মূৰ্তিয়ে কথা কয়
লেখক- নন্দিনী নীলাভ
তেওঁ এজন শিল্পী। তেওঁৰ হাতৰ কুশলতাত নিতৌ সৃষ্টি হয় নতুন ভাস্কৰ্য্য। শিল্পী নিপুণ। নিৰ্মাণ কৰাই তেওঁৰ কাম। বুদ্ধিদীপ্ত চকুৰে তেওঁ কুৰুকি কুৰুকি সোমাই পৰে এটুকুৰা শিলৰ মাজত নাইবা এটুকুৰা কাঠৰ ভিতৰত নাইবা মাটিৰ লদা এটুকুৰাৰ বুকুত। নিৰ্মাণ কৰাই তেওঁৰ উদ্দেশ্য। বাসনা। হবি। তামোলৰ সেলেঙী বোৱাই নিৰ্মিলিত নয়নেৰেও তেওঁ দেখি থাকে নিৰ্মিতিৰ বিবিধ ভঙ্গীমা। যেতিয়ালৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহয় তেতিয়ালৈ তেওঁৰ মনৰ কূটকূটনি শান্ত নহয়। মাটিৰ লদাক তেওঁ সানি পুতকি লয়। থুকুচি থুকুচি নিমজ কৰে। কিবা এটা গঢ় দিয়াৰ চেষ্টা কৰে। মন পছন্দৰ নহ’লে আকৌ ভাঙে। আকৌ গঢ়ে। ধাতুৰ টুকুৰাক হাতুৰীৰে পিটি পিটি আকাৰ দিয়ে। আঙঠাৰে জ্বলায়। আকৌ গঢ় দিয়ে। পাথৰৰ বুকুত নক্সা আঁকে। মাপনীৰে জোখ -মাখ লয়– দীঘ-প্ৰস্থ, কঠোৰতা ইত্যাদিৰ। তাৰ পিছত কুট কুট, খুট খুট, খুট খুট..। এইবাৰ তেওঁ কাঠ এটুকুৰা বিচাৰি পাইছে। শুকান, নীৰস। তেওঁ তীক্ষ্ণ দৃষ্টিৰে বহু বাৰ কাঠ টুকুৰা লক্ষ্য কৰিছে। ওলোটাই বগৰাই চাইছে। এলাগীহৈ পৰি থকা কাঠ টুকুৰাতো আছে নেকি সৃষ্টিৰ সম্ভাৱনা? কি নিৰ্মাণ কৰিব পৰা যাব বাৰু কাঠ টুকুৰাৰে?
ৰাতিলৈ শিল্পীয়ে সপোন দেখে। শিল্পীৰ নিৰ্মাণ গৃহৰ ছয়া ময়া অন্ধকাৰত কাঠ টুকুৰা এটা মূৰ্তিলৈ ৰূপান্তৰিত হয়। শিল্পী ওচৰ চাপি যায়। মূৰ্ত্তিটোৱে কক্ষৰ দুৱাৰ খুলি ওলাই যায়। শিল্পীও পিছে পিছে গৈ থাকে। গৈ গৈ দুয়ো এক ওখ পাহাৰৰ উচ্চতাত উপনীত হয়। মূৰ্তি আৰু শিল্পী দুয়ো নিজৰ ভাৱনাত নিমগ্ন হৈ পৰে। দুয়ো বহি থকা উচ্চতাৰ পৰা শিল্পীয়ে তললৈ চাই পঠিয়ায়। পশ্চিম আকাশত ওপঙি আছে ডুব মাৰিবলৈ সাজু হোৱা সূৰুজ। যোৱাৰ আগেয়ে হেঁপাহ পলুৱাই ৰঙ ছটিয়াই দিছে। প্ৰকৃতিয়ে যে কেতিয়াও কৃপনালি নকৰে। কিমান যে উদাৰ প্ৰকৃতি! শিল্পী আৰু মূৰ্তিৰ ভৰিৰ কাষেৰে উৰি গৈছে এজাক সেউজীয়া চৰাই। সিহঁতৰ দীঘল ফিছা বোৰত ৰাঙলী পোহৰ বিচ্ছুৰিত হৈছে। শিল্পী আৰু মূৰ্তিৰ ভৰিৰ তলত থকা সৰু সৰু সেউজ পাহাৰৰ লানি বোৰলৈ লাহে লাহে পাতলীয়া কুঁৱলী নামি আহিছে। পাহাৰৰ ফাকে ফাকে নামি আহি পোহৰ বোৰো যেন কুঁৱলীৰ ওপৰতে উবুৰি খাই পৰিছে। কুঁৱলী-পোহৰ, পোহৰ -কুঁৱলী। কুঁৱলীয়ে লগত লৈ আহিছে গধূলিৰ বতৰা। কোমল এন্ধাৰ। পোহৰ -কুঁৱলী-পাতলীয়া অন্ধকাৰৰ বিচিত্ৰ মেলা। লগতে পাহাৰত প্ৰতিধ্বনিত হোৱা চৰাইৰ কাকলিয়ে শিল্পীক এক অনিৰ্বাচনীয় জগতলৈ লৈ গৈছে। এন্ধাৰৰ বুকুত লুকাই পৰাৰ আগতে জগতৰ সৌন্দৰ্যখিনি হুপি হুপি পান কৰিবলৈ শিল্পী উদগ্ৰীৱ হৈ পৰিছে। শেহৰটো টোপাললৈ যেন তেওঁ পিয়েই থাকিব। শিল্পীৰ দুচকুৱে সদায় সৌন্দৰ্যকে বিচাৰি ফুৰে। নিজৰ সৃষ্টিৰ মাজেৰে তেওঁ অসুন্দৰকো সুন্দৰ কৰি তোলে। ঈশ্বৰৰ সৃষ্টিৰ একো একোটা বিন্দু তেওঁ নিজ হাতেৰে পুনৰ পৰিস্ফুট কৰি তোলে। তাৰ বাবে তেওঁ বিষয়ৰ গভীৰতৰলৈ গতি কৰে। সুখ, দুখ, সুন্দৰতা, মলিনতাক সূক্ষ্ম ভাবে নিৰীক্ষন কৰে। তেতিয়া তেওঁৰ সৃষ্টি সুন্দৰহৈ পৰে। শিল্পীয়ে মূৰ্তিলৈ লক্ষ্য কৰে। প্ৰকৃতিৰ শান্ত কোলাত মূৰ্তিৰ মনটোও যেন জিৰণি লৈছে। শিল্পীৰ তেনেকুৱাই অনুভৱ হয়। মূৰ্তিয়েও চিন্তা কৰিব পাৰে নে? শিল্পীয়ে ভালদৰে লক্ষ্য কৰি দেখিবলৈ পালে যে মূৰ্তিৰ চকুত চকুপানী। মূৰ্তিৰ দেহৰ অ’ত ত’ত তেজ বিৰিঙি উঠিছে। হাত ভৰিৰ ঠায়ে ঠায়ে উখহি পৰিছে। মূৰ্তি মৌন যদিও মুখমণ্ডলৰ ৰেখা বোৰে সুন্দৰকৈ তেওঁৰ কষ্টখিনি প্ৰতিফলিত কৰিছে। মূৰ্তিৰ মৌনতাখিনি অধ্যয়ন কৰিবলৈ চেষ্টা কৰা শিল্পীয়ে দেখিলে যে পশ্চিমৰ ৰঙচুৱা খিনিৰ পৰা চকু আঁতৰাই মূৰ্তিয়ে পাহাৰৰ তলিলৈ চাই ৰৈছে। মূৰ্তিৰ দৃষ্টি অনুসৰণ কৰি শিল্পীয়ে দেখিবলৈ পালে দুজন অচিনাকি যুৱক। দুয়ো পাহাৰ খনৰ নামনিত বাগৰি পৰি আছে। লৰচৰ নাই। জীয়াই আছে নে নাই ধৰিব নোৱাৰি। দুয়োৰে দেহত কাৰোবাৰ অত্যাচাৰৰ স্পষ্ট চিন। মূৰৰ পৰা নিগৰি অহা তেজে সেউজীয়া বন জীপাল কৰি তুলিছে। শিল্পীৰ বুজিবলৈ বাকী নাথাকিল। তেওঁলোক কোনো বন্য জন্তুৰ দ্বাৰা আক্ৰান্ত হোৱা নাই। ভোক নাথাকিলে বন্য জন্তুৱেও হেনো আক্ৰমণ নকৰে। কিন্তু মানুহ? মানুহৰ বিষয়ে আজিকালি আগজাননী দিব নোৱাৰি। মানুহৰ মগজুৰ কোষবোৰ কেতিয়া হিংস্ৰতাৰ বাবে বা বৰ্বৰতাৰ বাবে উদগ্ৰীৱ হৈ পৰে সেয়া শিল্পীয়ে নাজানে। মূৰ্তিয়েও নাজানে। কিন্তু সেই হিংস্ৰতা, বৰ্বৰতা, উগ্ৰতাই দুয়োৰো মনত যি আন্দোলনৰ সৃষ্টি কৰে, সেই আন্দোলনে প্ৰবল নিৰাশাৰ জন্ম দিয়ে। সেই নিৰাশাকো শিল্পীয়ে কেতিয়াবা আধাৰ কৰি লয়। নিজৰ শিল্পকৰ্মৰ দ্বাৰা মনৰ ক্ষোভ বোৰ প্ৰকাশ কৰি পেলায়। কিন্তু মূৰ্তিয়ে? মূৰ্তিয়ে কি কৰিব? নিজৰ ক্ষোভ বোৰ কেনেকৈ প্ৰদৰ্শন কৰিব? কেনেকৈ নিজৰ মন পাতলাব? শিল্পীয়ে মূৰ্তিক এতিয়াও নিজক প্ৰকাশ কৰাৰ মাধ্যম প্ৰদান কৰা নাই। সেয়ে মূৰ্তিৰ দেহত দুখ বোৰ তেজ হৈ, আঘাত হৈ দেখা দিছে। শিল্পীয়ে মূৰ্তিৰ আঘাত বোৰ নাইকিয়া কৰি দিব বিচাৰিলে। তেওঁ মূৰ্তিৰ ফালে হাত আগবঢ়ালে। কিন্তু সেই সময়তে তেওঁৰ নিদ্ৰা ভংগ হৈ গ’ল। শিল্পীয়ে মূৰ্তিৰ কথাকে ভাবি থাকিল। দুটি ভূ লুণ্ঠিত দেহ দেখি মূৰ্তি নিজেও আঘাত প্ৰাপ্ত হৈছে। তেনেকুৱা কিমান যে দেহ ছিন্ন ভিন্ন ৰূপত অ’ত-ত’ত পৰি ৰ’বলৈ ধৰিছে আজি কালি! পুৰুষৰ দেহ! নাৰীৰ দেহ! ভ্ৰূণৰ দেহ! মূৰ্তিৰ আত্মাত লগা আঘাত বোৰে দেহত ৰক্তজবা হৈ দেখা দিছে। তাৰমানে মূৰ্তি কেৱল মাত্ৰ কাঠ এটুকুৰা নহয়। মূৰ্তিৰ অনুভৱ আছে। সকলো মানুহ মূৰ্তিৰ দৰে হোৱা হেঁতেন! শিল্পীয়ে দীৰ্ঘ শ্বাস এৰে।
নিশালৈ আকৌ আগৰাতিৰ ঘটনাৰ পুনৰাবৃত্তি ঘটে। শিল্পীয়ে এইবাৰ মূৰ্তিক বজাৰ এখনৰ মাজে মাজে গৈ থকা দেখিবলৈ পালে। কাঠ টুকুৰাই মূৰ্তিৰ ৰূপলৈ কক্ষৰ দুৱাৰ খুলি বজাৰত ঘূৰি ফুৰিছে। তাকে দেখি শিল্পীও পিছে পিছে লৰ দিলে। কোলাহল পূৰ্ণ বজাৰ। দৰদাম চলিছে। বেপাৰীৰ এটাই লক্ষ্য-অলপ বেছি ধন আহৰণ। বেয়াকো ভাল বুলি পতিয়ন নিয়াবৰ যত্ন। ইফালে গ্ৰাহকৰ চেষ্টা হৈছে–কম দামত ভাল বা অধিক বস্তু লাভ। ক্ৰেতা -বিক্ৰেতাৰ টনা আজোৰা। লাভ লোকচানৰ অংক চলি থাকে। ধন-ভোগ-জীৱন। শিল্পীয়ে দেখিলে এটা ছাগলীক মানুহ এজনে টানি টানি লৈ গৈছে। পাহোৱাল বাহুৰে তেওঁ এজন কচাই। ছাগলীটোৱে বে বে কৈ চিঞৰি ঠেঙৰ খুৰা কেইটাৰে মাটিত খোপনি দি নিজকে বচাবলৈ চেষ্টা কৰিছে। কচাই জনে এবাৰ পিছফালে চাই ৰছীডালত পূৰ্ণ জোৰ প্ৰয়োগ কৰি ছাগলীক টানি লৈ গৈছে। শেষত বেৰ এখনৰ পিছফালে কেইটামান বেবনি দি ছাগলী নিমাত হৈ পৰিছে। বেচেৰা ছাগলী! অলপ সময়ৰ পিছত মুণ্ডহীন ছাগলীটো দোকানত ওলমি ৰৈছে। গুলপীয়া মঙহৰ লোভত গ্ৰাহক সকল উবুৰি খাই পৰিছে।
ছাগলীৰ পিছে পিছে দৌৰি আহিছে এজনী সৰু ছোৱালী জনী। সেই সৰু ছোৱালী জনীক কেইটামান হৃষ্ট পুষ্ট মানুহে থাপ মাৰি ধৰি লৈছে। ছাগলীটো তাইৰ বৰ মৰমৰ আছিল। নাম দিছিল ‘ধুনু’। তাইৰ মৰমৰ ‘ধুনু’ৰ গুলপীয়া মঙহ ৰছীত ওলমি থকাৰ দৰে মানুহ কেইজনেও তাইক আলাসতে দাঙি লৈ গ’ল। । সিহঁতৰ কোৱাৰি বোৰত লোভৰ লেলাৱটি। মুখত কুৎসিত হাঁহি। বহুদিন লঘোণে থকা নৰ খাদক। হায়! ছাগলীটোৰ দৰে এতিয়া তায়ো চিঞৰিব। নিজক বচোৱাৰ বৃথা চেষ্টা কৰিব। হাত ভৰি আচাৰিব। যন্ত্ৰণাত কাতৰ হৈ পৰিব। ধুনুতকৈ বহুত বহুত বহুত অধিক কষ্ট লাভ কৰি হয়তো তাই মৰণক সাৱটি ল’ব। জীয়াই থকাৰ ইচ্ছা থাকিলেও তাইক সেই সুবিধা দিয়া নহ’ব। তাৰ সলনি সিহঁতে হয়তো তাইৰ মূৰটো শিলেৰে খুন্দিয়াই থেতালি পেলাব। নাইবা টেটু চেপি প্ৰাণ বাহিৰ কৰি দিব। জৰাসন্ধ ফলা দি ফালি পেলাব। জ্বলাই পেলাব, এচিড ঢালি দিব..!
কিবাকৈ বাচি থাকিলেও তাইৰ জানো শান্তি, বিশ্বাস, আত্মবিশ্বাস ইত্যাদিবোৰ ঘূৰি আহিব? মানুহেৰে ভৰি থকা বজাৰ খনত ইমান ডাঙৰ ঘটনা হৈ যোৱা দেখিও কোনেও একো নকৰিলে। আচৰিত! বৰ আচৰিত! দুই এজনে মাত মাতিব বিচাৰিলে যদিও সেই নৰ খাদকৰ দলটোৰ এজনে আহি সিহঁতৰ কাণত ফুচ ফুচাই কিবা ক’লে। ফলত সিহঁত নিমাত হৈ ৰ’ল। ইফালে মূৰ্তিয়ে সৰু ছোৱালীজনী দাঙি লৈ যোৱা মানুহ দলৰ পিছে পিছে দৌৰি যাবলৈ ধৰিলে। সেই সময়তে শিল্পীও সাৰ পাই উঠি বহিল।
পিছদিনাখন শিল্পীয়ে কাঠ টুকুৰাৰ কাষলৈ গ’ল। বহু সময় তেওঁ কাঠ ডাল লিৰিকি বিদাৰি চালে। তাৰ পিছত তেওঁ নিজৰ সঁজুলি বোৰ লৈ কামত লাগি পৰিল। তেওঁৰ মনলৈ আহি থাকিল সপোনত দেখা সেই মূৰ্তিটো। কাম আৰম্ভ হোৱাৰ পিছত শিল্পীৰ খাৱন শোৱনৰ বিচাৰ নাথাকে। লক্ষ্য থাকে মাথোঁ সৃষ্টি। কেতিয়াবা তেওঁ অৰ্ধ নিৰ্মিত মূৰ্তিৰ কাষতে ভাগৰ জিৰায়। শুই পৰে। এদিন তেনেকুৱা তন্দ্ৰালস মুহূৰ্ততে মূৰ্তি আহি তেওঁক দেখা দিলে। শিল্পীয়ে এইবাৰ মূৰ্তিৰ পিছে পিছে নগ’ল। বৰঞ্চ মূৰ্ত্তিক হাতত ধৰি এটি প্ৰাচীন চুবুৰীলৈ লৈ গ’ল। মাটিৰে লেপা কেঁচা চোতালৰ এমূৰে মিঠা তেলৰ এটি চাকি। তাৰ পোহৰত এজন দাঁত খোলা আলৰ বৃদ্ধই সাঁচিপাতৰ পুথি আগত মেলি লৈছে। এন্ধাৰ চোতালখনত ধান খেৰ পোৰা গোন্ধ। জংগলৰ পৰা ওলাই অহা জোনাকী পৰুৱা বোৰে নিৰ্বিঘ্নে চোতালৰ এন্ধাৰ খিনিত ঘূৰি ফুৰিছে। উৱলি যোৱা সাঁচিপাতৰ পুথি খনত থকা আখৰ বোৰৰ পৰা পোহৰ বাহিৰ হৈ আছে। তাৰ পোহৰত বৃদ্ধ জনৰ নাতিয়েকৰ চকু দুটা উজ্জ্বল হৈ উঠিছে। ভূত ভৱিষ্যত সকলো তাৰ চকুত জিলিকি উঠিছে। মূৰ্তিয়ে আচৰিত হৈ বৃদ্ধৰ মুখলৈ প্ৰশ্নবোধক দৃষ্টি নিক্ষেপ কৰিলে। বৃদ্ধই মাথোঁ ফেলেক কৈ হাঁহি এটি মাৰিলে। তেওঁৰ শোতোৰা পৰা মুখ খনৰ মকৰাজালৰ দৰে ৰেখা বোৰে বহু কথাই কৈ পেলালে। তাত লুকাই থকা জ্ঞান, বোধ, মমত্ব, কৰুণা আদিয়ে আশীৰ্বাদ ৰূপ লৈ মূৰ্তিক পোহৰাই তুলিলে। শিল্পীয়ে মাত দিলে, “এয়াই আমাৰ শিপা।” বৃদ্ধৰ হাতৰ কাষতে থকা সৰু চুঙাটোৰ পৰা খাগৰীৰ লিখা সঁজুলিটো মূৰ্তিয়ে হাতত তুলি লৈ চিন্তাত নিমগ্ন হ’ল। লগে লগে শিল্পীয়েও যেন তেওঁৰ নিজৰ লক্ষ্য স্পষ্টকৈ দেখা যেন পালে। শিল্পীয়ে নতুন উদ্যমেৰে মূৰ্তিটো সাজি উলিওৱাত লাগি গ’ল। শিল্পীয়ে এই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰিব। মূৰ্তিয়ে কথা ক’ব। শিল্পীয়ে কৈ পেলাব নোৱাৰা কথাবোৰ মূৰ্তিয়ে প্ৰকাশ কৰিব। মূৰ্তিৰ মাজতে শিল্পীয়ে নিজক দেখিব। এই মূৰ্তিয়ে মানুহৰ মনলৈ শান্তি আনিবলৈ যত্ন কৰিব। অতীতৰ সৈতে ভৱিষ্যতক চিনাকি কৰাব। জীৱনৰ বতৰা কঢ়িয়াই আনিব। মন বোৰ পোহৰাবলৈ যত্ন কৰিব। দুৰ্বলীক সাহস দিব। সত্য আৰু শুদ্ধৰ বীজ ৰোপণ কৰিব…। শিল্পীয়ে যিমানে কথা বোৰ ভাবিবলৈ ধৰিলে, সিমানে তেওঁৰ হস্তচালনা বৃদ্ধি পাবলৈ ধৰিলে। তেওঁৰ কল্পনাৰ মূৰ্তি গঢ়ি উঠিবলৈ আৰু অলপহে বাকী। শিল্পীয়ে মূৰ্তিক অনুভূতি, ভাৱনা, সহৃদয়তাৰ সংমিশ্ৰণত তৈয়াৰ কৰা পোছাক এযোৰ পিন্ধাই দিলে। শেষত মূৰ্তিৰ প্ৰসাৰিত হাতত তেওঁ কলম এটি গুজি দি নীৰৱধি হোৱাৰ আশিস প্ৰদান কৰিলে।