শিৰীষতলৰ মালিতা

লেখক- নূপুৰ হাজৰিকা

কলঘৰৰ ধোঁৱাই ধৰা ঢুলঢুলীয়া চকুৰে তোৰ
চকুলো হৈ সৰো মই,
যেতিয়া কলাঘুমটি অহা সন্ধিয়াক
বাটে বাটে পিয়লা ভৰাই
মহুৱাৰ ৰস যাচে
আকাশৰ জোনে।

পাক খাই অহা বাটবোৰত
পাকঘূৰণি খোৱা বনুৱা দেহা,
শুকাই অহা হাড়বোৰ জীয়াবলৈ
এটোপাল চকুলো
এঢোক হাড়ীয়া
এহোপা বিড়ী
মেলাৰ চিনেমাৰ এক ঝলক
মিনিৰ আঁচলেৰে বৈ পৰা
মিঠা জুৰিটি—!

চাহবাগিচাৰ
ধোঁৱাময় কেঁকুৰিবোৰত
ধোঁৱা সুখ
ধোঁৱা জীৱন
ধোঁৱা চেপা গুণগুণনি
তীক্ষ্ণ ক্ষোভৰ

ধোঁৱা
ভমককৈ জ্বলি উঠা বেজাৰৰ

কলঘৰৰ ক’লা ধোঁৱা হৈ উৰি যায় সৱ!

”ক’ৰপৰা আহিছিলো ৰে মিনি
পাহৰিলো ভাই,
সৌ সেউজীয়া আলিকেঁকুৰিত ৰৈ ৰৈ
বুঢ়া শিৰীষজোপা জঁয় পৰি অহা দেখিলোঁ,

হাঁ কৈ মেলা মুখেৰে
ভাগৰুৱা ৰঙা পাহাৰটো পৰি অহা দেখিলোঁ,
তাৰ এঢলীয়াত জিৰাই শেষ ৰ’দকণ
তোৰ মুখত পৰক
মোৰ মুখত এন্ধাৰকণ!

এইবাৰ ঝুমুইত কি ফুলে শুৱাব তোক
লাল জবা—
নে মোৰ কলিজাটো
জঁয় পৰি অহাৰ আগেয়েই?”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!