ৰঙচুৱা সেই ওভতা বাট
লেখক- ৰিমঝিম দত্ত
“ৰঙা ৰংটো দেহামণিয়ে বৰ ভাল পায় অ’ নিৰ্মলা” ফুটফুটীয়া গাঢ় ৰঙা নতুন চোলাটো জীয়েক কুকিৰ গাত সুমুৱাই দি গভীৰ প্ৰশান্তিৰে কথাষাৰ কৈ উঠিল অমিয়ই। উছাহেৰে কোৱা তাৰ কথাষাৰ শুনিবলৈ অৱশ্যে নিৰ্মলা তেতিয়া ওচৰত নাছিল। পাকঘৰত সোমাই দুপৰীয়াৰ ভাতৰ জা-যোগাৰ কৰাত ব্যস্ত আছিল তাই।
নতুন চোলাটো পিন্ধি আনন্দত আত্মহাৰা হোৱা কুকিয়ে দেউতাকৰ ডিঙিটোত ধৰি কাণে কাণে কৈছিল “দেতা অ’, এইবাৰ বজাৰলৈ গলে মোলৈ ডাঙৰ পুতলা এটাও লৈ আনিবাচোন।”
জীয়েকৰ জপৰা মুৰটোত চুমা এটা খাই মৰমসনা মাত এটাৰে অমিয়ই উত্তৰ দিছিল “পঢ়া-শুনা ভালদৰে কৰা দেখিলেহে মই পুতলাটো আনি দিম, নহ’লে নিদিও।”
মুখখন এপাচি কৰি কুকিয়ে ভোৰভোৰাইছিল “দেতা, তুমি সদায় এনেকৈয়ে কৈ থাকা যে! যোৱা, মই বেয়া পাইছো তোমাক।”
মুখখন ওন্দোলাই আঁতৰি যাব খোজা জীয়েকক সজোৰে সাৱটি ধৰিছিল সি; সকলো অভিমান পাহৰি কুকিয়েও দেউতাকৰ কান্ধতে মুৰটো পেলাই চকু দুটা মুদি পৰি ৰৈছিল। কোঁচ খাই থকা কপাল এখন আৰু ক্ৰুৰ চাৱনি এটা দুচকুত লৈ নিৰ্মলাই ঘনাই পাকঘৰৰ পৰা ভিতৰলৈ ভূমুকিয়াই আছিলহি। অমিয়ৰ বুকুৰ মাজত নিৰাপদে সোমাই থকা কুকিক দেখি তাইৰ মনৰ ভিতৰত প্ৰচণ্ড জুই একুৰা যেন দপদপকৈ জ্বলি উঠিছিল।
প্ৰয়োজনতকৈ অধিক কঠোৰ হৈ ভাঁহি অহা তাইৰ মাতটোৱে দুপৰীয়াৰ নিস্তব্ধতাক দূৰলৈ ঠেলি কুকিৰ কাণত হঠাতে ঠহৰ কৰে বাজি উঠিছিল “কুকি, ভাত বাঢ়ি থৈছো; খাবলৈ আহ।”
কুকিক কোঁচৰ পৰা নমাই দি অমিয়ই খৰখোজেৰে পাকঘৰলৈ সোমাই আহিল; আনে শুনিব নোৱাৰাকৈ তাইৰ কাণৰ কাষতে ৰৈ শান্তস্বৰেৰে সি ক’লে “দেহামণি বুলি মাতিবাচোন তাইক নিৰ্মলা; কুকি বুলিলে কিবা পৰ পৰ লাগেচোন।”
তাৰ কথাৰ একো উত্তৰ নিদি নিৰ্মলাই বাহিৰলৈ দুপদুপাই ওলাই গৈছিল। পাকঘৰৰ এচুকত বহি ভাত খাই থকা কুকিৰ অকণমাণি বুকুখনত যেন সজোৰে এজাক ধুমুহা নামিছিল, চ’তৰ শেষত সিহঁতৰ ভঁৰাল ঘৰটোৰ টিনপাতবোৰ উৰুৱাই নি দুৰণিত পেলাই দিয়া বৰদৈচিলাজাকতকৈও ভয়াৱহ আছিল সেই ধুমুহা। কুকিৰ মাক ঢুকুৱাৰ ছমাহমানৰ পিছতেই অমিয়ই জোৰোণ পিন্ধাই কাষৰ গাওঁখনৰ পৰা নিজৰ ঘৰখনলৈ নিৰ্মলাক একেবাৰে লৈ আনিছিলগৈ। অহাৰ দিনা ৰাতিপুৱা হাতেৰে ফুল তোলা সৰু ৰুমাল এখন কুকিৰ হাতত গুঁজি দিছিল নিৰ্মলাই, শাহুৱেকৰ আদেশত তাইৰ দুগালত যাঁচি দিছিল দুটা উষ্ম চুমা।
অমিয়ই কৈছিল “দেহামণি, আজিৰ পৰা এয়া তোৰ নতুন মা, তেওঁ যি কয় তই তাকেই শুনিবি দেই।” মুৰটো দুপিয়াই কুকিয়ে নতুন মাকজনীৰ মুৰৰ পৰা ভৰিলৈকে তধা লাগি চাইছিল। নিৰ্মলাৰ ক্ষীণ-মীন শুকান দেহাটো আৱৰি-সামৰি ৰখা কেছ বছা চাদৰখনৰ ৰঙা ৰঙটোৱে ক’ব নোৱাৰাকৈ তাইৰ চকুদুটাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল; কোনেও নজনাকৈ।
“এনেকুৱা ৰঙৰ চাদৰ আৰু আছে নেকি?” দুপৰীয়া ভাতমুঠি খাই বিছনাখনতে বাগৰ দি থকা নতুন মাকজনীৰ ওচৰতে শুই সেমেনা-সেমেনকৈ কুকিয়ে সুধিছিল।
নিৰুত্তৰ হৈ চকু মুদি পৰি থকা নিৰ্মলাৰ গাৰ চাদৰখনৰ আচলটো লিৰিকি-বিদাৰি তাই আকৌ কৈ উঠিছিল “মোৰ মাৰো এনেকুৱা একেই চাদৰ এখন আছিল; দেতায়ে বিহুত আনি দিছিল। এই ৰঙটো মায়ে বৰ ভাল পাইছিল, ময়ো ভাল পাওঁ।”
কুকিৰ কথাটো শুনি বিছনাৰ পৰা একে উশাহে নামি আহিছিল নিৰ্মলা, পিন্ধি থকা চাদৰখন গাৰ পৰা সোলোকাই থৈ ঠাইতে বহি পৰিছিল তাই। টেবুলখনৰ ওপৰত ঢাকি থোৱা পানীৰ গিলাচটো ঘুট ঘুট কৰে পি খাই চেঁপা মাত এটাৰে কুকিক তাই কৈ উঠিছিল “মাথাটো খুউব বিষাইছে মোৰ, তই আইতাৰ ওচৰতে থাকগৈ যাচোন।”
সেমেনা-সেমেনকৈ মুৰটো দুপিয়াই কুকি আতঁৰি আহিছিল। চাদৰখন জাপি-কুচি তুলিৰ তলতে গুজি থৈ তাই পুনৰ শুই পৰিছিল।এটা সময়ত কোনেও নেদেখাকৈ পিছফালৰ খালটোৰ গুৰিলৈ গৈ নিৰ্মলাই চাদৰখন দলিয়াই পেলাই থৈ আহিছিল। জাৱৰৰ দমৰ মাজত হেৰাই যোৱা চাদৰখনৰ কথা ভাবি নিজৰ কোঠালিতে জলকা লাগি সোমাই আছিল তাই। অমিয়ৰ মুখখনলৈ মুৰ তুলি চাবলৈ তাইৰ ভয় লাগিছিল, অবুজ এক নামবিহীন ভয়, খালটোৰ জাৱৰৰ দমটোৰ মাজত নিজেও জহি-খহি জাৱৰ হোৱাৰ ভয়। শিৰৰ সেন্দূৰৰ ফোঁটটোৰ বাদে ঘৰখনত থকা ৰঙা ৰঙৰ প্ৰতিটো বস্তুৰ প্ৰতি নিৰ্মলা যেন বিদ্ৰোহী হৈ উঠিছিল। ৰঙা ৰং বুলিলেই যেন চেপি-খুন্দি চুটি হৈ আহিব খোজা তাইৰ ঘনঘোৰ উশাহৰ বাট, ৰঙা ৰং বুলিলেই যেন তাইৰ মানুহজনৰ মনৰ কোঁহে কোঁহে শিপাই থকা সোঁৱৰণীৰ সুকোমল আঁত। বিশেষকৈ সিহঁতৰ শুৱনি কোঠাৰ এচুকৰ গজাল এটাত ওলমি থকা ফটোখনত ৰঙা কাপোৰ এযোৰেৰে জিলিকি থকা মানুহজনীৰ হাঁহিভৰা ধুনীয়া মুখখন; আৰু সেই হাঁহিটোৰ মিঠা পোহৰে এতিয়াও পোহৰাই ৰখা অমিয়ৰ বুকুৰ ভিতৰখন – এই সকলোবোৰে নিৰ্মলাৰ মন-মগজুক যে ধৰাশায়ী কৰি ৰাখিছিল প্ৰতিমুহূৰ্ততে।
আজি আকৌ কুকিৰ গাত হঠাতে নতুন ৰঙা চোলাটো দেখি আহত বাঘিনীৰ দৰে চটফটাই উঠিছিল তাই। দুৱাৰ মাৰি ভিতৰত সোমাই থকা নিৰ্মলাৰ মুখৰ পৰা অমিয়ই বহু চেষ্টা কৰিও এষাৰো মাত উলিয়াব পৰা নাছিল। ঘৰখনত আবেলিৰ পৰাই আৰম্ভ হোৱা খূট-খাট কাজিয়াখনে গধূলিলৈ চূড়ান্ত ৰূপ লৈছিল। ঘৈণীয়েকৰ ওপৰত উঠি থকা খঙটো অমিয়ই জেওৰা খৰি এডালেৰে কুকিৰ এধানমান শৰীৰটোৰ ওপৰতেই আচাৰি আচাৰি উজাৰিছিল। চিঞৰত তাই গগন ফালিছিল। ফাটি চিৰাচিৰ হোৱা তাইৰ কোমল হাত-ভৰিবোৰত তেজে ডোঙা বান্ধিছিল; দেউতাকে তাইৰ বাবে লৈ অনা ফুটফুটীয়া নতুন চোলাটোৰ দৰেই উজ্জ্বল আৰু গাঢ় ৰঙা আছিল সেই তেজবোৰ। আইতাকে বিশল্যকৰণীৰ পাত থেতালি তাইৰ হাতে-ভৰিয়ে লগাই দি কৈছিল “মা-দেউতাৰৰ মাজত সোমাই আমনি কৰিবলৈ নাযাবি দেহামণি। তোক লৈ সিহঁতে অনবৰতে ব্যস্ত হৈ থাকিব নোৱাৰে নহয়।” আইতাকৰ কথামতেই সেইদিনাৰ পৰা মাক-দেউতাকৰ কোঠালি এৰি কুকিয়ে আইতাকৰ কোঠালিত শুবলৈ লৈছিল। জপৰা মুৰটোত আঙুলি বোলাই পিতিকি থকা দেউতাকৰ হাতদুখন ওৰে ৰাতি খেপিয়াই বিচাৰি ফুৰিছিল তাই। বুঢ়ীমাকে তাইক বুকুত সুমুৱাই লৈ উচুপিছিল; মাথোঁ উচুপিছিল। দিন বাগৰিছিল, সময়ো সলনি হৈছিল। সলনি হোৱা সময়ৰ লগে লগে ঘৰখনৰ ইটো মুৰৰ পৰা সিটো মুৰলৈ চিত পখিলীৰ দৰে জঁপিয়াই নাচি-বাগি ফুৰা কুকিজনীৰ জীৱন পৰিক্ৰমাইও বেলেগ দিশে বাট বুলিছিল। যোৱা বহাগত ওঠৰ বছৰত ভৰি দিয়া কুকি এতিয়া চহৰত থাকে, কলেজত পঢ়ে। প্ৰতি শনিবাৰে তাই ঘৰলৈ আহে আৰু দেওবাৰে পুনৰ চহৰলৈ উভতে। যাবৰ পৰত শাহুৱেকৰ আদেশত নিৰ্মলাই তাইৰ কাপোৰৰ বেগটোতে পিঠা-পনাৰ টোপোলা এটা বান্ধি সুমুৱাই দিয়ে।” আহোঁ মা, ভালদৰে থাকিবা” বুলি ভৰিহালত চুই ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনীৰ ফালে চাই তাই থৰ লাগে, আশীৰ্বাদৰ হাতখনে ওপৰলৈ উঠি আহিব খুজিও একেঠাইতে আকৌ ৰৈ থাকে। আইতাকৰ বিছনাখনতে কুকিয়ে খুলি পেলাই থৈ যোৱা ৰঙা চুৰিদাৰযোৰ আলফুলে চুই চাই তাই। চৰম বিতৃষ্ণা আৰু তিক্ততাৰে এসময়ত বুৰাই ৰখা ৰঙটোৱে স্নেহ আৰু ভালপোৱাৰ সৰ্ব্বোচ শিখৰ হৈ এতিয়া তাইক আবৰি ধৰে। আজি তেৰ বছৰে অনুৰ্বৰ হৈ থকা তাইৰ শুকান গৰ্ভৰ ভিতৰলৈ জীপাল সপোন এটা হৈ কুকি নামৰ ছোৱালীজনী কুৰুকি কুৰুকি সোমাই আহি থাকে। কোনেও নেদেখাকৈ নিৰ্মলাই হুকহুকাই কান্দে। খেলি-মেলি হৈ থকা কুকিৰ কোঠাৰ কাপোৰ-কানিবোৰ, কিতাপ-পত্ৰবোৰ সামৰি-সুতৰি পিছৰটো শনিবাৰলৈ তাই গভীৰ আকুলতাৰে বাট চাই থাকে।
“আজি দেহামণি আহি পোৱা অলপ দেৰি হব নিৰ্মলা, তাইৰ বাবে দুপৰীয়াৰ ভাত নাৰান্ধিবা” পাকঘৰৰ দুৱাৰমুখৰ পৰাই অমিয়ই কৈ যোৱা কথাষাৰ শুনি চাউলকেইটা ধুবলৈ লৈ নিৰ্মলা তভক খাই ৰ’ল। দেৰি হোৱাৰ কাৰণটো ওলোটাই অমিয়ক সুধিব খুজিও তাই ৰৈ গ’ল।
খৰখেদাকৈ ঘৰৰ সকলো কাম-বন অটাই আবেলিৰ পৰা আগফালৰ বাৰাণ্ডাতে বহি পদূলিমুখলৈ একেথিৰে চাই ৰৈছিল তাই;
দেহামণি আহিব,
ভালে আছানে মা বুলি সুধিব,
একাষৰীয়া কোঠালিটোত সদায় অকলশৰে শুৱা ছোৱালীজনীক আজি তাই লগতে শুৱাই লব। ৰ’দৰ সকলো বেথা পাহৰি উদাস গধূলিটো নামি আহে, শাৰী পাতি বগলীজাক ঘৰলৈ উভতে।
কিন্তু ওহোঁ, দেহামণি নাহে।
দেহামণি নাহে। ।
পদূলিমুখৰ জপনাখন খুলি হঠাতে দহেচীয়া আন্ধাৰ এজাক হুৰহুৰাই সোমাই আহে। ভাৰাসাম্যহীন দেহাটোৰে চুচৰি-বাগৰি সেই আন্ধাৰজাকৰ বুকুলৈ নিৰ্মলা কেৱল গৈ থাকে আৰু গৈ থাকে।
“মা, কি হৈছে তোমাৰ? গাটো খুউব বেয়া লাগিছে নেকি?” কাণৰ কাষত মিঠাকৈ বাজি উঠা কোমল মাতষাৰত চকামকাকৈ টোপনিৰ পৰা সাৰ পাই উঠিল নিৰ্মলা। চকুহাল বহলকৈ মেলি দেখে, পানী এগিলাচ হাততে লৈ ওচৰতে বহি আছে কুকি; তাইৰ দেহামণি।
“কলেজৰ পৰা আহি বাহিৰে বাহিৰে দুই এটা বজাৰ কৰিলো। একেবাৰে শেষৰ বাছখনহে যেনে-তেনে ধৰিব পাৰিলো” পানী গিলাচ খুৱাই দি নিৰ্মলাৰ খেলি-মেলি হৈ থকা চুলিকেইডালৰ মাজে মাজে আঙুলি বোলাই কুকিয়ে কৈ গ’ল ”ঘৰ পাই দেখো তুমি আগফালৰ বাৰাণ্ডাৰ চকীখনতে চকু মুদি পৰি আছা। তুমি এনেকৈ শুই থকা দেখি দেতাই আজি নিজেই চাহ বনাবলৈ গৈছে, দুইজনীয়ে খাই লওঁ বলা।”
নিৰ্মলাই এখোজ-দুখোজকৈ লাহে লাহে ভিতৰলৈ সোমাই আহিল, চকুৱে-মুখে পানী অলপ মাৰি পিছফালে চকী এখন পাৰি বহি ললে তাই। “মা, ইয়ালৈকে আঁহা, তোমাৰ বাবে বস্তু এটা আনিছো” কথাষাৰ কৈ বহা ঠাইৰ পৰাই কুকিয়ে একপ্ৰকাৰ টানি নিয়াদিয়েই তাইক নিজৰ কোঠালিলৈ লৈ গ’ল। কাপোৰৰ বেগটোৰ পৰা চাদৰ এখন উলিয়াই নিৰ্মলাৰ গাত মেৰিয়াই দি তাই ক’লে “তোমাৰ বাবে আনিছো, কেনেকুৱা লাগিছে কোৱাচোন?” কেছ বছা ৰঙা ধুনীয়া চাদৰখন নিৰ্মলাই কিছুসময়লৈ হেঁপাহেৰে লিৰিকি-বিদাৰি চাই থাকিল। ক’ব খোজা কথাবোৰ ওলাই আহিব খুজিও কলিজাতে ঠাঁহ মাৰি ৰৈ থাকিল তাইৰ। ইমানদিনে এক গভীৰ শূন্যতাবোধে উশাহ ল’ব নোৱাৰাকৈ হেঁচা মাৰি থকা উদং বুকুখনলৈ কুকিক চপাই আনি তাই কেবল নিশ্চুপ হৈ বহি থাকিল বহুপৰলৈ।
চাহৰ প্লেটকেইখন হাততে লৈ মাকৰ সৈতে অমিয় কুকিৰ কোঠালিলৈ সোমাই আহিল। এখন প্লেট নিৰ্মলাৰ হাতত তুলি দি তৃপ্তিৰ হাঁহি এটা মুখত লৈ গহীন স্বৰেৰে সি কৈ ক’লে “ভাল দেখিছে দেই তোমাক।” অমিয়ৰ কথা শুনি লাজতে ৰঙা-চিঙা পৰি উঠিল নিৰ্মলা। চাহৰ কাপটো একেশোহাই পি থৈ; ভৰা মন এটা লৈ তাই নিজৰ কোঠালৈ গুছি আহিল। শোৱনিকোঠাৰ বিশেষ চুকটোত ওলমি থকা ফটোখনৰ গুৰিত অমিয়ই ধূপ দুডাল জ্বলাই গুজি দিছিলহি। প্ৰথমবাৰৰ বাবে অমিয়ৰ কাষতে ৰৈ তাই ফটোখনৰ মানুহজনীলৈ একেলেথাৰিয়ে চাই ৰ’ল। পৃথিৱীৰ সকলো ঐশ্বৰ্য্যৰে সৌন্দৰ্য্যশালী হৈ তেওঁ আজি নিৰ্মলাৰ সেমেকা দুচকুৰ পতাত বিয়পি থাকিল নীৰৱে-নিতালে। আইনাখনৰ ওচৰত থিয় হৈ নিৰ্মলাই আজি নিজকেও খুউব ধুনীয়া দেখিলে , ঠিক ফটোখনৰ মানুহজনীৰ দৰে।