গাঁও আৰু গাঁৱলীয়া জীৱন
লেখক- প্ৰিয়ংকা চক্ৰৱৰ্তী
অসমীয়া গাঁও কোনো আৰ্হিক কেন্দ্ৰ কৰি পতা নহয়, অথবা গাঁৱৰ ৰূপটো জ্যামিতিৰ চিত্ৰৰ লগতো নিমিলে। গাঁও পতা প্ৰসংগত পুৰণি প্ৰবাদ এফাঁকি মন কৰিব পাৰি: “কূল ল কূল ল নদীৰ কূল ল, সংগ ল সংগ ল জ্ঞাতিৰ সংগ ল।” সম্ভৱত: জলপথৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায়বোৰ গাঁও নদীৰ পাৰত পতা হৈছিল। আহোম যুগৰ পৰা ঘাইকৈ ৰাজআলিৰ কাষে–কাষে গাঁওবোৰ স্থাপন হোৱাৰ কথা জনা যায়। সাধাৰণতে, নৈ–নিজৰা, পুখুৰী, ধাননিপথাৰ, বাঁহনিয়ে দুখন গাঁৱৰ এখনক আনখনৰ পৰা পৃথক কৰে। কেতিয়াবা কেতিয়াবা একাধিক গাঁও এনেধৰণে একেশাৰীতেই গঢ় লৈ উঠে যে পৃথক কৰাই টান হৈ পৰে। নিৰ্দ্দিষ্ট ভৌগোলিক সীমা, মাটিকালি থকাৰ লগতে প্ৰতিখন গাঁৱৰে একোটা নিজ নিজ নাম থাকে। বহুত ক্ষেত্ৰত নামবোৰৰ পৰাই একোখন গাঁৱৰ বৈশিষ্ট্য, মাহাত্ম্য আৰু পৰিচয়ৰ বুজ ল’ব পাৰি।
অসমৰ গাঁৱবোৰত প্ৰত্যেকৰে ঘৰৰ সন্মুখত অন্তত: এখনকৈ এখনকৈ আহল–বহল চোতাল থাকে। কিছুমান গাঁৱৰ ঘৰত দুখনকৈ চোতাল থকাও দেখা যায়। চোতালৰ পৰা বাটলৈ আহোঁতে নঙলামুখ পাৰ হৈ আহিব লাগে। কিছু কিছু গাঁৱত দোঘৰাৰো ব্যৱস্থা থাকে। নিজৰ নিজৰ চৌহদত সকলো গাঁৱলীয়া লোকে গছ–গছনি ৰোৱে। প্ৰত্যেক ঘৰ মানুহৰ পিছপিনে বাঁহনি, তামোল–পাণৰ বাৰী আৰু একোটাকৈ পুখুৰী থকা দেখা যায়। গাঁৱৰ চাৰিওপিনে ধাননি পথাৰ, উমৈহতীয়া ধাননি পথাৰত সকলোৱে নিজৰ মাটিকেইডৰা সহজেই বিচাৰি উলিয়াব পাৰে।
প্ৰত্যেক গাঁৱৰে জীৱনধাৰণৰ প্ৰণালী কিছু সুকীয়া। সাধাৰণেত ওচৰা–উচৰিকৈ থকা গাঁওবোৰৰ ৰহণ–চহন, ভাব–ভাষা, সাজ–পাৰ, খাদ্যাভাস, উৎসৱ একেধৰণৰ হয়। দুখন দূৰৈৰ গাঁৱৰ ৰন্ধা–বঢ়াৰ নিয়ম, খাদ্য–তালিকাৰ শাক–পাচলি, মাছ–মঙহ, উৎসৱ–পাৰ্বনৰ বিধি সুকীয়া হোৱা দেখা যায়। সেইদৰে বিয়া–সৱাহে গোৱা বিয়ানাম, আইনামৰ সুৰো ভিন ভিন হয়।
সাধাৰণতে, প্ৰত্যেক গাঁৱেই একোটা সৰু সৰু অঞ্চলত বিভক্ত। এই সৰু খণ্ডসমূহক চুবুৰী, চুপা, চুক, পাৰা আদি নামেৰে জনা যায়। পাঁচ–দহঘৰ মানুহৰ সৈতেও একোটা চুবুৰী হ’ব পাৰে।
ঠাইভেদে সকলো গাঁৱৰে জীৱিকা অৰ্জনৰ পথ ভিন ভিন যদিও অসমৰ গাঁৱসমূহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তি আছে। ধান, মাহ, সৰিয়হ, তিল, আলু, লাও, বিভিন্ন প্ৰকাৰৰ শাক–পাচলি, মৰাপাট, ফল–মূল আদিৰ খেতি কৰা হয়। প্ৰায়বোৰ মানুহৰ ঘৰে–ঘৰে ভিন ভিন জীৱ–জন্তু যেনে হাঁহ–পাৰ, গৰু–ছাগলী, কুকুৰা–গাহৰি আদি পোহা হয়। ধানৰ পৰা আৰম্ভ কৰি শাক–পাছলি, হাঁহ–কুকুৰাৰ কণী, ওচৰৰ হাটত বেচা–কিনা কৰা হয়।
মন কৰিবলগীয়া যে কিছু কিছু গাঁৱত কাঠ–বাঁহৰ কাম, কাঁহ আৰু মাটিৰে নিৰ্মিত সম্পদৰ তৈয়াৰ কৰা হয় আৰু তেনে পৰিয়ালসমূহে সেইধৰণেই জীৱন নিৰ্বাহ কৰে। কাঠৰ ঘৰুৱা সঁজুলি যেনে ফুলজালি কটা পীৰা, বৰপীৰা, চালপীৰা, পেৰা আদিৰ উপৰি নামঘৰ বা মন্দিৰত লগোৱাৰ নিমিত্তে সিংহাসন, থাপনা, ঠগী, গছা আদিও কাঠেৰে নিৰ্মাণ কৰা হয়। বাঁহ–বেতৰ সামগ্ৰী যেনে জাপি, খৰাহী, মূঢ়া, পাচি, ডলা, ডুলি, কুলা, চালনী আদি ঘৰুৱা ব্যৱহাৰৰ লগতে বিক্ৰীৰ বাবেও সজা হয়। কঁহাৰৰ শিল্প–চাতুৰ্যৰে কাঁহী, বাণ–কাঁহী, মাইহাং, বাণ–বাতি, লোটা, চৰিয়া, বঁটা আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰা হয়। অসমৰ কিছু কিছু গাঁৱত পলু, মৌ আদি পুহি জীৱিকাৰ উপায় উলিওৱা হয়।
নামঘৰ অথবা মন্দিৰ–মদজিদক কেন্দ্ৰ কৰি গাঁৱৰ মেল–মিটিং বহে। কিছুমান গাঁৱত সংঘ, পুঁথিভঁৰাল, আত্মসহায়ক গোট, সংগীত কেন্দ্ৰ আদিও থাকে য’ত ইচ্ছুক গাঁৱলীয়াই নিতৌ লগ হৈ পঢ়া–শুনা, গান–বাজনাৰ আখৰা কৰিব পাৰে। গাঁৱৰ প্ৰায়বোৰ উৎসৱেই মুকলি ঠাইত উমৈহতীয়াভাৱে পতা হয়।
অসমৰ গাঁওসমূহৰ আশে–পাশে থকা অসংখ্য নৈ–নলা, খাল–ডোং, বিল–জলাহত সৰু–ডাঙৰ বিভিন্ন শ্ৰেণীৰ মাছ আছে। মাছ ধৰিবলৈ বিবিধ সা–সঁজুলি যেনে বৰশী, জাল, ষাঠি, জাকৈ, পল, চেপা আদি ব্যৱহাৰ কৰা হয়।
গাঁৱৰ মহিলাসকলে ঘৰ–গৃহস্থালিৰ কামৰ লগতে পথাৰৰ কামতো হাত উজান দিয়ে। তাঁতশালৰ কাম, দুগৰাকী–চাৰিগৰাকী লগ হৈ চিৰা–সান্দহ খুন্দা, পিঠা–পনা তৈয়াৰ কৰা, বিবিধ ৰন্ধন প্ৰকৰণ, ভূঁই ৰুবলৈ বা ধান দাবলৈ যোৱা, জাকৈ লৈ মাছ ধৰিবলৈ যোৱা, শাকনিবাৰীত শাক তোলা আদি মহিলাসকলে অনায়াসে কৰিব পাৰে। বিয়া–সবাহ, নাম–প্ৰসংগত আয়তীসকলৰ সহযোগ অপৰিহাৰ্য। সমিলমিলে কৰা এই কামসমূহে প্ৰীতিৰ এনাজৰী টনকিয়াল কৰি ৰাখে।
অসমৰ ঐতিহ্য, অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত গাঁৱসমূহৰ যি গুৰুত্ব তাত কেতিয়াও নুই কৰিব নোৱাৰি। ওপৰত উল্লিখিত বহুবোৰ বৈশিষ্ট্যৰ পৰা এতিয়াৰ গাঁওবোৰ কিছু ফালৰি কাটি অহা দেখা যায় যদিও ঐক্য–সংহতিৰ ডোল গাঁওসমূহত অটুট আছে।
(সহায়ক গ্ৰন্থ: ড° বিৰিঞ্চি কুমাৰ বৰুৱা – অসমৰ লোক–সংস্কৃতি)