দিঘি
লেখক- কলচুম বিবি
মূল গল্পঃ দিঘি
গল্পকাৰ–মাণিক বন্দোপাধ্যায়
অনুবাদ– কলচুম বিবি
সন্ধিয়া কুঁৱলি পৰিছে।
অলসভাৱে কুঁৱলীয়ে দিঘিৰ পানী চুই আছে। লাহে লাহে কুণ্ডলী পকাই ওপৰলৈ উঠে, হালি–জালি গৈ থাকে, পানী মাটি চুই চুই বতাহত ভাঁহি ঘূৰি ঘূৰি গতি কৰে। এই পাৰে জমিদাৰৰ গোঁহালিঘৰৰ পৰা গাঢ় গোবৰৰ ধোঁৱা মন্থৰ গতিত বিয়পি পৰিছে, অদূৰত গাঁৱৰ চেহেৰা সন্ধ্যাৰ ছায়াৰ দৰে, কুঁৱলি আৰু গোবৰৰ ধোঁৱা মিলি অস্পষ্ট হৈ আহিছে।
দিঘিৰ দীঘ বৰ লম্বা, বহল যে কম এনেকুৱা নহয়, লম্বাৰ তুলনাত কম। দক্ষিণৰ পাৰ বান্ধৰ দৰে ওখ, সেইফালে খান্দি যাওঁতে যাওঁতে এটা শাৰীৰ ইফাল সিফালকৈ তিনিটা দেৱমূৰ্তিত কোৰ লাগিছিল। সেই লাইনতে দক্ষিণ পাৰৰ সীমা হৈছিল। বিশালকাৰ বৰ্গাকৃতিৰ নহৈ দিঘি সেইবাবে লম্বা হৈ আছে। পাঁচ পুৰুষ আগতে খন্দা দিঘি। পানীৰ তলত দিঘিৰ বুকু জলজ উদ্ভিদেৰে ভৰি পৰিছে, ৰাতিপুৱা উদয় হৈ আৰু আবেলি বেলা পৰাৰ সময়ত সূৰ্যৰ পোহৰ যি অলপ বেকাকৈ পৰে, ফটফটীয়া স্বচ্ছ পানীৰ তলত যেন এক অদ্ভুত গাঢ় সেউজীয়া ৰহস্যপুৰীৰ আৱৰণ খোল খাই যায়। উত্তৰ বা দক্ষিণ ফালে থিয় হ’লেহে এনেকুৱা দেখা যায়। পূব–পশ্চিম ফালে থিয় হ’লে জলমল পোহৰত চকুৰে কেৱল ঘোলা দেখা যায়।
দক্ষিণফালটো এৰি তিনিটা পাৰেই ঘাট। বৃহৎ আকাৰত বন্ধোৱা ঘাট, আহল–বহল চিৰি। আজি জহিখহি গৈছে, ডাঙৰ ডাঙৰ ফাঁট মেলিছে, ইটা খহি পৰিছে। তথাপিও বহুতে বহা–উঠা কৰিবৰ বাবে কেইবাটাও ঘাটৰ প্ৰাংগণত অটুট সমতল ঠাই আজিও আছে।
হাচিতুল্লা ঘাটত নীৰৱে বহি থাকে। শূন্য নিৰ্জন চাৰিওদিশ, নিৰ্জনতা যেন ছাঁ আৰু কুঁৱলীৰ ৰূপত ঘন হৈ আছে। হাচিতুল্লাই অজু কৰি গামোচা পাৰি নামাজ পঢ়িছিল, তাৰপিছৰ পৰাই বহি আছে। অলপ বেলা থাকোঁতেই যেতিয়া তেওঁ ইয়াত আহি পাইছিল তেতিয়াও জনপ্ৰাণীহীন আছিল ঘাটটো, দিঘিৰ আশে–পাশে মানুহ চকুত পৰা নাই। এটা মাত্ৰ শিং ভঙা ডাঙৰ গৰু দক্ষিণৰ ওখ বান্ধটোৰ ওপৰত চৰি আছিল। গাইজনীৰ কাষত দুই–চাৰিজন মানুহক ইফালে–সিফালে চলা–ফুৰা কৰা দেখা গৈছিল, সিহঁতেও যেন আপোনমনে লুকা–চুৰিহে খেলিছিল, এই ঘৰৰ আঁৰৰ পৰা ওলাই অলপ দৃশ্যমান হৈ গছৰ জোপোহাৰ বা অন্য ঘৰৰ পিছফালে আঁৰ হৈছিল। দিঘিৰ ফালে কোনেও আগুৱাই নাহে। নাৰী–পুৰুষ, ল’ৰা–ছোৱালী কোনো নাহে।
গাঁৱৰ এইফালৰ ঘৰটোৰ পৰা বেছি দূৰ নহয়। মুখহাত ধুবলৈ পানী নিবলৈ নাহে পুৰুষ–মহিলা এজনো। দিঘিৰ পানী বেয়া হৈ গৈছে নেকি? বিষাক্ত বুলিয়েই বৰ্জন কৰিছে সকলোৱে। কি স্পৰ্ধা!
বহু দূৰ খোজকাঢ়ি আহিছে হাচিতুল্লাই, বহু দূৰৰ গাঁৱৰ পৰা। জমিদাৰে মাতিছে, জৰুৰী হুকুম, যিকোনো প্ৰকাৰে আজিৰ ভিতৰতে আহি পোৱাটো বিচাৰে, কোনো অজুহাত নচলিব। এনেকুৱা আহ্বানৰ প্ৰতি বাপেকৰ দিনৰ পৰাই প্ৰস্তুত হৈয়েই থাকে হাচিতুল্লাই। আৰু আগতে দিনে পোহৰে আহি পালেহেঁতেন হাচিতুল্লা, পত্নীৰ বাবে ৰৈ থাকোঁতে দেৰি হৈ গ’ল। তেওঁৰ পত্নীৰ জ্বৰ বাঢ়ি গৈছে।
বেগাবেগিকৈ অবিৰত গতিত খোজ কাঢ়িছিল, বহি আৰাম লাগিছে। চাৰিওফালৰ অদ্ভুত নিস্তব্ধতা আৰু নিৰ্জনতাৰ বাবে অলপ অভিভূত হৈ পৰিছিল। যিমানবাৰ তেওঁ এই গাঁৱলৈ আহিছে, পুৱা–গধূলি যেতিয়াই দিঘিৰ ফালে চাইছে, আশে পাশে মানুহ দেখি আহিছে সদায়, মানুহৰ মাত শুনি আহিছে। গাঁৱৰ মানুহে দিঘিৰ পানীৰে স্নান কৰে, ঘাটত বহি জুম বান্ধি থাকে, দিঘিৰ ওচৰেৰে চলাচল কৰে, ল’ৰা–ছোৱালীবোৰে কাষৰ পথাৰত গৰু বান্ধে, খেলা–ধূলা কৰে। সুদীৰ্ঘ দিঘিয়ে সেই পাৰৰ জমিদাৰৰ ঘৰখনক গাঁৱৰ জীৱনৰ পৰা পৃথক কৰি ৰাখে। গাঁৱৰ জীৱন দিঘিৰ পাৰ পৰ্যন্ত বিস্তৃত হোৱাত জমিদাৰে কেতিয়াও বাধা দিয়া নাই।
তেন্তে ঘটনা কি? এটা মানুহ নাই আশে–পাশে যে তেওঁৰ লগত ঘটনাৰ বিষয়ে সুধিব হাচিতুল্লাই।
জমিদাৰৰ ঘৰখনো কেনেকুৱা জানো নিৰ্জন, আন্ধাৰ–আন্ধাৰ। দুই এটা চাকি জ্বলিছে, গোঁহালিঘৰৰ পৰা শুকান গোবৰৰ ধোঁৱা ওলাইছে, কোনো সাৰি শব্দ নাই। উঠিম উঠিম বুলিও হাচিতুল্লা বহি থাকে। কাণ থিয় কৰি ৰাখে পূজাৰ বাজনাৰ আয়োজনৰ বাবে। পুতলাটো কাষতেই পৰি আছে, পকা বাঁহৰ মোটা লাঠিডাল তেওঁ টানকৈ ধৰি থাকে। লাঠিডাল ধৰা মুঠিটোৰ দৰে তাৰ মুখখন কঠিন। সিহঁতৰ দুই–পুৰুষৰ লাঠিৰ মালিক জমিদাৰ, জমিদাৰৰ মান ৰখাৰ বাবেই এই লাঠি।
জমিদাৰৰ গৃহমন্দিৰত বহু দেৰিৰ মূৰত পূজাৰ বাজনা বাজে। বাজনাত যেন তেনেকুৱা জোৰ নাই, চমকপ্ৰদ শব্দ নাই। হাচিতুল্লাৰ মনটো হঠাৎ বেয়া হৈ যায়।
যেতিয়া তেওঁ উঠে তেতিয়া ৰাতি হৈ গৈছিল। কুঁৱলীৰ বাবে আজি ঠাণ্ডা কম। ঠাণ্ডাক ভয় নকৰে হাচিতুল্লাই, মাঘৰ ঠাণ্ডাকো নকৰে, এয়াতো আঘোণৰ হিম। তেওঁৰ লাঠিডাল হাতত থাকিল জগতত কাকোৱেই ভয় নকৰে হাচিতুল্লাই, একোকে ভয় নকৰে। তথাপিও কিয় জানো গধূলি পৰত জনপ্ৰাণীহীন দিঘিৰ ঘাটত গা চমচমাই আছে সেই সকলোবোৰৰ বাবে যি জগতত নাই, যি তেওঁৰ চিনা–জানা মাটিৰ পৃথিৱীৰ নহয়।
তৎক্ষণাত ছাঁৰ দৰে কিহবা এটা কাষলৈ আহে।
দেহটো অলপমান শিঁয়ৰি উঠে হাচিতুল্লাৰ। তেওঁ তৎক্ষণাত চকু পলক পেলালে।
ছালাম।
মানুহৰ মাত। হাচিতুল্লাই স্বস্তিবোধ কৰিলে। ক’ৰ পৰা আহিল ভাই? আৰে হাচিতুল্লা নেকি?
চিনি নাপালোঁ তোমাক।
ৰোজেনালিৰক চিনি পায়?
অ’ তুমি ৰোজেনালিৰৰ খুৰা। চিনি পাইছোঁ। জাহাজত তুমি ফিৰিঙিটোক পিটিছিলা, হাজোতত গৈছিলা। কেতিয়া ওলালা?
ৰ ভাই, হহুঁৱাব নালাগে। কোনটো বছৰৰ কথা কৈছা নাজানো। এৰা পৰিলোঁ, নিকা কৰিলোঁ, বেটা–বেটি জন্ম দিলোঁ দুটাকৈ, তুমি আজি সুধিছা এৰা পৰিলোঁ কেতিয়া? শুই আছিলা নেকি দুটা যুগ?
আৰু তিনিটা ছাঁ আহি ৰোজেনালিৰ খুৰাকৰ সংগত যোগ দিলে। এইবাৰ আন এটা ভয় লাগিল হাচিতুল্লাৰ, কোনে জানে কি মতলব ইহঁতৰ। লাঠিডাল তেওঁ টানকৈ ধৰিলে।
বাট এৰ। বাট এৰি দিয়া।
বাট খোলাই আছে। – নবাগত এজনে ক’লে।
বাট কোনে বন্ধ কৰিছে? ৰোজেনালিৰ খুৰাকে কৰ্কশ মাতেৰে ক’লে, মন গৈছে যাওক, বাধা কিয় দিম? সুধিছিলোঁ আহিছা কিয়? নাহিলে ভাল কৰিলা হয়, বেয়া কামত আহিছা। ধানৰ পাওনা ভাগটো মই নিম। মৰিম বাচিম খোদাক জনাই থৈছোঁ। কেইটাক মাৰিবা তুমি, কেইজনক বান্ধিবা? মিছাতে আহিলা ভাই, বেয়া কামত আহিছা। ঘূৰি যোৱা, ঘৰলৈ ঘূৰি যোৱা।
আৰু এটা ছাঁয়াই ক’লে, খাতিৰ নাপাবা, মিছাতে আহিছা। কিমান বন্দুকধাৰী পুলিছ আনিছে, তোমাক পাত্তা দিব?
দিঘিৰ ঘাটত চাৰিওজনে কিছু মুহূৰ্ত নিঃশব্দে ৰৈ থাকিল। মাজতে একেবাৰেই নিজম পৰিছিল, হঠাতে মহাসমাৰোহেৰে জমিদাৰৰ ঘৰৰ পূজাৰ বাজনা ঢোল, কাঁহি, ঘণ্টা বাজি উঠিল।
হাচিতুল্লাই যেন বুকুত জোৰ পালে। ক’লে, নিমখহাৰামী নকৰো।
কাৰ নিমখ খাইছা তুমি? কিহৰ নিমখহাৰামী?
হাচিতুল্লাই নীৰৱে আগুৱাই যাবলৈ বিচাৰিলে–চাধা খাই যোৱা। যি মন যায় কৰা তুমি, চাধা খাই যোৱা।
বাট এৰ, বাট এৰি দে! চিৎকাৰ কৰি উঠে হাচিতুল্লাই, বাহৰ লাঠিডাল মূৰৰ ওপৰেৰে অকাৰণে ঘূৰাই দিয়ে, তাৰপিছত দিঘিৰ উত্তৰ–পূব কোণৰ জমিদাৰৰ গোঁহালিঘৰৰ ফালে দৌৰ দিয়ে।
ইহঁতে অলপ সময় ৰৈ থাকে। ধিক্কাৰজনক এটা শব্দ কৰি নটবৰে ক’লে, কোৱা নাছিলোঁ কুকুৰৰ পুতেকে নুবুজিব? পাগুৰি বান্ধি চৌকিদাৰী কৰি খায় আৰু এডাল লাঠিৰে পত্নীক পিটে, বৰ মতা দেখুৱায়। কৈ কৈ তাৰ মাথাই কাম নকৰা হৈ যায়, ক্ৰুদ্ধ স্বৰে প্ৰশ্ন কৰে, ফাল পাতেৰে খোচা নামাৰিলা কিয় হাৰামজাদাক? বিজতৰীয়াটো বহিল? নামাজ পঢ়ি বহিল?
এডাল লোহাৰ ৰদ, ঘঁহি ঘঁহি এটা বেজীৰ দৰে জোঙা কৰি বৰ্শাৰ দৰে মাৰাত্মক অস্ত্ৰ প্ৰস্তুত কৰা হৈছে, সেইটো দৰগা শেখৰ জিম্মাত আছিল। এটা ঘোচাৰে নহয় দৰগা শেখৰ, হাতৰ সেই অস্ত্ৰপাতেৰে সি নটবৰক আঘাত কৰিবলৈ যায়। ৰোজেনালিৰ খুৰাকে বাওঁহাতেৰে লাঠিডাল বগৰাই নিয়ে, সোঁহাতেৰে জোৰেৰে দৰগা শেখৰ গালত চৰ এটা শোধাই দিয়ে।
ক’লে, ছাল্লা তোক কৈছিলোঁ কি?
দৰগা চুপ হৈ থাকে। তাৰ বয়স মূঠে বাইশ তেইশ।
কৈছিলোঁ নহয় ভালদৰে জুই জ্বলাই ঘৈণীয়েৰৰ বুকুত সেক দিবি কামত মন নাই, কাজিয়া কৰে। তোমাকো কও নটু ভাই, যা তা ক কিয়? ছাল্লা ভাই! লাঠিৰে মাথা ভাঙি দিম, ছাল্লা ভাই!
ক্ষন্তেক মনে মনে থাকি ক’লে, আল্লা।
লাঠিধাৰী য’ত জমা হৈছে কাছাৰী ঘৰৰ পিছৰ ফালে পুৰণি মণ্ডপৰ প্ৰাংগনত তাৰ বহৰ দেখি আচৰিত হোৱা নাই হাচিতুল্লা। দিঘিৰ ঘাটতেই তেওঁ ঘটনা সম্পৰ্কে আণ্ডাজ কৰিছিল। আজিৰ দিনটোত কিয়নো আণ্ডাজ কৰিব নোৱাৰিব। চাৰিওফালে অলেখ ঘটনা ঘটিছে। একেধৰণৰ ঘটনা।
ইয়াতে যাত্ৰাগানৰ কবি কীৰ্তনৰ সভা বহিছে, মস্ত চৌকাত ভাত ৰান্ধিছে, গোল গোল মোটা খুঁটা, চাপৰ ছাদ, চাৰিওফালে খোলা। সিহঁতৰ থকাৰ বাবে চাৰিওফালে বেৰ দি ঘেৰি থোৱা হৈছে। মজিয়াৰ মাজত ভাপ ইঞ্জিনৰ আচ্ছাদনৰ দৰে কাপোৰ–কানিৰ বিছনা পাৰিছে। একৰাতিৰ লাঠিধাৰীৰ যুদ্ধৰ কথা নহয়। চাৰিওফালে ওচৰ–পাজৰৰ গাঁৱে গাঁৱে খেতিয়কসকলে বিদ্ৰোহ কৰিছে, ঘটনা সৰল নহয়, সহজে সমাধানো নহয়।
লণ্ঠনৰ পোহৰত হাচিতুল্লাৰ দুচকুৱে চিনাকি মুখ বিচাৰি ফুৰিছে, তাৰ তেজ শীতল হৈ আহিছে স্বজাতিৰ ইমানবোৰ মানুহৰ কথা–বাৰ্তাৰ গুঞ্জন, এওঁলোকে কি বুজিব লাঠি ধৰিবলৈ জনা লাঠিধাৰী, যুঁজাৰু সৈনিকৰ প্ৰাণৰ আত্মীয়তাৰ কথা।
তাৰপিছত কেইবাখনো চিনাকি মুখ, কেইবাজনো জনা মানুহ পালে কিন্তু হাচিতুল্লাৰ প্ৰথম উৎসাহ অলপমান স্তিমিত হ’ল। সিহঁতৰ দলত এওঁলোক কিয়? এওঁলোকটো যুঁজাৰু লাঠিধাৰী নহয়। পিছফালৰ পৰা অকলশৰীয়া মানুহৰ মূৰত লাঠিৰে কোবাই কোনোবা পলাই আছে, কোনোবাই চুৰিৰ দোষত জেল খাইছে। হত্যা, চুৰি, ডকাইতি ছোৱালী অত্যাচাৰী লাঠিধাৰী এয়া, ইহঁতেতো যুঁজাৰু লাঠিয়াল নহয়। ব্যগ্ৰ হৈ হাচিতুল্লাই আন চিনাকি মুখ বিচাৰিলে, অন্য জানা মানুহৰ সন্ধান কৰিলে। যিসকল তেওঁৰ নিজৰ জাতৰ লাঠিয়াল, মৰিবলৈ হুকুম দিলেও মৰিব যিদৰে শ–পঞ্চাশজনক মাৰি যায়, কিন্তু দুৰ্বল অসহায়ৰ ওপৰত, আন্ধাৰ ৰাতি চুপি চুপি পিছফালৰ পৰা শত্ৰুক মাৰাৰ হুকুম মানিব দিলেও সি সেই হুকুম অমান্য কৰে।
নাজু ওস্তাদক দেখিছেনে?
অহা নাই।
বৰো আলি?
তেওঁ অহা নাই।
লালপুৰৰ গোপেন?
আহিছিল মনে মনে পলাইছে। ঘটনা দেখি ভয় খাইছে বোধহয়।
হাচিতুল্লাই মনে মনে ক’লেঃ ভয় খাইছে! লালপুৰৰ গোপেনে ভয় খাইছে, তই বৰ ডাঙৰ বীৰ পুৰুষ!
গোমা মুখেৰে হাচিতুল্লা বহি আছে। যিখন জনসমাবেশ আৰম্ভণিতে আপোন বুলি ভাব হৈছিল, ঘনিষ্ঠ হৈ আৰু সিহঁতক আত্মীয় বুলি ভাবিব নোৱাৰি। সকলোৰে যি সমবেত গুঞ্জনে উল্লসিত কৰিছিল, কি কথা আৰু কেনেকৈ যে ঠাট্টা–মস্কৰাৰে তেওঁৰ আগ্ৰহী মনটো ভাঙি গৈছে। কালি ইহঁতে পুলিচৰ দলৰ লগত কোদপুৰ গাঁৱত আক্ৰমণ কৰিছিল। এজনী শকত ছোৱালী আছিল গাঁৱত, অলপ আধা পাগলীৰ দৰে, যদিও গাভৰুকালৰ সুন্দৰ চেহেৰা আছিল। হাচিতুল্লাৰ কাণৰ কাষত কেইজনমানে কোৱাকুই কৰিলে ছোৱালীজনীক লৈ আনে মজা কৰাৰ কাহিনী, সিহঁতে ভাগ নাপালে। উদং দেহাৰে হঠাত কোঠাৰ পৰা অহা ছোৱালীজনীয়ে ছেনুদ্দীন মণ্ডলৰ ঘৰৰ বাৰাণ্ডাৰ খুঁটাত ধৰি কেনেকৈ অভঙৰ দৰে থিয় হৈ চাই আছিল, কোনে প্ৰথমে টানি লৈ গৈছিল শেষত কাৰ ঘৰৰ পৰা ওলাই কেনেকুৱা ভংগীত আফচোচ কৰি কৈছিল, মৰি গ’লোঁ।
দাড়িত হাত বুলাই হাচিতুল্লাই মাথাটো এবাৰ ইফালে এবাৰ সিফালে ঘূৰায়, যেন ফান্দত পৰিছে। ইহঁতক তেওঁ জানে। ভালদৰে জানে। ইহঁতৰ মগজুত চয়তানৰ বাস, কঠোৰতাৰ ভয়ত আন্ধাৰত লুকাই থাকে, অকলশৰীয়া অসহায় ছোৱালী বিচাৰি ওলায়, এনেকৈ কষ্ট দি মাৰি সুখ পায়। বাহিৰত যদি পৰৰ ছোৱালী নাপায়, নিজৰ ঘৰতে উলংগ কৰি খুটাত বান্ধি ঘৰৰ জীয়ৰী–বোৱাৰীক মাৰে।
গগনে কুৰ্তা পিন্ধি ৰুদ্ৰমূৰ্তি ধৰি আহিছে, দাবী–ধমকি দি ক’লে আকৌ চিঞৰ–বাখৰ আৰম্ভ কৰিছ? লাহে লাহে কথা কবলৈ ক’লোঁ।
কৰ্মচাৰীজনৰ ৰঙাচকুতেই নিৰব হৈ পৰে ইমানবোৰ পুৰুষ লাঠিধাৰী। হাচিতুল্লাৰ আত্মা জ্বলি উঠে।
সি কাৰ লগত ঘূৰিছে! চেপা মাতেৰে গগন যোৱাৰ পিছতেই কথা আৰম্ভ হয়। গগনৰ বিৰুদ্ধে অভিযোগৰ কথা। তাৰ দাবী–ধমকিৰ বিৰুদ্ধে নহয়, সিহঁতৰ পাবলগীয়া টকাৰ সি যে মোটা অংশ এটা বচায়, সিহঁতৰ খোৱা–লোৱা, পাণ–তামোলৰ নিৰ্দ্ধাৰিত পৰিমাণৰ অংশ বচায়, তাৰেই বিৰুদ্ধে।
গৈ কৰ্তাৰক নোকোৱা কিয়? নহ’লে নায়েব বাবুক? হাচিতুল্লাই সিহঁতক ক’লে।
তুমি গৈ নোকোৱা কিয়? কাণচেপা খাই আহিবা।
হাচিতুল্লাই গগনক ইফালে সিফালে বিচাৰে, কৰ্তাবাবু নহ’লে নায়েব বাবুক তেওঁ ছালাম জনাব। দুই পুৰুষৰ পৰা ছালাম জনোৱাৰ সন্মান তেওঁলোকে ভোগ কৰি আহিছে। যোৱাবাৰ যেতিয়া চিঠুৱাৰ চৰৰ বিবাদত পুলিচৰ লগত যুঁজিবলৈ আহিছিল তেওঁ আৰু বৰো আলি, গোপেনহঁত, জমিদাৰৰ ঘৰলৈ বহুত ৰাতি পোৱাৰ পিছতো তেওঁক খবৰ দিব লগা হোৱা নাছিল, কৰ্তাবাবু নিজেই নামি আহি ছালাম লৈ গৈছিল, কৈছিল, আহিলা হাচিতুল্লা? সিহঁতে হালাৰা চৰত পুলিছ আনিছে, হাত কৰিছে পুলিছক, আমাৰ মান ৰখাৰ ভাৰ তোমাৰ।
আজি গগনে তেওঁক দেখিও নেদেখাৰ ভাও জুৰিলে।
জমিদাৰৰ ঘৰৰ পৰা অদূৰত কলাবাগানৰ কাষত পুলিছৰ তম্বু তৰিছে। এঘাৰ বিঘা মাটি লৈ জমিদাৰৰ নাম কৰা কলাবাগান, বাবুৰ সৰু খোৰা ল’ৰাটোৰ চখৰ বাগান, কিমান ৰকমৰ কল যে থোকে থোকে লাগি থাকে। গাঁৱৰ মানুহ চাবলৈহে পাৰে, কোনোদিনে জুটি লবলৈ নোৱাৰে, পূজা–পাৰ্বনত প্ৰসাদ বিতৰণৰ সময়ত যদিও এটুকুৰ–দুটুকুৰ একেলগে পায়।
বৈঠকখানাত দাৰোগা, কেইবাজনো মাটিৰ মালিক, সৰু জমিদাৰ লৈ কৰ্তাৰ বৈঠক। কৰ্তাৰ হাতত এটা হোঁকা, দাৰোগাবাবুৰ মুখত চিগাৰেট। কাচৰ গিলাচত ৰঙীণ পানীয়। পৰ্দা ঠেলি থমকি ৰয় হাচিতুল্লা।
ঐ কোন তই!
ছালাম কৰ্তা। মাতিছিল, আহিছোঁ।
আৰে বেটা হাৰামজাদা–
দাৰোগাবাবুৰ হুংকাৰ ৰখাই কৰ্তাই ক’লে, হাচিতুল্লা, গগনৰ কাষলৈ যোৱা, ইয়াতে কিয়?
এজন পুলিচে তাক হাতত ধৰি বাৰাণ্ডাৰ পৰা তললৈ নমাই দিয়ে। ইফালে সিফালে চাই কাছাৰিঘৰৰ নিৰ্জনতম দিশৰ ফালে গৈ অকলে অলপমান বহি চালে। ৰুদ্ধঘৰৰ ভিতৰত তেওঁ ল’ৰা–ছোৱালীৰ চেপা কান্দোন শুনিলে।
ৰাতিৰ গাঢ় কুঁৱলীৰ ফালে চাই হাচিতুল্লাই কৈ উঠিল, আল্লা।
অপূৰ্ব অনুবাদ কলচুম
সুন্দৰ গল্প। ভাল লাগিল পঢ়ি।