সম্পদ

লেখক- ৰিঞ্জু বৰুৱা ফুকন

ওঁহো, মই ভাত নাখাওঁ, তুমি খুৱাই দিলেহে খাম। 

ধুনীয়া মানুহজনীয়ে গালত আঁকি দিয়ে তৰাবুলীয়া এটা চুমা আৰু লাহী আঙুলিকেইটাৰে খুৱাই দিয়ে এটেপা এটেপাকৈ সৰগীয় স্বাদৰ অমৃত যেন ভাতকেইটা। সি মনে মনে ভাবে, তাৰ মাক পৃথিৱীৰ ভিতৰতে ধুনীয়া তিৰোতা আৰু তাৰ মাকৰ সমান মৰম অন্য কাকোৱে কোনো মাকেই নকৰে। তাৰ মাক আছিল তাৰ একচেটিয়া সম্পদ। কিছুদিনৰ পাছত ভনীয়েকজনী সিহঁতৰ সংসাৰলৈ আহিছিল যদিও তাৰ প্ৰতি মাকৰ মৰমবোৰ কমি যোৱা নাছিল। মাকে বৰ কৌশলেৰে সিহঁত দুয়োটাকে সমান মৰমেৰে আঁকোৱালি ৰাখিছিল। সিহঁতক চিৰজীৱন মৰমেৰে বুৰাই ৰাখিবলৈ তাৰ ধুনীয়া আৰু মৰমিয়াল মাকজনী এই পৃথিৱীৰ বেছি দিনৰ বাসিন্দা নাছিল। এটা ভাল নোহোৱা বেমাৰৰ অজুহাতত তাৰ মাক গুছি গৈছিল স্পৰ্শ আৰু দৃষ্টিৰ বাহিৰৰ কোনো এক অজানা দেশলৈ। জীৱনৰ ছন্দপতন ঘটিছিল। সি তেতিয়া মাথোঁ ক্লাছ ছেভেনৰ ছাত্ৰ আৰু ভনীয়েক তনয়া সৰু ক্লাছৰ ছাত্ৰী। এটা দায়িত্বশীল মানুহৰ দৰে সি ঠেহপেচবোৰ এৰি পেলাইছিল। 

আইতাক আৰু দেউতাকৰ বুকুৰ মাজত মাকৰ মৰমৰ উম বিচৰাৰ বয়স সেয়া। ঠিক তেনেকুৱা সময়ৰে কোনোবা এটা দিনত সিহঁতৰ ঘৰলৈ এজনী নতুন মাকৰ আগমন ঘটিছিল, যিজনী মানুহৰ আদবকায়দাবোৰ তাৰ নিজৰ মাকৰ লগত অকণো মিল নাছিল। খিংখিঙীয়া মানুহজনীক তাৰ প্ৰথম দেখাৰে পৰা ভাল লগা নাছিল আৰু সি তাৰ মৰমৰ ভনীয়েকজনীকো মানুহজনীৰ ছত্ৰছায়াৰ পৰা লুকুৱাই ৰাখিব খুজিছিল। খিংখিঙীয়া যেন লাগিলেও মানুহজনীয়ে সিহঁত দুটাক কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিল যদিও সৰুতে আইতাকৰ মুখত শুনা তেজীমলাৰ সাধুৱে তাৰ কোমল হৃদয়ত আঁহপাহ মেলি এখন নিগাজী আসন দখল কৰি আছিল বাবেই হয়তো সি নতুন মানুহজনীৰ পৰা এটা নিৰাপদ দূৰত্বত সদায় অৱস্থান কৰিছিল। 

সি এটা কথা মন কৰিছিল, মাকক হেৰুৱাওঁতে সিহঁতে স্কুলৰ বন্ধুবান্ধৱ বা ওচৰ চুবুৰীয়াৰ পৰা যি সহানুভুতি লাভ কৰিছিল, নতুন মাকজনী সিহঁতৰ ঘৰলৈ অহাৰ পাছত যেন সেই সহানুভুতিখিনি পুতৌলৈহে পৰিবৰ্তিত হৈছিল। যিটো কথা সি একেবাৰেই ভাল পোৱা নাছিল। এৰি অহা দিনবোৰৰ সুখানুভূতি বুকুত সামৰি জী থাকিবলৈ মন যোৱা সময়বোৰত সি আবিষ্কাৰ কৰিছিল তাৰ নতুন মাকজনী আৰু দেউতাকৰ মাজত চলা শীতল যুদ্ধখনৰ কথা। লাহে লাহে যৌৱনত ভৰি থবলৈ লোৱা লৰাটোৱে ঠিকেই বুজিছিল, মানুহজনীয়ে নিজাকৈ এটা সন্তান বিচাৰিছিল, যিটো দেউতাকে মানি লোৱা নাছিল। মানুহজনী অহাৰ পৰা সিহঁতে নিজৰ ঘৰখনতে আলহীৰ দৰে হৈছে, নতুন মাকৰ কেঁচুৱা হলে সিহঁতৰ অৱস্থা কি হব পাৰে ভাবি তাৰ ভয় লাগিছিল। নতুন মাকক অনাৰ বাবে দেউতাকৰ প্ৰতি জাগি উঠা অভিমান লাহে লাহে নোহোৱা হৈছিল আৰু দেউতাকক সি পুনৰ ভাল পাবলৈ আৰম্ভ কৰিছিল। কিন্তু এটা অহেতুক ভয়ে তাৰ কোমল বুকুখনত অনবৰতে ভৰ কৰি আছিল আৰু মনে মনে ভগৱানক খাটিছিল নতুন মাকক, যাক সিহঁতেমাম্মীবুলি মাতিবলৈ লৈছিল, কেঁচুৱা নিদিবলৈ। সেই কুমলীয়া বয়সত, যি সময়ত লৰাছোৱালীয়ে নিজক পাহৰি হাঁহিফুৰ্ত্তিৰ পৃথিৱীখনত নিমজ্জিত হয়, লগৰীয়াৰ লগত কাজিয়া, মৰম আৰু মানঅভিমানেৰে সময়বোৰ মোহনীয়া হয়, সেই সময়ত এটা দু:স্বপ্নই তাক অহৰহ খেদি ফুৰিছিল। মুক্ত মনেৰে না সি খেলিব পাৰিছিল, না হাঁহিব পাৰিছিল। কিবা এটা দৈৱিক শক্তিৰে সি যেন বুজিব পাৰিছিল, মাম্মীৰ কোলালৈ কেঁচুৱা অহা মানেই সিহঁতৰ জীৱনলৈও বিপৰ্যয় অহা। 

নিৰাপত্তাহীনতাৰ এক অস্থিৰতাই তাক শান্তিৰে থাকিব দিয়া নাছিল। সি তেনেকৈয়ে এটা চফল ডেকা হৈ মেডিকেল পঢ়িবলৈ গুৱাহাটীলৈ গুচি গৈছিল। ঘৰৰ পৰা বাহিৰত থাকিও ভনীয়েকৰ চিন্তাই তাক মুক্ত হব দিয়া নাছিল। মাম্মীয়ে বাৰু তাইক আৱৰি ৰাখিবনে জীৱনৰ এই স্পৰ্শকাতৰ সময়খিনিত! ঘৰখনত মানুহ বুলিবলৈ ভনীয়েক মাজনী আৰু মাম্মীহে থাকে। মাম্মী অহাৰ দুবছৰ মানৰ পাছতে আইতাকেও মাক যোৱা ঠাইলৈ গুচি গৈছিল। দেউতাক দিনটোৰ বেছিভাগ সময় বাহিৰতে থাকে। মাজনীয়ে বাৰু কেনেকৈ থাকে সেই আপোন যেন নলগা মানুহজনীৰ লগত! ভনীয়েকৰ খবৰ লবলৈ সি যেতিয়াই তেতিয়াই ফন কৰে। মাম্মীয়ে তাৰ লগত কথা পাতিব খুজিলে সি কিবা কামৰ অজুহাতত লৰালৰিকৈ ফনৰ সংযোগ বিচ্ছিন্ন কৰে। ভনীয়েকে মাজে মাজে আপত্তি কৰে, মাম্মীয়ে বৰ বেছি কৰে। তাইক অনবৰতে শাসন কৰে। তাইৰ ওপৰত তেওঁৰ বৰ দাদাগিৰি মাজনীৰ কথাই তাক ভাবুক কৰি তোলে। 

সময়ত সি এজন প্ৰতিস্থিত চাইক্ৰিয়াট্ৰিষ্ট হয় আৰু ভনীয়েক ঘৰৰ ওচৰৰ নিজে পঢ়া কলেজখনৰ অধ্যাপিকা হয়। দেউতাক সুখী হয় সিহঁতৰ সফলতাত। আৰু মাম্মী? সুখীনে তেখেত? ডাক্তৰ তপোবন চলিহাৰ জানিবলৈ মন যায়, সুখী নে মানুহজনী সিহঁতৰ সফলতাত? সৰুতে দেখা মানুহজনীৰ খিংখিঙীয়া ৰূপটোৰ ঠাইত এতিয়া সিহঁতে দেখে মানুহজনীৰ শান্ত, সমাহিত, সৌম্য এক ৰূপ। মানুহজনীৰ মাৰ্জিত মাত কথাত মৰম আছেনে অনাত্মীয়তাৰ এক সেমেকা সুৰ আছে, ধৰিবলৈ অসুবিধা হয় তপোবনৰ। এনে লাগে, ওচৰে ওচৰে থাকিও যেন মানুহজনী বহুত দূৰৰ এক অচিনাকি সত্তা। তপোবনৰ সঁচায়ে জানিবলৈ মন যায়, কি আছে মানুহজনীৰমনৰ গভীৰত! সেই কথা জানিবলৈ তপোবনৰ আৰু বেছি দিন অপেক্ষা কৰিব লগা নহল। 

ঘৰখনত লাহে লাহে উদুলি মুদুলি পৰিবেশ এটাৰ সৃষ্টি হৈছে। বহুদিন নহা দূৰৰ আত্মীয় সকলেও খবৰ একোটা লৈছে। আনকি বহুত বছৰৰ পাছত তপোবনৰ নিজৰ মামামামী আহিও এৰাতি থাকি গৈছেহি। তপোবন আৰু তনয়াৰ বিয়া ঠিক হৈছে, প্ৰায় একে সময়তে। মাথোঁ এসপ্তাহৰ অগাপিচা। মাম্মীৰ যেন উলাহে নধৰা হিয়া। আলহী সুধি তত পোৱা নাই তেওঁ। বিয়াৰ আয়োজনবোৰটো আছেই। তাৰ মাজতে এদিন সন্ধিয়া ঘৰত কোনো বাহিৰা মানুহ নথকাৰ সময়ত মাম্মীয়ে সিহঁত দুটাক লগতে দেউতাককো নিজৰ ৰূমলৈ মাতি নিলে। ইয়াৰ আগতে তপোবন কেতিয়াও মাম্মীৰ ৰূমত সোমোৱা নাছিল। ৰুমটোত সোমায়ে সি আচৰিত হল। তাৰ মাকৰ ডাঙৰ ফটো এখন ৰূমটোৰ মাজৰ বেৰখনত, বিছনাৰ ঠিক সন্মুখতে লগাই থোৱা আছে। গোটেইকেইটাকে বহিবলৈ দি মাম্মীয়ে তনয়াক চাবি একোচা দি আলমাৰী এটা খুলিবলৈ দিলে। সেইটো সিহঁতৰ মাকৰ আলমাৰী আছিল। মাকে যেনেকৈ তেওঁৰ বস্তুবোৰ ধুনীয়াকৈ চিজিলকৈ ৰাখিছিল, ঠিক তেনেকৈয়ে সজাই থোৱা আছে। লকাৰ খুলি এইবাৰ মাম্মীয়ে উলিয়াই আনিলে সিহঁতৰ মাকৰ অলংকাৰবোৰ। অলংকাৰ নহয় যেন সন্মুখত স্বয়ং মাক। সিহঁতৰ লগতে যেন দেউতাকৰো চকু থৰ হৈ গল।তুমি এইবোৰ এনেকৈয়ে ৰাখিছা? এদিনো ব্যৱ্হাৰ কৰা নাই?” সিহঁতৰ মনৰ প্ৰশ্নটো দেউতাকে সুধিয়েই পেলালে। মাম্মীয়ে মিচিকিয়াই হাঁহি কলে, “কিয় পিন্ধিম মই? এই সম্পদততো মোৰ অধিকাৰ নাই। ইমান দিনে মই সযতনে ৰাখিলোঁ। এতিয়া আৰু ইয়াৰ দ্বায়িত্ব লব লাগিব বাবা আৰু মাইনাই। আজি আমাৰ গোটেইকেইটাৰে সাক্ষাতত বস্তুখিনি দুয়োজনৰ মাজত সমানে ভাগ হৈ যাওক। বাবা, মাইনা,  দুয়োজনে চাই লোৱা কোনে কি ৰাখিবা মাৰ স্মৃতি বিজড়িত সম্পদ 

কি কব তপোবনে ভাবিয়ে পোৱা নাই। মাইনাৰো মুখৰ মাত নাই। দুয়োটাই মাকৰ গহনাকেইপদ লিৰিকিবিদাৰি থাকিল। মাম্মীয়ে আকৌ কলে, “মাৰ ভাল ভাল কাপোৰ কিছুমানো দুয়োজনে লগত ৰাখিবা।বহু কেইটা মৌন আৰু স্মৃতিকাতৰ মূহুৰ্ত পাৰ হৈ যোৱাৰ পাছত তপোবনে লাহে লাহে কলে, “মাৰ এই সম্পদ ৰখাৰ অধিকাৰ একমাত্ৰ তোমাৰহে আছে মাম্মী। আমি তেখেতৰ সন্তানহে। কিন্তু তুমি তেখেতৰ উত্তৰসুৰীতনয়াইও কৈ উঠিল, “দাদাই ঠিকেই কৈছে মাম্মী। এইবোৰ আমাতকৈ তুমিহে ভালকৈ ৰাখিব জানিবা। মাৰ গহনা আমাক নালাগে। আমাৰ ঘৰত আৰু আমাৰ জীৱনত সকলোতকৈ ডাঙৰ সম্পদ এতিয়া তুমিহে মাম্মী  দেউতাকেও কিবা এটা কবলৈ মুখ মেলিব খোজোতেই মাম্মীয়ে কৈ উঠিল, “মাইনা, আমাৰ মাজত হয়তো কেতিয়াবা ভুল বুজাবুজি হৈছিল, তোমাক মই বেছিকৈ শাসন কৰিছিলোঁ, কেতিয়াবা টান কথা কৈছিলো তুমি আৰু বাবাই মোক খুউব বেয়া পাইছিলা, মই সকলো বুজিছিলোঁ। কিন্তু মই কিয় ইমান কঠোৰ হৈছিলো জানা মা? আজি মই তোমালোকক সঁচা কথাটো কবই লাগিব। কাৰণ তোমালোক দুয়োয়ে এতিয়া নিজৰ নিজৰ সংসাৰ আৰম্ভ কৰিবা। পাছত হয়তো মই কবলৈ সময় বা পৰিৱেশ নাপাবও পাৰোঁ।” 

তপোবন, তনয়া আৰু মাম্মী সকলোৱেই হয়তো আবেগিক হৈ পৰিছিল। কথা কওঁতে মাম্মীৰ মাতটো অলপ কঁপিছিল। তথাপি তেওঁ কৈছিল, “ছোৱালী অৱস্থাত মই অলপ চঞ্চল হোৱা বাবেই মোৰ পৰা এটা বৰ ডাঙৰ অবাঞ্ছিত ভুল হৈছিল, যাৰ বাবে মই তোমালোকৰ দেউতাৰালৈ বিয়া হৈ আহিবলৈ বাধ্য হৈছিলোঁ। নহলে কোন ছোৱালীয়ে লৰাছোৱালী থকা মানুহ এটালৈ বিয়া হব বিচাৰিব কোৱাচোন! মাইনা ডাঙৰ হৈ অহাৰ লগে লগে মোৰ বহুত ভয় লাগিছিল, তায়ো যদি কেনেবাকৈ মোৰ দৰে ভুল কৰি পেলায়! সেয়েহে হয়তো মই তাইৰ প্ৰতি প্ৰয়োজনতকৈ বেছি কঠোৰ হৈ পৰিছিলোঁ, বেছি শাসন কৰিছিলোঁ। মই জানো, তাই কেতিয়াও ভুল নকৰে, কাৰণ তাইতো মোৰ সন্তান নহয়, তথাপি মোৰ ভয় লাগিছিল জানাকথাখিনি কৈ থাকোঁতেই মানুহজনীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। তপোবন বা মাইনা কোনেও কেতিয়াও মানুহজনীৰ এইটো ৰূপ দেখা পোৱা নাছিল। হয়তো দেউতাকেও। দেউতাকে ধেমালিৰ সুৰেৰে কৈ উঠিল, “এহ, তুমি এইটো কথাতে কান্দিব লাগে নেকি? ছোৱালীৰ বিয়াৰ দিনা কান্দিবা আক আজিয়ে সব চকুপানী শেষ কৰি নিদিবা। 

কান্দোনটো সামৰিবলৈ বৃথা চেষ্টা কৰি মানুহজনীয়ে পুনৰ কিবা এটা কবলৈ খুজিছিল, তপোবনে দুয়োহাতেৰে মানুহজনীক আঁকোৱালি ধৰিলে। ডেকা পুত্ৰৰ সবল বাহুৰ নিশ্চিত আশ্ৰয়ত যেন মানুহজনী কিছু পৰিমাণে আশ্বস্ত হল। পিঠিত হাত ফুৰাই ফুৰাই তপোবনে কলে, “তোমাক আজিৰ পৰা মাম্মী বুলি নামাতো। তুমি আমাৰ মা। তোমাক মা বুলি মাতিম।তনয়াইও পাচফালৰ পৰা মাকক সাৱটি ধৰিলেহি। দেউতাকলৈ চাই হাঁহি মাৰি কলে তাই, “থেংক ইউ দেউতা, আমাক ইমান ভাল মাজনী উপহাৰ দিয়াৰ বাবে।  এইবাৰ মানুহজনীয়ে দুয়োটাকে সমানে সাৱটি ধৰি কৈ উঠিল, “নহয়, দেউতাক মইহে ধন্যবাদ দিব লাগে, মোৰ জীৱনৰ দুটা শ্ৰেষ্ঠতম সম্পদৰ বাবে 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!