অষ্টদশ খণ্ড:আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি

লেখক- পাৰবীন চুলতানা

যুদ্ধবীৰৰ লগত আলোচনা হোৱাও দুমাহ পাৰ হৈ গ’ল। এই দুমাহত আমাৰ কাম কিছু আগবাঢ়িল। স্বপ্নকক্ষিকালৈ অহা পালিনেতা আৰু খণ্ডৰজাসকলৰ পৰা তেওঁলোকৰ মনৰ বুজ ল’বলৈ চেষ্টা কৰিলোঁ। মনুদেৱৰ প্ৰতি সমৰ্থন থকা কিছু নেতাক আমি যুদ্ধবীৰৰ সপক্ষে সমৰ্থন দিয়াবলৈ সক্ষম হ’লোঁ। কিন্তু ইক্ষ্বাকু দলৰ নেতা কল্কিনাথক কোনোপধ্যেই আমি মূল স্থিতিৰ পৰা লৰচৰ কৰিব নোৱাৰিলোঁ। ৰজা মনুদেৱৰ অন্ধ সমৰ্থক হৈছে নেতা কল্কি নাথ। তেওঁৰ হাতত থকা প্ৰায় এহেজাৰ সমৰ্থন লিচ্ছবিদলৰ নেতা ৰজা মনুদেৱৰ হাতত অৰ্পণ কৰে।  আৰু এই এহাজাৰ সমৰ্থনৰ অংকটোকেই আমি মিলাব পৰা নাই।নিশা দুপৰত বন্ধ কক্ষত বহি পৰিলোঁ দুয়োজনী। নিৰ্বাচনলৈ বেছি দিন নাই। এইকেইটা দিনৰ আমাৰ কৰ্মপন্থাই বৈশালীৰ ৰাজনৈতিক জীৱনৰ নিৰ্ণায়ক হ’ব। ভিতৰুৱা খবৰমতে, ৰজা মনুদেৱে নিৰ্বাচনৰ বাবে বিশেষ কাৰ্যপন্থা হাতত লোৱা নাই। এককথাত তেওঁ নিজৰ জয়লাভক লৈ একপ্ৰকাৰ নিচিন্ত হৈ আছে। চৰাইৰ পাখিত কেঁহৰাজ বীজৰ ৰসেৰে প্ৰস্তুত চিঞাহী লগাই পত্ৰ লিখিছোঁ বিভিন্নজনলৈ। গোপনে নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ যুদ্ধবীৰৰ হৈ। কল্কি নাথক লৈ বিমোৰত পৰিছোঁ।

প্ৰভা হাৰ মানি গৈছে, “এই বৃদ্ধই বিচনাৰ পাটিখনৰ বাদে আন একোৱেই বুজি নাপায়। ৰাজনীতি আমাৰ দৰে কোমলাংগী নাৰীৰ নহয় বুলি কথা সলায়।”

“তেতিয়াহ’লে উপায়?”, মই সুধি পেলাওঁ।

চিন্তাত পৰোঁ দুয়োজনী। লক্ষ্যৰ ইমান ওচৰলৈ গৈ যদি আমি লক্ষ্য চুব নোৱাৰোঁ, কি হ’ব তেতিয়া? বৈশালীৰ বহুত নেতা-পালিনেতা মোৰ ওপৰত খৰ্গহস্ত হৈ পৰিব। উপৰজা যুদ্ধবীৰৰ ৰাজনৈতিক জীৱন শেষ হৈ যাব। আনহে নালাগে, ৰজা মনুদেৱৰ বিৰোধিতা কৰা মানেই দেশদ্ৰোহিতাৰ অপৰাধ উত্থাপন হোৱা। আৰু দেশদ্ৰোহিতাৰ শাস্তি কি সমগ্ৰ বৈশালীৰ অজানা নহয়। দেশদ্ৰোহিতাৰ শাস্তি মগধৰ প্ৰধানমন্ত্ৰী আশুতোষে জানে। সামান্য অপৰাধত যেতিয়া বৈশালীৰ পৰা বিতাড়ন কৰা হৈছিল আশুতোষক, তেওঁ গৈ আশ্ৰয় লৈছিল মগধ ৰাজ্যত। মগধৰাজ বিম্বিসাৰৰ বিশ্বাসভাজন হৈ পৰা আশুতোষক পিছলৈ প্ৰধানমন্ত্ৰীৰ বাব দিয়া হৈছিল। কিন্তু সকলোৰে ভাগ্য ইমান সুচল নাথাকে। কিছুমানৰ জীৱন শেষ হয় পোতাশালত, কিছুমানৰ হয়তো চোকা তৰোৱালৰ ঘাপত। আশুতোষৰ সহায়ত বৈশালীৰ তলা-নলা জানি লৈছিল মগধৰাজ বিম্বিসাৰে। বৈশালীক জয় কৰি নিজপুত্ৰ অজাতশত্ৰুক বৈশালীৰাজৰ আসনত অধিষ্ঠিত কৰাই আছিল তেওঁৰ লক্ষ্য। সেই সূত্ৰেই আশুতোষৰ লগত সময়ে সময়ে গভীৰ আলোচনাত বহিছিল এই দুই পিতা-পুত্ৰ। কিন্তু বিম্বিসাৰ গোপন পথেৰে আহি আম্ৰকুঞ্জত উপস্থিত হোৱাৰ পাছতে খেলিমেলি হৈ গৈছিল সকলো হিচাপ-নিকাচ। ক্ষমতা তথা উত্তৰাধিকাৰীৰ অভীস্পা পূৰণ কৰিবলৈ কিদৰে তেওঁ প্ৰেয়সীৰ মাতৃভূমিক আক্ৰমণ কৰে? আম্ৰপালীৰ কাষৰ পৰা আহি নিজভূমিত উপস্থিত হৈও তেওঁ কিছুদিন নীৰৱ হৈ থাকিল। বাহ্যিক দৃষ্টিত স্থিৰ হৈ থাকিলেও চাকনৈয়াৰ দৰে নিম্নমুখী গতি এটাই অভ্যন্তৰৰ কেন্দ্ৰত ক্ৰিয়া কৰি তেওঁক অস্থিৰ কৰি থাকিল। বৰ অসহ্যকৰ অস্থিৰতা সেয়া, অসহ্যকৰ যেন নিম্নমুখিতা। এই অস্থিৰতাত পৰি প্ৰধানমন্ত্ৰী আশুতোষৰ স’তে শতৰঞ্চ খেলত হাৰি থাকিল। হাৰি থাকিল পুত্ৰ অজাতশত্ৰুৰ সৈতে অসিচালনা। পত্নী ক্ষেমাই কান্ধৰ উত্তৰীয়খন জাপি জাপি মগধৰাজৰ গহীন মুখখনলৈ চাই পঠিযায়।

প্ৰথমা পত্নী চেলেনাৰ সৈতে পুত্ৰ অজাতশত্ৰু আহি ৰজাৰ ওচৰত উপস্থিত হয়, “মহাৰাজে যদি আজ্ঞা দিয়ে, নিৰ্বাচনৰ সময়টোৱেই বৈশালী আক্ৰমণৰ উপযুক্ত সময় বুলি বিবেচনা কৰিব পৰা যায়।”

উচপ খাই উঠে বিম্বিসাৰ। বাধা দিয়ে যুৱৰাজক, “নহয় পুত্ৰ, এয়া উপযুক্ত সময় নহয়। নিৰ্বাচনৰ নিমিত্তে এতিয়া বৈশালীৰ চৌপাশে কটকটীয়া পহৰা।”

“নহয় পিতাই, আমি মগধবাসীক কথা দিয়া আছিল, এতিয়া প্ৰতিশ্ৰুতি পূৰণৰ সময়৷”

কিছু ৰৈ অজাতশত্ৰুৱে পুনৰ মাত দিয়ে,“কাৰখানাত নতুন নতুন অস্ত্ৰ নিৰ্মাণ হৈ আছে। এতিয়া প্ৰদৰ্শন কৰিব লাগে অস্ত্ৰসমূহ। মই অধৈৰ্য হৈ পৰিছোঁ পিতা। মোক আজ্ঞা কৰক৷”

“নহয় যুৱৰাজ, ইমান অধীৰ নহ’বা।”, পুত্ৰক বুজনি দিয়ে তেওঁ।

এইবাৰ প্ৰধানমন্ত্ৰী আশুতোষে মন্ত্ৰণা দিবলৈ ধৰে ৰজা বিম্বিসাৰক, “ক্ষত্ৰিয় ৰজাৰ প্ৰধান ধৰ্মই হৈছে যুদ্ধ। বুদ্ধৰ অনুগামীসকলে যুদ্ধ ধৰ্ম পৰিহাৰ কৰি ৰাজকাৰ্যলৈ পিঠি দিবলৈ লৈছে। পিছে ৰাজকাৰ্যলৈ পিঠি দিলে ৰাষ্ট্ৰৰ উন্নয়ন ৰৈ যায়৷”

বুজনি দিছে পত্নী চেলেনাই। পুত্ৰ অজাতশত্ৰু নাচোৰবান্দা, যুদ্ধ লাগে, অতি সোনকালেই লাগে। যুদ্ধ বিচাৰিছিল ৰজা বিম্বিসাৰেও, কিন্তু সেয়া কিছুদিনৰ আগৰ কথা। এতিয়া কথাবোৰ সেই পৰ্যায়ত থকা নাই। এতিয়া বৈশালী মানেই যে আম্ৰপালী! আৰু আম্ৰপালীৰ দেশ তেওঁৰ বাবে শত্ৰুদেশ কিদৰে হ’ব? গম্ভীৰ খোজেৰে তেওঁ প্ৰাংগণৰ পুষ্প উদ্যানত প্ৰৱেশ কৰে। পুত্ৰৰ লগত সামান্য মতবিৰোধ হৈ গ’ল। পত্নী চেলেনাও অসন্তুষ্ট। ৰাজগৃহত গোমা পৰিবেশ।

পত্নী ক্ষেমা আহি তেওঁৰ কাষত ঠিয় হয়, “হে ৰাজন, ক্ষত্ৰিয় এজনৰ বাবে ৰাজ্য জয়তকৈ উপযুক্ত ধৰ্ম কি হ’ব পাৰে? তাতে আপোনাৰ দৰে শক্তিশালী ৰজা এজনৰ বাবে দেশ আৰু প্ৰজাৰ নিৰাপত্তা সুনিশ্চিততকৈ আন চিন্তা একোৱেই থাকিব নোৱাৰে। আপুনি সিদ্ধাৰ্থমুনিক অনুসৰণ কৰিলে প্ৰজা নিৰাপদ কিদৰে হ’ব? সিদ্ধাৰ্থমুনিৰ জীৱনাদৰ্শ বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত হয় জানো?”

পত্নী ক্ষেমাই ভাবি পাইছে যে শাক্যমুনিৰ মতাদৰ্শত অনুপ্ৰাণিত হৈহে তেওঁৰ স্বামীয়ে যুদ্ধৰ বিপক্ষে থিয় দিছে। “নহয়, নহয় ক্ষেমা, এনে কথা নহয়, বৈশালীৰ বাদে আন কোনো ৰাজ্যৰ সৈতে যুদ্ধ কৰিবলৈ প্ৰস্তুত আছোঁ মই৷”

“বৈশালীৰ লগত কিয় নহয়?” ক’ব নোৱাৰে তেওঁ।

ক্ষেমাৰ ওচৰত খুলি দিব নোৱাৰে নিজক। পত্নী ক্ষেমাই বুজি পায়, কোনোবাখিনিত দুৰ্বোধ্য হৈ উঠিছে কথাবোৰ। ৰজাৰ আচৰণত তেওঁ বিভ্ৰান্ত হৈ পৰিছে। ৰজাই তেওঁৰ পৰা কথা লুকুৱাইছে। এই কথা মনলৈ অহাত তেওঁৰ অহংকাৰ হ্ৰাস পাইছে। যি প্ৰজ্ঞা আৰু ৰূপৰ অহংকাৰেৰে তেওঁ বিম্বিসাৰৰ হৃদয়ৰ কক্ষ অধিকাৰ কৰি আসন লৈ আছিল, সেই অধিকাৰৰ অৱক্ষয় হৈছে। কি কাৰণ? কি কাৰণ? ৰজা বিম্বিসাৰক প্ৰমোদকক্ষলৈ আগবঢ়াই বাহিৰতে ৰৈ থাকিল পত্নী ক্ষেমা। ভিতৰত সুন্দৰী নৰ্তকীৰ মনোৰঞ্জক নৃত্য। চৌষষ্ঠী কলাৰে পাৰ্গত নৃত্যপটিয়সীৰ নৃত্যই যে এতিয়া ধৰি ৰাখিব নোৱাৰে বিম্বিসাৰক, ৰাণী ক্ষেমাই সেই কথা জানি গৈছে। অচঞ্চল খোজেৰে তেওঁ ৰাজউদ্যানৰ ফালে খোজ ল’লে। মনটোৰ দৰেই গোমা আকাশ। গোমা আকাশত ডেউকা মেলি উৰিছে মেঘকন্যাৰ কজলাৰঙী আঁচল । বসন্ত ঋতুৰ আগমনৰ সময়। এই যেন বসন্তৰ প্ৰথমজাক বৰষুণে ধুৱাই পেলাব বিম্বিসাৰনগৰী। চম্পা নদীৰ দুয়োকুল উপচিব। বিবাহৰ পাছৰ মধুৰ দিনৰ কথা সুঁৱৰি থাকিল তেওঁ। এনে এটা দিনতে বিম্বিসাৰে তেওঁক স্বয়ম্বৰত জয়লাভ কৰি গৌৰৱেৰে লৈ আনিছিল ৰাজগৃহলৈ। সেই গৌৰৱ, সেই নিৰাপত্তা সাৱটি লৈও আজি যেন তেওঁক একাকীত্বই গ্ৰাস কৰি আনিছে। বিম্বিসাৰৰ আন পত্নীসকলৰ এনে ভাব নাহেনে? আহে নিশ্চয়। বিম্বিসাৰে যেতিয়া তেওঁক লৈ অন্তেষপুৰত ব্যস্ত থাকে, শয়ন কক্ষত হয়তো একেজন স্বামীৰ বাবে অপেক্ষা কৰি থাকে জ্যেষ্ঠ পত্নী চেলেনাই। গণিকাগমনো কৰে তেওঁৰ ৰাজনে। সেয়া পৌৰুষৰ পৰিচায়ক হিচাপেই ৰাণীসকলে গণ্য কৰি আহিছে। ৰাজকুলৰ এক অবিচ্ছেদ্য অংগ হিচাপে স্বীকাৰ কৰি লৈছে এই সমূহ ৰীতি। এই সমূহ ৰীতি স্বীকাৰ কৰি ল’লেও আন নাৰীৰ সৈতে স্বামীৰ প্ৰেম তেওঁ স্বীকাৰ কৰিব নোৱাৰে, কোনোপধ্যেই নোৱাৰে। ঘন আৰণ্যকৰ মাজেৰে তেনে কোনো প্ৰচ্ছায়া আহি তেওঁক উদ্বাউল কৰি গৈছে, বক্ষত টুকুৰিয়াই গভীৰ ব্যথাৰে উদাসীন কৰি পেলাইছে।   

“মহাৰাজ যাত্ৰালৈ সাজু হৈছে। ৰাজমহিষীয়ে বিদায় দিব লাগে”, প্ৰাহ্নু আহি দাসীয়ে খবৰ দিলে তেওঁক।

উচপ খাই উঠিল তেওঁ। এই যাত্ৰা কোনদিশে? কি নিমিত্তে?

“মহামাত্য, উত্তৰ দিয়া মোক। মহাৰাজৰ এই যাত্ৰা কি উদ্দেশ্যে?”, শয়নকক্ষৰ পৰা দৌৰি আহি প্ৰধানমন্ত্ৰী আশুতোষক প্ৰশ্নৰে ব্যতিব্যস্ত কৰি পেলাইছে তেওঁ।

“চিন্তা বৰ্জন কৰক ৰাজমহিষী। যুদ্ধজয়ৰ নিমিত্তেই ৰজাৰ এই যাত্ৰা।“

“বৈশালী?”

“হয়, বৈশালী।” কেৱল যুদ্ধৰ বাবেই বৈশালীলৈ মহাৰাজৰ এই সঘন যাত্ৰা?

মনটো চেবাই যায় তেওঁৰ। বাতায়নৰ ফাঁকেৰে চাই পঠিয়ায় স্বামী বিম্বিসাৰলৈ। ওৰেটো নিশা ঘোঁৰাৰ শব্দত মোৰো নিদ্ৰা হৰণ হয়। গোমা আকাশখনলৈ চাই পঠিয়াওঁ। তেওঁ অনন্তকালৰ বাবে অহাৰ কথা। সেইটোৱেই প্ৰতিশ্ৰুতি দি গৈছে তেওঁ, সেই প্ৰতিশ্ৰুতিতেই মোৰ সমস্ত আশা। আঁঠুত মূৰ গুজি সেয়া সখী প্ৰভা। তাইৰ চিন্তাত এটাই নাম, সেয়া হৈছে কল্কিনাথ। কল্কিনাথৰ ওপৰত বিতুষ্ট তাই। কল্কিনাথৰ ৰাজনৈতিক অভিপ্ৰায় সলনি কৰিব পৰা নাই তাই।

হতাশা এটাৰে কৈ উঠিছে সখী প্ৰভাই, “অত ৰাতিৰ দেহদানেৰে যি কাম সহজ বুলি ভাবিছিলোঁ, সেই কাম সহজ হৈ উঠা নাই পালী৷”

“দেহদানেৰে সকলো কাম সম্ভৱ নহয় প্ৰভা৷”

“কিন্তু কল্কিনাথৰ যে মোৰ প্ৰতি বিশেষ আকৰ্ষণ আছে, সেয়াওতো মিছা নহয়।”

“সেই আকৰ্ষণ কেৱল দেহৰহে। মনৰ নহয়।”, মই উত্তৰ দিওঁ নিৰ্বিকাৰ ভংগীত।

ক্ৰোধ জাগ্ৰত হৈছে যেন তাইৰ, “পুৰুষে মনৰ কথা কি বুজি পায়? পুৰুষে নাৰীক কেৱল উপভোগৰ সামগ্ৰী বুলি ভাবে।”

প্ৰতিবাদ কৰি উঠিলোঁ মই, “তই শুদ্ধ নহয় প্ৰভা, সকলো পুৰুষে সকলোকে সেইদৰে নাভাবে।”

সুন্দৰ পুৰুষ এজনৰ অৱয়বটো মনলৈ আহিল, যাৰ সৈতে স্পৰ্শবিহীন এৰাতিৰ অভিজ্ঞতা আছে মোৰ। কৈ দিবলৈ মন গ’ল তাইক, কিদৰে ৰাতিৰ ৰাতিটো ঘোঁৰাৰ খুৰাৰ শব্দ শুনি কাণ উণাই থাকোঁ মই। যোৱা কিমানদিন ধৰি মন্দ্ৰালসা সময়বোৰে মোক আছন্ন কৰি ৰাখিছে, কিদৰে শয়নে সপোনে, উশাহৰ স্তুতিমালাবোৰত তেওঁৰ নাম জপ কৰি আছোঁ মই।

সখী প্ৰভা আহি মোৰ বাহুযুগল স্পৰ্শ কৰিলে, “কি ভাৱত বিভোৰ হ’লি পালী? কল্কি নাথৰ সমস্যাটোৰ কথা চিন্তা নকৰিবি, শেষ বিন্দুলৈকে যুঁজিম মই।”

হাঁহিৰ ৰেশ এটা টানি ভাবিলোঁ মই, ক’ত ৰাজনীতিৰ কথা, ক’ত মোৰ হৃদয়ৰ অপ্ৰকাশিত বতৰা।

আকৌ সুধিলে তাই, “তোৰ সমস্যা মোতকৈও গভীৰ পালী। বৈশালীৰ অৰ্ধেকতকৈ বেছি নেতাৰ সৈতে তই চুক্তিত আবদ্ধ হৈছ, যুদ্ধবীৰৰ দৰে উপৰজাৰ ৰাজনৈতিক উত্থানৰ দায়িত্ব লৈছ, সূচাগ্ৰ অমিলতে যে সকলো নিঃশেষ হৈ যাব, সেই উমান পায়ো তই কিদৰে ইমান শান্ত হৈ থাকিব পাৰিছ?”

গভীৰ নিশ্বাস এৰি তাইক আশ্বস্ত কৰিলোঁ, “সময়ৰ ওপৰত মোৰ আস্থা বৰ বেছি প্ৰভা। এইবাৰ মোৰ অন্তৰাত্মাই ৰজা মনুদেৱৰ ওপৰত প্ৰতিশোধ ল’বলৈ অনুমতি দিছে, মই অন্তৰাত্মাৰ বাণী শুনিছোঁ। তাৰ বাদে প্ৰাপ্তি-অপ্ৰাপ্তিৰ কি কথা আছে? প্ৰাপ্তিৰ অংক নাথাকিলে অশান্ত হ’ম কিয়?”

ঠিকেইতো কৈছোঁ মই, প্ৰাপ্তিৰ অংক নাই, মাথোঁ অন্তৰাত্মাৰ দাবী মানি গৈছোঁ। ৰাজনীতিৰ সমান্তৰালভাৱে আৰু এখন যুদ্ধ দুখন চলি আছে অভ্যন্তৰত, সবাৰে অদেখাকৈ। মধুমিহলি উষ্ম জলৰ পাত্ৰ আনি হাতত তুলি দিছে প্ৰভাই, চকু-মুখত সানি দিছে গোলাপৰ পাহিৰে প্ৰস্তুত কৰা নিৰ্মল ৰস, চুলিকোচাত দৈৰ প্ৰলেপ।

“দিনে দিনে তোৰ ত্বকৰ উজ্জ্বলতা বাঢ়িছে, চিন্তা আৰু নিদ্ৰাহীনতাই তোৰ সৌন্দৰ্য ম্লান কৰিব পৰা নাই। ত্ৰৌঞ্চৰ ৰাজকুমাৰ বাউল নহ’ব কিয়?”, প্ৰভাই মোৰ মুখলৈ চাই খিলখিলাই উঠিছে।

“ছিঃ প্ৰভা, দেহৰ সৌন্দৰ্যৰ বাবে যদি কোনোবা বাউল হয়, সেই দেহ জহি খহি যাওক,” ডবিয়াই উঠিছোঁ মই ঈষৎভাৱে।

“দেহৰ সৌন্দৰ্যৰ বাদে মনৰ সৌন্দৰ্যৰ কথা পুৰুষে বুজি পায়নে?”, প্ৰভাৰ কণ্ঠত আশ্বৰ্য।

“প্ৰেমিকে পায় বুজি”, লাহেকৈ উত্তৰ দিলোঁ।

“তেনে প্ৰেমিক কিন্তু ইমান সুলভ নহয়”, প্ৰভাই প্ৰত্যুত্তৰ দিছে।

“প্ৰেমেই বা কিদৰে সুলভ!”, মিচিকিয়া হাঁহি এটাৰে মোখনি মাৰিলোঁ মই।

স্নানাগাৰৰ জলভৰ্তি চৌব্বাচ্চাত অলসভাৱে পৰি থাকিলোঁ। বিভাৱৰী ক্ষণবোৰতো চকুৰ পৰ্দাত স্পষ্টভাৱে জিলিকি থাকে সেই অৱয়ব, পৰম আকাংক্ষাৰ, সাত জনমৰ পূৰ্বৰ চিনাকী যেন সেই অৱয়ব। কি নাম আছিল তেওঁৰ?

কি কৈ গৈছিল তেওঁ, “দেৱীৰ সাহস, দেৱীৰ বিক্ৰম তেওঁ।”

ঠিক ঠিক। সেই সাহসতেই মই শান্ত হৈ আছোঁ, সেই বিক্ৰমেই মোক জিলিকাই ৰাখিছে। প্ৰভাৰ প্ৰশ্নৰ উত্তৰ পাই গ’লোঁ মই।

দাসী আহি খবৰ দিছে, “প্ৰৱেশদ্বাৰত বিক্ৰমসেনৰ অপেক্ষা। দেৱীলৈ বাৰ্তা পঠিয়াইছে।”

সঁচানে? সপোন নেকি? চিকুটি চাইছোঁ মই।

মোৰ হৈ প্ৰভাই উত্তৰ দিছে, “জিৰণিঘৰত বিশ্ৰাম লবলৈ দিয়া তেওঁক। বহিঃৰাজ্যৰ বণিক তেওঁ, শীতল জলৰ ব্যৱস্থা কৰা।”

মই প্ৰভালৈ চাইছোঁ, কিদৰে মোৰ সকলো অনুভূতি বুজি পাই যায় তাই, আইৰ মমতাৰে কিদৰে সামৰি ল’ব পাৰে মই নিয়ন্ত্ৰণ কৰিব নোৱৰা আবেগবোৰ। সুন্দৰ কিংখাপৰ বস্ত্ৰেৰে মোক সজাই তুলিলে তাই। কেশবিন্যাসত গুজি দিলে শুভ্ৰ তগৰ দুপাহি। কৰ্ণত নীলকান্ত মণিৰ কুন্তল। কপালৰ ঢৌ খেলোৱা অলকা দুডালৰ স’তে সেওতাৰ মাজেৰে প্ৰলম্বিত হৈ দুলি থাকিল স্বৰ্ণখচিত অলংকাৰ। দাপোণত মুখ চাই লজ্জা অনুভৱ কৰিলোঁ, কাষতে যেন এটা প্ৰতিবিম্ব ভাঁহি আহিব খোজে বিস্তীৰ্ণ বক্ষপ্ৰদেশৰ অধিকাৰী এক বীৰ্যবান পুৰুষৰ কল্পকায়া। সেই পুৰুষ আহি মোৰ বিশ্ৰামঘৰত অপেক্ষা কৰি থকা অৱস্থাত এতিয়া মোৰ পদযুগলে গতি হেৰুৱায়। নিৰ্ভীক, সাহসী আম্ৰপালীজনীৰ অধৰযুগল বিৰিণাগছৰ লাহি পত্ৰ এখিলাৰ দৰে কঁপি উঠে। নিৰাপত্তাৰক্ষী দুজনৰ সৈতে বিশ্ৰামঘৰলৈ মোক আগবঢ়াই নিয়ে প্ৰভাই। আত্মাৰ সৌন্দৰ্যৰে ভাস্বত হৈ উঠে যেন মোৰ মুখমণ্ডল।

“দেৱী”, ৰাজকীয় কণ্ঠেৰে সম্বোধন কৰে তেওঁ।

এই সম্বোধনতে বিগলিত হৈ যাওঁ মমৰ দৰে।

“ৰৈ দিয়া বিক্ৰম, আৰু একো নক’বা”, কৈ পেলাওঁ নিজৰ মনৰ মাজত।

ওঁষ্ঠভেদি কণ্ঠ নোলায় মোৰ। বিমূৰ্ত হৈ উঠা ক্ষণবোৰ উপভোগ কৰে যেন তেওঁ, মোৰ মুখৰ পৰা শব্দ উলিয়াবলৈকে কৈ উঠে বিক্ৰমে, “মোৰ উপস্থিতি দেৱীৰ কাম্য নাছিল যেন পাওঁ।”

কি কয় তেওঁ? মোৰ শান্ত চেহেৰা সৰকি অভিমানেৰে ওপচি পৰে অক্ষিযুগল।

থোকাথুকিকৈ মাত দিওঁ, “হে প্ৰিয় পুৰুষ, মোক ক্ষমা কৰা। মই ব্যৰ্থ হৈছোঁ মোৰ মনৰ বহিঃপ্ৰকাশত। মোৰ মন আৰু আত্মাই মোৰ দেহক সহযোগ কৰা নাই। আত্মা যিমানেই উথলি উঠিছে, দেহটো সিমানেই কুঞ্চিত হৈ গৈছে। মোক সামৰি লোৱা বিক্ৰম, মোক মোৰ পৰা দূৰলৈ লৈ যোৱা।”

পৰম আকুলতাৰে আকোঁৱালি লয় তেওঁ।

“দেৱীয়ে নিশ্চয় নাজানে, হাজাৰ মাইল অতিক্ৰমি, হাজাৰজনৰ বাধা নেওচি মই কেৱল তেওঁৰ বাবেই দৌৰি আহিছোঁ।”

“আৰু দেৱীৰ প্ৰিয়পুৰুষে হয়তো নাজানে, অহা-যোৱাৰ পৰিক্ৰমাটো কেৱল তেওঁৰ বাবেহে। অনন্তকালৰ সূত্ৰ পাহৰি হাজাৰ আলোকবৰ্ষ ৰৈ গৈছে দেৱীৰ বাবে। দেৱী স্থিৰ, দেৱী প্ৰতিশ্ৰুতিৰ মোহত আবদ্ধ।”

“প্ৰতিশ্ৰুতি!” কি প্ৰতিশ্ৰুতি দি গৈছিল তেওঁ? কিহৰ মোহত আবদ্ধ হ’ল দেৱী? প্ৰেমক প্ৰতিশ্ৰুতিৰে বান্ধিব বিচাৰেনে দেৱীয়ে? বিক্ৰমসেনৰূপী বিম্বিসাৰৰ মনলৈ আহে সেই কঠিন প্ৰশ্ন, যিটো সুধিম বুলিয়েই তেওঁ ৰাজ্য আৰু প্ৰজা এৰি দৌৰি আহিছে ইয়ালৈ।

“প্ৰতীক্ষাৰতা নাৰীৰ চকুৰ দৃষ্টি দেখিছানে বিক্ৰম? যি দৃষ্টি বিয়পি থাকে দিগবলয়ৰ সিপাৰলৈ, সেই দৃষ্টিয়ে হাজাৰ মাইল দূৰত্বত থকা প্ৰেমিকক বন্দী নকৰিবই বা কিয়?”, মোৰ অস্ফূট স্বৰত নিগৰি উঠে শব্দবোৰ।

দুৱাৰত টোকৰ পৰে। আলিংগন এৰি স্বাভাৱিক হওঁ দুয়ো। প্ৰভাৰ নিৰ্দেশত দাসীসকলে খাদ্যৰ পাত্ৰ আনি আমাৰ সন্মুখত ৰাখে।

কথা সলায় বিক্ৰমসেনে, “ৰজা মনুদেৱৰ ৰাজকাৰ্যত সুখী নে বৈশালীগণ? শুনা যায় বৈশালীগণ অসন্তুষ্ট হৈছে তেওঁৰ শাসনকালত। সুৰাৰ বাদে আন একো ধৰ্ম নাই এই ৰজাৰ।”

“তথাপি বৈশালীগণে বিকল্প নিবিচাৰে, সুৰামত্ত ৰজাৰ অধীনত থাকিয়েই যেন সুখী তেওঁলোক।”, প্ৰভাই উত্তৰ দিয়ে।

“এটা কথা কওঁ দেৱীসকল?” বিক্ৰমে ইফালে সিফালে চায়।

দাসীসকলক বাহিৰলৈ যাবলৈ নিৰ্দেশ দি চকুৰে সন্মতি দিওঁ তেওঁক।

ধীৰ স্বৰেৰে কয় তেওঁ, “কল্কি নাথ থকালৈকে তোমালোকৰ উদ্দেশ্য পূৰণ নহয়। তাক আঁতৰাব লাগিব৷”

“কি! আঁতৰাব লাগিব? কিদৰে সম্ভৱ সেয়া?”, দুয়োজনীয়ে একেলগে চিঞৰি উঠো।

উত্তৰত তেওঁ একো নক’লে। তাৰ পিছত মৌন হৈ আহাৰ গ্ৰহণ কৰিলোঁ দুয়ো। মাজে মাজে প্ৰভাই যোগাৰ দি থাকিল। মাজে মাজে অন্যমনস্ক হৈ গ’ল তাই। তাইৰ অন্যমনস্কতা দেখি ময়ো চিন্তিত হ’লোঁ। ৰাজনৈতিক মেৰপাশত বেয়াকৈ সোমাই গ’লোঁ দুয়োজনী। এতিয়া ওভতিবৰো উপায় নাই, সন্মুখৰ পথচোৱাও বেচ কন্টকময়। প্ৰত্যাহবানৰ প্ৰান্তৰ এখন বাচি লৈ যুদ্ধৰ বাবে সাজু হোৱাই কাম্য, বুজি উঠিলোঁ মই।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!