জীৱনৰ কলাজ আৰু এটা গল্পৰ গঁজালি

লেখক- অংকিতা বৰুৱা

কষ্ট হৈছে তাইৰ। ভীষণ কষ্ট। শব্দৰে গধুৰ হৈছে তাইৰ বুকু। বহু কাহিনীয়ে ঘৰ সাজিছে তাইৰ বুকুত। যাৰ বাবে তাইৰ উশাহ লোৱাত কষ্ট হৈছে। বুকুখনত মাজে মাজে বিষ এটাই ক্ৰিয়া কৰিছে। খাব পৰা নাই। শুব পৰা নাই। চকুৰ গুৰিকেইটাও ক’লা পৰিছে তাইৰ। একো কামতো মন বহুৱাব পৰা নাই। অথচ তাই সঠিককৈ বুজাও নাই তাইৰ কি হৈছে।হঠাতে বুকুৰ ভিতৰত এটা প্ৰচণ্ড জোকাৰণি অনুভূত হল তাইৰ। অন্তৰাত্মাক কঁপাই যোৱাকৈ শব্দ কিছুমানে তাইক বহু কথা শুনাই গ’ল। এক কথাত শব্দবোৰে তাইক দহিছিল। সৰসৰাই চকুপানীবোৰ দুগালেদি বৈ গৈছিল তাইৰ। শব্দৰ কোলাহলে তাইক চেপি খুন্দি আনিছিল।

তাই উচুপিছিল আৰু এটা সময়ত হুকহুকাই কান্দি তাই কাতৰ অনুৰোধ কৰিছিল সিহঁতক, “নকৰিবা এনেকুৱা। এনেকুৱা নকৰিবা তোমালোকে। এনে হৃদয় দহি নিয়া শব্দৰে তোমালোকে মোক নকন্দুৱাবা। তোমালোক মোৰ বুকুত বৰ সযতনে আছা। বৰ আলসুৱা তোমালোক। মই আলৈ আথানি হবলৈ নিদিওঁ তোমালোকক। বিশ্বাস ৰাখা মোৰ ওপৰত। তোমালোকক কেতিয়াও আউল লাগিবলৈ নিদিওঁ মই। মসৃণ পথ এটাৰে তোমালোকক গতি দিম মই। তোমালোকক অৰ্থবহ জীৱন একোটা দিয়াৰ দায়িত্ব মোৰ। মাথোঁ মোক অলপ সময় দিয়া, অলপ সময়! তোমালোকক এখন সুন্দৰ পৃথিৱী দিম মই, এটা পৰিচয় দিম। কথা দিলো।”

আৰু আজি এয়া তাই তাৰেই প্ৰস্তুতি চলাইছে। তাইৰ বুকুত বাঁহ সজা বিশৃংখল শব্দবোৰক এটা এটাকৈ অৰ্থবহ ৰূপত সজাই গল্পৰ মাজেৰে সামৰি ৰখাৰ চেষ্টা কৰিছে তাই।

পাৰিবনে তাই!

পাৰিবনে?

কিয় নোৱাৰিব!

পাৰিবইতো লাগিব। তাই দায়িত্ব লৈছে সিহঁতৰ। সিহঁতক জীয়ন দিছে তাইৰ হৃদয়ত। সিহঁতক শক্তিশালী ৰূপত উলিয়াই অনাৰ পণ লৈছে তাই। পাৰিব তাই। পাৰিবই লাগিব।কত কাহিনীৰে ভৰি আছে তাইৰ বুকু! কতজনৰ চকুপানীয়ে তাইৰ দুচকুক চপচপীয়া কৰি ৰাখিছে। কিমানজনৰ জীৱনযুদ্ধৰ হাঁহাকাৰৰ সাক্ষী হৈ ৰৈছে তাই। তাই সেই হাঁহাকাৰবোৰক, চকুপানীবোৰক শব্দৰে সজাব লৈ আপ্ৰাণ চেষ্টা কৰিব তাই। তাইৰ শৈশৱৰ বান্ধবী ৰ’জী আহিছিল সিদিনা।

আহিয়েই তাইক সাবটি ধৰি হেঁপাহ পলুৱাই কান্দিছিল তাই আৰু কান্দি কান্দি এটা সময়ত হিঁয়া উজাৰি কৈছিল, “তই আছ বাবেই মোৰ দুখবোৰো সহজ হৈছে পৰিধি! এই যে তোৰ কান্ধত মূৰটো থৈ হেঁপাহ পলুৱাই কান্দিলোঁ; তই যে তোৰ আশ্বাসৰ হাতখনেৰে এই গোটেই সময়খিনি মোৰ দুহাতত ধৰি থাকিলি, সাহসী হৈ উঠিলোঁ মই। কি আছে তোৰ মাজত! বিধ্বস্ত হৈ পৰা মন এটাকো ইমান সহজে জীৱনমুখী কৰি তুলিব পাৰ!”

এটা সুখৰ হাঁহিৰে উপচিছিল তাইৰ মুখ৷ কোনোবাই তাইৰ সাহসত নিজৰ দুখ যাতনাবোৰক একাষৰীয়া কৰি জীৱন জীবলৈ শিকিছে। তাইৰ বুকুত মূৰ থৈ কোনোবা নিশ্চিন্তে টোপনি গৈছে! আস্! কি অনন্য অনুভূতি এয়া!তাই যেন এটা ফিনিক্স পক্ষী হৈ পৰে তেনে সময়বোৰত! যি তাইৰ আশে পাশে থকা নিৰাশ পৃথিৱীখনক সূৰুযমুখী জীৱন এটাৰ আশ্বাস দিয়ে। বান্ধবীৰ কথাবোৰে বিন্ধিছিল তাইৰ অনুভবী হৃদয়খনকো। কেৱল নাৰী বাবেই ৰ’জীয়ে সহিব লগীয়া হৈছিল নে ইমানখিনি যন্ত্ৰণা! তাইৰ উপস্থিতিক সামান্যতমো গ্ৰাহ্য নকৰি তাইৰ স্বামীয়ে কোনোবা প্ৰেয়সীলৈ মৰমেৰে চপচপীয়া শব্দবোৰ লিখোঁতে বুকুৰ এচুকত পিষ্ট হোৱা নাছিলনে ৰ’জীৰ অস্তিত্ব! কেনেদৰে সহিছিল ৰ’জীয়ে সেই বিষময় সময়বোৰ! আৰু কিমান সহিলে তাই পতীব্ৰতা নাৰী বুলি পৰিচিত হলহেঁতেন! স্বামীৰ গাত বিয়পি থকা অচিন সুগন্ধিয়ে তাইৰ নাক সোপা মাৰি ধৰোঁতেও! নে প্ৰেয়সীৰ ৰঙা লিপষ্টিকৰ ছাপ পৰি থকা তাইৰ স্বামীৰ ছাৰ্টৰ কলাৰটো ঘঁহি ঘঁহি ধোওঁতে! সহিলেহেঁতেন; ৰ’জীয়ে তেতিয়াও সহিলেহেঁতেন! তাইৰ ভালপোৱাৰ ওপৰত তেতিয়াও অলপ হলেও আস্থা বাকী ৰৈছিল। অলপ বিশ্বাসে তেতিয়াও তাইক ভাঙি নপৰাকৈ ধৰি ৰাখিছিল। হঠাত স্বামীৰ মেচেজবক্সত দেখা দুডাল গুলপীয়া আঁচে তাইৰ সেই আস্থাক তচনচ্ কৰি পেলোৱাৰ পাছত ৰ’জী দৌৰ মাৰি আহিছিল তাইৰ বুকুত মূৰ থৈ কান্দিবলৈ। তাইৰ দুচকুৰেও সৰসৰাই বাগৰি আহিছিল চকুপানীবোৰ। ৰ’জীৰ জীৱনত ঘটি যোৱা চৰম প্ৰতাৰণাই তাইকো দুৰ্বল কৰি তুলিছিল। সদায় আনৰ বাবে সাহসী হৈ থকা তাই বিচলিত হৈ পৰিছিল মুহূৰ্ত্তৰ বাবে। সংযত কৰিছিল নিজক। ৰ’জীক তাই হাৰিবলৈ নিদিয়ে। ন’হব জানো সেই কাহিনীৰে এটা গল্প! তাইৰ সেই বান্ধবীজনীৰ চকুলোৰে ধুই নিয়া শব্দবোৰক ন্যায় দিব পাৰিব নে তাই! সৌ সিদিনা যে অচিনাকি নাম্বাৰ এটাৰ পৰা অহা ফোনকলটো! ৰাতি এক বজাত এক অচিনাকি নাৰী কণ্ঠই তাইক কান্দি কান্দি জনাইছিল কিদৰে সহিছে তেওঁ স্বামীৰ প্ৰেমহীন শৰিৰী স্পৰ্শক। কিদৰে কামুক স্বামীয়ে প্ৰতিনিশাই তেওঁক কৰি আহিছে অবাঞ্চিত অত্যাচাৰ। কিদৰে ধৰ্ষিত হৈছে তাই আপোন স্বামীৰ হাতত বাৰে বাৰে! প্ৰতিনিশাই জান্তৱ হৈ পৰে নাৰীগৰাকীৰ একান্তই আপোন পুৰুষজন। তাইৰ দৰেই এগৰাকী তেজ মঙহৰ নাৰীয়ে পৃথিৱীৰ কোনোবা এচুকত নিজ স্বামীৰ হাতত ধৰ্ষিতা হৈছে; তাইৰ ওচৰত মুক্তিৰ পথ বিচাৰিছে। পাৰিবনে তাই সেই নাৰীৰ কাহিনীৰে এটা গল্প লিখি সমাজলৈ এটা বাৰ্ত্তা দিব! তাইৰ চিনাকি সেই ল’ৰাজনৰ কাহিনীৰে এটা গল্প হ’ব বুলি ভাবিব পাৰিনে! সেই যে, তথাকথিত বিখ্যাত কবিজনৰ নেপথ্যৰ লৰাজন! যি নিজৰ কলমেৰে ওলোৱা অথবা হৃদয়ৰপৰা নিঃসৃত হোৱা (? ) প্ৰতিটো শব্দক বিখ্যাত হোৱাৰ সপোন দেখা এজন স্বাৰ্থপৰ লোকৰ ওচৰত বিক্ৰী কৰি আহিছে ভনীয়েকৰ বিয়া আৰু একে সময়তে দুৰাৰোগ্য ৰোগত আক্ৰান্ত পিতৃৰ চিকিৎসাৰ বাবে। আচৰিত নালাগেনে ভাবিলে! টকাৰ যোগাৰ কৰিবলৈ মাটি বন্ধকত থৈ সেই মাটি মোকলোৱাৰ বিনিময়ত খাটি হৃদয়ৰ শব্দবোৰক বিক্ৰী কৰিবলৈ বাধ্য হৈছে লৰাজন। বাস্তৱ ইমান নিৰ্মম নে লৰাজনৰ বাবে! তেওঁৰ বাবে জীৱন উদযাপন হব পাৰে জানো! তেওঁ সপোনতো শব্দৰে খেলিছেনে কেতিয়াবা! নে দিঠকৰ দৰেই সপোনতো শব্দৰ বেচা কিনাই চলে তেওঁৰ! তাইৰ মনটোক কুটি কুটি খাই থকা ল’ৰাজনৰ কথাবোৰেৰে এটা গল্প লিখিলে কেনে হয়!
অহ্ …..
কানিমুনি সন্ধ্যা অফিচৰপৰা ঘৰমুৱা হওঁতে যে এজনী কণমানী ছোৱালীয়ে তাইক ফুটপাথটোৰ সোঁমাজতে আগভেটি ধৰি পইচা খুজিছিল। কনমাণীজনীৰ কাতৰ দুচকুত সেইদিনা কি দেখিছিল তাই! ভোকৰ যন্ত্ৰণা নে ঠেটুৱৈ ধৰা ঠাণ্ডাত কঁপিছিল ছোৱালীজনী? তাই দিয়া সামান্য টকাকেইটাৰে এসাজ তৃপ্তিৰে খাব পাৰিলেনে ছোৱালীজনীয়ে! তাৰপাছৰ সাঁজবোৰত তাই কি খাইছে চাগে! পেট পুৰি যোৱাকৈ ভোক লাগিলে কনমাণীজনীয়ে কিদৰে নিবাৰণ কৰিছে সেই ক্ষুধা! অনুভব কৰিছে জানো তাই নিজে কেতিয়াবা কেনে সেই ভোকৰ যন্ত্ৰণা! পেটত ভোক লৈ উৰুখা ছালৰ তলত কনমাণীজনী টোপনি যাব পাৰিছেনে নে! কোন আছে তাইৰ কাষত তেনে সময়বোৰত! লিখিব নেকি তাই এটা গল্প ক্ষুধাতুৰ কনমাণীজনীক লৈ! অংশুমানৰ কাহিনীৰে পুৰুষৰ আৱেগক বান্ধিবলৈ চেষ্টা কৰা সমাজখনৰ এক নিৰ্মম বাস্তৱক তুলি ধৰিব নোৱাৰিনে! কৈশোৰ কালৰপৰাই সমাজখনে সোঁৱৰাই আহিছে তাক দুখ লাগিলেও নকন্দাকৈ থকাটো পুৰুষৰ লক্ষণ। পুৰুষে নাকান্দে। পুৰুষ স্থিতপ্ৰজ্ঞ। সেয়েহে সি নাজানে কান্দিব। বুকুত বিষ এটাই খোচা বিন্ধা কৰিলেও সি চকুপানীৰে সেই বিষৰ উপশম কৰিব নাজানে। অথচ তাই জানে তাৰ বুকুতো আছে এখন শোকৰ সাগৰ। সি মানে, তাই একেলগে টাংগুটি খেলি ডাঙৰ হোৱা অংশুমান। দুখ লাগিলে সি কেৱল আকাশখনলৈ মূৰ তুলি চাই নাইবা পদূলিমূৰৰ পুখুৰীটোৰ শান্ত হৈ থকা পানীখিনিলৈ। তেনে বহু সময়ত তাই তাৰ কাষতে জুপুকা লাগি বহি পৰিছিল। সি সেইদিনাও কন্দা নাছিল যিদিনা তাৰ মৰমৰ পত্নী এখন বগা কাপোৰৰ তলত চোতালত শুই আছিল। সি কেৱল নিৰ্বিকাৰ হৈ বুকুৰ বিষটোক হেঁচি ধৰি আছিল। সি কন্দা নাছিল, কাৰণ পুৰুষে যে কান্দিব নাপায়! তাৰ সদ্যোজাত পুত্ৰৰ কেঁহে কেঁহে কান্দোনৰ শব্দত সি দৌৰি ভিতৰ সোমাই গুলপীয়া কেঁচুৱাকণক কোলাত তুলি লৈছিল।

তাইৰ এতিয়াও কাণত ভাঁহি উঠে তাৰ সেই থোকাথুকি মাতেৰে কোৱা কথাকেইষাৰ, “নাকান্দিবি অ’ বাচা, তয়ো এজন পুৰুষ হ’বিগৈ এদিন। নাকান্দিবি, পুৰুষে কান্দিব নাপায় নহয়! মই যেনেকৈ কন্দা নাই আজিও!”

কথাখিনি কৈ কৈ সি হেঁপাহ পলুৱাই কান্দি পেলাইছিল সেইদিনা। সেয়াই হয়তো প্ৰথম আৰু শেষবাৰৰ বাবে কান্দিছিল অংশুমানে। তাৰপাছত তাহানিৰ সেই অংশুমান এজন স্থিতপ্ৰজ্ঞ পুৰুষ হৈ পৰিছিল। তাৰ পুত্ৰৰ বাবে সি পিতৃৰ লগতে এজনী দায়িত্বশীল মাতৃ হবলৈ শিকিছিল। কিন্তু সমাজে শিকোৱাৰ দৰে তাৰ পুত্ৰক সি আৱেগক ৰুধিবলৈ শিকোৱা নাছিল। কান্দিব পাৰে। বুকুত বিন্ধিলে পুৰুষেও কান্দিব পাৰে! অনুভৱবোৰ স্বতঃস্ফূৰ্ত সেয়া লাগে হাঁহিয়েই হওক অথবা বুকুভগা কান্দোন। তাৰ মাকলৈ মনত পৰিলে সি হেঁপাহ পলুৱাই কান্দি লব পাৰে। পুৰুষে কান্দিলে সমাজে কাপুৰুষ সজাব নোৱাৰে। পুৰুষত্বৰ সংজ্ঞাক চকুপানীৰে জোখা নাযায় কেতিয়াও। সমাজখনৰ এটা বদ্ধপৰিকৰ ধাৰণাক তাই গল্পৰ মাজেৰে সলনি কৰিবলৈ চেষ্টা কৰিলে কেনে হয়! পাৰিবনে সকলোৰে মন মগজুত শিপাই থকা সহজ ধাৰণাবোৰক এক যুক্তিৰ বাট দেখুৱাব! চিটিবাছখনত আপোনমনে খিৰিকী কাষৰ চিটটোত বহি আহোঁতে তাই যে ব্ৰহ্মপুত্ৰৰ ওফন্দি পৰা জলৰাশি দেখিছিল এদিন! সেই ফেনিল জলৰাশিৰ মাজতো দুই এখন পালতৰা নাও দেখি তাই যে শিহৰিত হৈছিল! দুটামান শিহুয়ে চলৌপকৈ ওপৰলৈ জাপ মাৰি পুনৰ পানীৰ বুকুত হেৰাই যোৱা দৃশ্যটোত তাই যে বিভোৰ হৈ পৰিছিল। এনে লাগিছিল অৰুনাভ যদি কাষতে থাকিলহেঁতেন তাইৰ! এই নৈসৰ্গিক দৃশ্য দুইটাই যদি একেলগে এবাৰ উপভোগ কৰিব পাৰিলেহেঁতেন! অৰুনাভৰ হাতত ধৰি বহুদূৰলৈ উদ্দেশ্যবিহীনভাবে খোজ কাঢ়ি যাবলৈ তাইৰ ভীষন মন গৈছিল সেইদিনা।

তাৰ বাঁউসিত মূৰ থৈ তাই যেন সুধিব,“কিয় ভালপোৱা মোক ইমান অৰুনাভ!” 

সেই প্ৰশ্নৰ উত্তৰ তাই ভালকৈয়ে জানে। তথাপি তাইৰ মন যায় শুধিবলৈ।

অৰুনাভে তাইক প্ৰায়েই কয়,“তোমাৰ প্ৰেমত পৰো সদায়। প্ৰতিবাৰেই নতুনকৈ। কিন্তু ‘কিয়’ নুসুধিবা পৰিধি! সেই উত্তৰ মোৰ ওচৰত নাই।”

ভাল লাগিব নে দুয়োৰে সেই অনুভবখিনিক সজাই এটা গল্পৰ ৰূপ দিলে! পাঠকে কোনবোৰ গল্পক গোগ্ৰাসে গিলিব? দুখ যন্ত্ৰণাৰে পিষ্ট জীৱন এটাৰ কিয়দংশ নে বাস্তৱ আৰু জীৱনৰ ভ্ৰমবোৰক লৈ লিখা দুটা ভিন্ন স্বাদৰ গল্পক? নে এটা সহজ সৰল প্ৰেম কাহিনীৰ আঁৰত থকা অকথিত সত্যবোৰক লৈ লিখা গল্পটো? লেখক এগৰাকীক সফল বুলি কেতিয়া ধৰা হয় বাৰু! তাইৰ বুকুৰ শব্দবোৰক পাঠকে আদৰি ল’ব পৰাকৈ এটা গতি দিব পাৰিব নে তাই! ন্যায় দিব পাৰিবনে প্ৰতিটো কাহিনীকে! একাত্ম হব পাৰিবনে তাইৰ লেখাত পাঠক! তাইৰ চৌপাশে হাজাৰটা গল্পৰ টুকুৰা টুকুৰ ছবিবোৰ ওপঙি ফুৰিছে। লিখিব। অতি সোনকালে এটা নিটোল গল্প লিখিব তাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments