘৰতে থকা লৱণু চুৰ কৰি খাই থাকোঁতেই মাতৃ যশোদাৰ হাতত ধৰা পৰাৰ উপক্ৰম দেখি কৃষ্ণই বিভিন্ন চল-চাতুৰীৰ আশ্ৰয় লৈছে।
‘ভোজন বেহাৰ’ৰ কাহিনীভাগ ভাগৱত পুৰাণৰ নৱম স্কন্ধৰ পৰা লোৱা হৈছে। কথাবস্তুৰ ফালৰ পৰা এইখন অসম্পূৰ্ণ যেন লাগে। ইয়াত কৃষ্ণৰ বাকীকেইখন ঝুমুৰাত থকা টেটোন স্বৰূপটি প্ৰকাশ পোৱা নাই। এদিনাখন কৃষ্ণ তেওঁৰ লগৰীয়াসকলৰ সৈতে গৰু-গাই সমন্বিতে বনভোজৰ মানসেৰে যমুনাৰ তীৰলৈ যাত্ৰা কৰিলে। কিছু সময়ৰ পাছতেক ব্ৰহ্মাই পৰীক্ষা লোৱাৰ উদ্দেশ্যৰে কৃষ্ণৰ লগৰীয়াসকলক মায়াবিদ্যাৰে হৰণ কৰি লৈ যায় আৰু লগৰীয়াসকলক নেদেখি কৃষ্ণই কান্দিবলৈ ধৰে। ইয়াৰ পৰৱৰ্তী অংশ ‘ব্ৰহ্মামোহন’খনত পোৱা যায় বাবে এইখনক মাধৱদেৱৰ ৰচনা বুলি ভবাৰ থল আছে যদিও ‘ভোজন বেহাৰ’ৰ গীত ভটিমাকেই ব্ৰহ্মামোহনত প্ৰয়োগ কৰালৈ চাই নাটখনি মাধৱদেৱৰ দ্বাৰা ৰচিত নহয় বুলিও ভাবিব পাৰি।
মাধৱদেৱৰ নাটসমূহৰ ভিতৰত ‘অৰ্জুন ভঞ্জন’ বা ‘দধিমথন’খনকেই নাট বুলি আখ্যা দিয়া হৈছে। কিয়নো এইখনত এটা পূণাৰ্ঙ্গ পযাৰ্য়ৰ কাহিনী পোৱা যায়। নাটখনৰ মূল উৎস গ্ৰহণ কৰা হৈছে ভাগৱতৰ দশম স্কন্ধৰ নৱম অধ্যায়ৰ পৰা একাদশ অধ্যায়ৰ ভিতৰৰ পৰা। ‘অৰ্জুন ভঞ্জন’ৰ ঘটনাটোকেই শঙ্কৰদেৱে ‘কীৰ্তন’ৰ ‘শিশুলীলা’তো ব্যক্ত কৰিছে। নাটখনত কৃষ্ণক কেন্দ্ৰ কৰি নন্দ আৰু যশোদাৰ মাজত দাম্পত্য কলহৰ সৃষ্টি হৈছে, – এই কাজিয়াখন মাধৱদেৱৰ স্বকীয় সৃষ্টি। ‘অৰ্জুন ভঞ্জন’তো বিল্বমঙ্গলৰ শ্লোকৰ উল্লেখ আছে। নান্দীশ্লোকটোৰ সৈতে অন্য চাৰিটা শ্লোক ‘কৃষ্ণকণাৰ্মৃত’ৰ পৰা আহৰণ কৰা হৈছে। ‘অৰ্জুন ভঞ্জন’ মাধৱদেৱৰ প্ৰথমখন নাট। ‘অৰ্জুন ভঞ্জনে’ই যে মাধৱদেৱৰ ৰচিত প্ৰথম নাট সেই কথা নাটৰ অভ্যন্তৰীণ প্ৰমাণও ইঙ্গিত দিয়ে। অৰ্জুন ভঞ্জন নাটখনৰ প্ৰধান নায়ক শ্ৰীকৃষ্ণৰ চৰিত্ৰত যি শিশুসুলভ ব্যৱহাৰ আৰোপ কৰিছে, সি সজীৱ আৰু স্বাভাৱিক যদিও দৰ্শক বা পাঠকৰ পক্ষে তেনে ভাব গ্ৰহণ কৰাত অন্তৰায় হৈ পৰিছে কৃষ্ণৰ ঈশ্বৰত্ব সম্পৰ্কে দৰ্শকক সোঁৱৰাই থকা কথাটো।
সৰল বৰ্ণনা, সাৱলীল প্ৰকাশভঙ্গী আৰু নিৰলংকাৰ ভাষা – এয়াই মাধৱদেৱৰ ঝুমুৰাৰ বৈশিষ্ট্য। সাধাৰণ মানৱৰ জীৱনৰ আৱেগ-অনুভূতিৰেই ঝুমুৰাবোৰ বৰ্ণিল হৈ পৰিছে। সহজ-সৰল বিষয়বস্তুক নাটৰ বাবে নিবাৰ্চিত কৰি লোৱা মাধৱদেৱে বৰ্ণনাশৈলীতো সৰলতাৰেই পৰিচয় দাঙি ধৰিছে আৰু এই সাৰল্যই হৈছে মাধৱদেৱৰ ঝুমুৰাৰ প্ৰধান অলংকাৰ।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!