পিকাডিলী
লেখক- অভিজিত দত্ত
ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাস অধ্যয়ন কৰিলেই আমাৰ চকুত পৰা ছবি এখন হ’ল ৰাজা হৰিচন্দ্ৰ। সবাক কথাছবিৰ আগেয়ে নিৰ্মিত এই কথাছবিখনত কোনো সংলাপ নাছিল। তথাপি ভাৰতীয় চলচ্চিত্ৰ জগতত এই কথাছবিখনে নতুন বাট এটাৰ সৃষ্টি কৰিছিল। কথাছবি আচলতে কি, কাহিনী এটাই কেনেদৰে কথাছবি এখনৰ জুমুঠি সৃষ্টি কৰে আদি বিভিন্ন দিশ ৰাজা হৰিচন্দ্ৰই যেন ভাৰতীয় দৰ্শক তথা চিত্ৰ ৰসিকসকলৰ আগত উপস্থাপন কৰিছিল।
নিৰ্বাক ছবি বা চাইলেণ্ট মুভি (silent movie)ৰ আন এক শক্তিশালী ধাৰা সৃষ্টি হৈছিল ইংলেণ্ডত। বিখ্যাত শিল্পী চাৰ্লি চেপলিন, বাষ্টাৰ কিটন আৰু বিভিন্নজনে এই নিৰ্বাক ছবিত নিজৰ অভিনৱ আৰু নিপুন অভিনয়েৰে শব্দ এটা উচ্চাৰণ নকৰাকৈও দৰ্শকক আপ্লুত কৰি তুলিছিল। আনহাতে আলফ্ৰেড হিচককৰ নিৰ্বাক ছবিয়েও কথাছবিৰ এই ধাৰাটোৰ বিকাশত সাৰপানী যোগাইছিল।
ব্ৰিটেইনৰ এখন জনপ্ৰিয় নিৰ্বাক ছবি আছিল পিকাডিলী। আৰ্ণল্ড বেনেটৰ কাহিনীৰে নিৰ্মিত এই ছবিখন পৰিচালনা কৰিছিল ই এ ডাপনটে। গ্লিডা গ্ৰে, আন্না মে ৱং, জেমচন থমাচ, চাৰ্লচ লাফটন আদিয়ে অভিনয় কৰা এই নিৰ্বাক ছবিখন আছিল উচ্চাকাংক্ষা, বাসনা আৰু হত্যাৰ কাহিনীৰে ভৰপূৰ এখন ছবি। হেৰী গৰ্ডনৰ সঙ্গীতে ছবিখনক প্ৰদান কৰিছিল এক বিশেষ মৰ্যাদা। যিহেতু ছবিখন নিৰ্বাক ছবি আছিল, সেয়েহে ছবিখনৰ কাহিনীভাগক আগুৱাই নিবলৈ সঙ্গীতৰ ভূমিকা আছিল বিশেষভাবে গুৰুত্বপূৰ্ণ। গৰ্ডনে এই কথাটো লক্ষ্য ৰাখি ছবিখনৰ কাহিনীৰ গতিশীলতাক সঙ্গীতেৰে অটুট ৰাখিছিল।
ভেলেণ্টাইন ৱিলমট লণ্ডনৰ এগৰাকী প্ৰখ্যাত তাৰকা। ৱিলমটে লণ্ডনৰ ‘পিকাডিলী চাৰ্কাছ’ এখন বিখ্যাত ৰেষ্টুৰেণ্ট। নিশাবোৰ যেন প্ৰাণ পায় উঠে এইখন ৰেষ্টুৰেণ্টত। ৱিলমটে ইতিমধ্যে এগৰাকী তাৰকা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁৰ জনপ্ৰিয়তাৰ বাবেই তেওঁৰ ৰেষ্টোৰাখনে সকলোৰে মাজত এখন প্ৰিয় আৰু আকৰ্ষণীয় ৰেষ্টোৰা হিচাপে সুখ্যাতি লাভ কৰিছে। এসময়ত ৱিলমটৰ নৃত্য সহযোগী হিচাপে কাম কৰা মবেল আৰু ভিক্টৰ বৰ্তমান ৱিলমটৰ ব্যৱসায়ৰ সহযোগী। মবেল আৰু ভিক্টৰে তেওঁলোকৰ নৃত্যশৈলীৰে ৰেষ্টোৰালৈ অহা গ্ৰাহকসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে। লাহে লাহে লণ্ডনত ‘পিকাডিলী চাৰ্কাছ’ নামৰ ৰেষ্টোৰাখন গ্ৰাহকৰ নয়নৰ মণিলৈ সলনি হৈছে। ৰেষ্টোৰাখনৰ খাদ্যসামগ্ৰী তথা মবেল আৰু ভিকৰ নৃত্য লণ্ডনত আলোচনাৰ কেন্দ্ৰ হৈ পৰিছে।
পিছে এদিন নিশা এটা অঘটন ঘটিল। হোটেলতে খাবলৈ অহা এগৰাকী ব্যক্তিৰ খোৱা প্লেটখন দুৰ্ভাগ্যবশতঃ লেতেৰা হৈ আছিল। মানুহজনে ঘটনাটো লৈ বেছ উত্তেজিত হৈ পৰিল। ৱিলমট আৰু অন্যান্য সকলে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল যদিও সমৰ্থ নহ’ল। গ্ৰাহকৰ আগত খাদ্য পৰিবেশন কৰা খোৱা প্লেটৰ কদৰ্যতা সম্পৰ্কে ৱিলমটে তদন্ত কৰিবলৈ আৰম্ভ কৰিলে। তদন্তৰ শেষত ৱিলমটে আৱিষ্কাৰ কৰিলে যে বাৰ আৰু ৰেষ্টোৰাখনত কাম কৰা আন এগৰাকী নৃত্য পটিয়সী শ্বোশ্বোৰ নৃত্য উপভোগ কৰি প্লেট চাফ কৰা লোকসকল আপোনপাহৰা হৈ পৰিছিল। প্লেট চাফ কৰা লোকসকলে সেই সময়তেই প্লেটবোৰ যত্নসহকাৰে পৰিষ্কাৰ কৰা নাছিল। ৱিলমটে কথাটো জানিব পাৰি শ্বোশ্বোক কামৰ পৰা অব্যাহতি দিলে।
পিছে ঘটনাটো ইমান সহজে শেষ নহ’ল। ৱিলটনৰ কাৰ্যত ভিক্টৰ অসন্তুষ্ট হ’ল। ভিক্টৰে ৰেষ্টোৰাৰ কাম বাদ দি নতুন কামত যোগ দিবলৈ মানস কৰিলে। ভিক্টৰে পুৰণি সতীৰ্থ মবেলক তেওঁ ব্যক্তিগত আৰু বৃত্তিগত জীৱনৰ সঙ্গী হ’বলৈ অনুৰোধ জনালে। মবেলে ভিক্টৰৰ অনুৰোধ প্ৰত্যাখ্যান কৰিলে। আচলতে মবেলৰ সেইসময়ত ৱিলমটৰ সতে এক অন্তৰংগ সম্পৰ্ক স্থাপন হৈছিল। সেই সম্পৰ্কক নেওচা দি ভিক্টৰৰ সতে এটি নতুন পথত ভৰি দিবলৈ মবেল প্ৰস্তুত নাছিল। ৱিলমটে ভিক্টৰৰ অভিপ্ৰায়ৰ কথা জানিব পাৰি তেওঁক লগ কৰিবলৈ বিচাৰিলে। এনেয়েও ৱিলমট ভিক্টৰৰ আচাৰ–আচৰণ লৈ বহু দিনৰ পৰাই অসন্তুষ্ট হৈ আছিল। পিছে ৱিলমটে যে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ বিচাৰিছিল, ভিক্টৰে সেইয়া অনুধাৱন কৰি নিজেই ৱিলমটৰ ৰেষ্টোৰাৰ কাম বাদ দি নিজ পথে গতি কৰিলে।
ভিক্টৰে ৰেষ্টোৰাৰ কাম বাদ দিলে। ইয়াৰ লগে লগে ৱিলমটৰ ব্যৱসায় পৰি আহিল। আচলতে গ্ৰাহকসকলে মবেলতকৈ ভিক্টৰ আৰু শ্বোশ্বোৰ নৃত্যহে অধিক পছন্দ কৰিছিল। সেয়েহে ৱিলমটৰ ৰেষ্টোৰাত গ্ৰাহকৰ সংখ্যা চকুত লগাকৈ কমি আহিল। উপায়ন্তৰ হৈ ৱিলমটে পুনৰ শ্বোশ্বোক কামত নিয়োগ কৰিবলৈ ওলাল। পিছে ৱিলমটৰ আগত শ্বোশ্বোৱে এইবাৰ এটা চৰ্ত ৰাখিলে। ৱিলমটৰ ৰেষ্টোৰাত তাই কাম কৰিবলৈ হলে তাইৰ চীনা প্ৰেমিক বন্ধু জিমক লৈহে তাই কামত যোগদান কৰিব। ৱিলমটে শ্বোশ্বোৰ কথাত সন্মতি প্ৰদান কৰিলে। চীন আৰু ইংলেণ্ডৰ নৃত্যশৈলীৰ সমন্বয়ৰে শ্বোশ্বোই পুনৰ গ্ৰাহকক মোহাচ্ছন্ন কৰিলে। তাইৰ লগত থাকিল তাইৰ প্ৰেমিক বন্ধু জিম।
লাহে লাহে ৱিলমট আৰু শ্বোশ্বোৰ ঘনিষ্ঠতা বাঢ়ি আহিল। এসময়ত মবেলৰ সতে বিবাহিত জীৱনৰ সপোন দেখা ৱিলমটৰ সপোন আৰু দিঠকত শ্বোশ্বো উদ্ভাষিত হৈ পৰিল। ৱিলমটৰ ব্যৱসায় আকৌ ঠন ধৰি উঠিল।
সেইয়া এটি নিশাৰ কথা। শ্বোশ্বোৱে এটা নতুন কোঠাত থাকিবলৈ আৰম্ভ কৰিছে। ৱিলমট তাইৰ বাবে সেই কোঠাৰ প্ৰথম অতিথি হিচাপে নিশাৰ আহাৰ খাবলৈ শ্বোশ্বোৰ দ্বাৰা নিমন্ত্ৰিত হ’ল। এই ঘটনাটো মবেলে একেবাৰে সহজভাবে ল’ব পৰা নাই। ৱিলমটৰ বাবে ভিকৰ অনুৰোধো প্ৰত্যাখ্যান কৰা মবেল বৰ্তমান ৱিলমট আৰু শ্বোশ্বোৰ প্ৰেমৰ সম্পৰ্কৰ দ্বাৰা উপেক্ষিতা বুলি নিজকে গণ্য কৰে। সেই নিশা মবেলে ৱিলমট আৰু শ্বোশ্বোৰ পিছ ললে।
ৱিলমট নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ ঘূৰি আহিল। মবেল সেইসময়ত গৈ শ্বোশ্বোৰ কোঠাত উপস্থিত হ’ল। মবেলে তাইক জনালে যে ৱিলমটৰ সতে এক প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত শ্বোশ্বোৰ বাবে প্ৰধান অন্তৰায় হ’ব ৱিলমটৰ বয়স। তাইৰ দৰে যুৱতী এগৰাকী ৱিলমটৰ দৰে বৃদ্ধৰ প্ৰেমত নপৰিবলৈ মবেলে তাইক পৰামৰ্শ দিলে। পিছে শ্বোশ্বোৰ কাণত মবেলৰ উপদেশ নোসোমাল। বৰং তাই মবেলক কলে যে আচলতে ৱিলমটৰ সতে এক প্ৰেমৰ সম্পৰ্ক ৰাখিবলৈ মবেলহে বৃদ্ধা হৈ পৰিছে। শ্বোশ্বোৰ কথা শুনি মবেল তাইৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিল। সেই সময়তেই মবেলে তাইৰ বেগখন খুচৰিবলৈ আৰম্ভ কৰিলে। বেগৰ ভিতৰত থকা পিষ্টলটোত শ্বোশ্বোৰ চকু পৰিল। আত্মৰক্ষাৰ বাবে শ্বোশ্বোৱে লগে লগে কোঠাটোত ওলোমাই থোৱা ডেগাৰখন হাতত ললে। মবেলে যেন ইতিমধ্যে সকলো হেৰুৱাই পেলাইছিল। শোকে দুখে জৰ্জড়িত মবেলে সেই ঠাই পৰিত্যাগ কৰিলে।
পিছে ঘটনা ইমানেই শেষ নহ’ল। পিছদিনাখন শ্বোশ্বোৰ মৃতদেহটো আৱিষ্কাৰ কৰা হ’ল। পুলিচে ৱিলমটক গ্ৰেপ্তাৰ কৰিলে। এইফালে তদন্তৰ আওতায় মবেলো আহিল। পিছে জিমে ইতিমধ্যে জনালে যে শ্বোশ্বোৰ কোঠাৰ পৰা সেই নিশা ৱিলমটেহে প্ৰস্থান কৰিছিল। ঘটনাৰ শেষত জীমে আত্মহত্যা কৰিলে আৰু মৃত্যুৰ আগেয়ে আচলতে সি শ্বোশ্বোৰ হত্যাকাৰী আছিল বুলি এক স্বীকাৰোক্তিৰ যোগেৰে প্ৰকাশ কৰিলে। এক ট্ৰেজিক চৰিত্ৰ হিচাপে চিনেমাখনত উপস্থাপন কৰা জীমে আচলতে হিংসাৰ বশবৰ্তী হৈ শ্বোশ্বোক হত্যা কৰা বুলি স্বীকাৰ কৰিলে। চিনেমাখনৰ কাহিনীৰো ইমানতেই ইতি পৰিল।
’পিকাডিলী’ এক নিৰ্বাক ছবি হ’লেও সেই সময়ত লণ্ডনত এই ছবিখনে বেছ জনপ্ৰিয়তা অৰ্জন কৰিছিল। হত্যা–আত্মহত্যা, নৈশ জীৱন, অভিষাৰ, প্ৰেম–অপ্ৰেম আদি বিভিন্ন বিষয় সামৰা এই নিৰ্বাক ছবিখনে কাহিনী আৰু সঙ্গীতৰ বাবেও জনপ্ৰিয় হোৱা পৰিলক্ষিত হৈছিল। আনহাতে সমসাময়িক লণ্ডনৰ ক্ষয়িষ্ণু সমাজখনৰ চিত্ৰায়নৰ দিশটোত ছবিখনে আলোকপাত কৰা পৰিলক্ষিত হৈছিল। একেদৰে ইংলেণ্ডৰ ছবিত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল এগৰাকী চীনদেশ মূলৰ আমেৰিকাৰ অভিনেত্ৰীয়ে। তেওঁ আছিল আন্না মে ৱং। শ্বোশ্বো চৰিত্ৰটিত অভিনয় কৰা আন্নাৰ অভিনয় চাবলৈও প্ৰেক্ষাগৃহলৈ দৰ্শকৰ সোঁত বোৱা দেখা গৈছিল।
১৯২৯ চনত মুক্তিলাভ কৰা ‘পিকাডিলী’ ইতিমধ্যে চিত্ৰ সমালোচকসকলৰো দৃষ্টি আকৰ্ষণ কৰিছে। জোনাথন ৰজেনবউমৰ মতে ই এ ডাপনটৰ পিকাডিলী’ এক সৰ্বোত্তম সৃষ্টি। সেই সময়ৰ সমাজৰ এক অন্ধকাৰ দিশ পোহৰলৈ অনাৰ ক্ষেত্ৰত ‘পিকাডিলী’ৰ পৰিচালক সমৰ্থ হৈছে বুলি ৰজেনবউমে উল্লেখ কৰিছে। আন এগৰাকী প্ৰখ্যাত চিত্ৰ সমালোচক মৰডণ্ট হলে ই এ ডাপনটৰ ‘পিকাডিলী’ নিৰ্মাণ কৰাৰ সময়ত ব্যৱহাৰ হোৱা কেমেৰাৰ কামক ভূয়সী প্ৰশংসা কৰিছে।
এনেদৰে আজিৰ তাৰিখলৈ ই এ ডাপনটৰ ‘পিকাডিলী’য়ে দৰ্শক তথা চিত্ৰ সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। নিৰ্বাক ছবি এখন হোৱাৰ পিছতো ছবিখনত অভিনয় কৰা অভিনেতা আৰু অভিনেত্ৰীসকলৰ অভিনয়, ডাপনটৰ পৰিচালনা, সমসাময়িক জীৱনৰ ক্ষয়িষ্ণুতাৰ প্ৰতিফলন আদি বিষয়বোৰৰ বাবে ‘পিকাডিলী’ৰ জনপ্ৰিয়তা আজিও অটুট আছে।