চাবু দানাৰ পুলাও

লেখক- নাজিয়া হাচান

মিঠা চাবু দানাৰ ক্ষীৰ প্ৰায়ে বনোৱা হয়। মাজে মাজে ক্ষীৰৰে সলনি চাবুদানা নিমখীয়া জ্বলাকৈ পুলাওৰ দৰে বনাই খাবচোন। খুব সোৱাদ লগা ৰেছিপি এইটো। পুৱা বা আবেলি এই ৰেছিপি খাই খুব ভাল পাব। 

একাপ চাবুদানা ভালকৈ ধুই দুঘণ্টামান সময় ভিজাই থব। ভিজাই থোৱা চাবুদানাখিনি ফুলি কোমল হলে পানী নিগৰা পাত্ৰ এটাত কিছু সময় টুকি থৈ জৰজৰিয়া কৰি লব। ইয়াৰ পিছত এটা কেৰাহীত ৰিফাইন বা সৰিয়হৰ তেল গৰম কৰি তাত এখিলা তেজপাত, এটা পাতলকৈ কটা পিয়াজ, দুটা ফলা কেঁচা জলকীয়া দি, কম জুইত ভালকৈ ভাজি লব। ভজা পিয়াঁজখিনিৰ ওপৰত হালধি গুড়ি, জলকীয়া গুড়ি, সামান্য গৰম মচলা, নিমখ দি সামগ্ৰীখিনি ভালকৈ মিলাই ভাজি লব। শেষত টুকি ৰখা চাবুদানাখিনি মিশ্ৰণ খিনিৰ সৈতে লাহে লাহে চামুছেৰে মিলাই মিলব; এইদৰে এবাৰ চাবুদানাৰ নিমখীয়া ৰেছিপিটো বনাই খাই চাবচোন। শিশু সকলৰ লগতে ডাঙৰ সকলেও খাই নিশ্চয় ভাল পাব। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!