সতিনী
লেখক- উৰ্বশী প্ৰান্তৰ ভাগৱতী
“অ মা, মৰিলো ঔ”…ঘৰ মচি থকাৰ পৰা উঠিব নোৱাৰি কেঁকাই উঠিলো মই। দৌৰি আছিল ৰিংকি। আচলতে সাতমহীয়া পেটটোৰে ঘৰৰ কামবোৰ কৰিবলৈ অসুবিধা পাওঁ মই। বিশেষকৈ ঘৰ মচা কামটো। পাকঘৰৰ কামবোৰ বাৰু থিয়ৈ থিয়ৈ হৈ যায় যেনেতেনে। স্কুলৰ পৰা আহি পালেই ডাঙৰ ছোৱালী ৰিংকিয়ে ইটো সিটো সহায় কৰি দিয়ে। কিমাননো ডাঙৰ তাই, আঠবছৰীয়া ছোৱালীজনীয়েনো কি কাম কৰিব পাৰে বাৰু। কিন্তু তাই যেন বয়সতকৈ বেছি বাঢ়িছে। হয়তো মোৰ পেটটোৰ লগতে বাঢ়ি অহা কামৰ ভৰে তাইক ডাঙৰ হ’বলৈ বাধ্য কৰিছে। সৰুজনী ছয় বছৰীয়া। তাই আকৌ তেনেই কেঁচুৱা হৈয়ে আছে। ৰাতিপুৱা শুই উঠি মোক নেদেখিলে যেন তাইৰ দিনটো আৰম্ভই নহ’ব। চুমা এটা দি উঠাই ননালৈকে বিছনা নেৰে তাই। এৰা, মোৰো যে দেহালাউ দুইজনী।
যাহ ঔ এইজনী, ৰাতিপুৱাই দেখুৱালেহি মৰতিজনীয়ে চেহেৰাটো। কাৰোবাৰ চিঞৰত দৌৰি যোৱাদি গ‘লো আগফাললৈ। দেখিলোও শুনিলোও, ৰিংকিক বকি আছে শাহুমায়ে। ইমান উচ্চশিক্ষিত শাহুমায়ে যে এনে কথা কয়, ক‘লে অইনে বিশ্বাস নকৰিব। জানো মই, বেয়া পায় তেওঁ মোৰ ছোৱালী দুজনী। প্ৰথমে প্ৰথমে ভালেই পাইছিল ৰিংকিক। পিছৰবাৰ গাত লেঠা হওঁতে তাইক কোচত লৈ নিচুকাইছিল তেওঁ তোমাৰ ভাইটি এটা আহিব নহয় বুলি। কিন্তু পিংকিৰ আগমনে যেন তেওঁক আশাহত কৰিলে। এতিয়া তেওঁ পিংকিৰ লগতে ৰিংকিকো দেখিব নোৱাৰা হ’ল। লগতে ঘোষণা কৰিলে তৃতীয়বাৰ ল’ৰা সন্তান নহ’লে বেলেগ ব্যৱস্থা ল’ব। কাৰণ বংশৰক্ষা হ‘বই লাগিব তেওঁৰ। অৱশ্যে এই সকলোবোৰত নীৰৱ সন্মতি প্ৰদান কৰিছিল মোৰ স্বামীয়ে। আৰু এইয়া মই তৃতীয়বাৰৰ বাবে গৰ্ভৱতী।
আস, আজি পুৱাৰে পৰা গাটো বেয়া লাগি আহিছে মোৰ। কৈছিলো তেওঁক। বৰ গুৰুত্ব নিদি অফিচ গুছি গ’ল। নোৱাৰিছো আৰু। বুজিলো মই। আগন্তুক অহাৰ সময় সমাগত। শাহুমাক ক‘লো কথাটো। তেওঁ হুলস্থূল কৰি পুতেকক ফোন কৰিলে। আহি পালে তেওঁ তৎক্ষণাৎ। মোক হস্পিটেললৈ লৈ গ’ল। মাৰ ঘৰ বেছি দূৰত নহয় বাবে ৰিংকি পিংকিক তাতে থোৱাৰ ব্যৱস্থা কৰিলোঁ। দৌৰি আহিল মৰমৰ ভনীজনী খবৰটো পায়েই।
ঈশ্বৰৰ কি ইচ্ছা, এইবাৰো শাহুমা আৰু স্বামীৰ উৎকণ্ঠাৰ ওৰ পেলাই ছোৱালী এজনীকে প্ৰসৱ কৰিলোঁ। নাচালেই তেওঁলোকে। সকলোখিনি দায়িত্ব ভনীজনীয়েই ল’লে। তাই নথকা হ’লে, কি যে হ‘লহয় মোৰ। যা হওক, দুদিন পিছতে ৰিলিজ লৈ ঘৰ পালোহি। শাহুমাৰ জ্বলন্ত দুচকু আৰু স্বামীৰ অৱজ্ঞাই আদৰণি জনালে কণমানিজনীৰ সৈতে মোক। ভণ্টিক ৰাখিলোঁ অলপদিনলৈ। বুজি পাইছোৱেই, এতিয়া ঘৰখনে মোক কি গুৰুত্ব দিব।
দুদিন মানৰ পৰা লক্ষ্য কৰিছো ভণ্টিৰ সৈতে দেখোন এওঁ বৰ ধুনীয়াকৈ কথা পাতে। দেখিবলৈ খুব ধুনীয়া মোৰ ভণ্টিয়েও ভিনিহিয়েকক সময় অসময় নাই চাহৰ যোগান দিবলৈ উচপিচাই থাকে। তাই ভালপোৱা চিংৰা–কচুৰি সদায় আহে এওঁৰ হাতত আজিকালি। অৱশ্যে তেওঁ নাজানে মই কি খাই ভাল পাওঁ। নাৰীৰ সহজাত সন্দেহবাদী মনটো গা কৰি উঠিছে মোৰ। আৰু মোৰ সন্দেহ সত্য প্ৰমাণিত হ’বলৈ বেছি দিন নালাগিল। এদিন ৰাতি ঘোষণা কৰিলে স্বামীয়ে, ভণ্টিক বিয়া কৰাব তেওঁ। মই থাকিব পাৰিম এইখন ঘৰতে, কিন্তু সমিলমিলৰ মাজেদি আমাৰ বিচ্ছেদ হ’ব। আচৰিত হোৱা নাই মই। তেনেকুৱা কিবা এটাৰ ইংগিত শাহুমায়ে দিয়ে থৈছিল যেতিয়া। ভণ্টিৰ মুখলৈ চালো। সলাজ চাৱনি আৰু মিচিকিয়া হাঁহিটোৰে তায়ো জনাই দিলে নিজৰ সিদ্ধান্ত। ঘৰত কথাটো গম পাই আপত্তি কৰিলে মায়ে। কিন্তু ভণ্টি নাচোৰবান্দা। গুছি গ’ল মা খঙত।
সাজু হলো মই আপোন ভনীজনীৰ সতিনী খাটিবলৈ। বুকুত শিল এডোখৰ ৰাখি লৈছো মই। মায়ে কৈছিল ঘৰলৈ ঘূৰি যাবলৈ। কিন্তু তিনিটি সন্তান লৈ মাৰ ঘৰত বোজা হ’বলৈ মন নগ‘ল মোৰ। যিহেতু উপাৰ্জনক্ষমো নহয় মই। উপযুক্ত ডিগ্ৰী থকাৰ পিছতো চাকৰি এটাৰ প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ কাৰণ মাহঁতে যথেষ্ট ভাল চাকৰি কৰা ল’ৰা এটালৈকেটো মোক বিয়া দিছিল। বাৰু যি হওক, এদিন ভণ্টিৰ সৈতে মোৰ মানুহজনৰ বিয়া হৈ গ’ল। সকলো সুখী এতিয়া। মোৰ যেন ঘৰখনত অস্তিত্বই নাই। থাকিব লাগে আছো যেন। অৱশ্যে বাহী বনখিনিৰ বাবে সুবিধা হৈছে সকলোৰে। এৰা এনেই খুৱাবনে চাৰিটা প্ৰাণীক।
মোৰ ৰূমৰ কাষৰ ৰূমটোকে নতুন দৰা কইনাক দিয়া হ’ল। সকলো সহিলেও কেনেকৈ সহো বাৰু মোৰ মানুহজনে মোৰ কাষতে সতিনীৰ সৈতে সহবাস কৰাটো। ৰাতি টোপনি নাহে মোৰ। কাষৰ ৰূমৰ পৰা অহা সিহঁতৰ ঘন ঘন নিশ্বাস বোৰে একোপাট শেল হৈ আঘাত কৰে মোৰ কলিজাত।
দুমাহমানৰ পিছত শুনিলো, ভণ্টি সন্তানসম্ভবা। স্ফুৰ্টিত কবই নোৱাৰে মাক পুতেকে। ইটো আনি খুৱাইছে, সিটো আনি পিন্ধাইছে। মুঠতে ভণ্টিক যেন দাঙি লৈ ফুৰিব তেওঁ। চাই আছো, মই একো কৰিবওটো নোৱাৰো। মাত্ৰ গৰম দুটা স্ৰোতধাৰা অনুভৱ কৰিছো দুগালত।
আজি বোলে ভণ্টিক নাৰ্ছিংহোমত ভৰ্তি কৰিব। চিজাৰিয়ান কৰিব বোলে। ল’ৰা হ’ব যেতিয়া কষ্ট পাবলৈ নিদিয়ে তাইক। মোকহে প্ৰসৱদ্বাৰৰ এগালমান চিলাইৰ দাগে মনত পেলাই থাকে চৰকাৰী হস্পিটালৰ প্ৰসুতি কক্ষটো। দেখিলোঁ এটা সময়ত ভণ্টিক ধৰি ধৰি গাড়ীত উঠাইছে মোৰ মানুহজনে। লগত শাহু মা। খুব শকত হৈছে তাই। নহ‘বনো কিয়, মাছ–মাংস, ফলমূল, গাখীৰ মাখনতে সোমাই থকা নাই জানো এই নমাহে। গম পাওঁ মই, কাৰণ ৰিংকি পিংকিলৈ সদায় ৰাতি আহিছিল মুৰ্গীৰ ডিঙি কেইটুকুৰামানৰ সৈতে ঢেংঢেঙিয়া আঞ্জা অকন। জানিছিলো মই, ৰৈ যোৱা আঞ্জাকনত পানী মিহলাই দিয়া বুলি।
“মাজনী, ভনীয়েৰৰ অৱস্থা বেয়া, ছোৱালী এজনী জন্ম দিয়াৰ পিছতে অত্যধিক ৰক্তক্ষৰণ হৈছে তাইৰ। জোঁৱায়ে ফোন কৰি জনাইছে মোক। হয়তো নাবাচিব তাই অ। তোক কৰা অন্যায়ৰ ফল এইয়া”, ফোনৰ সিপাৰে কান্দোনত ভাগি পৰিল মা। কিংকৰ্তব্য বিমোৰ হৈ অলপদেৰি ঠাইতে ৰৈ গ‘লো মই। ফোনটো হাতৰ পৰা সৰি পৰিল। কাষৰ অনিমা বাইদেউক ছোৱালীকেইজনীৰ দায়িত্ব দি দৌৰিলো নাৰ্ছিংহোমলৈ। দেখিলোঁ বাহিৰত বিষণ্ণ বদনে মোৰ মানুহজন। তেওঁক একো কবলৈ সুযোগ নিদি ভণ্টি থকা ৰূমটো বিচাৰি উলিয়ালোঁ। তাই যেন মোৰ অপেক্ষাতে আছিল। শেঁতা মুখখন পোহৰ হৈ পৰিল হঠাৎ। কণমানি কেঁচুৱাকণ শাহুমাৰ কোচত। ভণ্টিৰ চকুৰ ইংগিতত শাহুমায়ে কেঁচুৱাকণ মোৰ কোচত দিলে। মোৰ চকুত চকু থব পৰা নাই মানুহগৰাকীয়ে আজি।
ভণ্টিয়ে কঁপা কঁপা মাতেৰে ক‘লে মোক “আজিৰপৰা এইজনী তোৰ ছোৱালী বাইদেউ। বৰ অন্যায় কৰিলো তোৰ লগত অ। জীৱনৰ অন্তিম ক্ষণত বুজি পাইছো তোৰ দৰে বাইদেউ এজনীৰ গুৰত্ব। পাৰিলে ক্ষমা কৰি দিবি মোক৷”
মই কিবা কোৱাৰ আগতেই ভণ্টি শুই পৰিল। হয়তো চিৰদিনৰ বাবে। কিয় জানো তাইৰ মুৰটোত হাত ফুৰাই দিবলৈ বৰ মন গল মোৰ, ঠিক সৰুতে দিয়াৰ দৰেই। লাহে লাহে হাত ফুৰালো তাইৰ কপালত, মূৰত। কোচত তাইৰ সদ্যোজাত মোৰ নতুন সন্তানটি।
মুখেৰে ফুটাই নকলেও মনটোৱে কৈ উঠিল মোৰ “তই মোৰ মৰমৰ ভণ্টি হৈ থকাই ভাল আছিল অ, সতিনী হোৱাতকৈ।”