বাট

লেখক- জ্যোতিৰ্ময় কলিতা

সেই বাট অচিনা আছিল
কোনোকালে কোনোদিনে খোজ নিদিয়াৰ অচিলা আছিল
অভিব্যক্তি হয়তো ফুটি উঠিছিল মুখত
চাব পাৰে মোৰ চকুত, কোনো জটিলতা হয়তো নেদেখিব।
বাটৰ কোনো শেষ নাই
এটা বাট এৰিলেই আন এটা বাট খোল খায়
নাথাকে কোনো স্থিৰ লক্ষ্য
বিৰামহীন যাত্ৰাৰ মাজত কিছুপৰ ৰোৱা হ’ব
সেয়া সেই মুহূৰ্তৰ ঠিকনা হ’ব ঠিকেই কিন্তু স্থায়ী নহ’ব।
আঁত হেৰুওৱা বাট, তাতেই যদি অচিন
মোৰ বাবে সেয়া ৰোমাঞ্চকৰ
আন কাৰোবাৰ বাবে হয়তো ভয়ংকৰ।
বাটৰ বুকুত শোৱা মানুহে
নতুন বাটৰ সন্ধানত থাকে
যি বাটত মানুহৰ সঘন আহ যাহ নচলে
সেই বাটক ক্ষণিক শুই আকাশৰ নীলাক উপভোগ কৰে
ৰোমন্থন কৰে জীৱনক, তাতেই নতুন কাহিনীৰ ৰচনা কৰে।
তোমাৰ অগোচৰে তোমাৰ বাটত খোজ দিয়াৰ পষেকেই হ’ব
সন্ধিয়াৰ বেলি মাৰ পৰত মোৰ নামটো সৌ কেঁকুৰিটো পাৰ হৈ আহি পোৱা আমগছ জোপাতে দেখিব
তুমিতেই শেষ নহয় মোৰ বাট
অথচ নাজানো মনৰ কি অভিপ্ৰায়
তোমাক জনাৰ উলাহত প্ৰতি নিশা ছটফটায়।
কথাবোৰ তোমাৰ বাটে জানে—
সেই আঁত এৰা বাটটোৰ কিজানি এয়াই সঠিক ঠিকনা
হঠাত এজন মানুহৰ আপোনাৰ বাটত ৰৈ যোৱা কথাটো
হয়তো আশ্চৰ্যকৰ বিষয় হ’ব তোমাৰ বাবে।
তুমি কিমান উদ্বাউল নাজানো
কিন্তু অনুমান কৰিছোঁ তুমিও বাটৰ মানুহ
পৰিভ্ৰমণ কৰি ভালপোৱা নৈশ বাটৰ লগৰী।
মোৰ দৰেই।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
3 years ago

Dhuniya ❤️

Don`t copy text!