শৈশৱৰ আঘোণ, লাচিত বৰফুকন আৰু বঙাল বুঢ়া আতা
লেখক- ৰাতুল দাস শৰণীয়া
শৈশৱৰ পৰাই আঘোণৰ পূৰ্ণিমাত ম’হ খেদাৰ অভিজ্ঞতা। সেই বিমল মুহূৰ্তবোৰৰ কথা আজিও অবিস্মৰণীয় হৈ আছে মানস পঁটত।
গ্ৰাম্য আকাশৰ নিৰ্মল জোনাকে মায়াময় কৰে ৰাতিৰ চোতাল, পদূলি। দুদিন আগৰ পৰাই বিজুলী বাহৰ লাঠি প্ৰস্তুত হৈয়ে থাকে। পাল পাতি পাতি আমিবোৰে ভিৰ কৰো ‘বঙাল বুৰা’ আতাৰ চোতালত। আতাৰ আচল নামটো পাহৰিলো, আমি তেনেকৈয়ে জানিছিলো। আতাই আমাক বৰ সহৃদয়তা আৰু দায়িত্ববোধেৰে ম’হ খেদা গীত শিকাইছিল!
আঘোণ হ’ল পূন্নি হ’ল
ম’হ খেদবাৰ হুকুম হ’ল
ম’হ গেল মামা থেত
ম’হে বোলে মল্লু দে
টেপৰ গুৰা খাওঁতে
টেপৰ গুৰাত নহ’ল নুন
চাউল কাৰে একো দোন
চাউল কাৰে পটা সিয়া
খাই দাই উঠি হিয়া নিয়া
আৰৈ উৰৈ তৰা পাতৰ থুৰৈ
তৰা পাতৰ চাকি
ম’হ খুন্দো ৰাতি
বাঁহৰ পাত চিকিমিকি
আমাক লাগে আধলি শিকি
বাঁহৰ পাত পকা
আমাক লাগে টকা
বাঁহৰ পাত খৰমৰাই
টকাৰ মোনা ধৰফৰায় …
ইত্যাদি ক’তৰকমৰ যে গীত। বঙাল বুঢ়া আতা যেন মহখেদা গীতৰ ভঁৰাল আছিল। তেওঁ গীতবোৰ সুৰ লগাই গুণগুনোৱাৰ দৰে গাই গৈছিল আৰু আমি কোনোৱে মনত ৰাখিবলৈ যত্ন কৰিছিলো আৰু কোনোৱে লিখি ল’বলৈ। তৃতীয়/চতুৰ্থমানৰ অলপীয়া জ্ঞানেৰে সেইবোৰ লিখি যাওঁতে খোকোজা লাগিছিল। কিছুমান থলুৱা পুৰণি শব্দ বুজাত অসুবিধা হৈছিল। আতাৰ মাতটো আছিল যথেষ্ট ক্ষীণ, কাণেৰেও শুনিছিল কম। সেয়ে বহু শব্দ ভুলকৈয়ে মুখস্থ কৰি লৈছিলো যিটো হয়তো আজিও থাকি গ’ল জিভাত তেনেকৈয়ে। …
ম’হ খেদাৰ এদিন পিছত হ’বলগীয়া ‘বালি ভাত’লৈ আছিল আমাৰ আটাইৰে অধীৰ আগ্ৰহ। পিছে বহু সময়ত বালি ভাত খাব পৰাকৈ ‘অৰিহণা’হে পোৱা নহৈছিল বিষেষকৈ আমাৰ সৰুবোৰৰ। পৰিয়ালবোৰ অনাটনে জুৰুলা কৰা দৰিদ্ৰ আছিল। সকলোৰে খেতি পথাৰ আছিল। বাৰী–বস্তি আছিল। শ্ৰম বিমুখো নাছিল মানুহবোৰ। অথচ সেইবোৰৰ পৰা আশানুৰূপ ফল কোনেও পোৱা নাছিল। ইয়াৰ কাৰণ আছিল হয়তো উৎপাদনৰ ক্ষেত্ৰত থাকিব লগা জ্ঞানৰ অভাব।
ডাঙৰবোৰে জোৰ জুলুম কৰি হ’লেও বালিভাতৰ যোগাৰ হ’ব পৰাকৈ অৰিহণা সংগ্ৰহ কৰিছিল। কিন্তু আমাৰ দৰে সৰুবোৰক প্ৰায়ে পাঁচ পইচা এটা বা দহ পইচা এটা দি ফুচুলাই পঠাইছিল। মোৰ ভাবি এতিয়া নিজকে মুৰ্খ যেন লাগে যদিও কিবা এটা ভালো লাগে যে বালিভাতৰ যোগাৰ কৰিবলৈ মই পিতাইৰ পকেটৰ পৰা পইচা চুৰ কৰিছিলো যিটো কথা আন সংগীবোৰেও গম পোৱা নাছিল।
এবাৰ তেনে এটা বালিভাতৰ খানাতে অথন্তৰ হৈছিল। খানাটো হৈছিল আমাৰ ঢেঁকীশালত। খানা আৰু কি! গাইপতি একোটাকৈ কণী, দাইল– আলু–ভাত। লগত আছিল নবীন, সুৰেশ, নাওমান, দিলীপ, অনিল.. আৰু কোন আছিল মনত নাই। খানা ৰান্ধি থাকোঁতে সমস্ত জা–যোগাৰ যতনাই দিয়া মা আহি মাজে মাজে ভূমুকি মাৰি যায়হি। মোৰ লাগে বিৰক্তি। ভাব— আমি কিবা ইমানো সৰু হৈ আছো নেকি? আমি কিবা ৰান্ধিব নাজানো নেকি? বাৰে বাৰে কিয় তদাৰক কৰি থাকিব লাগে?
বাহাদুৰি মৰাৰ ফল পাবলৈ সময় নালাগিল। সুৰেশে কণী কেইটা বইল কৰোঁতে নিসিজিল। বাকলি গুচাবলৈ চাওঁতে গোটেই কেইটা ভাঙি বিজলে–কুহুমে একাকাৰ হৈ পৰিল। কি কৰা যায়? মায়েই আহি পৰামৰ্শ দিলেহি পিছত বোলে ভাজি বনাই দে। …
এবাৰ আকৌ ঘূৰণীয়াকৈ কলপাত পাৰি বহি লৈ খাব ধৰোঁতে নবিনে এনে এটা মুকলি হাঁচি মাৰিলে যে তাৰ নাকে মুখে ওলোৱা ভাতে আটাইৰে পাতত এচাৰকনি মাৰিলে। পাতৰ ভাত, তাকো বছৰীয়া হেঁপাহৰ ভাত! এৰিবও নোৱাৰি.. খাবও নোৱাৰি! কেনে যে অৱস্থা হৈছিল সিদিনা!
এনেকুৱাই আছিল আমাৰ শৈশৱ। উভতি চাই আজিও উৰি গুচি যাবৰ মন যায় সেই দিনবোৰলৈ। শৈশৱৰ স্মৃতি ইমান মধুৰ কিয় নাজানো, উভতি যাবৰ তীব্ৰ হেঁপাহ হয়, আৰু উভতি যাব নোৱাৰাৰ দুখত পিছমুহূৰ্ততে কাতৰ হৈ পৰিব লাগে। …
বঙাল বুৰা আতাৰ বিষয়ে কৈ আছিলো। অলপ বহলাই নকলে তেওঁৰ প্ৰতি অন্যায় কৰা হ’ব। আতা আছিল স্বাধীন মনৰ মানুহ। আইতাক দেখা আমাৰ মনত নপৰে। কিন্তু পুত্ৰ বোৱাৰী থকা সত্ত্বেও আতাই অকলে ৰান্ধি খাইছিল। বৰ পৰিষ্কাৰকৈ থকা দেখিছিলো আতাক। আঁঠুৰ মূৰত মাৰ্কিন ধুতি, গাত এটা বগা বনিয়ন। থুতৰিত দীঘল দাড়ি আছিল। নিজে আটোমটোকাৰীকৈ নিজে থকা ঘৰটো সাজি লৈছিল। আমি আতাক বেছিদিন পোৱা নাছিলো যদিও মনত আছে তেওঁ আছিল যথেষ্ট অমায়িক প্ৰকৃতিৰ মানুহ। ৰঙা গাই এজনী পুহিছিল। গাখীৰবোৰ জমা কৰি টেকেলীত দৈ কৰিছিল আৰু বুধবৰীয়া হাটলৈ নি বিক্ৰী কৰিছিল। নাতিয়েক অনিল আছিল (আমাৰ সমনীয়া) কিছু অঘাইটং তেওঁৰ দৃষ্টিত। অনিলৰ পৰা দৈৰ টেকেলী আঁৰ কৰি ৰাখিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিব লগা হৈছিল। আতাৰ কটাৰীখন আছিল বৰ চোকা। তেওঁ উঘা–চেৰেকী বনোৱাৰ কামো কৰিছিল বাবে চোকা কটাৰীখন বৰ যত্নেৰে ৰাখিছিল। পিছে সেইখন আছিল অনিলৰো প্ৰিয়। সি প্ৰায়ে মনে মনে কটাৰীখন লৈ চনবাৰী ফুৰিছিলগৈ আৰু আতাৰ হাহাকাৰ লাগিছিল।
আতাৰ পৰা এটা ডাঙৰ শিক্ষা পাইছিলো জীৱনত। আত্মসন্মানবোধৰ শিক্ষা।
সেইদিনা চেঁচাপৰীয়ানী বৌৱে (বৰদেউতাৰ বোৱাৰীয়েক, বৰ্তমান জয়ন্ত দাস গাওঁবুঢ়াৰ মাতৃ) চেৰেকী নে উঘা কিবা এটা মেৰামতি কৰিবলৈ মাতি আনিছিল আতাক। আতায়ো নিৰ্দিষ্ট সময়ত আহি কামত একান্ত মনে ব্যস্ত হৈ পৰিছিল। ময়ো কিবা কাৰণত গৈ তাত উপস্থিত হলো আৰু নিবিষ্ট মনে আতাৰ কাষত বহি কাম চাব ধৰিলো। মাজে মাজে তেওঁৰ মুখমণ্ডললৈ চাই পঠাও। মাখি চালে ভাঁজ ধৰা দুগাল, কোটৰগত দুচকু। আতাৰ নাকটো আছিল দীঘল আৰু সুগঢ়ৰ। তাৰে তলতে একোচা গোফ… থুতৰিত ঈষৎ দীঘল দাড়ি…। হঠাতে কি জানো মন গ’ল মোৰ, নিজৰ অজ্ঞাতে এখন হাত গুচি গ’ল আতাৰ থুতৰিৰ ফালে আৰু লাহেকৈ চুই দিলো তেওঁৰ দাড়িখিনি।
মুহূৰ্ততে সচকিত হৈ পৰিল আতা। তড়িৎ গতিৰে কটাৰী ধৰি থকা হাতখনেৰে মোৰ হাতখন ওফৰাই দি কটাৰীখনৰ ওলোটা ফালটোৰে মোৰ বাহুত দিলে এটা কোব সোধাই। যন্ত্ৰণাত আস কৈ চিৎকাৰ কৰি মই দৌৰি আঁতৰ হলো তেওঁৰ কাষৰ পৰা। উভতি চাই দেখিলো, তেওঁৰ দুচকুত থকা সদানমনীয় চাৱনিৰ ঠাইত জ্বলি আছে ভয়ংকৰ এক ক্ৰোধ। …তেওঁক হয়তো মোৰ তেনে কাৰ্যই ভীষণভাবে অপমানিত কৰিছিল সিদিনা।
কথাষাৰে মোৰ শিশু মনত যথেষ্ট প্ৰভাব পেলাইছিল। মইনো কি এনে কামটো কৰিলো যিটোৱে আতাক ক্ৰোধান্বিত কৰিলে, অপমানিত কৰিলে? …ইমান মৰমিয়াল মানুহজনে কোনোবাই দাড়িকেইদাল চুই চাওঁতেই তেনেকৈ ক্ৰোধান্বিত হ’ব পাৰে নে?
বহুদিন পিছত ‘লাচিত বৰফুকন’ শিৰোনামেৰে এখন কমিকচ মোৰ বাবে আনিছিল বাইদেৱে। আতাৰ ক্ৰোধৰ কাৰণ অৱশেষত মই সেই কমিকচখনতে পাবলৈ সক্ষম হৈছিলো।
স্বৰ্গদেৱে লাচিতক সেনাপতি পদত নিযুক্তি দিয়াৰ আগত তেওঁক পৰীক্ষা কৰি লব বিচাৰি গোপনে এজন কৰ্মচাৰী নিয়োগ কৰিলে। কৰ্মচাৰীজনক শিকাই থোৱা হ’ল যে লাচিতে যেতিয়া স্বৰ্গদেউৰ লগত কথা পাতি থাকিব তেতিয়া সি লাচিতৰ পাগুৰীটো থাপ মাৰি লৈ যাব। লাচিতৰ প্ৰতিক্ৰিয়া কি হয় চোৱা যাব।
কথামতেই কাম। কৰ্মচাৰীজনে তাকেই কৰিলে। স্বৰ্গদেউৰ লগত আলাপত ব্যস্ত থকা মুহূৰ্ততে সি লাচিতৰ মূৰৰ পৰা পাগুৰীটো থপিয়াই দৌৰ দিলে। লগে লগে হিতাহিত জ্ঞান হেৰোৱা মানুহৰ দৰে লাচিতেও হেংদান উলিয়াই কৰ্মচাৰীজনক দুচেও কৰিবলৈ উদ্যত হৈ খেদি গ’ল।
কথা বিষম দেখি স্বৰ্গদেৱে কোনোমতে লাচিতক নীৰস্ত্ৰ কৰিলে আৰু মৃদু ভৰ্ৎসনা কৰি কৈ উঠিল— ৰ’বা ৰ’বা, মোৰ সমুখতে হেংদান তুলি মোৰেই আন এজন কৰ্মচাৰীক কাটিবলৈ তুমি ক’ত সাহস পালা?
লাচিতে কিছু প্ৰকৃতিস্থ হৈ কলে— সেই সাহস তেজত থাকে স্বৰ্গদেউ। আত্ম মৰ্যাদা ৰক্ষাৰ বাবে কাৰো আদেশ–নিৰ্দেশৰ প্ৰয়োজন নাথাকে।
বঙাল বুৰা আতাৰ খাবলৈ ভাত নাছিল। চাল চিগা দৰিদ্ৰ আছিল। কিন্তু তেওঁৰ আত্মসন্মানবোধ আছিল।
আঘোণ আহিলেই যিদৰে মহখেদাৰ স্মৃতি জাগ্ৰত হৈ উঠে সেইদৰে তাৰ লগে লগে সোমাই আহে বঙাল বুৰা আতা। আতাৰ প্ৰতি কৰা সেইদিনাৰ সেই ব্যৱহাৰে মোক যিদৰে অনুশোচনাত ভোগাই একেদৰে অনুপ্ৰাণিতও হওঁ বহুত। …