মিঠাইৰ টোপোলাত পাতনি মেলা সেই সপোনটোৰ পৰা অলিম্পিকলৈ
লেখক- সুমন দত্ত
আন দেউতাকবোৰৰ দৰে তাইৰ পিতৃয়েও বজাৰলৈ গ’লে খোৱাবস্তু লৈ আহে। তিনিওজনী বাই-ভনীয়ে দেউতাকে অনা বস্তুবোৰ ভাগ কৰি খায়। আনদিনাৰ দৰে সেইদিনাও দেউতাকে বজাৰৰ পৰা মিঠাই লৈ আহিছিল। মিঠাইৰ টোপোলাটো খুলি থাকোঁতে হঠাৎ তাইৰ চকু পৰিল দোকানীয়ে মিঠাইকেইটা মেৰিয়াই দিয়া বাতৰিকাকতৰ টুকুৰাটোত। কাকতৰ সেই টুকুৰাটোত বিশ্ববিখ্যাত বক্সাৰ মহম্মদ আলীৰ এটা বাতৰি প্ৰকাশ পাইছিল। সেই বাতৰিটো তাই একেটা উশাহতে পঢ়ি পেলালে। তাইৰ অপৰিপক্ব মনটোত মহম্মদ আলীৰ বিষয়ে আৰু বেছিকৈ জনাৰ বাবে উৎসুকতা বাঢ়ি গৈছিল। দৌৰি গৈ তাই বাতৰিকাকতৰ টুকুৰাটো দেউতাকক দেখুৱাই মহম্মদ আলীৰ বিষয়ে সুধিছিল। দেউতাকে নিজৰ সীমিত জ্ঞানেৰে তাইক মহম্মদ আলীৰ সৈতে চিনাকি কৰাই দিছিল। সেয়াই আৰম্ভণি। ইমানদিনে দুই যমজ বায়েকক দেখি কিক্বক্সিং খেলি থকা সেই কম বয়সীয়া ছোৱালীজনীৰ বক্সিঙৰ প্ৰতি অনুৰাগ গঢ় লৈ উঠিছিল। মহম্মদ আলীৰ নামটো তাইৰ মন-মগজুত এনেকৈ শিপাইছিল যে তাই পিছমুহূৰ্ত্ততে থিৰাং কৰি পেলাইছিল- ভৱিষ্যতে তাই বক্সাৰ হ’ব। এদিন বাতৰিকাকতত এনেদৰেই তাইৰ ফটোসহ বাতৰি প্ৰকাশ পাব। লাহে লাহে তাই বক্সিং শিকিবলৈ আৰম্ভ কৰিলে। কঠোৰ শ্ৰম আৰু সাধনাত ব্ৰতী হ’ল তাই।
সৰু দোকানখনৰ পৰা হোৱা উপাৰ্জনেৰে দেউতাকে যেনেতেনে ঘৰখন চলাই আছে। অভাৱগ্ৰস্ত দেউতাকে তাইক এযোৰ ট্ৰেকছ্যুট যোগাৰ কৰি দিব পৰা নাই। চাইকেল মাৰি তাই বক্সিঙৰ প্ৰশিক্ষণ ল’বলৈ যায়। অথচ তাইৰ মনত কোনো আক্ষেপ নাই। তাই জানিছিল এদিন এই অভাৱবোৰ দূৰ হ’ব! কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ হিচাপে নৱম শ্ৰেণীত অধ্যয়নৰত ছোৱালীজনীৰ জীৱনলৈ আহিল এটা ভাল খবৰ। তাইৰ জীৱন যাত্ৰা সলনি কৰি দিব পৰা খবৰ। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ(Sports Authority of India) চমুকৈ ছাই-ৰ আঞ্চলিক কেন্দ্ৰত বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ লাভ কৰিছে তাই!
ইমান দিনে ভয় ভয়কৈ বক্সিং খেলা ছোৱালীজনীয়ে বক্সিং ৰিঙত প্ৰতিপক্ষক ধৰাশায়ী কৰিব পৰা হৈছে। দিনক দিনে তাই ‘টেকনিকেলি’ পাকৈত হৈ পৰিছে। ইয়াৰ পাছত আৰু তাই ঘূৰি চাব লগা হোৱা নাই। ইখনৰ পাছত সিখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় কৰি তাই ক্ৰীড়াক্ষেত্ৰৰ বাবে এটা পৰিচিত নাম হৈ পৰিছে। সংবাদ মাধ্যমৰ লোকসকল তাইক লৈ ব্যস্ত হৈ পৰিছে। ক্ৰমশঃ তাৰকালৈ পৰিণত হৈছে তাই। অথচ আন বহু এথলীটৰ দৰে তাই এনে গ্লেমাৰত উটি-ভাঁহি নগ’ল। তাই জানিছিল সেই তাহানিতে দেখা সপোনটোৱে পূৰ্ণতা পাবলৈ এতিয়াও বহু দূৰ বাকী। সেই মিঠাই বান্ধি অনা কাগজখনৰ পৰা আৰম্ভ হোৱা সপোনটো সাকাৰ কৰিবলৈ তাই আৰু অধিক কষ্ট কৰিব লাগিব। এনেকৈয়ে আগবাঢ়ি গৈ থাকি তাই সপোনৰ প্ৰতিযোগিতা The Greatest Show on Earth- ‘OLYMPIC’লৈ যোগ্যতা অৰ্জন কৰিলে। কঠোৰ অনুশীলন আৰু সাধনাৰ বলত ক্ৰীড়াবিশ্বৰ সৰ্বশ্ৰেষ্ঠ মঞ্চ অলিম্পিকলৈ কোৱালিফাই কৰা তেওঁ হ’ল অসমৰ প্ৰথমগৰাকী মহিলা এথলীট লাভলীনা বৰগোহাঁই।
সংবাদ মাধ্যমৰ আগত লাভলীনাই কৈছিল- ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জিকিলে সকলোৱে এদিন পাহৰি যায়। কিন্তু অলিম্পিকত পদক জিকিলে সকলোৱে মনত ৰাখে। টকিঅ’ত লাভলীনাই পদক জয় কৰে নে নাই সেয়া সময়ে ক’ব। কাৰণ বিশ্বৰ বাঘা বাঘা বক্সাৰেৰে সমৃদ্ধ অলিম্পিকত পদক জয়ৰ পথ মসৃণ নহয়। লাভলীনা অত্মবিশ্বাসী। অলিম্পিকত স্বৰ্ণ জয়ৰ বাবে তাই সৰ্বস্ব উজাৰি দিব। তাইক মাকে প্ৰায়েই কয়- মানুহবোৰে ছোৱালীয়ে একো কৰিব নোৱাৰে বুলি কয়। তই এনেকুৱা কাম কৰ যাতে তোক সকলোৱে মনত ৰাখে। লাভলীনাই মাকৰ কথা আখৰে আখৰে পালন কৰাৰ পণ বান্ধি লৈছে। সফলতাৰ এভাৰেষ্টত তাই নিজকে চাব বিচাৰিছে। সফলতাৰ এই সুউচ্চ শৃংগত আৰোহণ কৰি তাই যেতিয়া তললৈ চাব, তাই ইমানদিনে কৰি অহা কষ্ট-সংগ্ৰাম তুচ্ছ হৈ পৰিব। আমিও বিচাৰো লাভলীনা প্ৰতিগৰাকী নাৰীৰ বাবে প্ৰেৰণা হৈ ৰওঁক। তাই আকৌ প্ৰমাণ কৰক- ছোৱালীয়ে কৰিব নোৱাৰা কাম একো নাই।