ৰক্তাল্পতা আৰু কিশোৰীসকলৰ পুষ্টি

লেখক- ড° মনীষা চৌধুৰী

সাধাৰণতে এনিমিয়াৰ ফলত শৰীৰ দুৰ্বল হোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলৈ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰত পঢ়া-শুনাত মনোযোগ কমা, শৰীৰ দুৰ্বল লগা, ভাগৰ লগা, সঘনে মুৰ ঘুৰণি আদি সমস্যাই দেখা দিয়ে। ফলত তেওঁলোকৰ কামৰ প্ৰতি আগ্ৰহ কমি যায়। এই সমস্যা পুৰুষতকৈ মহিলাসকলৰ মাজত বেছি হোৱা দেখা যায়। কিশোৰীসকলৰ ক্ষেত্ৰত মাহেকীয়া হোৱাৰ ফলত হোৱা ৰক্তস্ৰাৱৰ ফলত এনিমিয়া হোৱা দেখা যায়

বহুক্ষেত্ৰত দেখা যায় ছোৱালী এজনীয়ে এঘাৰ-বাৰ বছৰত ভৰি দিয়াৰ লগে-লগে কেতবোৰ অন্যমনস্কতাত ভোগে, ভাগৰ অনুভৱ কৰে, পঢ়া-শুনাত আগৰ তুুলনাত মনোযোগ কমি যায় বা মুৰ-ঘুৰণি, এলাহ ভাৱ আদি বাঢ়ি যায়। কাৰণস্বৰূপে প্ৰথম মাহেকীয়া আৰম্ভ হোৱাৰ পিছৰ পৰাই এনেবোৰ সমস্যাই প্ৰায়ভাগ কিশোৰীৰ ক্ষেত্ৰত দেখা দিয়ে। অভিভাৱকসকলে ভাৱে যে এই বয়সত অলপ তেনেকুৱা হ’বও পাৰে বা ছোৱালীৰ মন পাতলিছে বা অন্য কিবা। কিন্তু আমি এবাৰো ভাবি নাচাও যে আগতে ইমান সক্ৰিয় আৰু ফুৰ্তিবাজ ছোৱালীজনীৰ হৈছে কি? কিন্তু এইবোৰৰ কাৰণ ভালদৰে ফহিয়াই চালে দেখা যায় যে প্ৰথম মাহেকীয়া আৰম্ভ হোৱাৰ পৰা ছোৱালী এগৰাকীৰ শৰীৰৰ পৰা যি তেজৰ পৰিমাণ ক্ষয় হয়, তাৰ ফলত কিশোৰীগৰাকী ৰক্তাল্পতাত বা এনিমিয়াত ভোগে। সাধাৰণ অৰ্থত আমাৰ শৰীৰৰ তেজত হিমগ্লবিন নামৰ উপাদানবিধৰ পৰিমাণ কমি গলে তাক এনিমিয়া বা ৰক্তাল্পতা বোলা হয়। ৰক্তাল্পতা বিভিন্ন ধৰণৰ হ’ব পাৰে। কিন্তু আটাইতকৈ বেছি আৰু সচৰাচৰ দেখা দিয়া ৰক্তাল্পতা হ’ল আইৰনৰ অভাৱত হোৱা ৰক্তাল্পতা বা এনিমিয়া।

আইৰন বা লৌহ পদাৰ্থৰ অভাৱত হোৱা এনিমিয়াৰ ফলত কিশোৰী আৰু মহিলাসকলৰ স্বাস্থ্য অৱনতি ঘটে। আনকি বহুক্ষেত্ৰত ই আমি মৃত্যুৰ কাৰণ হ’ব পাৰে। এই ধৰণৰ সমস্যাবোৰ উন্নয়নশীল দেশবোৰত কিশোৰী বা মহিলাৰ মৃত্যুৰ অষ্টমটো কাৰণ হিচাপে পৰিগণিত হৈছে। আমাৰ দেশতো লৌহ পদাৰ্থৰ অভাৱত হোৱা এনিমিয়াৰ প্ৰভাৱ খুবেই বেছি। একেদৰে অসমতো এক বুজন সংখ্যক কিশোৰী আৰু মহিলা এনিমিয়াত ভুগি জনস্বাস্থ্যৰ ক্ষেত্ৰত ভাবুকি হৈ পৰিছে। National Family Health Survey চমুকৈ NFHS-5 ৰ অনুসৰি অসমত প্ৰায় ৬৭% কিশোৰী (১৫-১৯বছৰৰ) এনিমিয়াত ভুগে অৰ্থাৎ দহগৰাকীৰ ভিতৰত প্ৰায় সাতগৰাকী ছোৱালীয়ে এনিমিয়াত ভুগে। তদুপৰি চাহ জনগোষ্ঠীৰ মাজত কৰা এক সমীক্ষামতে প্ৰায় নব্বৈ শতাংশ কিশোৰীয়ে এনিমিয়াত ভুগে। এনে সমীক্ষাসমূহ আৰু পৰিসংখ্যাৰ পৰা বাৰুকৈয়ে বুজা যায় যে এই সমস্যা আমাৰ ৰাজ্য তথা দেশৰ জনস্বাস্থ্যৰ এক ডাঙৰ সমস্যা। যদিহে ইয়াক প্ৰতিৰোধ কৰা নাযায়, ই আমাৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰটো ভাবুকিস্বৰূপ হৈ পৰিব। কাৰণ আজিৰ কিশোৰী কাইলৈ মাক হ’ব। সেয়েহে কিশোৰী অৱস্থাৰ পৰা ভালদৰে যত্ন ললে এনে সমস্যাবোৰৰ পৰা হাত সাৰি থাকিব পাৰি। ৰক্তাল্পতা বা এনিমিয়াৰ অন্যান্য কাৰণসমূহ ফহিয়াই চালে দেখা যায় যে পুষ্টিকৰ খাদ্যৰ অভাৱ, অৰ্থনৈতিক ভাৱে দুৰ্বল, লগতে আইৰনযুক্ত খাদ্যাভ্যাসৰ অজ্ঞতা আৰু কিছুধৰণৰ পেলুৰ দ্বাৰা আক্ৰান্ত হৈ লোক এজন এনিমিয়াত ভোগে।

সেয়েহে এনিমিয়াৰ পৰা হাত সাৰি থাকিবলৈ প্ৰতিগৰাকী কিশোৰীয়ে আইৰণযুক্ত সুষম আহাৰ গ্ৰহণ কৰিব লাগিব। লগতে চাফ-চিকুণতা অৱলম্বন কৰি পেলুৰ আক্ৰমণৰ পৰা হাত সাৰি থাকিব লাগিব।

আইৰণযুক্ত খাদ্যৰ ভিতৰত সেউজীয়া, ৰঙা শাক-পাচলি, গজালি ওলোৱা মগু-মাহ, চিৰা, খেজুৰ, গুৰ আদি নিয়মীয়াকৈ খোৱাৰ লগতে মাছ-মাংস, কণী খোৱাটো উচিত।

ভিটামিন-চি যুক্ত খাদ্য যেনে -আমলখি, নেমু, মধুৰিয়াম, কেঁচা জলকীয়া আদিয়ে আইৰণ শৰীৰে শোষণ কৰাত সহায় কৰে। ভিটামিন-এ যুক্ত খাদ্য যেনে -ৰঙা, হালধীয়া আৰু কমলাৰঙী পাচলি আৰু বতৰৰ ফল-মূল যেনে-আম, কঠাল আদিয়েও আইৰণ শোষণত সহায় কৰে।

একেদৰে চাহ বা কফিয়ে আইৰণ শোষণত বাধা দিয়ে। সেয়েহে আইৰণযুক্ত খাদ্যৰ লগত, বিশেষকৈ মুখ্য আহাৰৰ এঘণ্টা আগত বা পিছতহে চাহ-কফি খোৱা উচিত। এইটো আইৰণ বড়ী খোৱাৰ ক্ষেত্ৰতো প্ৰযোজ্য।

চৰকাৰে গৰ্ভৱতী সকলৰ লগতে কিশোৰীসকলক এনিমিয়াৰ পৰা ৰক্ষা কৰিবলৈ সকলো স্কুললৈ যোৱা কিশোৰ-কিশোৰীৰ লগতে স্কুললৈ নোযোৱা কিশোৰীসকলক প্ৰতি সপ্তাহত এটাকৈ আইৰন বড়ি দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু আইৰন বড়িৰ কিছুমান সাধাৰণ পাৰ্শ্বক্ৰিয়া যেনে-পেটৰ বিষ, বমি-বমি ভাৱ অহা, কলাৰঙৰ টান বা ধিলা শৌচ আদি হোৱাৰ ফলত বহুতে এই বড়ি খোৱা বন্ধ কৰি দিয়া দেখা যায়। ফলত এই আঁচনি বহুক্ষেত্ৰত সকলোকে সমানে সাঙুৰি ল’ব নোৱাৰা বাবে বিফলতাৰ সন্মুখীন হ’ব লগা হয়। এই বড়ি খালি পেটত খাব নালাগে আৰু মুখ্য আহাৰ খোৱাৰ পিছত খাব লাগে আৰু পানী সৰহকৈ খাব লাগে। চাহ-কফি আদিয়ে যিহেতু আইৰণ শোষণত বাধা দিয়ে সেয়ে এইবোৰ দ্ৰব্য কমাই খাব লাগে। তদুপৰি আইৰণ বড়ি মুখ্য আহাৰ খোৱাৰ এঘণ্টামান পিছত বা আগত খাব লাগে। লগতে ভিটামিন-চি যুক্ত খাদ্য সৰহকৈ খাব লাগে। কেলচিয়ামযুক্ত খাদ্য যেনে -গাখীৰ আদিৰ লগত আইৰণ বড়ি খাব নালাগে। ইও আইৰন শোষণত বাধা দিয়ে। মুঠতে এইখিনি সাধাৰণ কথা মানি আমি আইৰনযুক্ত খাদ্যৰ লগতে আইৰন বড়ি খালে কিশোৰীসকলৰ মাজত এই সমস্যাৰ ওৰ পৰিব। যিহেতু কিশোৰীসকলৰ সুস্বাস্থ্যৰ ওপৰত এখন দেশৰ স্বাস্থ্যৰ মানদণ্ড নিৰ্ভৰ কৰে, সেয়েহে সকলোফালৰ পৰা আমি কিশোৰীসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লব লাগিব। লগতে কিশোৰীসকলৰ সকলোধৰণৰ বেয়া প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰখাটো আমাৰ আটাইৰে কৰ্তব্য। এইক্ষেত্ৰত চৰকাৰৰ লগতে প্ৰতিটো স্বেচ্ছাসেৱী সংস্থা আৰু স্বাস্থ্যকৰ্মী তথা আমি জনসাধাৰণেও এক ইতিবাচক পদক্ষেপ লোৱা উচিত। ৰক্তাল্পতা বা এনিমিয়াক অৱহেলা নকৰি ইয়াৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ ক্ষেত্ৰত সকলো সজাগ হোৱা উচিত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!