শ্ৰী ডালাডা মালিগাঁৱাৰ ইতিহাসৰ পমখেদি

লেখক- চুমিন্দ্ৰ চৌধুৰী

২০১৭ চনৰ জুন মাহত পৰিয়ালসহ অৱসৰ বিনোদনৰ বাবে আমাৰ কাষৰীয়া দেশ শ্ৰীলংকা ভ্ৰমণৰ সময়ত কান্দী নামৰ এখন নগৰত উপস্থিত হৈছিলো। ১৪৬৯ খ্ৰীষ্টাব্দতে ৰজা সেনাসম্মঠা  বিক্ৰম বাহুৱে চৌদিশে পাহাৰেৰে আগুৰি থকা প্ৰাকৃতিক নৈসৰ্গিক সৌন্দৰ্য্যৰে সুশোভিত মালভূমিত প্ৰতিষ্ঠাপন কৰা  এই চহৰখনক শ্ৰীলংকাৰ আটাইতকৈ পবিত্ৰ ধৰ্ম স্থান বুলি গণ্য কৰা হয়। বহুতো সুন্দৰ হ্ৰদ আৰু বৌদ্ধ মন্দিৰৰ উপৰিও পাৰ্বত্য চহৰখনৰ মাজ মজিয়াত থকা শ্ৰী ডালডা মালিগাঁৱা নামৰ মন্দিৰটো পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি খ্যাত। এই পবিত্ৰ বৌদ্ধ মন্দিৰটোৰ আঁৰত লুকাই আছে তথ্য সম্বলিত বিশাল মননশীল ইতিহাস। মহাপ্ৰভু তথাগত (বুদ্ধদেৱ)ৰ মহাপৰিনিৰ্বানৰ সৈতে জড়িত থকা এই মন্দিৰটোৰ ইতিহাসৰ কিছু কথা আজি আপোনালোকক অৱগত কৰিব বিচাৰিম।

৪৮৩ খ্ৰীষ্টপূৰ্ব মানৰ কথা হ’ব। এদিনাখন সন্ধিয়াৰ প্ৰাৰ্থনা সভাৰ অন্তত ইতিমধ্যেই আশী বছৰ বয়সত ভৰি দিয়া মহাপ্ৰভু তথাগতে প্ৰিয় শিষ্য আনন্দক কৈছিল, বাচা মোৰ মহাপৰিনিৰ্বানৰ সময় চমু চাপি আহিছে গতিকে মই শীঘ্ৰেই কুশীনাৰা (এতিয়াৰ উত্তৰ প্ৰদেশৰ কুশীনগৰ) লৈ যাব বিচাৰো।   মহাপ্ৰভুৰ কথা শুনি আনন্দ শোকত বিহ্বল হৈ পৰিছিল।   তেতিয়া প্ৰভু অমিতাভে এটা কোমল হাঁহিৰে উত্তৰ দিছিল, মহাপৰিনিৰ্বান মানে হ’ল পাৰ্থিৱ শৰীৰটোৰ পৰা ওলাই গৈ আত্মাৰ মোক্ষ প্ৰাপ্তি। অৰ্থাৎ যিটো অৱস্থাত আত্মাৰ বাবে লোভ, মোহ, ভয়, সংশয়, হিংসা, প্ৰেম, প্ৰতিশোধ, ৰোগ ইত্যাদিৰ কোনো অস্তিত্ব নাই। সেই বাবে এই অৱস্থাত আত্ম কৰ্মফল অথবা মৃত্যুৰ পাছত পুনৰ্জন্ম ইত্যাদিবোৰ বৈষয়িক চিন্তাধাৰাৰ পৰা সম্পূৰ্ণ ভাৱে মুক্ত হৈ পৰম ব্ৰহ্মত বিলীন হৈ পৰে। ইয়েই হ’ল আত্মাৰ বাবে মহাপ্ৰাপ্তি। অৱশেষত মহাপ্ৰভু শাক্যমুনিৰ ইচ্ছা অনুযায়ী সকলো শিষ্যই মগধৰ ৰাজধানী ৰাজাগৃহ (এতিয়াৰ ৰাজগিৰ)ৰ পৰা কুশীনাৰালৈ পদব্ৰজে গমন কৰিছিল। যাত্ৰা পথত প্ৰভু অমিতাভ শিষ্য  সমন্বিতে বৈশালীৰ সমীপৰ পাৱা নামৰ এখন গাঁৱত উপস্থিত হৈছিল। সেই গাঁওখনৰ চুন্দা নামৰ এজন কমাৰ আছিল মহাত্মা বুদ্ধৰ পৰম ভক্ত।   চুন্দাই সভক্তিৰে নিজৰ উৰুখা পঁজাত এসাঁজ খাই যাবলৈ আমন্ত্ৰণ জনোৱাত প্ৰভু শাক্যমুনি দলেবলে গৈ উপস্থিত হৈছিল। প্ৰভু অমিতাভ আৰু শিষ্যগণৰ আতিথ্য সেৱাৰ বাবে সভক্তিৰে চুন্দাই গাহৰি আৰু কাঠফুলাৰে ‘চুকাৰা মাড্ডৱা’নামৰ এবিধ সুস্বাদু ভোগ তৈয়াৰ কৰিছিল। ভগৱান সদায়েই ভক্তৰ দাস। চুন্দাৰ অপৰিসীম শ্ৰদ্ধা আৰু ভক্তিত অভিভুত হৈ ভগৱান বুদ্ধই পৰম আগ্ৰহেৰে সেই ভোগ গ্ৰহণ কৰিছিল। জীৱ বধ মহাপাপ বুলি বিশ্বাস কৰা প্ৰভু তথাগত  আছিল নিৰামিষ ভোজী। সেই বাবেই নিজৰ অজ্ঞাতে গাহৰি মাংস আৰু কাঠফুলাৰে বনোৱা আহাৰ পেটলৈ যোৱাৰ লগে লগে প্ৰভু  অসুস্থ হৈ পৰিছিল। বিষাক্ত কাঠফুলাৰে খোৱাৰ বাবে তেওঁ পেটৰ অসহ্যকৰ বিষত চটফটাব ধৰিছিল। ততালিকে তেওঁ  অৱশিষ্ট খাদ্যখিনি কাকোৱেই খাবলৈ নিদি আনন্দক মাটিত পুতি পেলাবলৈ কৈছিল। প্ৰভু  বিষক্ৰিয়াত আক্ৰান্ত হোৱাত শিষ্যগণ কমাৰ চুন্দাৰ ওপৰত খঙত অগ্নি শৰ্মা হৈ পৰিছিল। বহুতো শিষ্যই এইয়া প্ৰভুৰ খুলশালীয়েক ধূৰ্ত দেৱদত্তৰেই কু-চক্ৰান্ত বুলিয়েই ভাবিছিল। পাছে প্ৰভু তথাগতে চুন্দাৰ ভক্তিৰ আঁৰত লুকাই থকা প্ৰকৃত সততা বুজি ক্ষমা কৰি দিছিল।

অসহ্য পেটৰ বিষ আৰু গ্ৰহণীত ভুগি থকা নৰীয়া গাৰেই মহাত্মা বুদ্ধই পাভাৰ পৰা কুশীনাৰালৈ পুনৰ পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছিল। শাৰীৰীক অসুস্থতাৰেই সূদীৰ্ঘ পদযাত্ৰাৰ অন্তত প্ৰভু তথাগত শিষ্য সমন্বিতে গৈ কুশীনাৰাৰ সমীপৰ হিৰন্নৱতী নদীৰ পাৰৰ এখন শালগছৰে ভৰা কাঠনিত উপস্থিত হৈছিল। সেই দিনাখন আছিল বহাগ মাহৰ পূৰ্ণিমা তিথি। সাধাৰণতে এটা মাহত মাত্ৰ এটা অমাৱস্যা আৰু এটাই পুৰ্ণিমা হয় যদিও সেই বিশেষ দিনটো আছিল বহাগ মাহৰ দ্বিতীয়টো পূৰ্ণিমা। সেই একেটা তিথিতে প্ৰভু বুদ্ধৰ জন্ম আৰু দিব্যজ্ঞান প্ৰাপ্তি হৈছিল। শালগছৰ কাঠনিখনত উপস্থিত হৈয়েই শাৰীৰিক অসুস্থতাৰ বাবে ক্লান্ত হৈ পৰা প্ৰভু তথাগতে দুডাল যজা শালগছৰ তলত উত্তৰ দিশত  মূৰ থৈ সিংহৰ ভংগীত খন্তেক শয়ন কৰিছিল। প্ৰভু তথাগতে পেটৰ বেদনাত চটফটাই শুবলৈ চেষ্টা কৰি থাকোঁতেই দুয়োডাল শালগছ অকালতে ফুলি জাতিষ্কাৰ হৈ পৰিছিল। অকস্মাত আকাশৰ পৰা প্ৰভু অমিতাভৰ শৰীৰৰ ওপৰত চন্দনৰ গুৰি আৰু পুষ্পবৃষ্টি হ’বলৈ ধৰিছিল। প্ৰভুই প্ৰিয় শিষ্য আনন্দক কৈছিল মোৰ মহাপৰিনিৰ্বানৰ সময় সমাগত, কুশীনাৰাৰ ৰাজধানী কুশৱতী লৈ গৈ মোৰ পৰম ভক্ত মাল্লা ৰজাক শীঘ্ৰেই মাতি অনা।

সমগ্ৰ মাল্লা ৰাজপৰিয়াল আৰু সহস্ৰাধিক শিষ্যৰ উপস্থিতিত সেই পবিত্ৰ পূৰ্ণিমাৰ ৰাতি প্ৰভু তথাগতে পাৰ্থিৱ শৰীৰ ত্যাগ কৰি মহাপৰিনিৰ্বান অৱস্থালৈ ধাৱন কৰিছিল। প্ৰভুৰ মহাপ্ৰয়াণৰ পাছত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড শোকাকুল হৈ পৰিছিল। মাল্লা ৰজাৰ তত্ত্বাৱধানত সাজি উলিওৱা এখন বিশাল চন্দনৰ চিতাত প্ৰভুৰ পাৰ্থিৱ শৰীৰটো তুলি দিয়া হৈছিল। সৎকাৰ কৰ্মৰ সমাপ্তিৰ পাছত মহাপ্ৰভু অমিতাভৰ প্ৰধান শিষ্যা ক্ষেমাই ব্ৰাহ্মণ দ্ৰোনৰ তত্ত্বাৱধানত পাৰ্থিৱ শৰীৰটোৰ অৱশিষ্ট অস্থি আৰু চিতাভস্মখিনি কলিংগ, পাভা, কুশীনাৰা, বৈশালী, কপিলাবস্ত, ভেঠাদীপ, আলকাপ্পা আৰু ৰামাগ্ৰাম নামৰ আঠখন ৰাজ্যৰ ৰজাৰ মাজত ভগাই দিছিল। কলিঙ্গৰ হিন্দু ৰজা ব্ৰহ্মদত্তক বাদে প্ৰায়বোৰ ৰজাই প্ৰভু অমিতাভৰ অৱশিষ্ট অস্থি সমূহ নিজ নিজ ৰাজ্যত সভক্তিৰে মাটিৰ তলত পুতিমাটিৰ মৈদাম (স্তূপা) সাজি দৈনিক পূজা পাতল কৰিছিল। পৰৱৰ্তীকালত কলিঙ্গৰ যুদ্ধৰ পাছত সম্ৰাট অশোকে বৌদ্ধ ধৰ্মত দীক্ষিত হোৱাৰ পাছত সেই স্তূপা সমূহৰ তলৰ পৰা চিতাভস্ম আৰু অস্থিসমূহ উলিয়াই নিজৰ বিশাল সাম্ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায় আশী হেজাৰ স্তূপা স্থাপন কৰিছিল বুলি প্ৰবাদ আছে। লাহে লাহে মহাপ্ৰভু শাক্যমুনিৰ সেই চিতাভস্ম আৰু অস্থি ভিয়েটনাম, চীন, মংগোল, আফগানিস্তান, ৰাচিয়া, আমেৰিকা, জাপান, বাৰ্মা, শ্যাম, লাওচ, তিব্বত আৰু ভূটান ইত্যাদিবোৰ দেশেও লাভ কৰিব সক্ষম হৈছিল।

চিতাভস্মৰ মাজৰ পৰা খুচৰি উলিয়াই ব্ৰাহ্মণ দ্ৰোনই হাতত তুলি দিয়া প্ৰভু তথাগতৰ বাওঁফালৰ ওপৰৰ কুকুৰ দাঁতটো কলিঙ্গৰ হিন্দু ৰজা ব্ৰহ্মদত্তই শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছিল। প্ৰভুৰ অস্থি লাভ কৰিব পাই সূৰ্য্যবংশী ৰজা ব্ৰহ্মদত্তই সৌভাগ্য মানিছিল। সেই পবিত্ৰ অস্থি নিজৰ ৰাজধানীলৈ আনি এটা মন্দিৰ সাজি তাত নিতৌ পুৱা গধূলি ধূপচন্দন আৰু ঘিঁউ চাকি জ্বলাই পূজা সেৱা আগবঢ়াইছিল। লাহে লাহে প্ৰভু তথাগতৰ অস্থি ৰখা মন্দিৰটোৰ বাবে কলিঙ্গৰ ৰাজধানীৰ নাম টোচালিৰ পৰা দন্তপুৰম (এতিয়াৰ পুৰী) লৈ সলনি হৈছিল। প্ৰবাদ আছে যে মহাত্মাৰ অমিতাভৰ অস্থিৰ দৈনিক পূজা সেৱাৰ বলত কলিঙ্গৰ অবস্থা জয়জয় মায়ময় হৈ পৰিছিল। সেই কাৰণে কলিঙ্গ ৰাজ্য কেইবাবাৰো অন্য চুবুৰীয়া ৰাজ্যৰ আক্ৰমণৰো বলি হৈছিল। সকলোৰে উদ্দেশ্য আছিল মহাপ্ৰভু শাক্যমুনিৰ অস্থি ভাগ হস্তগত কৰা যদিও সফল হ’ব পৰা নাছিল। ব্ৰহ্মদত্তৰ মৃত্যুৰ আঠশ বছৰ পাছত কলিঙ্গৰ ৰজা গুহশিৱেও পৰম্পৰাগত নিতৌ প্ৰভু অমিতাভৰ অস্থিক পূজা সেৱা কৰিছিল। সেই সময়ৰ মগধৰ হিন্দু ৰজা পাণ্ডুই এবাৰ কলিঙ্গ আক্ৰমণ কৰি প্ৰভু অমিতাভৰ অস্থি নিজৰ ৰাজধানী পাটালিপুত্ৰলৈ লৈ গৈছিল। পাছে কেইদিনমানৰ পাছতেই মহাৰাজ পাণ্ডুই বৌদ্ধ ধৰ্মত শৰণ লৈ প্ৰভু অমিতাভৰ অস্থি ৰজা গুহশিৱক ঘূৰাই দিছিল। ৰজা পাণ্ডুই প্ৰভু অমিতাভৰ অস্থি সমূলি ধ্বংস নকৰি পুনৰাই কলিঙ্গৰ ৰজা গুহশিৱক ঘূৰাই দিয়াৰ সিদ্ধান্তত ক্ষুদ্ধ হৈ ক্ষীৰধৰ নামৰ এজন জনজাতীয় ৰজাই মগধৰ ওপৰত আক্ৰমণ কৰিছিল। পাছে পাণ্ডুৰ হাতত ক্ষীৰধৰৰ মৃত্যু হোৱাত জনজাতীয় ৰাজ্যখন (সম্ভৱতঃ আজিৰ উত্তৰাখণ্ড)ৰ সৈন্যই ছত্ৰভংগ দিছিল।

এই যুদ্ধখনৰ পাছতেই পাণ্ডুৰ ভতিজা তথা উজ্জেয়নৰ ৰাজকুমাৰ বৌদ্ধ ধৰ্মৰ প্ৰতি অনুৰাগী দণ্ট ( সিদ্ধান্ত ) আৰু ৰজা গুহশিৱৰ কন্যা হেম’মালাৰ সয়ম্বৰ অনুষ্ঠিত হৈছিল। নিজৰ পিতৃৰ মৃত্যু আৰু ৰাজকুমাৰ দণ্টৰ সয়ম্বৰৰ খবৰ পাই জনজাতি ৰজা ক্ষীৰধৰৰ দুই পুত্ৰ ক্ষীৰজাণ্ঠু আৰু ক্ষীৰবিষনাই জাঙুৰ খাই উঠিছিল। পিতৃৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ দুয়ো পুত্ৰই পৰাক্ৰমেৰে কলিঙ্গ আক্ৰমণ কৰিছিল। দুয়োজনে বাহুবলে যুদ্ধ কৰি কলিঙ্গ ৰাজ্য থানবান কৰি পেলাইছিল যদিও প্ৰভু অমিতাভৰ অস্থি ধ্বংস কৰা অভিলাষ পাছে পুৰণ নহ’ল। ৰণত পৰাৰ আগতেই ৰজা গুহশিৱে প্ৰভুৰ পবিত্ৰ অস্থি সহ নিজৰ কন্যা হেম’মালা আৰু ৰাজকোঁৱৰ দণ্টক জনজাতি সৈন্যৰ চকুত ধূলি দি লংকাদ্বীপলৈ পলুৱাই পঠিয়াইছিল। শক্ৰৰ হাতত ধৰা নপৰিবলৈ হেম’মালাই নিজৰ চুলিটাৰিৰ মাজত প্ৰভু তথাগতৰ অস্থি লুকুৱাই ৰাখি কলিঙ্গৰ পৰা শ্ৰীলংকাৰ তেতিয়াৰ ৰাজধানী অনুৰাধাপুৰলৈ লৈ গৈছিল। সেই সময়ৰ লংকাদ্বীপ (আজিৰ শ্ৰীলংকা)ৰ ৰজা মহেসেনা আছিল কলিঙ্গৰ ৰজা গুহশিৱৰ পৰম বন্ধু। পাছে দণ্ট আৰু হেম’মালা গৈ পোৱাৰ আগতেই ৰজা মহেসেনাৰ মৃত্যু হৈছিল। সেইবাবে প্ৰভুৰ পবিত্ৰ অস্থি ৰজাৰ পুত্ৰ ৰাজকোঁৱৰ চিৰি মেঘৱান্নাৰ হাততেই অৰ্পণ কৰা হৈছিল। ৰজা চিৰি মেঘৱান্নাই পৰম ভক্তি আৰু আস্থাৰে প্ৰভু অমিতাভৰ সেই পবিত্ৰ অস্থি (দাঁত)টো ৰাজকাৰেঙৰ কাষৰ অভয়াগিৰি বিহাৰত প্ৰতিষ্ঠা কৰি দৈনিক পূজা সেৱা আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই লংকাদ্বীপে শান্তি আৰু সমৃদ্ধিৰ দিশে অগ্ৰসৰ হৈছিল বুলি কথিত আছে।

ষোল্ল শতাব্দীত পৰ্টুগীজ সকলে শ্ৰীলংকা আক্ৰমণ কৰাত সম্ৰাট বিমলা ধৰ্ম্মচুৰীয়াই মহা প্ৰভু তথাগতৰ অস্থিটো এক বিশেষ স্থানত লুকুৱাই ৰাখিছিল। পৰ্টুগীজ সকলক খেদি পঠিওৱাৰ পাছত ১৫৯৫ চনত ৰজা ধৰ্ম্মচুৰীয়াই ৰাজধানী কান্দীত শ্ৰী ডালডা মালিগাঁৱা অৰ্থাত পবিত্ৰ দাঁতৰ অস্থি নামৰ মন্দিৰটো সাজি  তথা অস্থিটো এপাহ সোণৰ পদুম ফুলৰ মাজত প্ৰতিষ্ঠা কৰিছিল। এই মন্দিৰত প্ৰবেশ কৰাৰ বাবে  সম্পূৰ্ণ বগা ধূতি অথৱা শাৰী পিন্ধিটো অনিবাৰ্য্য। অন্যথাই মন্দিৰৰ ভিতৰত প্ৰবেশ কৰাটো নিষেধ। মন্দিৰৰ সিংহদ্বাৰৰ কাষতে সংলগ্ন হৈ থকা কাৰ্য্যালয়ত  মন্দিৰৰ ভিতৰত প্ৰবেশ কৰাৰ বাবে বগা পোছাক উপলব্ধ কৰা হয়। বিনিময়ত এক ক্ষুদ্ৰ পৰিমাণৰ মূল্য পৰিশোধ কৰিব লাগে। সেই মূল্যখিনি দৰাচলতে পোছাক পৰিচ্ছদবোৰ ধোৱাৰ বাবে খৰচ কৰা হয়। মন্দিৰ প্ৰাংগনৰ আশে পাশে কোনো ব্যৱসায়ী প্ৰতিষ্ঠান চকুত পৰা নাছিল। মন্দিৰ প্ৰাংগণত অকনো হাই উৰুমি নাছিল। নিতৌ শ শ দৰ্শনাৰ্থীয়ে নীৰৱে নিয়মানুৱৰ্তিতা মানি শাৰী পাতি মন্দিৰ দৰ্শন কৰে। দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ প্ৰসিদ্ধ শ্ৰী ডালাডা মালিগাঁৱ মন্দিৰ দৰ্শনৰ বাবে কোনো মাচুল নালাগে। প্ৰভু তথাগতৰ পবিত্ৰ অস্থিভাগ দৰ্শনাৰ্থী সকলে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে। সমাজৰ সকলো শ্ৰেণীৰ লোকে সহজে প্ৰভুৰ অস্থি দৰ্শন কৰিব পাৰে তাৰ কাৰণে মন্দিৰ কৰ্তৃপক্ষ অতি তৎপৰ বুলি বুজিব পাৰিছিলো। মন্দিৰটোৰ ঘাই মণিকূটটোৰ উপৰিও চোতাল, বাৰাণ্ডা, জিৰণি ঘৰৰ দেৱাল আৰু মজিয়া ইমানেই পৰিষ্কাৰ আছিল যে ফু মাৰি ভাত খাব পাৰি। মন্দিৰত সোমাইয়েই স্বচ্ছতাৰ মাজতেই ভগৱান বিৰাজমান বুলি অনুভৱ কৰিছিলো। তেতিয়াই মোৰ দেশ তথা ৰাজ্যখনৰ বহুতো পবিত্ৰ ধৰ্ম স্থান সমূহৰ শোচনীয় অপৰিষ্কাৰ পৰিৱেশ আৰু কিছুমান ইশ্বৰৰ দালাললৈ মনত পৰি মনটো কোঁচ খাই গৈছিল।  

অৱশেষত পিতৃ-মাতৃৰ আশীৰ্বাদ আৰু নিজৰ সৌভাগ্যৰ বলত মহাপ্ৰভু অমিতাভৰ কিম্বদন্তিত অস্থিভাগ দৰ্শন কৰি কৃতাৰ্থ হৈছিলো। অস্থিভাগৰ বিমল দৰ্শনৰ পাছত মনটো সঁচাকৈ কিবা বুজাব নোৱাৰা স্বৰ্গীয় অনুভূতিৰে উদ্ভাসিত হৈ পৰিছিল। প্ৰভুৰ অস্থিভাগ দৰ্শনৰ পাছত মন্দিৰৰ পৰা উভতি আহিবলৈ মন যোৱা নাছিল। মৃদু ভাৱে মন্দিৰত গুঞ্জিত হৈ থকা মহাপ্ৰভুৰ মহামন্ত্ৰ

”বুদ্ধং শৰণং গচ্ছামি।
সংঘম শৰণং গচ্ছামি। ।” ৰ ধ্বনিৰ মাজত নিজকে যেন হেৰুৱাই পেলাইছিলো।

সাধাৰণ মানুহ এজনৰ দাঁততকৈ আকাৰত চাৰিগুণ ডাঙৰ দাঁতটোৰ বিষয়ে সোধাত এজন লামাই মোক এই মন্দিৰটোৰ ইতিহাসৰ বিষয়ে আঁতিগুৰি মাৰি কৈছিল যে মহাপ্ৰভুৰ পবিত্ৰ অস্থিটোৰ এক বিশেষ অলৌকিকতা আছে।  এই অস্থিৰ কোনো ক্ষয় অথবা লয় হ’ব নোৱাৰে। যুগৰ পাছত যুগ এই অস্থিৰ আকাৰ বাঢ়ি গৈ থাকিব।

অৱশেষত কিছু বুজাব নোৱাৰা স্বৰ্গীয় অনুভূতি মনৰ মাজত লৈ সেইদিনা কান্দীৰ প্ৰসিদ্ধ শ্ৰী ডালডা মালিগাঁৱা মন্দিৰৰ পৰা উভতি আহিছিলো।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!