সেই দুখনি হাত

লেখক- নিৰ্মালি নয়নতৰা

দুখনি হাত। যি হাতে মোৰ ভাতৰ কাঁহীত নিজৰ পাতৰ মাছডোখৰ, মঙহকণ তুলি দিয়ে, ককাইদেউৱে কান্ধত ডাঙৰি ল’লে নিজে কাঁচিখন খামুছি ধৰে, ৰোৱা-তোলা কৰে। সেই দুখন হাত, যি দুহাতে বছৰেকৰ বিহুৰ দিনা ঘৰৰ মানুহবোৰক দিবলৈ বুলি চেলেং ছকঠীয়া বয়, আই পিতাইক সময়মতে চাহটোপা, দৰৱটো তুলি ধৰে, আমাৰ ঘৰৰ চোতাল গোবৰ মাটিৰে লেপি চিকুণকৈ নিমজকৈ থয় আৰু কলেজলৈ যাবৰ পৰত টিপতে মোৰ চোলাৰ জেপত দুটামান টকা জোৰকৈ গুজি দি কয়, “কিতাপ কিনা চাহ খোৱা কি কৰা কৰিবা সৰু! মাত্ৰ ছোৱালীলৈ ৰঙা ফিটা নিকিনিবা দেই।” সেই দুখন হাতে মোৰ জন্মদিনত গোঁসাই ঘৰত চাকি দিয়ে। মিহিকৈ ৰুকা নাৰিকল আৰু আম আদাৰে বুট-মগুৰ প্ৰসাদ আগবঢ়ায়, প্ৰসাদৰ পাতৰ একোণত বিলায় অকনমাণ পায়স নহ’লেবা বৰপিঠা দুটামান। হাত দুখনে পংখীক জোৰোণো পিন্ধালে। সেই হাতৰ ঠাৰিত আমন-জিমনকৈ সোমাই থকা মিহি ৰূপৰ খাৰু দুপাতে পংখীক হেনো বৰ লাজ দিছিল। সিহঁতৰ ঘৰৰ মানুহবোৰে পংখীৰ বিয়া কেনেকুৱা ষ্টেটাচৰ মানুহৰ লগত হ’বলৈ ওলাইছে, সেই হাত দুখন দেখিয়েই গম পাইছিল। ধানৰ ধূলি, গাঁৱৰ বেকৱাৰ্ড মানুহ আৰু গাড়ী মটৰ, বজাৰ সমাৰ আদি এশ এবুৰি সমস্যা অথবা অজুহাতত পংখী আমাৰ ঘৰত নাথাকিল। বিয়াৰ পাছৰ প্ৰথম দুটামাহ কোনোমতে তাই গাঁৱত কটালে। কাঁচি আৰু ডবুৱা কটাৰীৰ চোকে দহো আঙুলিত জ্যামিতিৰ ছবি অঁকা সেই দুখন হাতে তাইক চাহ ভাতৰ যোগান ধৰিলে। কোনোবাদিনা চাহত চেনি বেছি, কোনোবাদিনা দাইলত হালধি বেছি জাতীয় অজুহাত দেখুৱাই সেই হাত দুখনৰ আৰ্জিত অভিজ্ঞতাক তাচ্ছিল্য কৰি থাকিল। অথচ সেই দুহাতে তাইৰ তিয়নী মেখেলাখনো জেওৰাত মেলি ৰ’দালে, চপালে। চকোৱাৰে বেৰা গাধোৱা ঘৰত গা ধুব নোৱাৰা পংখীৰ বাবে সোণমণিৰ তোলনী বিয়ালৈ সঁচা টকাকেইটাৰে সৰুকৈ হ’লেও পকী বাথৰুম এটি সজালে। সেই দুহাতৰ আদৰে পংখীক নিজৰ কৰিব নোৱাৰিলে। ময়ো সেই দুহাতে গালত ভেঁজা দি কৰা কাতৰ মূদ্ৰাটো বুকুত লৈ নগৰীয়া হলো। সেই দুহাততে মূৰ থৈ এদিন অগা-পিছাকৈ আই-পিতাই গ’লগৈ। পংখীৰ কথামতেই মই গাঁৱলৈ নগৈ আমাৰ চৰকাৰী কোৱাৰ্টাৰতে শ্ৰাদ্ধ-বিধি পালিলো। সেই হাত দুখনৰ কথাবোৰ মোৰ সোঁৱৰণি হ’ল।পংখীৰ মেনিকিউৰ ধন্য নেইলপলিচেৰে উজ্জ্বল দুহাতৰ আৱেষ্টনীত আজিকালি মোৰ জীৱনচৰ্যা। পংখীৰ মতেই মই খাওঁ, পিন্ধো, ফুৰো, কাম কৰো।মিঠাই এটা খাবৰ পৰত তাইৰ ফালে ভয়ে ভয়ে চাওঁ।ৰাতিৰ সাজত মাটন গ্ৰেভী খুৱাই পুৱা গ্ৰীণ টি কাপ তুলি দিয়া পংখীৰ দুহাতত মই সৌ তাহানিৰ দুখনি হাতৰ আদৰকণ বিচাৰি হাহাকাৰ লগাওঁ। সোণমণি আৰু জোঁৱাই আহিছিল।মোলৈ বিবৰ্ণ পলিথিনৰ পেকেটত বোলে কিবা দি থৈ গৈছে। সিহঁত মই অহালৈ নৰ’ল। ৰ’বলৈ পংখীৰ বিৰক্তিসনা মুখখনেই নিদিলে কিজানি! পংখীয়ে অৱজ্ঞাৰে মোৰ বিছনাতে পেকেটটো পেলাই থোৱা দেখি মই বুটলি ল’লো। সেইবোৰ মাটিৰ কাগজ পত্ৰ।লগতে সেই দুখন হাতৰ মুকুতা যেন আখৰৰ চিঠি।

“সৰু, ককায়েৰে তোমাক মাতিবলৈ দুদিন গৈছিল। তুমি নাছিলা হেনো। পংখীয়ে ফোনৰ নম্বৰটো দিছিল। ফোন কৰিলে নেলাগে। কাগজ পাতিবোৰ লগত ৰাখি থোৱা। ককায়েৰৰ গাটো ভাল নহয়। তেখেতে মাতে-বোলে থাকোঁতেই তোমাক এইবোৰ গতাই দিবলৈ বাৰেপতি কৈ আছে। ভুল নুবুজিবা। কাগজবোৰহে ভগাইছো। মনবোৰ একে হৈয়ে আছে। থাকিবও।

কুশলে থাকা,

বৌৱেৰা।”

পংখী সোমাই আহিছিল।

তীক্ষ দৃষ্টিৰে চিঠিখনলৈ চাই মোক তাই সুধিলে, “বুঢ়াৰ বেমাৰ চাবলৈ তোমাক টকা খুজি পঠিয়াইছে নেকি?”

মই একো নক’লো।

কাগজবোৰ পেকেটত ভৰাই মই গাঁৱলৈ বুলি ওলালো।পংখীয়ে মোক দুয়োহাতেৰে আগভেটি ধৰিছিল। মই সেই দুহাত আছাৰ মাৰি এৰুৱাই তললৈ নামি আহিলো। গাঁৱত এতিয়া ডবা কোবাবৰ হ’ল। সেই দুখন হাতে এতিয়া ধূনা ফুৰাব পায়! সেই দুখন হাতত মই মোৰ গাল দুখন পাতি দিম। জানো, সেই দুয়োহাতে মোক আঁকোৱালি ল’ব! কিন্তু মই বিচাৰিম, সেই দুহাতে মোক দুটা প্ৰচণ্ড কাণতলীয়া চৰ শোধাওক!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!