‘যাত্ৰা পাৰ্টিৰ নবাবজন- অমৃত চৌধুৰী’

লেখক- ড° শৈলেন দাস

শীতৰ আমেজ লৈ আমি দুয়োজন বহি লৈছিলোঁ চোতালখনৰ এমূৰত।

সেয়া ২০১৩ চনৰ কাহিনী।
মই আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন গৱেষক ছাত্ৰ।
গৱেষণাৰ বিষয়বস্তুভাগ ঠিক কৰাৰ পৰাই মনত এক আনন্দৰ ঢৌৱে খুন্দিয়াবলৈ লৈছিল, কিয়নো অসমৰ মিডিয়াই চকু নিদিয়া অথচ বিশ্বৰ সমুখত অসমক লৈ গৌৰব কৰিব পৰা অসমৰ যাত্ৰা পাৰ্টিক লৈ কিবা এটা কৰিবলৈ মই তেতিয়া গৈ আছিলোঁ।
যি নহওক, এচাম মানুহৰ ত্যাগ আৰু প্ৰচেষ্টাৰ বাবেই অসমৰ বৰপেটা জিলাত জন্ম হোৱা যাত্ৰা আজি দক্ষিণ কামৰূপত জীয়াই আছে।
জীয়াই আছে মানে জীয়াই ৰাখিছে এচাম মানুহে।
অসমৰ যাত্ৰা পাৰ্টিৰ বিষয়ে মোক এতিয়া কোনে ক’ব?
এনে এজন মানুহৰ সন্ধানো মোৰ গৱেষণাৰেই বিষয়-বস্তু যেন হৈ উঠিল।
এনেতে মই তেওঁৰ নামটো আবিষ্কাৰ কৰিলোঁ- ভি আই পি নিবাসী অমৃত চৌধুৰী।
ছয় ফুটতকৈয়ো ওখ-পাখ, উজ্জ্বল চকু, বগা চিক-চিকিয়া ত্বকৰ গৰাকী আছিল তেওঁ।
মই তেওঁৰ খোজ কাটল আৰু নম্ৰতাখিনি বহুপৰ চাই ৰ’লোঁ।
মই বিচাৰি থকা যাত্ৰাৰ সেই নবাবজন তেতিয়া মোৰ চকুৰ সমুখত।  
“কি হ’ল? বহা! ঠাণ্ডাৰ দিন ইয়াতেই বহি ভাল লাগিব। অলপ ৰদলৈ চকীখন টানি লোৱা!”
তেওঁৰ কথামতেই মই ৰ’দৰ ফালে চকীখন টানি লৈছিলোঁ।
১৯৩৫ চনৰ ৪ এপ্ৰিল, বৃহস্পতি বাৰে হেনো তেওঁৰ জন্ম(মোৰ ৰেকৰ্ডাৰত ৰেকৰ্ড হোৱা অনুসৰি)
বুল্লাৰ শংকৰ আশ্ৰিত যাত্ৰা দলত ‘ভাৰত মাতা’ নাটকেৰে যাত্ৰা পাৰ্টিৰ খোজ দিয়া এইজন মানুহে দক্ষিণ কামৰূপৰ যাত্ৰাত এক সুকীয়া আসন দখল কৰি ল’ব পাৰিছিল।
কেৱল আনন্দৰ বাবে যাত্ৰাৰ মঞ্চত অভিনয় কৰা অমৃত চৌধুৰীক অসমৰ মানুহে ইমানকৈ আদৰি ল’লে যে তেওঁ নিজৰ কৰ্মৰ লগে লগে যাত্ৰাকো তেওঁৰ জীৱনৰ লগৰী কৰি ল’ব লগা হ’ল।
যাত্ৰাৰ নবাব বুলিলে মানুহে কেৱল অমৃত চৌধুৰীকে চিনি পোৱা হ’ল।
এটা এটাকৈ দক্ষিণ কামৰূপৰ লেখত ল’বলগীয়া প্ৰায়বোৰ যাত্ৰা দলতে তেওঁ অভিনয় কৰিছিল।
লগতে, অসমৰ বিভিন্ন যাত্ৰা দলত গৈ নাটক শিকাইছিলেও।
মুখ্য কৰ্মৰ উপৰিও মন পছন্দৰ কাম এটা কৰিও যে সমাজৰ পৰা মৰম-আদৰ বুটলিব পাৰি, তেওঁ তাকেই শিকাই থৈ গৈছে।
ব্যক্তিগতভাবে, অমৃত চৌধুৰী ডাঙৰীয়া মোৰ মনত সদায় জীয়াই থাকিব।
মই তেওঁৰ লগত এবছৰৰ ভিতৰত প্ৰায় চাৰিবাৰ লগ হৈ দীঘলীয়াকৈ কথা-বাৰ্তা পাতিছিলোঁ।
মোৰ গৱেষণাৰ(পি.এইচ. ডি) ক্ষেত্ৰ অধ্যয়নৰ বাবে লগ কৰা প্ৰথমজন যাত্ৰা শিল্পীয়েই আছিল অমৃত বৰদেউতা।
তেওঁৰ উৎসাহ আৰু সততাই মোক আকৰ্ষণ কৰিছিল।
আজি তেওঁৰ স্মৃতিগ্ৰন্থৰ বাবে কিবা এটা লিখিব লগীয়া হোৱাত বেয়া লাগিছে যদিও ভালো লাগিছে।
এইখিনিতে অৱশ্যে আন এটা কথা কোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ- যাক প্ৰথম লগ পাওঁতেই বুকুত ঠাই দিয়া যায়, তেওঁৰ বিষয়ে লিখাতকৈ বেছি অনুভৱহে কৰিব পাৰি।
এটি আক্ষেপ: তেওঁক লগ পোৱাৰ পিছত ব্যক্তিগতভাবে মই অসমৰ কেইবাটাও ছেটেলাইট নিউজ চ্যেনেলৰ সম্পাদক আৰু সাংবাদিকক তেওঁৰ বিষয়ে বিতংভাবে জনাইছিলোঁ।
কিন্তু, অসমীয়া যাত্ৰাৰ এইজন শিল্পীক অসমৰ মিডিয়াই আবিষ্কাৰ কৰিব নোৱাৰিলে।
তেওঁৰ অৱদানক আমি কিমানদুৰ সংৰক্ষণ কৰিব পাৰিম, তেওঁৰ ব্যক্তিত্বৰ পৰা শিকিব লগা কথাবোৰ কেতিয়ালৈ শিকিব পাৰিম, সেয়াও এডাল প্ৰশ্নবোধক চিনেৰে শেষ হোৱা বাক্যহে হৈ ৰৈছে।
লিঅ’ টলষ্টয়ে এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছিল- “জীয়াই থকাটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ’ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি আৰু আদৰ্শ জীপাল হৈ থকাটোহে।”
কিন্তু, অমৃত চৌধুৰী এজন পূৰ্ণাংগভাবে সফল মানুহ।
আমি তেওঁক মনত ৰাখিম তেওঁৰ কৰ্মৰ বাবে, তেওঁৰ অৱদানৰ বাবে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!