আন্ত:ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত অহা কিছু বিক্ষিপ্ত চিন্তা
লেখক- দেৱজিত শৰ্মা
মই চিকিৎসক হ’ব কেতিয়াও বিচৰা নাছিলোঁ । অংক মোৰ সকলোতকৈ প্ৰিয় বিষয় আছিল আৰু সঁচা কথা ক’বলৈ গ’লে জীৱবিজ্ঞান কিয় ভাল পাব লাগে মই বুজিয়েই পোৱা নাছিলোঁ । একাদশ শ্ৰেণীত প্ৰথমে ঐচ্ছিক গণিত লৈছিলো, পিছত সকলোৰে কথা মতে জীৱবিজ্ঞান ল’লোঁ । একাদশ শ্ৰেণীত জীৱবিজ্ঞানৰ পৰীক্ষাই দিয়া নাছিলো ৷ দ্বাদশ শ্ৰেণীত উপায় নাপাই বিশ্ববিদ্যালয়ৰ ’আঞ্চাৰ বেংক’ পঢ়ি ভাল নম্বৰ পালোঁ ।
যি নহওক, চিকিৎসা মহাবিদ্যালয়ত নাম লগাই প্ৰথম দুবছৰমান ওপৰে ওপৰে গ’ল । কি পঢ়িছো গমেই পোৱা নাছিলো আৰু একেবাৰে মন বহা নাছিল । বোধকৰো পৰীক্ষা পাছ কৰাৰ কৌশল ভালদৰে জনা বাবে বা বেয়া ছাত্ৰ নোহোৱা বাবে ক’তো কেনা নলগাকৈ পাছ কৰি গ’লো । তৃতীয় বৰ্ষ মানৰপৰা যেতিয়া চিকিৎসালয়ৰ ৰোগী কক্ষত এটা দুটা ক্লাছ হ’ল, তেতিয়া বুজি পোৱা হ’লো কি পঢ়ি আছো । চতুৰ্থ বৰ্ষৰ পৰা যেতিয়া চিকিৎসা বিষয়ক নৈদানিক ( clinical) ক্লাছবোৰ আৰম্ভ হল, তেতিয়াৰ পৰা মই চিকিৎসা শাস্ত্ৰ সঁচাই ভাল পাব ধৰিলোঁ । পাছত স্নাতকোত্তৰ ভৰ্তি পৰীক্ষাৰ বাবে যেতিয়া পুনৰ সকলো বিষয় পঢ়িলো, তেতিয়া পুনৰ প্ৰথম, দ্বিতীয় বৰ্ষৰ বিষয়বোৰ, যেনে এনাটমী, ফিজিয়’লজী আদি বৰ আনন্দৰে পঢ়িলোঁ । কাৰণ ইতিমধ্যে ৰোগী আৰু ৰোগীৰ চিকিৎসাৰ বিষয়ে ধাৰণা হোৱা বাবে সেই বিষয়বোৰৰ মহত্ত্ব বুজিলোঁ । স্নাতকোত্তৰ পঢ়ি থাকোঁতেহে মই পুনৰ নিজকে ভাল ছাত্ৰ বুলি ক’ব পৰা হ’লো ।
আজিকালি শুনিছোঁ, ছাত্ৰসকলক চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাসিকৰ পৰাই নৈদানিক বা ক্লিনিকেল শিক্ষা দিয়ে যাতে তেওঁলোকে ব্যৱহাৰিক জ্ঞানৰ বিষয়ে আভাস পায় । যিটো সঁচাই আদৰণীয় ।
যিহওক, এতিয়া মই চিকিৎসক হৈ সঁচাই সুখী । যদিও চিকিৎসক আৰু ৰোগীৰ মাজৰ সম্পৰ্ক এতিয়া সৰ্বনিম্ন, বা চিকিৎসক হ’বৰ বাবে হয়টো এইটো সৰ্বোত্তম সময় নহয়, তথাপি আমি সুখী । যদিও সমাজৰ বৰ্তমান পৰিস্থিতিৰ লগত মিলাই এতিয়া বহু মানুহে চিকিৎসকৰ ওপৰত সুখী নহয়, তথাপি এতিয়াও আপেক্ষিকভাৱে চিকিৎসকৰ ওপৰত বেছিভাগ মানুহে এটা ভাল ভাৱেই ৰাখে ।
চিকিৎসা পদ্ধতি ব্যক্তিগত খণ্ডৰ হাতত এক উদ্যোগ হিচাপে গঢ়ি উঠাৰ পাছত এনে হোৱাটো স্বাভাৱিক। সেইবিষয়ে মই এতিয়া বিশেষ দীঘলকৈ আলোচনা নকৰো । চিকিৎসকক মানুহে ঈশ্বৰ সজালে । স্বাভাৱিকতে মানুহে চিকিৎসকৰ পৰা ঈশ্বৰৰ দৰে ব্যৱহাৰ আৰু ঐশ্বৰিক শক্তি থকাটো বিচাৰিব। কিন্তু তেজ মঙহৰ চিকিৎসকৰ বাবে তেনে হোৱাটো অসম্ভৱ । বাৰু এই বিষয় পিছলৈ ৰাখো । সদাই কোৱাদি মই পুনৰ দোহাৰো– চিকিৎসা শাস্ত্ৰ এক বিজ্ঞান আৰু আমি হ’লো এই বিজ্ঞানৰ প্ৰয়োগিক কাৰিকৰ । এই বিজ্ঞান প্ৰয়োগ কৰোঁতে আমি বহু কলা ব্যৱহাৰ কৰিবলগা হয়, কিয়নো আমি ইয়াক প্ৰয়োগ কৰো তেজ মঙহৰ মানুহৰ ওপৰত, যাৰ এটা নিৰ্দিষ্ট মন আছে ।
মই শিশুৰোগ বিশেষজ্ঞ, আৰু অতি পানী কেঁচুৱাৰ চিকিৎসা ( Neonatal ICU) মোৰ বিশেষ ৰাপ । বহুবাৰ আমাৰ হৃদস্পন্দন ক্ষন্তেকৰ বাবে বন্ধ হৈ যায়, যেতিয়া আই চি ইউৰ মনিটৰত হঠাৎ অস্বাভাৱিক শব্দ হয়, এজন শিশু বা মানুহৰ হৃদস্পন্দন বন্ধ হও হও হয় । আমাৰ হৃদস্পন্দন দ্ৰুত গতিত হয়, যেতিয়া উপজিয়েই শিশুৱে স্থিৰ হৈ জন্মে, বেয়া নহ’বলগীয়া ৰোগী হঠাৎ বেয়া হৈ যায় । চিকিৎসক হোৱা তিনি দশক হোৱাৰ পাছতো ৰাতি হঠাৎ সাৰ পাই যাওঁ, অমুক ৰোগীজন বা এতিয়া কেনে আছে, অমুক ৰোগীক অমুক দৰবটো দিলো নে নাই!…
তথাপি চিকিৎসক হিচাপে আমি আনন্দিত। এই আনন্দ বাকী কোনেও বুজিব নোৱাৰে ৷ যেতিয়া হৃদস্পন্দন বন্ধ হোৱা ৰোগীৰ কাৰ্দিও পালমনাৰী ৰিচাচিটেচনৰ পাছত হৃদস্পন্দন ঘূৰি আহে, ভাল নহ’ব বুলি ভবা ৰোগী ভাল হৈ উঠে, অপৰিপক্ব বা বহু কম ওজনৰ শিশু বহু দিন নিয়নেটেল ইউনিটত থাকি ভাল হৈ যোৱাৰ পাছত এক দুই বছৰ বয়সত আমাৰ ওচৰত আহোতে যেতিয়া দেখো তেওঁলোকৰ সম্পূৰ্ণভাৱে সুন্দৰকৈ বিকাশ হৈছে, এজন হাপানি ৰোগীয়ে অলপ পাছত সুন্দৰকৈ উশাহ লৈছে, মানসিকভাৱে অস্থিৰ এজন মানুহে জীৱনত সাফল্য লাভ কৰিছে ইত্যাদি। আমাৰ আনন্দৰ উৎস বহুত!
তথাপি মই মোৰ সন্তান চিকিৎসক হোৱাটো নিবিচাৰো, কাৰণ মই নিবিচাৰো তেওঁলোকে দহ –পোন্ধৰ বছৰ সকলো পাহৰি কেৱল পঢ়ি থাকক এজন সু চিকিৎসক হবৰ বাবে, তাৰ পাছতো ওৰে জীৱন পঢ়ি থাকক সময়ৰ জ্ঞানৰ লগত সংগতি ৰাখিবৰ বাবে, মাজনিশা নিয়মীয়াভাবে টোপনি হৰণ কৰক আৰু ওৰে জীৱন মানুহক বুজাই থাকক আমি ঈশ্বৰ নহয়, আমি মানু্হহে।