মোক এখনি আকাশ দিয়া

লেখক- মণ্টু কুমাৰ বৰঠাকুৰ

“আপুনি, মানে, তুমি সেই বিকাশ বেজবৰুৱাই নহয়নে?”
‘সেই বিকাশ বেজবৰুৱা’ই মানে?
এওঁনো কি ভাবি মোক এই প্ৰশ্নটো কৰিছেহি!
এওঁক বাৰু কোনোবাই কেতিয়াবা মোৰ বিৰুদ্ধে কিবাকিবি কৈছিল নেকি!
কিনো ক’ব? কোনোবাই বদনাম ৰটিব পৰা ধৰণৰ কোনো বেয়া কাম মোৰ জ্ঞান-বিশ্বাসেৰে আজিলৈকে কৰা বুলিতো মনত নপৰে৷
অৱশ্যে, পল্লৱীৰ প্ৰসঙ্গটো মোৰ জীৱনৰ এটা এৰাব নোৱাৰা অধ্যায় হৈ থাকিল৷
তথাপিও, তাইৰ লগতো বদনাম ওলাব পৰা পৰ্য্যায় পোৱাগৈ নাছিল৷
কলেজীয়া জীৱনত ডেকা-গাভৰু এহালৰ মাজত অতি স্বাভাৱিকভাৱে যিখিনি সম্পৰ্ক ঘটি যাব পাৰে, ঠিক সিমানখিনি সম্পৰ্কই আমাৰ মাজত গঢ় লৈ উঠিছিল৷
পিছত আৰু মই পঢ়িবলৈ বুলি ইউনিভাৰ্চিটি পালোঁগৈ আৰু ঠিক সেইখিনি সময়তে ভাল ল’ৰা এটা পাই মাক-দেউতাকে তাইক বিয়া দি দিলে৷
বচ, সেই অধ্যায় সিমানতে খতম৷
এতিয়া, এওঁ বা কি ভাবি মোক এইদৰে সুধিছে!
“তুমি মোক পাহৰিছা চাগে!
আমিতো কলেজত একেলগে পঢ়িছিলোঁ৷”
লগে লগেই তেওঁৰ সমুখত ষ্টেণ্ড কৰি থোৱা নেইম-প্লেইটখনলৈ চকু গ’ল৷
আৰে, এওঁৱেই মানে সেই অঞ্জনা হাজৰিকা!
কিন্তু, এওঁ দেখিবলৈ যে ইমান বেলেগ হৈ পৰিল!
শকততো হৈছেই, তদুপৰি দেখাত বেছ বয়সীয়াল যেনো লাগিছে৷
তাতে, চুলিখিনিও ৰঙচুৱা কৰি লৈছে৷
হাই পাৱাৰৰ চশমাও পিন্ধিছে৷
নিজেই চিনাকিটো নিদিয়াহ’লে এওঁৱেই সেই অঞ্জনা হাজৰিকা বুলি ভাবিবৰ কি সাধ্য আছে?
কিন্তু, এওঁকতো মোৰ মনৰ ভাবখিনি অনুমান কৰিবলৈয়ো দিব নোৱাৰোঁ৷
বেয়া পাব৷
সেয়ে, বৰ কৌশলেৰে মোৰ মনৰ ভাবখিনি লুকুৱাই ৰাখি চকুৱে-মুখে যিমান পৰা যায় হাঁহি এটা ফুটাই তুলিবলৈ চেষ্টা কৰি বোলো, ছৰি ছৰি, বেয়া নাপাবা৷
“নাই নাই, বেয়া কিয় পাম?
তাতে, আজি ইমানদিনে, ত্ৰিশ বছৰ মানেইতো হ’ল, আমাৰতো দেখা-দেখি হোৱাই নাই৷
তুমি পিছে একেই আছা৷
তোমাকতো দেখিয়েই চিনি পালোঁ৷”
ধন্যবাদ৷ অন্ততঃ এতিয়াও ইমান এটা বুঢ়া হোৱা নাই বুলি জানি ভাল লাগিল৷
“চাহ খাবা?”
চাহ একাপ পালে অৱশ্যে বেয়া নহয়৷
মানে, সমুখত চাপ একোকাপ লৈ তাহানিৰ সহপাঠী এগৰাকীৰ লগত তেওঁৰে অফিচৰ কোঠাত বহি স্মৃতি-ৰোমণ্ঠন কৰাৰ আনন্দই নিশ্চয় বেলেগ হ’ব৷
তেওঁ হয়তো ইতিমধ্যেই তেওঁৰ টেবুল-সংযোগী চুইচ এটা টিপি দিলে আৰু ঠিক লগে লগেই বেহেৰা জাতীয় এজন বৰ সম্ভ্ৰমেৰে সোমাই আহিল৷
‘দুকাপ চাহ’ বুলি বেহেৰাজনক লাহেকৈ নিৰ্দেশ এটা দিয়েই তেওঁ পিছে এইবাৰ কিবা এটা চিন্তা কৰাৰ দৰেই কৰিলে৷
“চেনি খোৱা নহয়?”
খাওঁ খাওঁ৷ চেনি এৰিবলগীয়া এতিয়ালৈকে হোৱা নাই বাৰু!
বেহেৰাজন ওলাই যোৱাৰ পিছতে তেওঁ আকৌ এবাৰ হাঁহি এটা মাৰিলে৷
“কোৱাচোন কোৱা, তোমাৰ খবৰ কোৱা!”
মোৰনো খবৰ বুলিবলৈ বিশেষ কি আৰু!
অৱশ্যে, ইমান দিনৰ মূৰত লগ পাইছোঁ যেতিয়া জীৱন আৰু জীৱিকা সম্পৰ্কীয় কথাকেইটামানৰ লগতে ঘৰ-সংসাৰৰ দুই-এটা খবৰো এওঁক নিশ্চয় দিব পৰা যায়৷
তাতে, কিছুদিনৰ আগতে আমাৰ এওঁ ডক্টৰেট ডিগ্ৰীটো লাভ কৰা কথাটোৰ লগতে মামন এ.পি.এছ.চি.ৰ ভাইভালৈ চিলেক্ট হোৱা প্ৰসঙ্গটোও উলিয়াবলৈ মন গ’ল৷
“তোমাৰ দেখোন সবফালে ঠিকেই হ’লগৈ, নহয়নে?
ভাল ভাল৷ এনেকুৱা খবৰবোৰ পালে সঁচায়ে ভাল লাগে৷”
ধন্যবাদ৷ পিছে, দুই-এটা ভাল খবৰ এওঁৰো নিশ্চয় থাকিব৷ কিয় নাথাকিব?
“মোৰ খবৰ মানে, চাবলৈ গ’লে, মোটামুটি ভালকৈয়ে চলি আছোঁ বাৰু!
ঘৰ-সংসাৰত সোমোৱাটোহে নহ’ল অৱশ্যে৷
তথাপিও কিন্তু অকলশৰীয়া নহয় দেই!
ছোৱালী এজনীকে তুলি লৈছোঁ৷
মানে, সংসাৰ নপতাকৈয়ে এজনী ‘মা’ হৈ পৰিলোঁ, জানা?”
কথাষাৰ কৈয়ে তেওঁ আকৌ অলপ হঁহাৰ দৰে কৰিলে যদিও মই পিছে তেওঁৰ লগতে হাঁহোঁৱেই নে গহীন হৈয়ে ৰওঁ, চিন্তা কৰিলোঁ৷
সীমান্তৰ লগত এওঁৰ সম্পৰ্কটো পিছত কি হ’লগৈ, জানিবলৈ বৰ মন গৈছিল যদিও সেই প্ৰসঙ্গটো এতিয়া উত্থাপন কৰাটো কিমান দূৰ গ্ৰহণযোগ্য হ’ব, ভাবি নাপালোঁ৷
অৱশ্যে, এওঁৰতো বিয়া-বাৰু হোৱা নাই বুলিয়েই এইমাত্ৰ ক’লে৷
মাজতে সীমান্তৰ মুখখন মোৰ চকুৰ সমূখত যেন ভাহি উঠিলহি৷
এওঁৰ লগত সেই তাহানিখন কি দুৰ্দান্ত প্ৰেমীকৰ অভিনয় কৰিছিল বেটাই!
কলেজে-কেণ্টিনে, ৰাস্তাই-ঘাটে, বজাৰে-সমাৰে আৰু চিনেমাহলে-থিয়েটাৰে এওঁলোকৰ যুটিটো সেই সময়ত আমাৰ বাবে অতি চিনাকি দৃশ্যই আছিল৷
এটা সময়ত অৱশ্যে পঢ়া-শুনাৰ খাতিৰতে বাহিৰলৈ ওলাই গ’লোঁ আৰু পৰৱৰ্তী সময়ত চাকৰি-বাকৰি, ঘৰ-সংসাৰ আদি দহ ৰকমৰ ঝামেলাতে সোমাই পৰিলোঁগৈ৷
তাৰ পিছত ক’ৰ আৰু এইবোৰৰ খবৰ-খাতি ৰাখিব পাৰি!
দৰকাৰেই বা কি!
“চাহ খোৱা!”
মন কৰিলোঁ, বেহেৰাজনে টেবুলখনত চাহ দুকাপ লাহেকৈ থৈ গৈছেহি৷
আচ্ছা, জীৱনততো অনেক ৰকমৰ ঘটনা-পৰিঘটনা হয়৷
আমি আপোন আৰু বিশ্বাসী বুলি ভাবি থকাজনেও যিকোনো সময়তে আমাক আচৰিত কৰি দিব পাৰে৷
এইবোৰ, চাবলৈ গ’লে, অতি সাধাৰণ আৰু নগন্য কথা৷
সেয়ে, কাৰোবাৰ ওপৰত চেণ্টিমেণ্ট দেখুৱাবলৈ গৈ নিজৰ জীৱনটো বৰ্বাদ কৰাৰ কোনো যুক্তি নাই৷
এওঁ পিছে কি ভাবি এনে এটা হঠকাৰী সিদ্ধান্ত ল’লে, সেইটোহে বুজা নাই৷
“এইবোৰ বহুত কথা, বুইছা?
সম্পৰ্ক এটাত আটাইতকৈ বেছিকৈ জড়িত হৈ থকা বিষয়টোৱেই হৈছে বিশ্বাস৷
সেই বিশ্বাসেই যেতিয়া হেৰাই যায়, ক’বলৈ, কৰিবলৈ থাকিলনো কিটো?”
হয়৷ ভণ্ডামীৰে সংসাৰ এখন চলাই নিয়াটো সকলোৰে পক্ষে সম্ভৱ নহয়৷
বিশেষকৈ, যিসকলৰ মন-মগজু অতি সক্ৰিয় আৰু যাৰ অন্তৰত আৱেগ-অনুভূতি বোলা অনুভৱবোৰ যথেষ্ট পৰিমাণে থাকে, তেওঁলোকে এইবোৰ ভণ্ডামী নিজেতো কৰিব নোৱাৰেই, আনে কৰিলেও সহ্য কৰিব নোৱাৰে৷
“জানা, কেতিয়াবা ভাবোঁ, জীৱনত এটা ডাঙৰ ভুলেই কৰিলোঁ নেকি!
পিছ মুহূৰ্ততে আকৌ ভাব হয়, নাই, যি কৰিলোঁ, ঠিকেই কৰিলোঁ৷
এতিয়া অন্ততঃ স্বাধীনভাৱে আছোঁ, দিয়াচোন!
মোৰ ওপৰত কৰ্তৃত্ব খটুৱাবলৈতো কোনো নাই৷”
চাহৰ কাপটো প্লেইটখনত লাহেকৈ থৈ তেওঁ আকৌ এবাৰ হাঁহি এটা মাৰিবলৈ চেষ্টা কৰিলে যদিও হাঁহিটো পিছে কিছু নিস্তেজ যেনেই দেখা গ’ল৷
মই হোৱাহ’লে কিন্তু কোনো কাৰণতে এনেদৰে নাথাকিলোঁহেঁতেন৷
সময়ত বিয়া-বাৰু পাতি দস্তুৰমত জীৱনটো উপভোগ কৰিলোঁহেঁতেন৷
আৰু, এতিয়াওতো তাকেই কৰি আছোঁ, দিয়কচোন!
“মোৰ ছোৱালীজনীয়ে বৰ্তমান কটনতে পঢ়ি আছে৷
ভৱিষ্যতে প্ৰশাসনিক বিষয়া হ’বলৈ তাইৰ আকৌ বৰ হেঁপাহ, জানানে?
কি কৰিব পাৰে, চাওঁচোন!”
এইটো দেখোন ভাল কথাই৷
তাইৰ যোগেদিয়েই যদি এওঁৰ ভৱিষ্যৎটো সুৰক্ষিত হয়গৈ, তেন্তেতো ভালেই৷
পিছে, কাইলৈ প্ৰতিস্থিত হোৱাৰ পিছত তাই যদি নিজৰ মাক-দেউতাকৰ সন্ধান কৰিবলৈ যায় আৰু এওঁৰ প্ৰতি মৰম-আদৰ কমাই দিয়ে, তেতিয়াহে বেয়া কথা হ’ব৷
“তুমি বাৰু ঠিকেই চিন্তা কৰিছা৷
কিন্তু, তাইৰ ক্ষেত্ৰত পৰিস্থিতিটো অলপ বেলেগ হয়৷
মানে, তাহানি স্কুলত পঢ়ি থকাৰ দিনতে কি ভাবি জানো, এদিন সন্ধিয়া তাই মোৰ পৰা স্পষ্টকৈয়ে জানিবলৈ বিচাৰিলে তাইৰ দেউতাক কোন!
হয়তো, কোনোবা দুষ্ট লোকে তাইৰ মূৰত এই প্ৰশ্নটো সুমুৱাই দিছিল৷
তাইৰ প্ৰশ্নটো শুনি মইতো বহু পৰ নিৰ্বাক হৈয়ে ৰ’লোঁ, জানা?
কি কৰোঁ?
এইক সঁচা কথাটো এতিয়াই কৈ দিওঁ জানো!
এই বয়সতে জীৱনৰ ইমান এটা নিৰ্মম সত্যৰ মুখামুখি তাই হ’ব পাৰিব জানো!
কিন্তু, সঁচা কথাটো নক’লেও তাইতো এটা ভুল ধাৰণা লৈয়ে থাকিব যে তাই মোৰে এক জাৰজ সন্তান৷
তেতিয়া মোৰ প্ৰতি তাইৰনো ভাল ধাৰণা এটা থাকিবনে?
কি কৰিবা আৰু!
কিছু পৰ নিৰৱে চিন্তা কৰি শেষত বোলো তোৰ দেউতাৰৰ কথাতো বাদেই তোৰ মাৰনো কোন, সেইটোও মই নাজানো৷
মোৰ কথাটো শুনি আশ্বৰ্য্যত তাইৰ চকু ডাঙৰ হৈ গৈছিল, জানা?
কিন্তু, মইনো জানিম কেনেকৈ!
তাইকতো, আচলতে, এদিন মৰ্ণিং ওৱাক কৰিবলৈ যাওঁতে ৰাস্তাৰ কাষৰ ফুটুকানি এখনত কুকুৰকেইটামানে ভুকি থকা দেখি কৌতূহলবশতঃ জুমি চাওঁতেই এটা টোপোলাৰ মাজতহে আৱিষ্কাৰ কৰিছিলোঁ৷
কাৰ বা পৰিত্যক্ত সন্তান আছিল তাই!
নিশ্চয় কাৰোবাৰ জাৰজ সন্তানেই হ’ব৷”
মন কৰিলোঁ, তেওঁ যেন লাহে লাহে সেই ৰোমণ্ঠনখিনিৰ মাজেত হেৰাই গৈছে৷৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!