চিৰিষা বান্দলা: মহাকাশে ধিয়ায়

লেখক- মৃদুপৱন বৰা

মহাকাশৰ বুকুলৈ গ’ল আন এগৰাকী ভাৰতীয় তৰুণী। অন্তৰীক্ষ অভিযানত ভাগ ল’লে ৩৪ বছৰীয়া ভাৰতীয় মূলৰ মহিলাগৰাকী। গৌৰৱময় ক্ষণৰ সাক্ষী হৈ ৰ’ল দেশবাসী। কল্পনা চাওলাৰ পিছত মহাকাশলৈ গ’ল ভাৰতত জন্মগ্ৰহণ কৰা চিৰিষা বান্দলা। মহাকাশলৈ উৰা মাৰিলে ভাৰতীয় বংশোদ্ভৱ চিৰিষা বান্দলা। এই গৌৰৱৰ অধিকাৰী হোৱা চিৰিষা ভাৰতত জন্ম হোৱা দ্বিতীয় মহিলা মহাকাশচাৰী হিচাপে পৰিগণিত হ’ল। বান্দলা Virgin Galacticৰ ‘VSS Unity’ত থকা ছয়জন মহাকাশ ভ্ৰমণকাৰীৰ ভিতৰত এগৰাকী আছিল, যি ১১ জুলাইত নিউ মেক্সিকোৰ পৰা মহাকাশলৈ উৰা মাৰিছিল। ভাৰ্জিন গেলেক্টিক ৰিচাৰ্ড ব্ৰেনছনৰ প্ৰতিষ্ঠাপকৰ সৈতে ছয়জনীয়া কৰ্মচাৰীৰ অংশ হিচাপে, বান্দলাৰ ভূমিকা আছিল গৱেষকৰ অভিজ্ঞতা। ৩৪ বছৰীয়া এৰোনটিকেল অভিযন্তা চিৰিষা বান্দলা মহাকাশলৈ উৰা মৰা চতুৰ্থগৰাকী ভাৰতীয়।

উল্লেখযোগ্য যে, আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ মহাকাশ ভ্ৰমণৰ ন দিন পূৰ্বে এই ভাৰ্জিন গেলেক্টিক মিছন আৰম্ভ হৈছিল। বাতৰিটো টুইটাৰত শ্বেয়াৰ কৰি, বান্দলাই কয় – তেওঁ এই অভিযানৰ অংশ হোৱাত “অবিশ্বাস্যভাৱে সন্মানিত।” বান্দলাৰ জন্ম অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰত হৈছিল আৰু টেক্সাচৰ হিউষ্টনত হৈছিল ডাঙৰ-দীঘল। ২০১৫ চনত ভাৰ্জিন গেলেক্টিকত অংশগ্ৰহণ কৰা বান্দলা বৰ্তমান কোম্পানীটোৰ চৰকাৰী বিষয়ৰ উপ-সভাপতি। তেওঁ Purdue Universityৰ পৰা বৈমানিক অভিযান্ত্ৰিক বিদ্যাত স্নাতক আৰু জৰ্জটাউন বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ। ভাৰ্জিন গেলেক্টিকত কাম কৰাৰ আগতে, তেওঁ টেক্সাছত এৰোস্পেচ অভিযন্তা হিচাপে কাম কৰিছিল, যাৰ পিছত তেওঁ কমাৰ্চিয়েল স্পেচফ্লাইট ফেডাৰেচন (চিএছএফ)ত মহাকাশ নীতিত চাকৰি কৰাৰ সুযোগ লাভ কৰে৷ চিৰিষাৰ এই সাফল্যত অত্যন্ত উৎসাহিত পৰিয়ালৰ লোকৰ লগতে গৌৰৱান্বিত দেশবাসী৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!