চিনেমাত প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰাসংগিকতা
লেখক- বিকাশ দত্ত
প্ৰকৃতি তথা পাৰিপাৰ্শ্বিকতাক মূল বিষয়বস্তু হিচাপে লৈ বহুসময়ত বিভিন্নধৰণৰ ছবি নিৰ্মাণ হৈ আহিছে। তাৰ ভিতৰত হলিউদৰ “দ্য ডে আফটাৰ টুম’ৰৌ”, “দ্য ডে দ্য আৰ্থ ষ্টুড ষ্টিল” ইত্যাদি প্ৰধান। কিন্তু নেচনেল জিঅ’গ্ৰাফী চেনেল বা ডিস্ক’ভাৰী চেনেলে নিৰ্মাণ কৰা বিভিন্ন ‘ডকুমেণ্টেৰী’ ছবিৰ পৰিৱেশ সম্পৰ্কে যিটো ধাৰণাক সুন্দৰকৈ দাঙি ধৰে সেইয়া হয়তো আন কোনেও দাঙি ধৰিব নোৱাৰে। কিন্তু পাঁচ বছৰ আগত এখন ছবি আহিছিল। নাম “দ্য ৰেভেনেণ্ট” (The Revenant)। ২০১৫ চনত মুক্তিপ্ৰাপ্ত অস্কাৰ বিজয়ী ছবি The Revenant ৰ পৰিচালক আলেহান্দ্ৰ গঞ্জালেছ ইনেৰিটুৱে ২০১৬ চনৰ অস্কাৰত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল। উক্ত ছবিখনৰ জৰিয়তে ছবিজগতত তেওঁ বিভিন্নধৰণৰ নতুনত্ব আনিছিল। The Revenant ৰ নিৰ্মাণশৈলী আছিল খুবেই সুন্দৰ কিন্তু কঠিনতকৈও কঠিন। প্ৰাকৃতিক পৰিৱেশৰ মাজত দুৰ্গম বৰফাবৃত অঞ্চল, বিভিন্ন নিৰ্মাণমূলক ঘাত–প্ৰতিঘাত আৰু কিদৰে মানুহ প্ৰকৃতিৰ দাস, সেই সম্পৰ্কে তেওঁ বিভিন্ন সাক্ষাৎকাৰত কৈছে। তদুপৰি উক্ত ছবিৰ বাবে অস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা লিঅ’নাৰ্ডো ডিকেপ্ৰিয়ই ১৮ শতিকাৰ এগৰাকী চিকাৰী হিউ গ্লাছৰ চৰিত্ৰটো ফুটাই তুলিবৰ বাবে এবাৰ ছবিখনৰ এটা দৃশ্যত কেঁচা মাংসও ভক্ষণ কৰিছিল।
পৰিচালক আলেহান্দ্ৰই 20th Century Fox ৰ এখন তথ্যচিত্ৰ “The Revenant, A World Unseen” ত এটা খুব ৰোমাঞ্চকৰ অথচ আৱেগিক কাহিনীৰ বিষয়ে জনাইছিল। ছবিখনত বহুকেইজন ৰেড ইণ্ডিয়ান অৰ্থাৎ আমেৰিকাৰ স্থানীয় নিৱাসীকো অভিনয় কৰোৱা হৈছিল। তাৰে বহুকেইজন আপোনাৰ মোৰ দৰেই সাধাৰণ জীৱিকা নিৰ্বাহ কৰা একো একোজন নাগৰিক। কিন্তু চৰিত্ৰৰ লগত সংগতি ৰাখি তেওঁ বহুকেইজন ইণ্ডিয়ানৰ অডিছন লৈছিল। ইয়াৰ ভিতৰৰে এজন আছিল ষ্টাৰলাইট। ষ্টাৰলাইটক যেতিয়া তেওঁ বিভিন্ন কথা সুধিছিল তেতিয়া তেওঁ অৱগত হ’ল যে, ষ্টাৰলাইট এগৰাকী চিকাৰী। বিশেষকৈ মাছুৱৈ। কিন্তু তেওঁ নিজৰ পেছা সলনি কৰে আৰু এগৰাকী চিকাৰী হোৱাৰ পিছতো তেওঁ মাছ মৰা সম্পূৰ্ণৰূপে ত্যাগ কৰে। এই সন্দৰ্ভত আলেহান্দ্ৰই যেতিয়া সোধে, তেতিয়া ষ্টাৰলাইটে কয় যে, ”মই প্ৰকৃতিৰ সৈতে এক চুক্তি কৰি লৈছোঁ। প্ৰায় তিনিবছৰ পূৰ্বে মোৰ পুত্ৰ নিজৰ কেইজনমান বন্ধুৰ সৈতে জংঘলৰ মাজলৈ গুচি যায়। ফুৰিবলৈ যোৱা বুলি কয় যদিও বহু দেৰিলৈকে তেওঁলোক ঘূৰি নাহে। তেতিয়া আমি সকলোৱেই ভয় খাই আছিলোঁ মোৰ পুত্ৰ আৰু এই পৃথিৱীত নাই। কিন্তু সেইয়া গ্ৰহণ কৰিব পৰা নাছিলোঁ। দুদিনৰ পাছতো যেতিয়া মোৰ পুত্ৰ ঘূৰি নাহিল, তেতিয়া পিছৰ নিশা মই জংঘলৰ মাজলৈ গুচি গ’লোঁ আৰু আঁঠু লৈ প্ৰাৰ্থনা কৰিলোঁ, প্ৰকৃতিক সেৱা কৰি জনালোঁ আৰু ক’লোঁ, যদিহে মোৰ পুত্ৰক তুমি ঘূৰাই দিয়া তেন্তে মই আৰু কেতিয়াও চিকাৰ নকৰোঁ, মাছ নামাৰোঁ। দ্বিতীয়দিনা ৰাতিপুৱাই মোৰ পুত্ৰ ঘূৰি আহিল। সেইবাবেই মই চিকাৰ কৰা এৰি দিলোঁ। যদিও সেয়া মোৰ জীৱিকা আছিল তথাপি মই তাক ত্যাগ কৰিলোঁ।” উক্ত সাক্ষাৎকাৰে আলেহান্দ্ৰক মনৰ ভিতৰলৈকে জোকাৰি যায়। ছবিজগতত আলেহান্দ্ৰক জনা যায় ছবিৰ নিৰ্মাণশৈলীৰ বাবে। তেওঁ প্ৰতিখন ছবিত নতুন নতুন বিষয়বস্তু সন্নিৱিষ্ট কৰে। এতিয়া যদিও ছবিখনৰ মূল কাহিনী প্ৰতিশোধৰ, নিজৰ পুত্ৰৰ হত্যাৰ বাবে লোৱা প্ৰতিশোধৰ, তথাপিও প্ৰকৃতিৰ সৈতে ইয়াৰ সম্পৰ্ক কিদৰে ঘটিল? ছবিখন নিৰ্মাণ হৈ থাকোঁতে আলেহান্দ্ৰই বিচাৰিছিল যে সম্পূৰ্ণ প্ৰাকৃতিক পোহৰ আৰু অতিৰিক্ত বিজুলী বাতিৰ প্ৰয়োগ নকৰাকৈ ছবিখন নিৰ্মাণ কৰা হ’ব। সেই মৰ্মে সমূহ অভিনেতা–অভিনেত্ৰী আৰু কলা–কুশলীসকলক লৈ তেওঁ উপস্থিত হয় কানাডাৰ কুটেনাই জলপ্ৰপাতত। কিন্তু পূৰ্বতে বছৰটোৰ সেইখিনি সময়ত তাত থাকিব লাগে বৰফাবৃত অঞ্চল। কিন্তু ছবিৰ দৃশ্যগ্ৰহণ কৰাৰ সময়ত তাত বৰফ নাছিল। চিত্ৰনাট্যৰ লগত সামঞ্জস্য ৰাখি উক্ত দৃশ্যাংশটোত বৰফ থকাটো প্ৰয়োজনীয় আছিল। কিন্তু তাত বৰফ নাছিল বাবে সেই দৃশ্যটোৰ চিত্ৰগ্ৰহণ কৰা হয় আৰ্জেণ্টিনাত। এটা সাক্ষাৎকাৰত আলেহান্দ্ৰই কৈছিল, “আমি তাত বৰফ থকাটো আশা কৰিছিলোঁ। কিন্তু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সেই ঠাইত বৰফ নিৰ্মাণ এতিয়া কমি গৈছে।”
উক্ত কথাৰ পৰা গম পোৱা যায় পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা, পৰিৱেশৰ নিম্নগামী অৱস্থাৰ ভয়াৱহতা।
ছবি এক শক্তিশালী গণমাধ্যম। সমাজ আৰু পৃথিৱীৰ বহুতো সমস্যাক দাঙি ধৰাত ছবিৰ মহত্ত্ব হয়তো আমি সকলোৱেই জানো। একেদৰে বৰ্তমান অসমতো এক প্ৰাকৃতিক দুৰ্যোগে গা কৰি উঠিছে। হাজাৰ হাজাৰ বিদেশী পৰিভ্ৰমী চৰায়ে কলকলাই থকা দীপৰ বিলত এতিয়া নিস্তব্ধতা। বাৰীৰ পিছফালে শুনিবলৈ পোৱা বিভিন্ন চৰাই, পোক পতংগৰ চিৰচিৰণি এতিয়া নাই। এক ভয়াৱহ প্ৰাকৃতিক সংকটৰ সন্মুখীন হৈছে সমগ্ৰ বিশ্বৰ লগতে অসমো। আধুনিকতাৰ দুৱাৰদলিত আমি হেৰুৱাই পেলাইছো নেকি পৰিৱেশৰ প্ৰতি থকা আমাৰ আব্দাৰবোৰ!
শেষত প্ৰশ্ন আহে “আমি কি কৰিব পাৰোঁ?”
আমি বৈজ্ঞানিক মানসিকতাৰ উদগণি যোগাব পাৰো। সৰুৰে পৰা শিশুৰ মনত শিক্ষাৰ জৰিয়তে পৰিৱেশ সম্পৰ্কে এক সুস্থ মানসিকতাৰ বীজ ৰোপণ কৰিব পাৰো। আন্দোলনৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰাৰ কথা নুই কৰিব নোৱাৰি, কিন্তু একেসময়তে এজোপা গছো ৰুব পাৰি। অসমত জৈৱবৈচিত্ৰ্যৰে পূৰ্ণ বিভিন্ন জলাহ এতিয়া জাৱৰ পেলোৱা ঠাইলৈ ৰূপান্তৰিত হৈছে। সেইবোৰ ৰোধ হওক। এক সুস্থ মানসিকতাৰে পৰিৱেশ পাৰিপাৰ্শ্বিকতা সম্পৰ্কে গঠনমূলক আলোচনাতেই সীমাৱদ্ধ নাথাকি হাতে কামে লাগিবৰ হ’ল। অসমৰ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সপ্তাহৰ এটা দিন কোনো এখন ৰাজহুৱা ঠাইত বা আপোনাৰ ঘৰৰ ওচৰে–পাজৰে এজোপা গছ ৰুই দিয়ক। আৰু প্ৰতি সপ্তাহে সেই গছপুলি জোপা লালন–পালন কৰি যাওক। এই কামটো সৰু সৰু ল’ৰা–ছোৱালীৰ হতুৱাই কৰিলে সোণত সুৱগা চৰিব। পৰিৱেশ থাকিলেহে আমি থাকিম। ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন সুস্থ পৃথিৱী নিৰ্মাণত সকলোৱেই আগবাঢ়ি ওলাই আহক।
ধন্যবাদ
এই সংখ্যাটোৰ আঁৰত-
সাক্ষাৎকাৰ গ্ৰহণ: অভিজিত দত্ত, মৃদুল কুমাৰ শৰ্মা, বিকাশ দত্ত।
সাক্ষাৎকাৰত বিশেষ সহায়: মণ্টু কুমাৰ বৰঠাকুৰ, তুষাৰ ৰঞ্জন, লক্ষ্য জ্যোতি নাথ।
বৰ্ণাশুদ্ধি: কলচুম বিবি, উৎপলা কৌৰ, ড° মৃণাল জ্যোতি গোস্বামী, মাধুৰ্য গোস্বামী, মৃদুল কুমাৰ শৰ্মা।
কাৰিকৰী সহায়: মৃদুল কুমাৰ শৰ্মা, ড° মনোজ মন কলিতা, ড° দ্বীপজ্যোতি বৰা, অভিজিত দত্ত।
বিশেষ কৃতজ্ঞতা: শ্ৰদ্ধাৰ লেখকবৃন্দ আৰু অসমীয়াত কথা বতৰা গোটৰ সমূহ সদস্য।