শ্বেৰ্নী
লেখক- অংশুমান শইকীয়া
উজনিৰ প্ৰায়বোৰ ঠাইতেই চাহ বাগানবোৰ অত্যন্ত সুলভ। বাৰিষাৰ সেউজীয়া বাগানবোৰ চালেই চকু ৰয়। উনৈছ শতিকাতে ব্ৰিটিছৰ হাতত আৰম্ভ হোৱা চাহখেতি আজি অসমৰ অৰ্থনীতিৰ মূল চালিকাশক্তি। সৌ তাহানিতে সৰু সুৰা হাবি, বনাঞ্চলবোৰ চাফা কৰি উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ আদিৰপৰা আমদানিকৃত কৰ্মঠ লোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা চাহ বাগানবোৰ আজি কৰ্মসংস্থাপনৰ এক বৃহৎ উদ্যোগ। চাহ বাগানৰ দৰে অন্যান্য উদ্যোগ যেনে শোধনাগাৰ, খনিজ পদাৰ্থৰ খনি ইত্যাদিয়ে নিবনুৱা সংস্থাপনৰ লগতে কাষৰীয়া অঞ্চললৈ উন্নতিৰ ধাৰা বোৱাই আনি দেশৰ সৰ্বাংগীণ উন্নতি সাধন কৰে। কিন্তু, এনে অৰ্থনৈতিক উন্নতিৰ বাবদ মানৱ সমাজে আন আন বহুত মূল্যবান সম্পদ অলসতে হেৰুৱাবলগাত পৰিছে। এনে এক মূল্যৱান সম্পদ হ’ল প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষক জীৱ–জন্তু বোৰ। ইয়াৰ উপৰিও এনে অৰ্থনৈতিক জাগৰণৰ লগত সততে সাঙোৰ খাই আহিছিল বহুতো জ্বলন্ত সমস্যা, যেনে– বন্যপ্ৰাণী আৰু মানৱৰ সংঘাত। গোলাঘাট চহৰৰ কাষেদি পাৰ হৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ এনে সাংঘাতৰ মৌন সাক্ষী। যোৱা কেইবাটাও দশকজুৰি এই অঞ্চলত চলি অহা হাতী মানুহৰ সংঘাত সৰ্বজনবিদিত। প্ৰতি বছৰে গড়ে ১০০ জন লোক এনে সংঘাতৰ ফলত মৃত্যু মুখত পৰে। তদুপৰি বছৰি হাতীযে ধ্বংস কৰা বিস্তীৰ্ণ কৃষিক্ষেত্ৰই কৃষকক আৰ্থিকভাৱে জুৰুলা কৰি আহিছে। ঠিক সেইদৰে, আমি যদি মুদ্ৰাটোৰ আনটো পিঠি চাওঁ আমি দেখিম যে হাতীকুলে সন্মুখীন হোৱা সন্ত্ৰাস, বৰ্বৰতা আৰু অনিশ্চয়তাৰ গৰ্ভত বিলীন হোৱা ভৱিষ্যতবোৰে আমাৰ লিপ্সা আৰু নিষ্ঠুৰতাৰ কথাই সোঁৱৰাই দিয়ে। কেতিয়াবা ভাব হয়, অৰ্থনৈতিক উন্নতি আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, দুয়োকে একেলগে আগবঢ়াই লৈ যোৱাটো সম্ভৱনে?
ঠিক এনেধৰণৰে আন এক মৰ্মস্পৰ্শী জীয়া কাহিনীৰে নিৰ্মিত, অমৃত মাছুৰকাৰে ( নিউটন, চুলে মানি কিৰা) পৰিচালনা কৰা ‘শ্বেৰ্নী‘ নামৰ চলচ্চিত্ৰখন ১৮ জুনত আমাজন প্ৰাইমত মুক্তি লাভ কৰিছে। মোৰ মনে ধৰে যে প্ৰকৃতিপ্ৰেম আৰু প্ৰকৃতিৰ সুৰক্ষাৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰসমূহৰ ভিতৰত এইখন ছবিয়ে এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হ‘ব। ইয়াৰ জীৱন্ত কাহিনী আৰু কাহিনীৰ বাস্তৱধৰ্মী বৰ্ণনাই ছবিখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে।
অৰ্থনৈতিক উন্নতিৰ সোঁতৰ ধাৰাত প্ৰকৃতি আৰু মানুহৰ মাজৰ বান্ধোনডাল লাহে লাহে ঢিলা হৈ অহা আমাৰ দৃষ্টিগোচৰ হয়। এচামৰ লিপ্সা, স্বাৰ্থপৰতা আৰু অহংকাৰৰ বিপৰীতে আন এচামৰ মাজত এতিয়াও জীয়াই থকা প্ৰকৃতি প্ৰেমক ছবিখনত উপস্থাপন কৰাত পৰিচালক সক্ষম হৈছে।
চলচ্চিত্ৰখন আৰম্ভ হয় নকৈ পদোন্নতি লৈ, মধ্যপ্ৰদেশৰ এক বনাঞ্চলত ডি এফ অ‘ ৰূপত যোগদান কৰা বিদ্যা বালানৰ চৰিত্ৰৰ জৰিয়তে। বনাঞ্চলখনৰ মাজে মাজে সিঁচৰতি হৈ থকা জনবসতিপূৰ্ণ অঞ্চলৰ লগতে কৃষি আৰু পশুপালনক্ষেত্ৰক কেন্দ্ৰ কৰিয়েই কাহিনীভাগ আগবাঢ়ে। বিদ্যাই পদভাৰ গ্ৰহণ কৰাৰ কিছুদিন পাছতেই তাত আৰম্ভ হয় এক বাঘিনীৰ সন্ত্ৰাস। অতি কম সময়ৰ ভিতৰতে এই বাঘিনীয়ে কেইবাজনো লোকক হত্যা কৰে। অবাধ বনাঞ্চল ধংস আৰু কাষতে থকা কপাৰৰ খনিৰ বাবেই জনৰণ্যলৈ ওলাই অহা বাঘিনিজনীক পুনৰ বনাঞ্চলত সংস্থাপন কৰিবলৈ যাওঁতে সন্মুখীন হোৱা নানান পৰিঘটনাক ছবিখনত ৰসালভাবে আমাৰ আগত দাঙি ধৰা হৈছে। ইয়াৰ উপৰিও, ৰাজনীতিৰ মেৰপেছ, সামাজিক লিংগবৈষম্য আৰু পৰিবেশ সুৰক্ষাৰ নামত বৰমুৰীয়াসকলৰ ভেকো–ভাওনা ব্যঙ্গাত্মক ৰূপত সাৱলীলভাৱে চলচ্চিত্ৰখনত ফুটি উঠিছে।
পৰিচালক, অমৃত মাছুৰকাৰ, চিত্ৰনাট্যকাৰ আস্থা টিকু, চিত্ৰগ্ৰহণকাৰী ৰাকেশ হৰিদাস কে ধৰি সকলো কলাকুশলী শলাগৰ পাত্ৰ। চিনেমাখনৰ বেছিভাগ দৃশ্যতে সেউজ জংঘল, জান–জুৰি আদিক মনোমোহা ৰূপত তুলি ধৰা হৈছে। ইয়াৰ লগতে, ছবিখনৰ নিশাৰ দৃশ্যসমূহো অতি পাকৈতভাৱে তুলি ধৰিছে।
প্ৰকৃতিৰ সুন্দৰ নিৰ্জনতাবোৰ মানুহেই ভঙ্গ কৰে, কিন্তু আমাৰ মাজেৰে বহুজনেই এনে শান্তি পুনৰ প্ৰতিষ্ঠাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। এই দুয়োচাম মানুহৰ মানসিকতা, দুয়োৰে মাজৰ সংঘাত আৰু শেষৰ পৰিণামেই ‘শ্বেৰ্নী‘ চলচ্চিত্ৰখন।
ছবিৰখনৰ শেষভাগত বিদ্যাই নিজৰ মানসিক অন্তৰ্দন্দ্বক জয় কৰি পুৰুষতান্ত্ৰিক সমাজৰ সোঁমাজত থাকিয়েই নিজৰ কৰ্তব্যত ব্ৰতী হৈ থকাৰ সিদ্ধান্তৰ জৰিয়তে পৰিচালক জনে প্ৰকৃতি সংৰক্ষণৰ এক যোগাত্মক দৃষ্টিভঙ্গী প্ৰক্ষেপ কৰিছে।
মুঠতে, বৰ্তমানৰ প্ৰেক্ষাপটত ‘শ্বেৰ্নী‘ এখন উল্লেখযোগ্য চলচ্চিত্ৰ। ই প্ৰকৃতিৰ আৰ্তনাদৰ নিখুঁত উপস্থাপন আৰু ভাৰতীয় সমাজৰ এক দাপোন।